মাঘ মাহত পালিত জনগোষ্ঠীয় লোকসংস্কৃতি: এক চমু আলোকপাত — কলচুম বিবি

প্ৰাচীন কালৰে পৰা অসমলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ প্ৰব্ৰজন ঘটি আহিছে। বিভিন্ন সময়ত অহা এই লোকসকল মূলতঃ অষ্ট্ৰিক, মংগোলীয় আৰু দ্ৰাবিড় জনগোষ্ঠীৰ। অসমত এই তিনিওটা নৃগোষ্ঠীয় লোকৰ ভিতৰত মংগোলীয়ৰ সংখ্যাই অধিক আৰু অসমৰ এই মংগোলীয় নৃগোষ্ঠীৰ লোকসকল সংস্কৃতায়ন প্ৰক্ৰিয়াৰ মাজেৰে আহি ঐতিহাসিক স্বকীয় ভাষা হেৰুৱাই অসমীয়াভাষী হৈ পৰিছে। অৱশ্যে প্ৰতিটো জনগোষ্ঠীৰ মাজত কিছুমান সুকীয়া বৈশিষ্ট্য থকাও দেখা যায়। তেওঁলোকৰ নিজা নিজা সাংস্কৃতিক পৰিচয়ো আছে। যিয়ে অসমৰ লোকসংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰিছে। অসমত চুকে-কোণে বসবাস কৰি থকা এই জনগোষ্ঠীসমূহৰ ভিতৰত- সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মৰাণ, মটক, আহোম, শৰণীয়া কছাৰী, কোচ ৰাজবংশী, তিৱা, কাৰ্বি, ডিমাছা, হাজং, চিংফৌ, ফাকিয়াল, খামতি, তুৰুং, মিচিং আদি উল্লেখযোগ্য।

মাঘ মাহ বুলি ক’লেই অসমীয়াৰ হিয়া উলাহে নধৰা হৈ পৰে। দুচকুত তিৰবিৰাই উঠে মেজি আৰু ভেলাঘৰৰ ছবি। তিনিওটা বিহুৰ ভিতৰত মাঘ বিহু হৈছে ভোগৰ উৎসৱ। সেইবাবে ইয়াক ভোগালী বিহু বুলিও কোৱা হয়। এই সময়ছোৱাত অভাৱ-অনাটন দূৰ হয়। সকলোৰে ঘৰ শস্যৰে নদন-বদন হৈ পৰে। মকৰ সংক্ৰান্তিস্বৰূপে উদযাপিত মাঘ বিহু অসমৰ প্ৰধান কৃষি উৎসৱ। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে মাঘ বিহু পালন কৰে। ইয়াৰ লগতে এই মাহটোত বা মাঘ বিহুৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ-অনুষ্ঠানো পালন কৰি আহিছে। বড়ো জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুক ‘মাগৌ’ বোলে। এই সময়ছোৱাত তেওঁলোকৰ মাজত কিছুমান লোকবিশ্বাস আৰু পৰম্পৰা প্ৰচলিত থকা দেখা যায়। পুহৰ সংক্ৰান্তিৰ দিনাখন কোনো কোনো ঠাইত গধূলি কোলাৰ কেঁচুৱা ল’ৰা বোকোচাত বান্ধি লোৱা নিয়ম আছে। লোকবিশ্বাস অনুসৰি তেনে কৰিলে গছৰ ফল বেছি আৰু ডাঙৰকৈ লাগে আৰু কেচুঁৱাটো দীৰ্ঘায়ু হয় বুলি বিশ্বাস কৰা হয়। তেওঁলোকে মাহ-কৰাই, পিঠা-পনা আদি মানুহে খোৱাৰ আগতে গোহালি ঘৰত গৰুৰ নামত উৎসৰ্গা কৰে। তাৰপিছত গৃহিণীয়ে ৰান্ধনিঘৰ আৰু ভৰাঁলঘৰ গোবৰ-মাটিৰে লেপি লয়, যাক ‘বাখ্ৰি লিৰখন্নায়’ অৰ্থাৎ ৰান্ধনিঘৰ আগুৰা বুলি কয়। দুয়োটা ঘৰতে লক্ষ্মীদেৱীৰ কৃপা যাতে বৰ্তি থাকে তাৰ বাবে লেপা হয়। মাগৌত বড়োসকলে মৃত পূৰ্বপুৰুষসকলৰ প্ৰতি পিঠা-পনা উৎসৰ্গা কৰে। অৱশ্যে উৎসৰ্গিত এইবিধ পিঠা বেলেগে প্ৰস্তুত কৰা হয়। কিছুমান অঞ্চলত বাঘৰজাক পূজা দিয়াৰ নিয়মো আছে, যাক ‘বাগ ৰাজানৌ বাওনায়’ বোলে। বাঘে অন্যান্য জীৱ-জন্তু তথা পৰিয়াল পৰিজনৰ যাতে একো অনিষ্ট নকৰে তাৰবাবে বাঘৰজাক পৰিয়ালৰ মুৰব্বীজনে এটা ৰঙা কুকুৰা বলি দি পূজা দিয়াৰ নিয়ম। মাগৌত বড়োসকলে খেৰাই পূজা কৰে। খেৰাই পূজাৰ লগত জড়িত খেৰাই নৃত্য বড়োসকলৰ এক উল্লেখযোগ্য নৃত্য। খেৰাই পূজা বড়োসকলে ব’হাগ বিহু, অম্বুবাচী, কাতি বিহু আৰু ন-খোৱাৰ সময়তো পাতে।

চাহ জনগোষ্ঠী লোকসকলে মাঘী পূৰ্ণিমাত পালন কৰা এবিধ উৎসৱ হৈছে ‘টুচু পৰৱ’। টুচু পৰব নাৰীকেন্দ্ৰিক উৎসৱ। এজনী অকুমাৰী ছোৱালীক টুচুমা হিচাপে সজাই লোৱা হয় আৰু সেই ছোৱালীজনীৰ ঘৰতে টুচু দেৱীক পূজা কৰে। টুচুক শস্যৰ দেৱী হিচাপে জ্ঞান কৰি পূজা কৰা হয়। এইবিধ পূজাত বন্দনা গীত, আদৰণি গীত, ওমলা গীত, টুচু তোলা গীত, জোৰা নাম ইত্যাদি বিভিন্ন গীত গোৱা হয়। টুচুদেৱীৰ চৌড়ল, মূৰ্তি থাপনাত ৰাখি যুৱতীসকলে ৰাতিটো উজাগৰে থাকি টুচুগীত গায়। লোকবিশ্বাস মতে টুচু পূজাৰ দিনা সকলোৱে সূৰ্যোদয়ৰ লগে লগে স্নান কৰিব লাগে নকৰিলে পৰজনমত গাহৰি হৈ জন্ম হয়। টুচু পূজা পতা গৃহস্থই তিনিবছৰলৈ একেৰাহে এই পূজা পাতিব লাগে। টুচু গীতসমূহ টুচু পৰবত গোৱা নিয়ম। আন সময়ত গালে গাত খজুৱতি হয় বুলি বিশ্বাস কৰা হয়। টুচু দেৱীক শনি আৰু মঙলবাৰে বিসৰ্জন দিয়া নহয়।

গোৱালপাৰাৰ কোচ ৰাজবংশী আৰু দেশী মুছলমানসকলে মাঘৰ দোমাহীক ‘পুষণা’ বুলি কয়। আন আন অঞ্চলত ইয়াক ‘দোমাসী’ বুলি কয়। ‘পুষণা’ ভোগালী বিহুৰ দিনা পালন কৰা হয় যদিও এই উৎসৱত মেজি জ্বলোৱাৰ নিয়ম নাই। পুষণাৰ দিনা ৰাতিপুৱাই গা ধুই ঠাণ্ডা গুচাবৰ বাবে ‘ধুনি’ৰ ব্যৱস্থা কৰে। এই ‘ধুনি’ হৈছে পুহৰ মাহত সংগ্ৰহ কৰি থোৱা কাঠ-খৰি আৰু শুকান গোবৰৰ জুই। সেইদিনাখন তেওঁলোকে গাঁৱৰ চাৰিওফালে নাম-কীৰ্তন গাই ঘূৰি ফুৰে। পুৰুষসকলে গোহালীৰ গৰু বাহিৰত বান্ধি শিঙত তেল লগায়, ফুলৰ মালা পিন্ধায়, চাউলৰ গুড়ি পানীত মিহলাই কলপাতৰ মাজৰ সিৰাডালৰ গুৰিৰ শকত অংশ কাটি থেতেলাই সেই সিৰাৰে গৰুৰ গাত তিনিটাকৈ ফোঁট দিয়ে। ইয়াৰ পিছত গৰুক পিঠা-পনা খুৱায়। ইয়াক ‘গৰু চিতা’ বুলি কোৱা হয়। পুষণাৰ সময়ত অন্যান্য পিঠা-পনাৰ লগতে তেওঁলোকে টোপোলা ভাত, কৰাই চিৰা বা আটকৰাই খায়। আটকৰাই আঠবিধ বস্তুৰে প্ৰস্তুত কৰা হয়। সেইবোৰ হৈছে- বৰা চাউল, মাটিমাহ, মৌ কলাই, কলামাহ, তিল, বুট, আদা, নিমখ। কোনো কোনো ঠাইত খেৰৰ পূজিত পিঠা দি পূজা কৰা হয়। এনে কৰিলে বছৰি ধানৰ উৎপাদন বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। পুষণা উপলক্ষে মুকলি পথাৰত মৈ দৌৰ অনুষ্ঠিত হয়। গৰখীয়া ল’ৰাবোৰে ডাঙৰ ডাঙৰ গৰুবোৰক মুকলি পথাৰলৈ লৈ যায় আৰু কান্ধত মৈ লগাই দৌৰৰ বাবে সাজু কৰে। দৰঙৰ কোচ ৰাজবংশী লোকসকলে মেজিৰ সলনি ভেলাঘৰ সাজে। জ্বলি থকা ভেলাঘৰত কণী আৰু তামোল-পাণ আগবঢ়াই সেৱা জনায়। ইয়াৰ উপৰিও তেওঁলোকে ঘৰে ঘৰে পাৰ চৰাইৰ পূজা কৰি শান্তি কামনা কৰে। ৰাতিপুৱা ৰাতিয়ে সিজাই থোৱা কণী আৰু বাহি ভাত খায়।

দেউৰীসকলে পালন কৰা মাঘ বিহুক কেমাচি বিচু উৎসৱ বোলে। এই উৎসৱ দেউৰীসকলৰ খেতি চপোৱা উৎসৱ। ভোগৰ উৎসৱ। মাঘ মাহৰ প্ৰথম বুধবাৰে তেওঁলোকে মাঘবিহুৰ বৰপূজা অনুষ্ঠিত কৰে। ডেকা ল’ৰাবোৰে ৰাতিয়েই মেজি সাজিবৰ বাবে খৰি-কাঠৰ যোগাৰ কৰে আৰু ৰাতিয়েই খৰিৰে মেজি সাজি কাউৰীয়ে কা নকৰোঁতেই জ্বলায় দিয়ে। লোকবিশ্বাস অনুসৰি দিনত মেজি সাজিলে কাউৰী পৰিব পাৰে আৰু মল ত্যাগ কৰিব পাৰে। তেনেকুৱা পৰিস্থিতিত মেজিটো অপবিত্ৰ হয় আৰু অপবিত্ৰ মেজি এটা অগ্নিদেৱতালৈ উৎসৰ্গা কৰিব পৰা নাযায়। সেয়ে তেওঁলোকে ৰাতিৰ ভিতৰতে মেজি সাজি পুৱতি নিশা পৰম্পৰাগত পদ্ধতিৰে জ্বলাই দিয়ে। এই বিহুত কাঠ আলু পুৰি খোৱা নিয়ম। কাঠ আলু নেখালে অহা জনমত গাহৰি হৈ জনম ল’ব লগা হয় বুলি বিশ্বাস কৰা হয়। বিহুৰ সময়ছোৱাত ম’হ যুঁজ, কুকুৰা যুঁজ আদি বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হয়।

অসমত বাস কৰা টাই ফাকে, টাই খাময়াং, টাই খামতি, টাই আইতন, টাই তুৰুং টাই বৌদ্ধধৰ্মী লোকসকলে মাঘ মাহৰ পূৰ্ণিমা তিথিত ‘পয় মাই ক’ চুম ফাই’ উৎসৱ পালন কৰে। এই উৎসৱৰ বিশেষত্ব হৈছে মাই ক’ অৰ্থাৎ ‘মেজি’। খৰিৰে প্ৰস্তুত কৰা মাই ক’ বিশেষ পদ্ধতিৰে ওখকৈ জাপি ৰঙীণ কাগজৰ ফুল, পতাকা আদিৰে সুসজ্জিত কৰি একেবাৰে শীৰ্ষত বাঁহ আৰু ৰঙীণ কাগজেৰে প্ৰস্তুত কৰা এটি কিৰিটি পিন্ধোৱা হয়। ইয়াৰ পিছত সম্পূৰ্ণ ৰীতি-নীতিৰে মাই ক’ জ্বলোৱা হয়। তেওঁলোকে তলৰ পৰা প্ৰজ্বলন নকৰি ওপৰৰ পৰা বিশেষ পদ্ধতিৰে প্ৰজ্বলিত কৰে। সন্ধিয়া সময়ত কোনো কোনো অঞ্চলত টাই ফাকেসকলৰ পংফাই বা আকাশ বন্তি জ্বলোৱাৰ নিয়ম আছে। পংফাইটো বাঁহৰ কাঠী আৰু ৰঙীণ কাগজেৰে সজোৱা হয়। পংফাইটোৰ তলৰ অংশত মিঠাতেল দি কপাহী কাপোৰৰ শলিতা সংযোগ কৰা হয়। এই শলিতাত অগ্নিসংযোগ কৰাৰ লগে লগে তাৰ ধোঁৱাই পংফাইটোক আকাশলৈ উৰুৱাই লৈ যায়। সন্ধিয়া বিভিন্ন নৃত্য-গীতেৰে আনন্দমুখৰ পৰিবেশ এটাৰ সৃষ্টি হয়। মাইক’ চুম ফাই উপলক্ষে খাময়াংসকলে কা নাংফি, টাই নৃত্য, টাই আইতনসকলে কা নাংৱেন, কা মেংৱি, কা ফি ফাই, খামতিসকলে কা টে খেং আদি নৃত্য পৰিৱেশন কৰে। কা নাংফি নৃত্য নাৰীকেন্দ্ৰিক লোকনৃত্য। এই নৃত্য পৰিবেশনৰ কোনো সময় নাই। টাই ফাকে সকলৰ পৰম্পৰাগত খাদ্যসম্ভাৰ বৰ মুখৰোচক। উদাহৰণস্বৰূপে এই উৎসৱৰ অন্যতম আকৰ্ষণ খিচিৰি ভাত, ‘খয়াকু’ৰ কথা কব পাৰি। ইয়াৰ বাহিৰেও খাওলাম, টংটেপ, টোপোলা ভাত আদি পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰে। ইয়াত ব্যৱহাৰ কৰা মছলাসমূহ তেওঁলোকে ঘৰতেই প্ৰস্তুত কৰে।

পাহাৰীয়া কাৰ্বিসকলৰ মাজত মাঘ মাহত প্ৰচলিত এবিধ উৎসৱ হৈছে ‘হাচা কেকান’। এইবিধ উৎসৱ শস্য চপোৱাৰ লগত জড়িত উৎসৱ। ইয়াৰ অৰ্থ হৈছে ‘কৃষি উৎসৱৰ নৃত্য’। শস্য চপোৱাৰ পিছত কাৰ্বি যুৱক-যুৱতীসকলে হাচা-কেকান নৃত্য-গীত কৰে। দুই বা তিনিগৰাকী যুৱক যুৱতীয়ে এই গীতসমূহ পৰিবেশন কৰে। হাচা-কেকান নৃত্য পুৱালৈকে চলি থাকে। এই নৃত্য শেষ হোৱাৰ পিছত নাচনীসকলে জা-যোগাৰ কৰি দিয়া সামগ্ৰীৰে ৰন্ধা বঢ়া কৰি ভোজ-ভাত আৰু ‘হৰলাং’ নামৰ এবিধ পানীয় খায়।

অসমৰ চাওঁতালসকলে মাঘ বিহুক ‘ছাকৰাত’ বোলে। ছাকৰাতৰ লগে লগে ছহৰাই পৰব আৰম্ভ হয়। এই উৎসৱক বিজয় উৎসৱ বা শত্ৰুজয় কৰা উৎসৱ বুলিও কোৱা হয়। ছহৰাই পৰবৰ লগত দীপান্বিতাৰ সাদৃশ্য দেখা যায়। মাঘৰ মাহত তেওঁলোকে মাঘচিম বা বাস্তু পূজা কৰে। এই মাঘচিম হৈছে নিগাজিকৈ বসবাস কৰিবৰ বাবে হাবি-জংঘল চাফ-চিকুণ কৰি পূজাৰ ব্যৱস্থা কৰা। এই সময়ছোৱাত তেওঁলোকে পুৰণি ঘৰৰ সংস্কাৰ কৰে আৰু নতুন ঘৰ নিৰ্মাণ কৰে। ছাকৰাতৰ লগে লগে ছহৰাই পৰব আৰম্ভ হয়। মহিলাসকলে বগা আলতীয়া মাটিৰে ঘৰবোৰ লেপে আৰু ঘৰৰ বেৰবোৰত গছ-লতা, ফুল-চৰাই আদি নানান ধৰণৰ ছবি আঁকে। ছহৰাই পৰবৰ বিশেষত্ব হৈছে চিকাৰ উৎসৱ। তেওঁলোকে দলবান্ধি চিকাৰলৈ যায়। চিকাৰলৈ গ’লে তেওঁলোকে এবিধ গীত গায়, যাক দুংগেৰ বুলি কোৱা হয়। ইয়াৰ লগতে এই উৎসৱৰ সময়ত চাওঁতাল ডেকা-গাভৰুৱে ছহৰাত, মাতবাৰ আৰু গুঞ্জুৰ নৃত্য পৰিৱেশন কৰে। এই উৎসৱত প্ৰচলিত পুইক আৰু লুংৰীয়া নৃত্য কেৱল পুৰুষসকলেহে কৰিব পাৰে। চাওঁতাল সকলৰ মাঘবিহুত আন আন জনগোষ্ঠীৰ দৰে ভেলাঘৰ আৰু মেজি জ্বলোৱা নিয়ম নাই।

মৰিগাঁও জিলাৰ জাগীৰোডৰ ওচৰৰ জোনবিল নামৰ ঠাইত প্ৰতিবছৰে মাঘৰ উৰুকাৰ পাছৰ শুকুৰবাৰৰ পৰা জোনবিল মেলা অনুষ্ঠিত হয়। এই মেলা বিশেষকৈ তিৱা সম্প্ৰদায়ৰ লোকসকলে একেৰাহে কেইবাদিনো পাতে। মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ আৰু বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে একেলগে মাছ মাৰে। ইয়াক ‘ৰজা মাছ মৰা’ বুলিও কয়। সেইদিনাখন তাতে সকলোৱে সেই মাছেৰে ভোজ-ভাত খায় আৰু পিছদিনাখন সাধাৰণ ৰাইজৰ বাবে জোনবিল মাছ মাৰিবলৈ মুকলি কৰি দিয়ে। এই মেলাৰ প্ৰধান বিষয় হৈছে বিনিময় প্ৰথা। ইয়াত পাহাৰ-ভৈয়ামৰ লোকসকলে ইজনে সিজনৰ লগত বিভিন্ন সামগ্ৰীৰ বিনিময় কৰে। জোনবিল মেলাৰ জৰিয়তে তিৱাসকলে বিনিময় প্ৰথা জীয়াই ৰাখিছে।

অসমত বসবাস কৰি থকা সকলোবোৰ জনগোষ্ঠীৰ মাজত প্ৰচলিত বিভিন্ন ধৰণৰ কলা-কৃষ্টি, পৰম্পৰা, লোকবিশ্বাস, উৎসৱ-অনুষ্ঠানৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰি। কিছুমান এতিয়াও উদ্ধাৰ নোহোৱাকৈয়ে অ’ত-ত’ত সিঁচৰতি হৈ আছে, যিবোৰ সংৰক্ষণ কৰাটো অতি প্ৰয়োজন। সেইবাবেই লেখাটোত সকলোবোৰ জনগোষ্ঠীক সামৰিব পৰা নগ’ল। অতীতৰ পৰা প্ৰচলিত হৈ অহা ওপৰত আলোচ্য লোকপৰম্পৰা তথা লোকবিশ্বাসসমূহ বৰ্তমান সমাজত প্ৰচলিত বৈজ্ঞানিক চিন্তাধাৰা তথা নগৰীকৰণৰ বাবে লাহে লাহে নোহোৱা হৈ আহিবলৈ ধৰিছে আৰু এলাগী হৈ বৰ্তমান এমুঠিমান লোকৰ হাততহে জীয়াই আছে। লোকসংস্কৃতিয়ে এটা জাতিৰ পৰিচয় বহন কৰে, যাৰ বাবে এইবোৰ আমাৰ অতি মূল্যবান সম্পদ। সেয়েহে এইবোৰ সংৰক্ষণ কৰাতো আমাৰ সকলোৰে কৰ্তব্য।

প্ৰসংগগ্ৰন্থ:
১। অসমৰ জনগোষ্ঠীয় লোকসংস্কৃতি- ড৹ চন্দ্ৰ কমল চেতিয়া
২। অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক উৎসৱ- ধ্ৰুবকুমাৰ তালুকদাৰ
৩। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা- ড৹ নবীন চন্দ্ৰ শৰ্মা
৪। পুষণা উৎসৱ – হেমন্ত কুমাৰ ৰায় (দৈনিক অসমত প্ৰকাশিত)
৫। সংবাদদাতা- পুণ্য কানন কোঁৱৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক