মাখন পেহাৰ সংসাৰ – ২ (নিলোৎপল শৰ্মা)

মোবাইলটোৰ বেটাৰীটোও পেহাই দুবাৰমান খুলা মেলা কৰি চালে । নাই নহ’ব । অন্ হোৱাৰ কোনো লক্ষ্যণেই নাই । এইবোৰ মেচিনেৰী বস্তু এইটোৱে বিপদ । বেয়া হ’ম বুলিলে আৰু ৰক্ষা নাই, হ’বই । পেহীয়েও কেইবাদিনো এইটো এৰি বেলেগ এটা লোৱাৰ কথা কৈয়ে আছে । চেহ, কি কৰা যায়, কালিলৈ দৰমহাতো হ’ব লাগে, এটা লৈয়ে লওঁ নেকি – পেহাই ভাবিলে । বাৰু দেখা যাওকছোন ।
ভাতকেইতা খাই লৰালৰিকৈ পেহা অফিছলৈ বুলি ওলাই গ’ল । কালিলৈ দৰমহা হ’বই যেতিয়া আজি স্কুটাৰখনকে লৈ যাওঁ । কেইবাদিনো হ’ল টেম্পোত অহা-যোৱা কৰি আমনিয়ে লাগিছে । অফিচ সোমাওতেই পিয়ন হৰমোহনে ক’লে- “আপোনাক ছাৰে মাতিছে । বৰ বেলেগ খঙত আছে যেন পাওঁ আপোনাৰ ওপৰত ।“
লৰালৰিকৈ গৈ পেহা অফিচাৰৰ ওচৰত হাজিৰ হ’ল । পেহাক দেখাৰ লগে লগে অফিচাৰ গৰজি উঠিল –
-আপুনি কি মানুহ হে শইকিয়া ! ক’ত থাকে আপুনি ?
-ছাৰ মই দেখুন ঠিক সময়তে অফিচ পাইছোহি ।makhon pehar xongxar
-মই অফিচ অহাৰ কথা কোৱা নাই । আপোনাৰ মোবাইলডাল কি হ’ল হে । কিম্মান বাৰ মাৰিছো, চুইছ অফ্… ক’ত গাতত সোমাৱাই থয় হে সেইডাল !!

-নহয় মানে ছাৰ, মোবাইলতো কি হ’ল জানো ৰাতিপুৱাৰ পৰা দেখুন অনেই নোহোৱা হ’ল । ৰাতি সদায়ে অফ্ কৰি থও, ৰাতিপুৱা অন্ কৰো, আজি কি বা হ’ল, এতিয়ালৈকে অন্ কৰিব পৰা নাই ।
-কি কথা ক’ব আহিছে হে ! এনেকে কথা নাই, বতৰা নাই ফোন এটা অফ্ মানেই অফ্ হৈ যাব পাৰে নেকি ? চব বাহানা…!
– বাহানা নহয় ছাৰ, মোবাইলতোৱে মাজে মাজে দিগদাৰ দিয়ে থাকে, চেকেণ্ডহেণ্ড মোবাইলহে ছাৰ, ভতিজা ল’ৰা বিজুৱে আনি দিছিল ক’ৰবাৰ পৰা । নশ টকাত । তিনিবছৰেই গ’ল…মাজে মাজে অফ্ হৈ যায়েই, কিন্তু আকৌ অনো হয়, আজি হে কি হ’ল জানো…!!
– কি যে মানুহ নহয়, মোবাইল এটাও নতুন ল’ব নোৱাৰেনে হে ? আপুনি চব কিয় চেকেণ্ডহেণ্ড বিচাৰি ফুৰে ক’ব নোৱাৰো দেই । ‘ডিচ্ছ টিভি’টো নিলে মোৰ ঘৰৰটো, স্কুটাৰখনো বোলে বেলেগৰ পৰাহে কিনা ! নতুন মোবাইল এটা কিনক আৰু দেই শইকিয়া…
অফিচাৰ নিতানন্দ দাসৰ কথাৰ সুৰটো পূৰ্বতকৈ কিছু নৰম হ’ল যদিও মাখন পেহাৰ কিন্তু মনটো ভাল নালাগিল । এটা মোবাইলৰ কাৰণেই আজি ইমান কথা শুনিব লগা হ’ল । তথাপিও মনটোক কিছু সংযত কৰি সুধিলে-
“কিবা খুব দৰকাৰি খবৰ আছিল নেকি ছাৰ…!!”
-দৰকাৰি মানে… সাংঘাতিক দৰকাৰি । হেড্ অফিচৰ পৰা ভিজিতৰ গৈছে কুমাৰপাম চাৰ্কলৰ নতুন প্ৰজেক্টটোৰ কাম চাবলৈ । সেইটো প্ৰজেক্টৰ কামৰতো “ক” টোও আগবঢ়া নাই । আপোনাৰ ঘৰৰ পৰাতো সেইতো বেছি দূৰ নহয়, মই বোলো আপোনাক কওঁ লৰালৰিকৈ গৈ লেবাৰ অলপ যোগাৰ কৰি তাত ৰৈ থাকিবলৈ । তেওঁলোক গ’লেই আপুনি বুজাই দিব যে লেবাৰতো সদায়ে আহেই পিছে কামহে কৰিব নোৱাৰে । সেইখিনি এৰিয়া অলপ কম্প্লিকেটেত আৰু জনগোষ্ঠীয় সংগঠন দুটামানে কামটোত দিগদাৰ দিছে বুলি তেওঁলোকক সৈমান কৰাই পঠিয়াই দিয়ক, বাকীখিনি মই ইয়াত মেনেজ কৰি লম । পিছে আপোনাৰ ফোন লাগিলেহে । ফলত পুৰা ফিফটি এটা ভৰিছো মই । তাগৰা কাম বুলি আৰু লাগেহে । মই কিমান বুজাই বঢ়াই, ঠিকাদাৰৰ পাৰ্চেন্টেজৰ কথা কৈ কেনেকে ফিফটিতে যে সৈমান কৰাব পাৰিছো মইহে জানো । আপোনাৰ ফোনটোৱে কামৰ সময়তহে বিপদত পেলাই দেই । দলিয়াই দিয়কহে সেইডাল । চব চেকেণ্ডহেণ্ড বিচাৰি ফুৰিব খালি !

পেহাই মাথো নিৰৱে কথাবোৰ শুনি গ’ল…একো নক’লে যদিও ক’বলৈ মন গৈছিল – প্ৰয়োজনীয় বস্তুবোৰ চেকেণ্ডহেণ্ড লওতেওচোন মাহৰ শেষত ঘৰখনৰ জোৰা-টাপলিয়ে মাৰিবগৈ নোৱাৰি ছাৰ । দৰমহা হাতত পৰাৰ আগতেই সৰু সৰু সপোনবোৰে আহি ভিৰ কৰেহি । কেনেকৈনো কওঁ ছাৰ, দৰমহাকেইটাৰ মাজত মোৰ নিজৰ বুলিবলৈচোন একোৱে নাথাকেগৈ, তথাপিও কিঞ্চিতো দুখ নাই । আমি সৰু মানুহ ছাৰ, আমাৰ আশাবোৰো সৰু সৰু । চেকণ্ডহেণ্ড স্কুটাৰখন ঘৰলৈ অনাৰ পিছত সেইখনত উঠাৰ আশাত কেইবাদিনলৈও ৰাতি সাৰ পাই ছোৱালীজনীয়ে সুধিছিল- দেতা, কালিলৈ আমি জেঠাইহঁতৰ ঘৰলৈ যাম নেকি ? সেয়া যে জেঠায়েকৰ ঘৰলৈ যোৱাতকৈ স্কুটাৰত উঠাৰ আশা আছিল নক’লেও বুজো ছাৰ । আপোনাৰ ঘৰৰ এলাগি চেকণ্ডহেণ্ড ডিচ্ছটিভিটো নিয়াৰ দিনা সিহঁতে ৰ’ লাগি চাইছিল, লিৰিকি বিদাৰি চাইও হেঁপাহ পলোৱা নাছিল । চকুৱে মুখে বুজাব নোৱাৰা আনন্দত সিহঁতে চাগে মোক পৃথিৱীৰ শ্ৰেষ্ঠ পিতৃ বুলি ভাবিছিল । আৰু মোবাইলটো !! সেইটো লৈ সিহঁতে যে মাহীয়েকলৈ, মোমায়েকলৈ মিছাকৈয়ে ফোনবোৰ লগাইছিল । ভয়- কিজানি দেউতাকৰ পইচা কটা যায় । অথচ সেইবোৰ যে চেকেণ্ডহেণ্ড আছিল সিহঁতে জানিও কিন্তু কোনো দিন সেইকথা অনুভৱ কৰা নাছিল ছাৰ । আঁৰ চকুৰে তেতিয়া মোৰ চকুৰ পৰা দুটুপাল চকুলোঁ সৰি পৰে । সৰু মানুহ ছাৰ, সৰু সৰু আশা । এইবোৰ আশাৰ মূল্য পূৰাব পৰাৰ আনন্দ কিমান আপোনাক বুজাব কোনো কালেই বুজাব নোৱাৰিম ছাৰ…।
….কিন্তু একো নকলে পেহাই, মাথো অফিচাৰৰ কোঠাৰ পৰা লাহে লাহে ওলাই আহিল ।
চকীখন টানি বহি লৈ পেহাই ভাবিলে- আচলতে অফিচাৰৰ খং কিহত ?? মোবাইলতো চেকেণ্ডহেণ্ড কিনাৰ কাৰণে, নে মোবাইলতো বেয়া হৈ থকাৰ কাৰণে ?? নে…. পকেটৰ পৰা ‘ফিফটি’টো ওলাই যোৱাৰ কাৰণে…!!

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments