মাঘৰ বিহুৰ খেল- শিখা দত্ত

 

অসমৰ জাতীয় উৎসৱ বিহু৷ বিহু প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ৷ বিহু তিনিটা৷ কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু৷ প্ৰতিটো বিহুৱেই অসমীয়া মানুহৰ বাবে অতিকৈ আপোন৷
ভোগৰ উৎসৱ ভোগালী বিহু বা মাঘ বিহুটো অসমত বৰ উলহ মালহৰে পালন কৰা হয়৷ এই বিহু পুহ মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়৷ পুহ মাহতেই কৃষকে ধান, মাহ শস্য চপাই নিজৰ ভঁৰাল ভৰায়৷ ধনী দুখীয়া সকলোৰে ঘৰত দুমুঠি খাবলৈ থাকে৷ নানা তৰহৰ চাউলৰ পিঠা পনাৰে ঘৰ উপচি পৰে৷ মাঘ বিহুত মেজি জ্বলোৱা হয়৷ মাঘৰ বিহুৰ সময়ছোৱাতে সূৰ্যটো মকৰ ক্ৰান্তি ৰেখাৰ ওচৰলৈ যায় বাবে এই বিহুক সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়৷

আহোমৰ দিনৰে পৰাই এই বিহুৰ এক সুকীয়া মৰ্যাদা আছে৷ ৰজাই নিজৰ পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰিছিল৷ ৰংঘৰৰ বাকৰিত বিভিন্ন খেল ধেমালিৰ আয়োজন কৰিছিল৷ আহোম ৰজাই ৰঙ -ৰহইচ উপভোগ কৰিবৰ বাবেই ৰংঘৰটো নিৰ্মাণ কৰাইছিল৷ স্বৰ্গদেউসকলে মাঘ বিহুৰ দিনা আয়োজন কৰা বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটিক ধৰি আনি প্ৰশিক্ষণ দি যুঁজ লগোৱা হৈছিল৷ তাৰ ভিতৰত হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ, শেন চৰাইৰ যুঁজ আদি অন্যতম আছিল৷ আহোম ৰজাৰ দিনত প্ৰতিটো কাৰ্যৰ বাবে ৰজাঘৰীয়া খেল আৰু বিষয়বাব আছিল৷ যেনে -হাতীবৰুৱা, শেনচোৱা ফুকন, কুকুৰাচোৱা বৰুৱা ইত্যাদি৷

ওপৰত উল্লেখ কৰা খেলসমূহৰ বিষয়ে তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে৷ মাঘৰ বিহুৰ সময়ত খেলা খেলসমূহৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ অন্যতম আছিল৷ দুটা বুলবুলি চৰাইৰ মাজত এই যুঁজ অনুষ্ঠিত কৰা হয়৷ শক্তিশালী বুলবুলি চৰাইটোৱে যুঁজত জয়ী হয়৷ বুলবুলি চৰাইক ফান্দৰ সহায়ত ধৰি যুঁজৰ প্ৰশিক্ষণ দিয়া হয়৷ উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলিবোৰ উত্তেজিত কৰি ৰখা হয় আৰু পাছদিনা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে লৈ অনা হয়৷ এখন যুঁজত দুটা বুলবুলিক যুঁজোৱা হয়৷ বিজয়ী চৰাইটোক পাছৰ যুঁজলৈ বাছনি কৰা হয়৷ যুঁজৰ শেষত তিনিটা বুলবুলিক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়৷ চৰাইৰ মালিকে এই পুৰস্কাৰ লাভ কৰে৷ যুঁজ শেষ হোৱাৰ পিছত চৰাইবোৰ মুকলি কৰি দিয়া হয়৷ অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আছে৷

আহোম ৰজাৰ দিনৰে পৰাই ম’হ যুঁজৰো এক পৰম্পৰা আছিল৷ আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল৷ ম’হ যুঁজ সাধাৰণতে মুকলি পথাৰত হয় আৰু দৰ্শকে নিৰাপদ স্থানৰ পৰা এই খেল উপভোগ কৰে৷ মাঘ বিহুৰ ম’হ যুঁজত দুবিধ ভিন্ন জাতিৰ ম’হে অংশগ্ৰহণ কৰে৷ অসমীয়া আৰু আদৰাঙী৷ অসমীয়া ম’হৰ শিংযোৰ মেলাহি, কপাল বহল আৰু অবয়ব ডাঙৰ৷ ইহঁতে বেছি সময় নুযুঁজে৷ আনহাতে আদৰাঙী ম’হে বহুসময় যুঁজি থাকিব পাৰে৷ ইহঁতৰ শিংযোৰ ঘূৰণীয়া৷ ম’হে যুঁজোতে চকু দুটা মুদি লয়৷ যুঁজত এবাৰ হৰা ম’হে জাকত চৰোতে পুনৰ অন্য ম’হৰ লগত নুযুঁজে৷

আহোম ৰাজত্বৰ দিনতে মাঘবিহুৰ সময়ত কণী যুঁজৰ খেলো প্ৰচলিত আছিল৷ বহাগ বিহুতো কণী যুঁজোৱা হয়৷ এই কণীযুঁজ অসমৰ চুকে কোণে প্ৰায় সকলো ঠাইতেই দেখা যায়৷

বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আন এবিধ খেল হৈছে নাওখেল৷ নাওখেলৰ নাওসমূহ সাধাৰণ নাৱতকৈ দীঘল আৰু ভিন্ন প্ৰতীক আৰু ৰঙবিশিষ্ট৷ নাওখেলৰ লগতে নাৱৰীয়া গীতসমূহত থলুৱা জীৱনৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়৷ নামনি অসমৰ বৰপেটা, নলবাৰী আৰু পলাশবাৰী লগতে গোৱালপাৰা অঞ্চলত এই খেলে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে৷ নাওখেল অতি প্ৰাচীন খেল৷ পুৰণি কামৰূপ সাম্ৰাজ্যৰ আশেপাশে উদ্ধাৰ হোৱা শিলালিপি, তাম্ৰপত্ৰৰ অনুদান আৰু সত্ৰীয়া কাকত – দলিলসমূহেও তাকে প্ৰমাণ কৰে৷

জীৱ জন্তুৰ খেলসমূহে মনত আনন্দ দিলেওঁ সেই নিৰীহ জীৱকেইটাৰ ওপৰত অনাহকতে অত্যাচাৰ কৰা নহয়নে? বহুতো প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিবাদত এই খেলসমূহ(ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ) নাইকিয়া হ’বলৈ ধৰিছে৷ কিন্তু ঠায়েঠায়ে এতিয়াও এইবোৰ প্ৰচলিত হৈ আছে৷ মানুহৰ ক্ষন্তেকীয়া ৰঙ ৰহইচৰ বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ একোটাহঁত প্ৰাণীয়ে নিজৰ জীৱন বলিদান দিবলগীয়া হয়৷ পৰম্পৰাই হওক নাইবা উৎসৱেই হওক আমি জানো প্ৰাণী জগতখন ধ্বংস কৰিব লাগে? সময় থাকোতেই উচিত ব্যৱস্থা হাতত ললেহে আমি চৰাই-চিৰিকটি আৰু জন্তুৰ কুল ৰক্ষা কৰিব পাৰিম৷ আহকচোন সকলোৱে মিলি পণ লওঁ যে নিজৰ ক্ষন্তেকীয়া আনন্দৰ বাবে আমি জীৱ জন্তুবোৰ যাতে কেতিয়াওঁ ব্যৱহাৰ নকৰোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক