মাঘৰ মহিমা: উজ্জল ফুকন

(উৰুকাৰ ৰাতি জেওৰা, জপনা বা বাৰীৰ আলু-কচু চুৰ কৰাৰ এক সুকীয়া আনন্দ আছিল তেতিয়া। গৃহস্থইও একো নকৈছিল কাৰণ এবছৰৰ পিছত নতুন জেওৰা জপনা দিয়াটো এক অঘোষিত নিয়ম হৈ পৰিছিল। আৰু তেতিয়া বাৰীত বাঁহ গছৰো অভাৱ নাছিল। লাহে লাহে বাঁহ গছ নোহোৱা হ’ল। জেওৰা চকোৱাক ওফৰাই পকী ৱালে ঠাই ললে। ওচৰ চুবুৰীয়াই মিলি খোৱা উৰুকাৰ ভোজটো ক্রমান্বয়ে সংকুচিত হৈ আহি নিজৰ পৰিয়ালৰ মাজত সীমাবদ্ধ হৈ পৰিল।)

দুহাত দূৰৰ পৰা টোঁৱাই আছে মদনে। সৰুতে কেটেপা চেম্পিয়ন বুলি তাৰ এটা সুনাম আছিল। মলুৱাটো হৈ গছত বগাব নোৱাৰা বয়সত কেটেপাখনেই তাৰ একমাত্র সাৰথি আছিল। আজি যেনিবা হাতত কেটেপা নাই। আাছে এটা সৰু ছিৰিঞ্জ। সেয়েহে অলপ সময় ল’ব লগা হৈছে লক্ষ্য স্থিৰ কৰি মাৰিবলৈ। আৰু লক্ষ্যও জানো কম, একেঠাইত স্থিৰ হৈ থাকিলেহে। নিজকে অৰ্জুনৰ দৰে লাগিল মদনৰ। আচলতে এইটো এটা ডাঙৰ পৰিকল্পনাৰ ক্ষুদ্র অংশ। মদনৰ কান্ধৰ দুয়োফালে গহীন আৰু ৰমেনৰ দুয়োটা মূৰেও সমানে লক্ষ্যত চকু দিছে। হঠাৎ লক্ষ্যৰ ওপৰত বেঁকাকৈ থকা এন্টেনাডালে মাখি খেদাত লাগিল। তথাপিও লক্ষ্যভ্রস্ত নহ’ল মদনৰ পেট্র’ল শৰ।
“কেং কেং কেং”-জেকপটে পিছফালটোত অতিপাত ‘ঠাণ্ডা ঠাণ্ডা কুল কুল’ অনুভৱ কৰি তৰা নৰা চিঙি দৌৰিবলৈ ধৰিলে।
“বঢ়িয়া মদন। তোৰ হাত এতিয়াও পোন হৈ আছে।” ৰমেন আৰু গহীনে জেকপট দৌৰি যোৱাৰ ফালে চাই ক’লে।
“কিহে পাইছে তহঁতক। তাক কি কৰিলি?” বুধিন বৰাই পিছপিনৰ পৰা মাত লগালে।
“ককা, কাইলৈ মাঘৰ বিহুৰ উৰুকা। তাকে বোলো মহাজনে আমাৰ নামত দুজনী কুকুৰা যেনেকৈ প্রতি বছৰে আগবঢ়াই এইবাৰো আগবঢ়াব বুলি শুনিছোঁ। কিন্তু সমস্যা হৈছে মহাজনৰ ঘৰত এটা মস্ত ভতুৱা ঘূৰি ফুৰে আজিকালি। তাক অলপ দূৰলৈ খেদি পঠাব লাগিব। তাৰেই আখৰা চলাই আছোঁ।”-মদনে বুধিন বৰাক ক’লে।
“আৰু আখৰাৰ বাবে পালিগৈ জেকপটক? নৰাধমহত, চাগৈ যা সি ক’ত গ’ল।” বুধিন বৰাই ক’লে।
“ককা, অলপ গৰম কিবা লগাই দিব লাগিব। পেট্র’ল লাগিলে বৰ ঠাণ্ডা হৈ যায় বুলি শুনিছিলোঁ । ভোট জলকীয়া লগাই দিম নেকি তাৰ পিছফালে?” গহীনে বুধিন বৰাক সুধিলে।
“মূৰচোবোৱা, নিজৰ হেৰিয়াত লগাই চাবি ভোট জলকীয়া। তেতিয়া বুজি পাবি কিমান গৰম লাগে।” বুধিন বৰাই স্মৃতি ৰোমন্থন কৰি ক’লে। কেৱল বুধিন বৰাই নহয়, বৰাৰ দেহৰ এক বিশেষ অংশই ঘটনাটো মনত পেলাই শিঁয়ৰি উঠিল।
“ককা, তেতিয়াহলে অলপ চেনি লগাই দিওঁ নেকি?”- ৰমেনে সুধিলে।
“মোক কিয় সুধিছ ইমানকৈ? মই মোৰ পিছপিনে কেতিয়াবা পেট্র’ল দি পাইছো নেকি? গাড়ীখনত পেট্র’ল ভৰাব নোৱাৰা হৈছোঁ আৰু তহঁতে জেকপটৰ পিছপিনে পেট্র’ল লগাই তাক গিনিপিগ সাজিছ! কি লগাব লাগিব সেইবোৰ বাদ দে। সোনকালে তাক ধৰি আনগৈ।”- বুধিন বৰাই খঙত ক’লে।
ককাকৰ ৰঙা চকু দেখি তিনিওজন জেকপটক বিচাৰি তলমূৰ কৰি ওলাই গ’ল।
দূৰৰ পৰা মদনে দেখিলে জেকপট ট্রেফিক পইন্টৰ চাৰিওপিনে দূৰন্ত গতিত ঘূৰি আছে। তাৰ অবাধ গতিৰ বাবে তিনি আলিটোত যানযঁটৰ সৃষ্টি হৈছে। ট্রেফিক পুলিচটোৱে তিনিওপিনে ৰে’ড ছিগনেল দি লাঠি দালেৰে জেকপটক কন্ট্র’ল কৰাত ব্যস্ত।
“সেইটো দৌৰি ফুৰিছে। ব’ল ব’ল গবা মাৰি ধৰিবি তাক।” মদনে ক’লে ৰমেন আৰু গহীনক।
তিনিওজন ট্রেফিক পইন্টটোৰ ফালে দৌৰি গ’ল। তাক ধৰিবলৈ কুঁজা হৈ ট্রেফিক পইন্টৰ কাষত বহি ল’লে তিনিওজন। ট্রেফিক পুলিচটোৱেও সিহঁতক দেখি অলপ সাহস পালে। হঠাত প্রচণ্ড জোৰেৰে গহীনক খুণ্ডা মাৰি অলপ ৰওঁতে মদনে জেকপটক গবা মাৰি ধৰি পথৰ কাষলৈ লৈ গ’ল।
ৰমেনে জেকপটৰ ডিঙিত শিকলি পাত এনেকৈ আঁৰি দিলে যেন সেইডাল উছেইন বল্টে অলিম্পিকত পোৱা সোণৰ পদকটোহে। চাৰিওফালৰ দৰ্শকে হাত চাপৰিৰে সিহঁতক উৎসাহ দিলে। গহীনে ওচৰৰ হোটেলখনৰ পৰা পানী অলপ আনি জেকপটৰ পিছপিনৰ এন্টেনাপাট দাঙি ছটিয়াই দিলে। জেকপটে এক স্বৰ্গীয় সুখত গহীনৰ ফালে চাই কৃতজ্ঞতা প্রকাশ কৰিলে। জেকপট এইবাৰ গৰমৰ লগত ঘৰ অভিমুখে আগবাঢ়িল। যদিও হঠাৎ তাৰ পিছপিনটো কিয় ইমান ঠাণ্ডা হৈ গৈছিল সেয়া তাৰ বাবে সাঁথৰ হৈ থাকিল। সাঁথৰ হৈ থাকিল উপস্থিত দৰ্শকৰ বাবেও “কিয় কুকুৰটোৰ পিছপিনে পানী মাৰিব লগা হ’ল।”
“ঠিক আছে। এতিয়া পৰিকল্পনামতে ‘ৰমেনে বিস্কুট কেইখনমান দি মহাজনৰ কুকুৰটো ব্যস্ত কৰি ৰাখিবি। অলপ এন্ধাৰ হোৱা যেন দেখিলে গহীনে লক্ষ্যলৈ টৰ্চৰ পোহৰ পেলাবি। মই পেট্র’ল মাৰি পঠিয়াম তাৰ পিছপিনলৈ। সি যেতিয়া তৰানৰা ছিঙি দৌৰিব গহীনে ‘ফোঁচ ফোঁচ’ কৈ সাপৰ মাত উলিয়াই কুকুৰাবোৰক ভয় খুৱাবি আৰু মই কুকুৰাৰ নেলুত ধৰি লৈ আহিম গড়ালৰ পৰা।”- মদনে কৈ গ’ল।

পেট্র’লৰ অপাৰেচনটোৰ বাহিৰে এই একেখিনি কথা যোৱা দহ-পোন্ধৰ বছৰে শুনি আহিছে ৰমেন আৰু গহীনে। কিন্তু মাঘত মদনৰ মহিমাক সিহঁতেও মানি চলে। সৰুকালৰ মাঘৰ বিহুৰ কথাবোৰ তিনিওজনৰে মনৰ মাজেদি ভাহি আহিল। উৰুকাৰ ৰাতি জেওৰা, জপনা বা বাৰীৰ আলু-কচু চুৰ কৰাৰ এক সুকীয়া আনন্দ আছিল তেতিয়া। গৃহস্থইও একো নকৈছিল কাৰণ এবছৰৰ পিছত নতুন জেওৰা জপনা দিয়াটো এক অঘোষিত নিয়ম হৈ পৰিছিল। আৰু তেতিয়া বাৰীত বাঁহ গছৰো অভাৱ নাছিল। লাহে লাহে বাঁহ গছ নোহোৱা হ’ল। জেওৰা চকোৱাক ওফৰাই পকী ৱালে ঠাই ললে। ওচৰ চুবুৰীয়াই মিলি খোৱা উৰুকাৰ ভোজটো ক্রমান্বয়ে সংকুচিত হৈ আহি নিজৰ পৰিয়ালৰ মাজত সীমাবদ্ধ হৈ পৰিল। পথাৰৰ আলিত থিয় হৈ তিনিওজনই কৰা সৰুপানীৰ দূৰত্বৰ কম্পিটিচন হয়তো তেতিয়াৰ সকলো ল’ৰাই কৰিছিল। আগৰ পথাৰখনত এতিয়া মূৰ দাঙি থিয় হৈ থকা প্রকাণ্ড প্রকাণ্ড ঘৰবোৰ চাই গহীনে কলে “আগতে মাঘ মানেই মদন আছিল। গোটেই ওচৰৰ ৰাইজে মদনক আগ ভাগ লবলৈ কৈছিল। ভেলাঘৰ সঁজাৰ পৰা মেজি জ্বলোৱালৈ আৰু ভোজৰ দায়িত্বৰ পৰা বজাৰ কৰালৈ সকলো দায়িত্ব লৈছিল সি।”
“অ’ সেইবোৰ দিনেই বেলেগ আছিল। মদন সেনাপতি আৰু আমি দুটা পালি পহৰীয়া। গোটেইবোৰে একেলগে ভোজখোৱাৰ আনন্দ এতিয়াৰ ল’ৰা-ছোৱালীবোৰৰ বাবে সাধুকথাৰ দৰে হ’ল।” ৰমেনে ক’লে।
“এতিয়া মাঘ আৰু মদন নহয়, এতিয়া মাঘ আৰু মদ। মদন নহ’লেও একো নাই। ভেলাঘৰনো কি, কোনে বুজি পায়। মদৰ ৰাগিত মতলীয়া হৈ থকা আজিৰ ল’ৰাই জানো মেজি জ্বলাবলৈ সাৰ পাব? মদৰ আড্ডাৰ মাজত এতিয়া মিঠা আলু আৰু কাঠ আলু খাই খাই মৰা জুইৰ আগৰ আড্ডাবোৰ ধোঁৱা হৈ উৰি গ’ল। আমি আজি ইমানেই আধুনিক হ’লো যে সৰু সৰু আলুবোৰ ভাজি দিলে খাই বেয়া পোৱা ল’ৰাটোৱে মেকড’নাল্ডছত ফ্রেন্স ফ্রাই মুখত দি জিভা পাক খুৱাই কয় ‘ইটছ অঔছম’।”- মদনে ক’লে।
“কি কৰিবি পইচাই পকেটৰ ওজন বঢ়াই গৈ থাকিলে মগজৰ ওজন কমি আহে। এতিয়া এজাক এনেকুৱা ল’ৰা-ছোৱালী ওলাইছে যাৰ টকাৰ মূল্য বুজাৰ আহৰি নাই। বাপেকৰ ইমানেই বেছি পইচা যে পাৰিলে কোনোবা এদিন টিচু পেপাৰ হিচাপে ৫০ টকীয়া নোট ব্যৱহাৰ কৰিব। হয়তো বাপুৱেও মুখ বিকটাব সেইদিনা।” ৰমেনে ক’লে।
কথাৰ মাজত তিনিওজন জেকপটক লৈ বুধিন বৰাৰ ঘৰত সোমাল। জেকপটে চিধাই গৈ বুধিন বৰাৰ ভৰিত চেলেকিব ধৰিলে। বুধিন বৰাইও তাৰ ডিঙিটোত মৰম কৰি সান্ত্বনা দিলে যেন তাৰ যন্ত্ৰণা বৰাই অনুভৱ কৰিব পাৰিছে।
হঠাৎ কাষত কলিতাক বহি থকা দেখি গৰম অলপ অস্বস্তিত পৰিল। অৱিনস্ত্য চুলি আৰু ৰঙা চকু দুটাৰে কিবা চিন্তাত ডুবি থকা কলিতালৈ চাই বুধিন বৰাই সুধিলে, “তহঁতে জাননে ইয়াৰ কি হৈছে? একো মাতবোল নাই দেখোন।”

বুধিন বৰাৰ প্রশ্নত তিনিওজন ২০ ডিচেম্বৰৰ কথাবোৰৰ মাজলৈ উভটি গ’ল..

“মাঘৰ বিহু খাব পাওঁ নাই ঠিক নাই অ’। যি কৰ আজি কৰি লোৱাই ভাল।” মদনে চাধা মাৰি মাৰি কৈছিল সেইদিনা।
“কি হল অ’? মাঘৰ বিহু আকৌ ক’ত যাব এইবাৰ?” কলিতাই মদনৰ পৰা চাধা অকণমান লৈ উঠৰ ফাকত সোমোৱাই সুধিছিল।
“২১ ডিচেম্বৰ। পৃথিৱী ধ্বংস হ’ব। বহুদিনৰ আগৰপৰাই এইটো কথা ওলাই আছে।” ৰমেনে কৈছিল।
“মই বাৰু যেনে তেনে বিয়াখন পাতিলোঁ । তহঁত পিছে বৰলা হৈয়ে মৰিবি।” গহীনে হাঁহি হাঁহি কৈছিল।
কলিতা মদন আৰু ৰমেন তিনিওজনৰ ঘোপা চাঁৱনিত গহীনৰ হাঁহি নিমিষতে উৰি গ’ল। জেকপটেও কেঁৰা চাৱনিৰে গহীনলৈ চাই এটা ঠেং দাঙি বগৰী গছৰ পুলি এটাক অলপ জীৱন দান দিলে। “সি ওচৰৰ বাঁহৰ খুটাটোতো পাতল হ’ব পাৰিলে হয়। কিন্তু ইটোৱে সিটোক সহায় কৰাৰ মাজতেই এই পৃথিৱীখন চলি আছে।” জেকপটে মনে মনে ভাবিছিল।
“এনে বৰ বীৰত্বৰ কামটো কৰিলি। বিয়া পাতিলি কি দাল হ’ল। সি যেন আদম আৰু সৰস্বতী যেনিবা ইভ্ হে”- ৰমেনে গহীনলৈ চাই কৈছিল।
“আৰু বিয়া পাতিলেই নহ’ব নহয়। তোৰ বিয়া পতা এতিয়া এবছৰ হৈ গ’ল। কিন্তু দোকান খোলাই নাই দেখোন” কলিতাই আগদাঁত দুটা উলিয়াই হাঁহি হাঁহি কৈছিল।
মদনেও কলিতাৰ হাঁহিত যোগ দি কৈছিল “তোৰ কিবা ইঞ্জিন প্র’ব্লেম আছে নেকি অ’ গহীন?”
এইবাৰ গোটেইকেইটাই গহীনলৈ চাই হাঁহিব ধৰিলে।
“নহয় অ’। তহঁতে যিটোৰ কাৰণে ভয় কৰি আছ মই এই ২০১২ৰ ২১ ডিচেম্বৰৰ সপোন বহুত আগতেই দেখি থৈছো। আৰু সপোনত যমৰজাৰ গোটেই প্রজেক্ট প্লেনটো দেখিছিলোঁ। সেইবোৰ ভয় খায়েই একো প্লেন কৰা নাই এতিয়াও। এনেই ল’ৰা-ছোৱালী জনম দি লাভ কি যদি মৰিবই লগা হয়। ২০১৩তহে কিবা প্লে’ন কৰিম যদি আমি জীয়াই থাকো।” সিহঁতৰ হাঁহি দেখি খং উঠিছিল যদিও গহীনে যিমান পাৰে সহজ হৈ ক’লে।
“চেহ, মইও বেঙ্কত অলপ টকা গোটাই ৰাখিছিলোঁ বিয়াত লাগিব বুলি। উলিয়াই খৰচেই কৰি দিওঁ নেকি?” কলিতাই তিনিওজনলৈ চাই সুধিছিল।
“কাৰ বিয়াৰ বাবে কলিতাদা?” মদনে জিভাৰ মূৰটোৰে চাধা পালি ঠিক ঠাক কৰি সুধিছিল।
“মোৰ আকৌ, আৰু কাৰ হ’ব” কলিতাৰ উত্তৰ।
“এহ তেতিয়াহলে উলিয়াই পেলাওক। পৃথিৱী ধ্বংস হওক নহওক কিন্তু আপোনাৰ বিয়াৰ আশা ক্ষীণ। পিছত আপোনাৰ চন্দ্রবিন্দু লাগিলেহে সেইকেইটা পইচা আপোনাৰ সকামত লগাব লগা হ’ব। তাতকৈ জীয়াই থাকোতেই খৰচ কৰি পেলোৱাই ভাল।” ৰমেন কৈছিল।
“অ’ ঠিক কৈছ। কলিতাদা উলিয়াই পেলাওক সেইকেইটা পইচা। লাভ নাই সাঁচি ৰাখি।” গহীনেও হয়ভৰ দি ক’লে।
কলিতাইও সেইদিনা গোটেই পইচা উলিয়াই আনিছিল বেঙ্কৰ পৰা।
সেইদিনা গোটেই ৰাতি সিহঁতে জীৱনৰ অন্তিম পাৰ্টিৰ নামত কলিতাৰ সাঁচতীয়া পইচাৰ শ্রাদ্ধ পাতিছিল।
“কি হ’ল অ’ই মূৰখোৱাহঁত? তহঁতেও মৌনব্রত ল’লি যে” বুধিন বৰাই কলে।
মদনে এইবাৰ গোটেই ঘটনাটো ভাঙি পাতি বুধিন বৰাক ক’লে।
বুধিন বৰাই কলিতাক সান্ত্বনা দি ক’লে “দেহা থাকিলেহে বেহা। আৰু পইচা হাতৰ ময়লা। আজি নাই কাইলৈ আকৌ আহিব। এনেকৈ থাকি এতিয়া দেহা বেয়া নকৰিবি”।
মদনেও মাত লগালে “কলিতাদা, আমাৰেই ভুল হ’ল। মিছা কথাবোৰত ভোল গ’লো।”
ৰমেনে ক’লে “চলমান খানেও কম ভয়ে ভয়ে দাবাং-২ ৰিলীজ দিছিল নে সেইদিনা।”
“কিন্তু তেণ্ডুলকাৰৰ টাইমিং ঠিক আছে। কেনেবাকৈ পৃথিৱী ধ্বংস হোৱা হ’লে অৱসৰ নোলোৱাকৈ কাম হৈ গ’ল হয়।” গহীনে হাঁহি হাঁহি ক’লে।
“সেইবোৰ বাদ দিয়ক কলিতাদা। ব’লক এতিয়া মহাজনৰ ঘৰৰ কুকুৰা চুৰ কৰিব যাওঁ।” মদনে কলে।
“যা যা, অলপ মনটো ভাল লাগিব তোৰ।” বুধিন বৰাইও জোৰ দি কলে।
কলিতাইও মূৰ দুপিয়াই সন্মতি দি মহাজনৰ ঘৰৰ ফালে গৰমৰ লগত আগবাঢ়িল। জেকপটেও এক নিৰাপদ দূৰত্ব ৰাখি সিহঁতক অনুসৰণ কৰি আগবাঢ়িল।
বাটত মদনে কলিতাক গোটেই প্লেনটো বুজাই তাৰ কাষে কাষে থাকিবলৈ ক’লে।
প্লেনমতে ৰমেনে বিস্কুট পেলাই দিলে আৰু মহাজনৰ ভতুৱা বিস্কুট খোৱাত ব্যস্ত হৈ পৰিল। এন্ধাৰ হোৱাৰ বাবে গহীনে টৰ্চৰ পোহৰ পেলাই থাকিল লক্ষ্যত আৰু মদনৰ পেট্র’ল শৰে নিমিষতে লক্ষ্যত আঘাত কৰিলে। ভতুৱাই তৰানৰা ছিঙি গোটেই বাৰীখনত দৌৰিব ধৰিলে।
সিফালে গহীনে সাপৰ ‘ফোঁচ ফোঁচ’ শব্দ কৰি কুকুৰাবোৰ ভয় খুৱাই ৰাখিছে। মদনে কলিতাক লৈ গহীন ৰৈ থকা গৰালৰ কাষত ৰ’লহি।
“কলিতাদা, কুকুৰা দিম আপুনি টানকৈ ডিঙিত ধৰিব।” মদনে ক’লে।
“ঠিক আছে।” কলিতাই সঁহাৰি জনালে।
মদনে দুটা কুকুৰা আনি কলিতাক দি আন এটা নিজে হাতৰ মুঠিত ৰাখিলে। হঠাৎ ভতুৱাটো -বাখৰ কৰি আহি সেইখিনি পালেহি। তাৰ মাত শুনি মহাজনো ওলাই আহিল। চাৰিওজনে চাৰিওজনে জোপোহাৰ কাষত লুকাই পৰিল।
কলিতাই ভয়ত কুকুৰা দুটাৰ ডিঙিত আৰু হেচি ধৰিলে যাতে ভুলতো সিহঁতে মাতিব নোৱাৰে। মহাজনে ইফালে সিফালে চাই এন্ধাৰত একো নেদেখি তামোলৰ পিক এগালমান সন্মুখৰ জোপোহাটোৰ পিনে মাৰি পঠিয়ালে। কলিতাই বৰষুণ দিছে বুলি ভাবি মনে মনে বহি থাকিল।
কিন্তু পিছ মুহূৰ্ততে ‘খেক থু’ বুলি মহাজনে মাৰি পঠিউৱা খেকাৰখিনি কলিতাৰ কপালত লাগি বুজাই দিলে যে সেয়া বৰষুণ নহয়।
মহাজন গুচি যোৱাৰ পিছত চাৰিওজনে জোপোহাৰ আঁৰৰ পৰা ওলাই আহিল। কলিতাৰ অৱস্থা দেখি তিনিওজনৰ হাঁহি উঠিছিল যদিও যেনে তেনে হাঁহি ৰখাই ঘৰলৈ আগবাঢ়িল। জেকপটেও গোটেই কাণ্ড কাৰখানা দেখি আৰু ভতুৱাৰ দৌৰ দেখি তাৰ নিজৰ লগত হোৱা ঘটনাটো ফটফটিয়াকৈ বুজি পালে।
হঠাৎ কলিতাৰ ম’বাইলটো বাজি উঠিল “ইউ আৰ মাই পাম্পকিন পাম্পকিন, হেল্ল’ হানি বানি”। হাতত থকা কুকুৰা দুটা গহীনক দি ম’বাইলটো চাই কলিতাৰ চকুকেইটা আনন্দত জিলিকি উঠিল।
“অ’ পূৰ্ণিমা, কোৱা কি খবৰ তোমাৰ?” কলিতাই যিমান পাৰে মিঠাকৈ ক’লে।
“ভালেই। মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক।” সিফালৰপৰা পূৰ্ণিমাৰ মাত।
“তোমালৈও থাকিল। লগ পাম দিয়া বিহুত। আহিবা দোকানলৈ।” – কলিতাই ক’লে।
“ধন্যবাদ। নিশ্চয় যাম। লগ পাম তেতিয়াহলে। ৰাখিছোঁ দিয়ক।” পূৰ্ণিমাই লগ পোৱাৰ প্রতিশ্রুতিৰে ফোনটো কাটি দিলে।
“ফিলিং ছামথিং ছামথিং হেল্ল’ হানি বানি” গৰমে গাংগ্নম ষ্টাইলত নাচি নাচি কলিতালৈ চাই গাব ধৰিলে। জেকপটেও নাচত যোগ দিলে।
“কলিতাদা, আপোনাৰ আঁউসীৰ আকাশ পোহৰাবলৈ অহা এই পূৰ্ণিমা কোন?” গহীনে সুধিলে।
“মই দেখিছো বৌক। এটা চকুৰে মাজুলীলৈ চাই আৰু আনটো চকুৰে মঙলদৈলৈ চায়। কিন্তু বৌ কথা- বতৰাত ভাল।” ৰমেনে ক’লে।
“মন ভাল হ’লেই হ’ল। ৰূপে কি কৰে গুণে সংসাৰ তৰে। বৌৱে মনৰ চকুৰে চাব আৰু কলিতাদাই হৃদয়ৰ দাঁতেৰে চোবাব।” মদনে ক’লে।
কলিতাই ঠিক বুজি নাপালে সিহঁতে প্রশংসা কৰিছে নে উপহাস কৰিছে।
“তেতিয়া হ’লে কলিতাদাৰ বিয়া প্রায় হ’লেই আৰু। আয়োজন কৰিবহে লাগে। ককাকো ভাল খবৰটো দিব লাগে।” গহীনে আনন্দত চিঞঁৰি উঠিল।
কলিতাই লাজত হাতেৰে আগদাত দুটা লুকুৱাব ধৰিলে।
“কলিতাদা, আপুনি এতিয়া দৰা। হাতেৰে নহয় ৰুমালেৰে ঢাকক।” মদনে পকেটৰপৰা ৰুমালখন উলিয়াই দি ক’লে।
কলিতাইও ৰুমালেৰে মুখ ঢকাৰ সুযোগ লৈ গোটেই খেকাৰ পিকখিনি মচি পেলালে। পূৰ্ণিমাৰ ফোনটোৱে যেন তাৰ শেষ হৈ যোৱা পইচাৰ দুখবোৰ কৰবালৈ উৰাই লৈ গ’ল।
আহি থকা ৰঙীন দিনবোৰৰ কথা ভাবি কলিতাইও লাহে লাহে গাব ধৰিলে “ফিলিং ছামথিং ছামথিং…

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অঞ্জল বৰা
8 years ago

আগতে পঢ়া নহ’ল৷ কিন্তু উজ্জল ফুকনৰ লেখা পঢ়াৰ আমেজেই বেলেগ৷ বোলছবিৰ দৰে দৃশ্যবোৰ যেন চকুৰ আগত ভাহি উঠে আৰু আমি নিজেই কাহিনীৰ মাজত সোমাই পৰোঁ৷