মাখন পেহাৰ সংসাৰ-৩ ( নিলোত্‍পল শৰ্মা )

“হায়েষ্ট মাৰ্ক হা? এয়া হায়েষ্ট মাৰ্ক? কথা ক’বলৈ আহিছ! পঞ্চাশ নম্বৰৰ পৰীক্ষাটোতো দহ নম্বৰ কটা যায় তাৰ, সি আকৌ ক’ব আহে হায়েষ্ট মাৰ্কৰ কথা- হায়েষ্ট মাৰ্ক… হা..?? হায়ে..ষ্ট মা..ৰ্ক!!”

মাখন পেহাই এচাৰি ডালেৰে পিঠিয়ে মূৰে, হাতে ভৰিয়ে যেনেকে পাৰে বাবলুক কেইবাচাটো লগাই দিলে। খঙো সাংঘাটিক ধৰণেৰে উঠিছিল। “এনেকে ল’ৰাটোক মাৰেনে” বুলি পেহাক বাৰে বাৰে বুজোৱাৰ পিছতো যেতিয়া পেহায়ে কথাটো গুৰুত্ব নিদিলে আৰু বাবলুক পিটিয়ে থাকিল, উপায় নাপায় পিছত পেহীয়ে মাজত সোমাই হাতৰ পৰা এচাৰিডাল কাঢ়ি নিয়াত হে পেহা কিছু শান্ত হ’ল।

বাবলু এইবাৰ সপ্তম শ্ৰেণীত, ওচৰৰে “শংকৰদেৱ বিদ্যা নিকেতন”খনত পঢ়ে। ক্লাছটেষ্টত ইংৰাজীত পঞ্চাশৰ ভিতৰত চল্লিশ পালে। হওঁতে ক্লাছটোৰ ভিতৰত সিয়েই বেছি পাইছে, কিন্তু পেহাৰ কথা হ’ল দহ নম্বৰ কটা গ’ল কিহত! পঢ়িব দিলে নপঢ়ে, ইয়াতকৈ বেছি নম্বৰ পাব কেনেকৈ। খঙতে পেহাই এইবাৰ টিভিৰ চুইচ অন কৰিলে। নিউজ চেনেল এটাত জাৰিৰ বোলাজনৰ অনুষ্ঠান চলি আছে। এইজনক দেখি পেহাই মনতে এইবাৰ আৰু আঘাত পালে। এইবোৰ মানুহ কি খাইনো ডাঙৰ হৈছিল, ইংৰাজী বোলে ইংৰাজী, অসমীয়া বোলে অসমীয়া একোতে বলে নোৱাৰে। কপাল এইবোৰ। মাক বাপেকৰ কপাল। আৰু আমাৰ….!!
এক তুলনাৰ তুলাচনীত সপোনবোৰ সপোন হৈয়ে ৰৈ যোৱাৰ আশংকাত চাগে পেহাৰ আকৌ এবাৰ বাবলুৰ ওপৰত খংটো উজায় আহিল । টিভি ৰুমৰ পৰাই চিঞৰি চিঞৰি গালি পাৰি থাকিল- “পঢ়াৰ সময়ত ভনীয়েকৰ লগত দিবা তেওঁক কাজিয়া কৰিবলৈ, পঢ়িবলৈ বহিবহে, হৈ গ’ল ছিৰিয়েল চোৱাৰ সময়। আহ.. আহচোন কেনেকে আহ এইবাৰ “বালবীৰ” চাবলৈ, “বেহাৰবাৰী আউটপ’ষ্ট” চাবলৈ পঢ়াৰ মাজত উঠি। দিনৰ দিনটো সিহঁতৰ কাৰণে অফিচত গেবাৰী খাটিবা, অ’ত যোৰা-তাপলি মাৰি ত’ত হিচাপ মিলাবা, আৰু সন্ধিয়া ঘৰলৈ আহি অলপো যদি সিহঁতৰ পৰা শান্তি পালোঁ হয়।”

: হেৰি.. হ’ব আৰু দিয়ক, কিমাননো বকি থাকে আৰু, অলপ শান্ত হওকচোন এতিয়া। ককায়েকক মাৰা দেখি এজনীয়ে পাকঘৰত ফেঁকুৰি ফেঁকুৰি কান্দি আছে। হ’ল আৰু দিয়ক। আৰু গালি পাৰি নাথাকিবছোন। পঢ়িব দিয়ক আজিৰ পৰা ভালকৈ সি। আপুনি আহিব বুলিয়ে সন্ধিয়াৰ পৰা দুইটাই কিমান যে ফুৰ্টিত আছিল আৰু আপুনি আহিয়ে ল’ৰাটোক এনেকেনো মাৰিব লাগেনে ।

: কিয়…?? মই অফিচৰ পৰা কি আজিহে আহিছোঁ নেকি যে মোক লৈ সিহঁতে বেলেগকৈ ফুৰ্টি কৰিব লগা হ’ব!! হেৰা এইবোৰ গছত গৰু উঠা কথা মোৰ আগত নক’বা হে।

: কিয়…, ৰাতিপুৱাই কৈ যোৱা নাছিল দুইটাকে আজি আপুনি নতুন মোবাইলটো আনিব বুলি। বেচেৰাহঁতে দিনটোৰ পৰা কিমান যে আশাত আছিল। কেমেৰা থকা মোবাইল, গান বজা মোবাইল আনিব, কি কি কৰিব, কি কি শুনিব…কিমান যে আশাত আছিল। আগফালে চোতালৰ গোলাপ জোপাৰ আগত ফটো উঠিব, “চাইকেল মাৰি মাৰি” নে কি সেই গানটো মোবাইলত ভৰাই লৈ শুনিব। জানটোহঁতৰ ছাগলী পোৱালি দুটাৰো ফটো উঠাব। আৰু আপুনি….আহিয়ে…!!

পেহাৰ তেতিয়াহে মনত পৰিল….! এৰা মোবাইলটো কিনিম বুলি ৰাতিপুৱাতো সিহঁতক কৈ গৈছিল। কিন্তু মোবাইলটো….!! কিনা যে নহ’ল।

“হেৰা, মোবাইলটো কিনা নহ’ল হে…”

: কিয়…? আপুনিচোন আজি কিনিম বুলি কৈছিল?

“কিনিম বুলিয়ে অফিচৰ পৰা সোনকালেও ওলাইছিলোঁ… কিন্তু বজাৰতে জিতেনক লগ পালো। মানুহে দুনুহে সি বাবলুৰ টিউচনৰ ফিজৰ কথা ক’লে। দুমাহেই হ’ল। যোৱামাহতো দিয়া নহ’ল এইমাহত দিম বুলি। এনেকে মানুহৰ আগতে টকা পইচাৰ কথা ক’লে লাজ পাওঁহে। পিছে ক’বলৈ সুবিধা নিজেই দি থৈছোঁ যে। এহ্ দিয়ে দিলোঁ বুইছা, মোবাইল কিনিবলৈ থোৱাৰ পৰাই দুইমাহৰ একেবাৰে আদায় কৰি দি আহিছোঁ। জিতেনেই ক’লে আজি বাবলুৰ পৰীক্ষা বহী দিয়াৰ কথা, আগতকৈ সি অলপ ফাংফুঙীয়া হৈছে বুলিও ক’লে। অলপ ঘৰতো মন দিয়াৰ কথাও ক’লেহে।

: নাজানো আৰু…!! আপোনাৰ যে আৰু মোবাইল লোৱা নহ’বগৈ দেই। এতিয়া কালিলৈ অফিচ গৈয়ে আকৌ সেই বেমাৰী মোবাইলটোৰ কাৰণে অফিচাৰৰ গালি শুনিবলৈ সাজু হওকহে আৰু!

“হেৰা, সেইবোৰ হ’ব বাৰু….পিছে, ইহঁত দুটাক কেনেকৈ বুজাওহে…মোৰ দেখোন নিজৰেই কিবা কিবি লাগিছে…!!

: খং ৰাগ বাদ দিয়ক, মৰমেৰে বুজাওক ভালকৈ…মৰমেৰেও কাম সিজে নহয়! অভিভাৱক হোৱাৰ সলনি বন্ধু হওঁক…দেখিব চব ঠিক হৈ গৈছে।

পেহাইও লাহে লাহে বাবলুৰ পঢ়া কোঠালৈ বুলি খোজ ল’লে… তাক মৰমেৰে বুজাই দিয়াই ভাল হ’ব। ভালকৈ পঢ়িব লাগিব। এৰা কথাবোৰ মৰমেৰে তাক বুজাই দিব লাগিব…।

পিছে কোঠাটোৰ দুৱাৰ মুখতে পেহা থমকি ৰৈ গ’ল… পৰ্দাৰ ফাকেৰে দেখিলে ভিতৰত ককায়েকৰ দুখত দুখী ভনীয়েকে বাবলুক বুজাই আছে- “নাকান্দিবি দাদা.. তইনো কিয় ভালকৈ নপঢ়! তই নম্বৰ কমকৈ পাইছ কাৰণেহে দেতাই তোক গালি পাৰিছে। দেতাই অফিচত বহুত কষ্ট কৰে জান…! মোক দেতাই কৈছে নহয়, আমাৰ কাৰণেহে বোলে দেতাই অফিচত কষ্ট কৰিব লাগে। আৰু কষ্ট কৰি আহে কাৰণেহে দেতাৰ খং উঠি যায়। তই আজিৰ পৰা ভালকৈ পঢ়িবি দেই দাদা……”

মাখন পেহাৰ চকু দুটা চলচলীয়া হৈ গ’ল…। যিবোৰ কথা পেহাই বুজাব নোৱাৰিলে, তৃতীয় শ্ৰেণীৰ কণমানি জনীয়ে কিমান সহজতে বুজাই দিলে….

এৰা… অভিভাৱক নহৈ ল’ৰা ছোৱালীৰ বন্ধু হ’ব পাৰিলে চাগে বহু কথাই সহজ হৈ পৰে…!!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক