মাছবেপাৰী (দেৱাঙ্গ পল্লব শইকীয়া)

PANKAJ JYOTI MAHANTA L

আচল নাম কিজানি হাচান আছিল। আমাৰ মানুহৰ মুখত পৰি হ’লগৈ হাচেন । হাচেন মাছবেপাৰী। ৰাতিপুৱাই কান্ধত ওলোমাই অনা পাচিত এপাচি মাছ লৈ কমেও আঠ কিলোমিটাৰ খোজকাঢ়ি হাচেনে তিনিখনমান গাঁও কভাৰ কৰিছিল। মুখত ভোবোকা পকা দাড়ি, দাড়িৰ মাজত বিড়ি, ভৰিত খটপ খটপ শব্দ কৰি অহা প্লাষ্টিকৰ ৰঙা জোতা আৰু ওচৰকৈ গ’লে মাছ মাছ গোন্ধ এটা – হাচেনৰ আইডিয়েণ্টফিকেশ্যন ফিচাৰচ এইখিনিয়েই।

হাচেনে আমাৰ ঘৰত মাছ দিছিল মাহেকীয়া বাকীৰ হিচাবত। মাহেকৰ মূৰত পইচা নিয়ে। ভাল মাছ আনিলে তেওঁ মাছ লাগিবনে বুলি নোসোধে।  চিধাই পিছফালৰ চোতাললৈ আহি মাছ ওজন কৰি মাইক মাতে – “বৌ একটা বাচন আনক”। দে’তাই কেতিয়াবা তেওঁক টানকৈ কয় – নোসোধাকে’ ইমান ডাঙৰ মাছ কিয় দিলি?? হাচেনে দাঁতেৰে বিড়িডাল কামুৰি ধৰি ক’ব : “ভাল মাছ মাষ্টৰ বাবু। কাইপেলাই (খাই) ক’ব আমাক পিছত”।

কেতিয়াবা হাচেনে মাছ বেচি ওভতি যাওঁতে সিয়েই দি যোৱা মাছেৰে চোতালতে বহি কলাপাতত ভাতকেইটামান খাই যায়। মাছৰ সোৱাদ নহ’লে মনে মনে লাজ পায়। ভাল হ’লে ” মই কৈছিলোঁনে, মই কৈছিলোঁনে!” বুলি আত্মগুণ বখনাত মত্ত হয়।

হাচেনৰ পুতেক কেতিয়াবা লগত আহে। সি মেট্ৰিক পাছ। সিহঁতৰ গাঁৱৰ প্ৰথম মেট্ৰিক পাছ। দে’তাহঁতে তাক কিতাপৰ খৰচৰ বাবে দুই এটকা দিয়ে। সি নমস্কাৰ কৰি পইচা লয়।

সি তেনেকৈয়ে অতি কষ্টেৰে সঁচা অৰ্থত এসাঁজ খাই তিনিসাঁজ নাখাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ লগে লগে হাচেনৰ মন মগজুত এটা অতি ভয়ংকৰ ভুল ধাৰণাৰ পোকে বাঁহ ল’লে যে বিএ পাছ কৰাৰ লগে লগেই পুতেকৰ চাকৰি হ’ব আৰু তাৰ ইমান দূৰ খোজকাঢ়ি আহি মাছ বেচাৰ দুখৰ দিনৰ অন্ত পৰিব। চাকৰিও মানে একেবাৰে “ভাল চাকৰি”।

:“মাষ্টৰ বাবু…ল’ৰাই এইবাৰ পাছ কৰিলেই চাকৰি পাব বুলি মনে হয়। তাৰ পিছতে এই কাম এৰিম। তাৰ আম্মাইও কৈ আছে বয়চটা আমাৰ বেছি হৈয়া গেছে। দেহাই নাটানা হৈছে”।

দে’তাই হাচেনক নিৰাশ নকৰে। মই পঢ়া টেবুলৰ পৰা হাচেনে দে’তাক জুহালত কোৱা এইবোৰ কথা শুনি থাকোঁ। মই তেতিয়া মেট্ৰিক দিম।

যথাসময়ত হাচেনৰ পুতেকে একেবাৰতে বিএ পাছ কৰি সিহঁতৰ সংখ্যালঘূ গাঁৱৰ প্ৰথম গ্ৰেজুৱেট হ’ল। তেতিয়ালৈ হাচেনৰ শৰীৰৰ ওজন আৰু কমিল। মাছ বেচিবলৈ প্ৰতিদিনৰ সলনি সপ্তাহত দুদিন অহা হ’ল। মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰি পঢ়িবলৈ ওলাই আহিলোঁ।

পঢ়ি থাকোঁতেই এবাৰ ঘৰলৈ যাওঁতে বহুত দিনৰ মূৰত হাচেন আহিল। মাছৰ আগৰ কোৱালিটি নাই। হাচেনৰ চেহেৰাও একেবাৰে নাই। অতি ভয়ে ভয়ে সুধিলোঁ : “হাচেন কাই, ল’ৰাৰ কিবা??”
হাচেনে দুখেৰে বিড়ি হুপি ক’লে – “একো নাই। চবকিটা মানুহেই কৈছিল বিএ পাছ কৰিলে চাকৰি হয়। নহ’ল। এতিয়া এইবোৰ কাৰবাৰতে ধৰিব আৰু!! আৰু…”

আৰু??

হাচেনে বিড়িটো পেলাই ক’লে – “আৰু আমাৰ গাঁৱৰ “মিয়াঁ” ল’ৰাবোৰ গোটাই সি সিহঁতক ইংৰাজী কিতাপ এইবোৰ পঢ়ায়। সিয়েই বহুতকিটা বেপাৰীৰ ল’ছালিক স্কুল পাঠাইছে”।
“পইচা কিমান দিয়ে?”
“নাহ !! পইচা কোনে ক’ৰপৰা দিব! চবকিটা দুখীয়া বেপাৰীৰ ল’ছালি”।

মাছবেপাৰী হাচেনৰ পুতেকলৈ কিবা এটা শ্ৰদ্ধা ওপজিল। আচল শিক্ষাৰে শিক্ষিত মানুহ যেন সিহে!! মনে প্ৰাণে কামনা কৰিলোঁ সি যেন চাকৰি এটা পায়।

হাচেন ঢুকাল কেইবছৰমান আগতে। পুতেকে চাকৰি পালেনে নাই নাজানোঁ। কিন্তু মই নিশ্চিত যে যদি সি বাপেকৰ বৃত্তি লৈছে তেন্তে সি মেট্ৰিক ফেইল গ্ৰাহকৰ পৰাও ধমকি শুনিছে। মনে মনে সি ভাগ্যক ধিয়াইছে। সি হয়তো কোনোদিন কাকো মুখ খুলি ক’ব নোৱাৰিব – সিও যে এটা বিএ পাছ মাছবেপাৰীহে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments