মাখন পেহাৰ সংসাৰ (-নিলোৎপল শৰ্মা)

 

‘কলগেট’ এটাৰ পিছফালটো মাখন পেহাই কটাৰিখনৰে ৰেপি ৰেপি কাটিবলৈ চেষ্টা কৰি আছে । দৰমহা পাবলৈ এতিয়াও প্ৰায় এটা সপ্তাহেই বাকী । বজাৰ কৰিবলৈকো পালৰ দোকানত বাকীৰ লিষ্টখন দীঘলেই হৈ গৈ আছে, অলপ চুটি নকৰাকৈ আৰু বেছি দীঘল কৰাৰ ৰিস্ক ল’ব নোৱাৰি । অফিছৰ বৰুৱাছাৰক টকা দুহেজাৰৰ কথাও পেহাই পৰহিয়ে কৈছিল, আজি দিয়াৰ কথা । সেইকেইটা পালেও কিছু এটা সকাহ পাব । কটা ‘কলগেট’ৰ টুকুৰাটোৰ পৰা ব্ৰাছডালত কলগেট অলপ লগাই ব্ৰাছডাল মুখত ভৰালে । কালিয়ে পেহাই ‘কলগেট’টো চেপি চেপি মুখেৰে যিমান পাৰি উলিয়াই লৈছে । পেহীয়ে তাকে দেখি খঙতে পেহাক কৈছিল- “ৰাতিপুৱাই ৰাতিপুৱাই সেইডালতনো কি লাগি আছে, সেইডালত আৰু একো নোলাই থৈ দিয়ক…বাৰুকৈ ‘কলগেট’ হ’ল বুলিহে, যিটো টিপা দিছে মানুহ হোৱা হ’লে আপুনি এতিয়ালৈ ৰঙাঘৰৰ ভাত খাব লাগিলেগৈহেঁতেন ।” পেহাই মিচিকিয়াই হাঁহি কৈছিল- “হেৰা, কিনা হাঁহৰ ঠুটলৈকে মঙহ ।” পিছত ল’ৰাছোৱালী দুটাৰ লগতে পেহীয়েও সেই চেপি চেপি উলিওৱা কলগেটেৰেই দাঁত ঘহিছিল । কালিয়েই প্ৰাণবায়ু ওলাই যোৱা সেই কলগেটটোক এতিয়া কাটি ছিগি যে টুকুৰা টুকুৰ কৰিছে তাকো পেহীয়ে এতিয়ালৈ গম পোৱা নাই । গম পালে হয়তো আকৌ কিবা এষাৰ মুখৰ ভিতৰতে ভোৰভোৰাই শুনাই যাব ।
দাঁত ঘহি থাকোতেই ৰমেন ককাইদেউৰ ল’ৰা দাদুল আহি ওলালহি । “ইমান ৰাতিপুৱাই আহিলি যে…?”
:দেউতাৰ অসুখটো আকৌ বেছি হৈছে । ডাক্টৰৰ তালৈ নিবলৈ এতিয়া ফুটা কড়ি এটাও লগত নাই । নিনিয়াকৈ কেনেকৈ চাই থাকোনো…
“ককায়েৰহঁতক খবৰ দিছ…?”
:দিছিলো, পিছে সিহঁতৰ এইবোৰলৈ আকৌ সময় ক’ত । ডাঙৰ দাৰ হেনো চুটি নাই । বৌৰ ভনীয়েকৰ বিয়াতে কেইবাদিনো চুটি লৈ ল’লে । গতিকে কোনোপধ্যে আহিব নোৱাৰিব বুলি কৈছে ।
“সৰুটোক একা ?”
:সৰু দাক ফোন কৰোতে বৌয়ে ধৰিলে । সেই যে পামৰ মাটিখিনি বেছি ব্যৱসায় কৰিবলৈ টকা বিচাৰোতে দেউতাই নিদিও বুলি কৈছিল, সেইকথাটো এতিয়াও পাহৰা নাই । বৌয়েতো কৈয়ে দিলে- “দেউতাৰ মাটি বাৰীৰ পৰা সকলোখিনিচোন তোমাৰ লগতেই আছে, তথাপিও যে আমাকহে বিচাৰিছা….”
:বৰ বিপদত পৰিছো এতিয়া, দুই নাৱত দুই ভৰি হৈছে । দেউতাক এনেকৈ চাই থাকিবও নোৱাৰো, ইফালে হাতত একো এটা নাইও… সেয়ে ভাবি ভাবি শেষত আপোনাৰ ওপৰতে আশা কৰি আহিছো । টকা কেইটামান….
“ৰহ্… এনেকে হঠাতে টকানো মই ক’ৰ পৰা পাও… দৰমহা হোৱা হ’লেও কথা বেলেগ আছিল, তই বেলেগ….”
হঠাৎ পেহাৰ চকু পৰিল দাদুলে লৈ অহা চাইকেলখনলৈ । এইখন চাইকেলেই এসময়ত পেহাৰ সংগী আছিল । নিজৰ চাইকেল নাছিল বাবেই যেতিয়াই দৰকাৰ হয়, ৰমেন ককাইদেউক কৈ এইখন লৈ যাব পাৰিছিল । অকল চাইকেলখনহে নে.. ৰমেন ককাইদেউৱে কম সহায় কৰি থোৱা নাই, পেহাৰ বিয়াত মানুহক খোৱাওতে এবেগ আলু, আৰু ঘৰতে গৰু আছিল বুলি দৈ টেকেলি কেইটাওতো এপইচা নোলোৱাকৈয়ে দিছিল । ল’ৰাটোৰ জন্মৰ সময়ত হাতত গুজি দিয়া দুহেজাৰ টকা দুবাৰকৈ দিব খোজাৰ পিছতোছোন উভতাই নল’লে । ক’লেই কয় – “কেতিয়াবা দৰকাৰ হ’লে দিবি, এতিয়া থৈদেছোন তোৰ তাতে ।”
চেহ্ কি কৰা যায়… এতিয়া দিবলৈ সঁচাকৈয়েতো এটকাও নাই । কিন্তু দাদুলক নিৰাস কৰিবলৈ মন যোৱা নাই । পৰা হ’লেতো ৰমেন ককাইদেউৰ সমস্ত চিকিত্সাৰ খৰচে বহন কৰিব লাগিছিল । চেহ্…কি সময়তযে কি পৰিস্থিতিৰ মুখামুখি হ’ব লগা হয় নহয়…. হঠাতে পেহাৰ মনত পৰিল আজি বৰুৱা ছাৰে টকা দুহেজাৰ দিয়াৰ কথা আছিল । পেহাৰ মুখখনত কিছু আত্নসন্তুষ্টি ফুটি উঠিল কিন্তু পিছ মূহূৰ্ততে আকৌ এক চিন্তাই হেচা মাৰি ধৰিলে । পালক পৰহিয়ে কথা দি আহিছিল, আজি দুটকামান দি বাকীৰ লিষ্টখন চুটি কৰিম বুলি…। কি কৰা যায়…আৰু বেছি চিন্তা কৰি থাকিবলৈ মন নগ’ল পেহাৰ…যি হয় হ’ব….


“তই ককাইদেউক ডাক্টৰৰ তালৈ লৈ যা… মোৰ লগত এতিয়া টকা নাই, মই যেনেতেনে কিবা এটা যোগাৰ কৰি চিধায়ে হাস্পাতাললৈকে যাম । যা যা… দেৰি নকৰিবি, সোনকালে ককাইদেউক নিয়াৰ ব্যৱস্থা কৰ ।”
দাদুলেও চাইকেল ঘুৰাই ঘৰলৈ বুলি পেডেল মাৰিলে । পালক কথা দিও ৰাখিব নোৱাৰে বুলি ইতিমধ্যে নিশ্চত হৈ পৰিছে পেহা । পেহাই কথাবোৰ আকৌ এবাৰ ভাবিলে… এফালে ৰোগীয়া এসময়ৰ আনক সহায় কৰিব পৰা ৰমেন বৰা লগতে দুটাকৈ শিক্ষিত, প্ৰতিষ্ঠিত অথচ ব্যস্ত পুত্ৰ, খেতিয়ক পুত্ৰই পিতৃৰ চিকিত্সাৰ বাবে হাত পাতিছেহি পেহাৰ ওচৰত…. আনফালে বজাৰৰ আনিবলগা লিষ্ট এখন নিশ্চয় সাজু কৰিয়ে থৈছে পেহীয়ে…ল’ৰাছোৱালী হালেও নিশ্চয় আশাৰে ৰৈ আছে ‘ডিস্ক টিভি’টো আজি দেউতাকে ৰিচাৰ্জ কৰি দিব আৰু সিহঁতে ‘চোটা ভীম’ চাব…
…দুখন মাত্ৰ এহেজাৰটকীয়া আৰু আগুৰি ধৰিছে এজাক আধৰুৱা সপোনে ।
ইতিমধ্যে পেহাই কাটি থোৱা ‘কলগেট’ৰ টুকুৰাটোৰ পৰা ল’ৰা ছোৱালী দুটাই ব্ৰাছত কলগেট লগাই দাঁত ঘহাত ব্যস্ত হৈ পৰিছে….
সিহঁতলৈ চাই চাই পেহাই ভাবিলে…”ইহঁতে বাৰু মোক কি বুলি ভাবিব ভবিষ্যতে…
দাঁত ঘহিবলৈ ‘কলগেট’ এটা যোগাৰ কৰি দিব নোৱাৰা দেউতাক বুলি নে ‘কলগেট’ এটা দেউতাকে বহুকষ্টৰে যোগাৰ কৰি দিয়ে বুলি….”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments