মাছৰোকা! -(জ্যোতিৰূপম দত্ত)

মাছৰোকা!
————-
– জ্যোতিৰূপম দত্ত৷

আজিয়েই! আজি গধূলিকৈয়ে কামটো কৰি পেলাব লাগিব বাপ্পেকে! কিমান আৰু ভাওঁ জুৰি থাকিম? আগতে বজাৰে সমাৰে পোৱা মধুৰ ‘দাদা’ সম্বোধনবোৰ কেতিয়াৰ পৰানো ‘আংকল’, ‘ছাৰ’, ‘খুড়াদেউ’ এইবোৰলৈ পৰিবৰ্তন ঘটিল ততকে ধৰিব নোৱাৰিলো৷ সেইবোৰেই মোক খোলা এটাতহে যেন সুমুৱাই দিলে৷ পিছে আজি সেইবোৰ নহব৷
আজিকালি গধূলি হলেই চৌদিশে একেবাৰে ৰসে চৌ চৌ৷ সকলোতে আৰম্ভ হৈ যায়৷ ঘৰ অফিচ সকলোতে৷ অফিচিয়েল পাৰ্টিৰ কথাই নকও আনকি বিয়া-বাৰুকে ধৰি বেছিভাগ অনুষ্ঠানতেই এইবিধৰ বিবিধ প্ৰকাৰ পৰিবেশন কৰা হয়৷ মিছা নকওঁ৷ ময়ো অফিচৰে দুই এটা পাৰ্টিতেই এঢোক মাৰি চাইছিলো৷ পিছে প্ৰথমবাৰ অনভ্যাসৰ বাবেই নেকি, একেবাৰে জীৱনলৈ মনত থকাকৈ ডিঙি চেৰচেৰাই গৈছিল৷ সেয়ে সেইফালে বেছি মুখ কৰা নহল আৰু৷ আনহাতে গৃহলক্ষীৰ মতেও সেইবোৰ অস্পৃশ্য বস্তু৷ অৱশ্যে দুবাৰমান কিবা উৎসৱ পাৰ্বনৰ চেলু লৈ ঘৰলৈকে আনি খোৱাৰ কথা উলিয়াওতেই যিহে ৰঙা চকুৰ দৰশন পালো, সেইবোৰ চিন্তা তেতিয়াই সেইফালেই এৰিলো৷
পিছে আজি শেনৰ এজাত! কি জানো মন গ’ল, আজি নাই ৰঙাপানী, নাই গুৱাহাটী বুলি মন বান্ধিলো৷ আজি এঢোক খাইহে এৰিম! তাতে এই অভিযানৰ বাবে ঘৰৰ পৰিৱেশো একেবাৰে অনুকূল৷ যোৱা চাৰিদিনেই হ’ল, ছোৱালীজনীৰে সৈতে আমাৰ এওঁ মাকৰ ঘৰত৷ সেয়ে আজি মই একেবাৰে নিষ্কণ্টক৷
এইবোৰ ভাবি গুণিয়েই আজি সাজ লাগি ভগাৰ পাছতহে অফিচৰ পৰা ওলালো৷ কাৰণ আছে৷ মানে, সেই দুই বজাৰ পাছতহে খোলা লোহাৰ গ্ৰীলেৰে আবৰা দুৰ্গসদৃশ বেৰেৰে আবৰা দোকানৰ পৰা বিশেষ বস্তুবিধ আজিলৈকে কিনাৰ সৌভাগ্য হোৱা নাই৷ কেনেবাকৈ কোনোবা চিনাকি মানুহে দেখি আমাৰ এওঁৰ কাণত পেলালে সৰ্বনাশ হ’ব৷ সেয়ে সাৱধান হোৱাটো ভাল৷ হওঁতে ঘৰৰ ওচৰৰ তিনিআলিটোতে ওচৰা ওচৰিকৈ চাৰিখনমানেই এই বিধৰ দোকান আছে৷ সাৱধানীৰ মৰণ নাই! সেয়ে পথৰ কাষতে আওঁহতীয়াকৈ থকা দোকান এখনতে বস্তুটো কিনিম বুলি থিৰাং কৰিলো৷
যথাসময়ত আহি দোকানখনৰ সমুখ পালোহি৷ মটৰচাইকেলখন সামান্য দুৰত ৰখাই অলপ সময় আলেখ-লেখ চাই চিনাকি কাকো দেখা যেন নালাগিল৷ তথাপিও কোনো খুঁত ৰখাত মই নাই দেই! সেয়ে হেলমেটটো পিন্ধিয়েই দোকানৰ ফালে খোজ ললো৷ ভাগ্যক্ৰমে সেই সময়ত দোকানখনত আন কোনো গ্ৰাহক নাছিল৷ মোৰ বাবে এয়াই সুবৰ্ণ সুযোগ৷ পকেটখন খেপিয়াই চালো৷ আছে! দুপৰীয়াই ধুনীয়াকৈ মেৰিয়াই থোৱা নোটখন আঙুলি দুটাৰে চেপি ধৰি উলিয়াই আনো মানে আচল জেগা পাইয়েই গ’লো৷ লোহাৰ গ্ৰীলৰ সিপাৰে বহি থকা ল’ৰাজনে ভাৱলেশবিহীন চকুৰে মোলৈ চাই সুধিলে –
: “কওক? কি লাগে? ”
মোৰ ইতিমধ্যে মুখ শুকাই খৰখৰীয়া মাৰিলেই! তথাপিও কথা এষাৰ কওঁ বুলি মুখ মেলোতেই এনেতে মোৰ পিছফালে গিৰিপ-গাৰাপকৈ কিবা এটা শব্দ হ’ল৷ হেলমেট পিন্ধি থকা বাবে পিছফালে কি হৈছে বুলি চাবলৈ ঘূৰি চাবলৈ মুৰটো ঘুৰাওতেই দোকানৰ সমুখত ওলোমাই থোৱা ‘বৰ্ড’ এখনতে ঘটংকৈ এটা খুণ্ডা মাৰিলো৷ ঘূৰি চাই দেখো গিৰিপ গাৰাপকৈ দৌৰি আহি দুজন চেঙেলীয়াই গ্ৰীলৰ ফাকেৰে নোট এখন দলিয়াই দি কিবা এটা দুৰ্বোধ্য নাম কলে৷ দোকানীজনেও অৱলীলাক্ৰমে বহি থকা ঠাইৰ পৰাই হাউলি এটা ডাঙৰ বটল উলিয়াই খবৰ কাগজেৰে বান্ধি পলিথিনৰ মোনা এটাত সুমুৱাই গ্ৰীলৰ ফাকেৰে ঠোঙাটোৰ এটা মুৰ উলিয়াই দিলে৷ চেঙেলীয়া দুয়োৰে বয়স প্ৰায় সোতৰ-ওঠৰমান হ’ব৷ তাৰে এজনে গ্ৰীলৰ ফাকেৰে ঠোঙাটো টানি আনি আনজনৰ পিঠিত লৈ থকা বেগটোৰ চেইনডাল খুলি বটলটো ভৰাই ললে৷ বেগটোত থকা দুখনমান কিতাপ বহীলৈ মোৰ চকু গ’ল৷ ক্ষন্তেকতে দুয়ো ল’ৰালৰিকৈ ওলাই গ’ল৷
উঃ! ৰক্ষা! অলপ আগতে খুণ্ডা খোৱা সেই বৰ্ডখনলৈ মোৰ চকু গ’ল৷ “একৈশ বছৰৰ তলৰ লোকক মাদক দ্ৰব্য বিক্ৰী কৰা আইনমতে দণ্ডনীয়৷ ”
: “দাদা! কি দিম আপোনাক? ”
মোৰ চিন্তাত যতি পেলাই এটা কণ্ঠ ভাঁহি আহিল৷ দাদা! আঃ! এইষাৰ সম্ভাষণ শুনা আজি বহুদিনেই হ’ল৷ এয়াহে কথা৷ মোৰ কণ্ঠলৈ পানী আহিল৷
: “মানে মানে ভাইটি এটা …..”, মনে মনে প্ৰমাদ গুণিলো৷ হে প্ৰভু৷ ইমান গাল ব্ৰেণ্ড৷ চকু জলক টবক হ’ল৷ কি কও এতিয়া! মিঠাতেল, চাহপাত, চাউল, মছলাৰ কোনটো ব্ৰেণ্ড কেনেকুৱা একেআষাৰে কৈ দিব পাৰো৷ পিছে এতিয়াহে মৰিলো৷ এইবিষয়ক আলোচনা অফিচতো হয় অৱশ্যে, অফিচৰ দুই এজন এক্সপাৰ্টে নিজৰ পচণ্ডৰ ব্ৰেণ্ডৰ কথা বখানি বখানি কবলৈ ভালেই পায়৷ পিছে মই থাকিলে হেনো নজমে, সেয়ে মোৰ আগত এইবোৰ কথা এৰাই চলে৷ কেতিয়াবা দুই এটা শব্দ উফৰি আহি মোৰ কাণত পৰে, ভিন ভিন ধৰণৰ, বিভিন্ন ৰকমৰ ব্ৰেণ্ডৰ কথা৷ পিছে যোৱা কেইমাহমান ধৰি বিতৰ্কৰ শীৰ্ষত থকা হেজাৰকোটি টকীয়া কেলেংকাৰীৰ নায়কজনৰ কম্পেনীৰ কিংফিচাৰ মানে মাছৰোকা চৰাই এটা থকা পোষ্টাৰ এখন দেখাৰ লগে লগে মোৰো মনত পৰি গ’ল৷
ইউৰেকা! মাছৰোকা!
: “সেইটো! মানে সেইটোৰে এটা দিয়া! ”, কথাটো কেনেবাকৈ কৈহে দীঘলকৈ উশাহ এটা ল’লো৷
: “কি দিম? প্ৰিমিয়াম নে ষ্ট্ৰং? ”, আকৌ প্ৰশ্নবাণ৷
‘ষ্ট্ৰং’ বিধেই ভাল হ’ব৷ মনে মনে গুণিলো৷ সামান্য বয়স হৈছে বুলিয়েই ইমান পৰি মৰা বিধৰ নহও দেই৷
: “ষ্ট্ৰং টোকেই দিয়া৷ ”, গহীনাই কলো৷
: “কেন্ নে বটল লাগিব? ”, গ্ৰীলৰ সিপাৰৰ পৰা আকৌ প্ৰশ্ন এটা ভাঁহি আহিল৷ যেন যুধিষ্ঠিৰৰ ওপৰত যক্ষৰ প্ৰশ্নবানহে!
এইবাৰ ভাবিচিন্তি নেচাই একেচাটে ক’লো,

: “বটল! অলপ সোণকালে দিয়া৷ ”
ইতিমধ্যে আঙুলিৰে চেপি থকা নোটখন গ্ৰীলৰ সিপাৰ পাইছেগৈ৷
ল’ৰাজনে নোটখন টানি নি মোৰ ফালে চাই আকৌ ক’লে,
: “আৰু বিশ টকা লাগিব৷ ”
হে পৰভু! কি যে লীলা দেখুৱাইছা!
এইষাৰ কথা যদি শাক-পাচলি বা মাছৰ বজাৰত কোনোবা পোহাৰীয়ে যদি শুনালেহেঁতেন তেতিয়া সেই পোহাৰীক চৌদ্ধ গোষ্ঠী উজাৰি গালি দিয়াটো একেবাৰে খাটাং আছিল৷ পিছে এইবোৰ জেগাত সেইবোৰ ভাও নচলে৷ সুৰসুৰকৈ জেপৰ পৰা মানিবেগটো উলিয়াই খৰখেদাকৈ খুচৰি খুচৰি দহটকীয়া দুখন উলিয়াই দিলো৷
অৱশেষত মোৰ আকাংক্ষিত বস্তুটো গ্ৰীলৰ ফাকেৰে আহি মোৰ হাতত পৰিলহি৷ হাতত চেঁচা পৰশ এটা লাগি গা-মন একেবাৰে সিৰসিৰাই গ’ল৷ খবৰ কাগজৰে মেৰিওৱা বটলটোৰ টিকটিকিয়া ৰঙা সাঁফৰখন দেখি মন ৰাইজাঁই হলেই!
পিছে বটলটো কোনোবাই দেখে বুলি ’দুহাতেৰে কেনেবাকৈ ঢাকি ঢুকি মটৰ চাইকেলখনৰ ওচৰ পালোহি৷ এখন হাতেৰে সাউতকৈ কাষৰ বক্সটোৰ ঢাকনীখন খুলি বটলটো ভৰাই দি ঢাকনীখন জপাই দিলো৷
এহ! আকৌ পয়মাল লাগিল নহয়৷ ঢাকনীখন জাপ নোখোৱা হ’ল! হওতে বক্সটোত আগৰেপৰাই বজাৰৰ মোনা এটা, মটৰচাইকেল মচা ফটাকানিখন, ৰেইনকোটৰ দৰে এনেকুৱা লাংখালিংখি কেইপদমান বস্তু আছিলেই৷ তাতে আকৌ এই বটলটো হেচি-ঠেলি ভৰাই দিলো নহয়৷ এতিয়া এইখিনি ঠাইত বস্তুবোৰ এপদ এপদকৈ উলিয়াই থান-থিত লগাওতেই বটলটো কোনোবাই দেখে যদি? ঢাকনীখন ওপৰৰ পৰাই অলপ হেঁচি চালো৷
এনেতে মোৰ পিঠিত বলিষ্ঠ হাত এখন পৰিল! ঘূৰি চালো৷ পুলিচ এজন!
: “হেঃ! হেঃ! হেঃ! মানে মানে মানে! কিবা অসুবিধা, মানে মানে সদায় নহয় মানে৷ মই মানে এনেয়ে আজি ….”, মুখেৰে কি ওলাল গমেই নেপালো৷
: “বাইকখন আপোনাৰ নেকি? অলপ কাষলৈ নি ভালদৰে পাৰ্কিং কৰি থওঁক৷ আপোনালোকৰ দৰে জনাবুজা ডাঙৰবোৰেই এনেকৈ পাৰ্কিং কৰিলে কেনেকৈ হ’ব কওকচোন? ”
পুলিচজনৰ কথাকেইটা শুনি মুখলৈ পানী আহিল৷ ইফালে চাবিপাট বক্সটোতে লাগি আছে, ঢাকনীখন হেঁচা মাৰি ধৰি আছো, হাতখন গুচালেই স্প্ৰীং লগা ঢাকনীখন খুলি যাব!
: “হেঃ! হেঃ! হেঃ! ছৰী, ছৰী! একদম ছৰী, মই যাওৱেই, এত্তিয়াই যাম! হেঃ! হেঃ! ”
মোৰ কথাত আশ্বস্ত হৈ পুলিচজনে লাঠীডাল ঘূৰাই ঘূৰাই আগলৈ খোজ ল’লে৷ সুযোগ পাই ময়ো ঢাকনীখন সামান্য ডাঙি মটৰচাইকেল মচা ফটাকাণিখনকেই উলিয়াই আনি ৰাষ্টাৰ কাষতেই পেলাই দিলো৷ এইবাৰ যেনিবা ঢাকনীখন বন্ধ হ’ল৷
পথৰ কাষত এমখা জাবৰ-জোথৰ, বটল, পলিথিনৰ সৈতে ফটাকাণিৰ টুকুৰাটোও পৰি থাকিল৷
দীঘল উশাহ এটা লৈ এইবাৰ মটৰ-চাইকেলখন ষ্টাৰ্ট কৰিলো৷ দোকানৰ সমুখত কাঠৰ ষ্টেণ্ড এডালত ডলা এখন থৈ দেছুৱালী এটাই বেগ এটাৰ পৰা বিভিন্ন ৰকমৰ চানাচুৰৰ বৈয়াম কেইটামান উলিয়াই সজাই আছিল৷ চানাচুৰ কেইটামান লবলৈ মন আছিল যদিও বেছি ৰিস্ক নোলোৱাই ভাল বুলিয়েই ভাবিলো৷ কোনোবাই এই দোকানখনৰ আগত চানাচুৰ কিনা দেখিলেও কিবা কথা উলিয়াই দিবও পাৰে৷ সেয়ে অলপ দুৰ আগুৱাই গৈ বেলেগ দোকান এখনৰ পৰাই চানাচুৰ আৰু বাদামৰ পেকেট কেইটিমান লৈ ল’লো৷ এইবাৰ আন কতো নৰৈ চিধাই ঘৰলৈ পোনাই দিলো৷
ঘৰ পায়েই মটৰ-চাইকেলখন গেৰেজত থৈ লাইট নজ্বলোৱাকৈ সাবধানেৰে বটলটো লৈ একেকোবে ঘৰৰ দুৱাৰমুখ পালো৷ মোৰেই দুৰ্কপাল! গ্ৰীলখনত প্ৰকাণ্ড তলাটো লাগি আছিল! চুবুৰীয়া কোনোবাই দেখে বুলি বটলটো ৰেইনকোটটোৰে ঢাকি আনিছিলো৷ বটলটো সাবধানে বাৰাণ্ডাতে থৈ চাবিকোছা খুচঁৰি থাকোতেই মিহি মাত এটা শুনিলো৷
: “অফিচৰ পৰা আহি পালেই নেকি? ”
বেৰৰ সিপাৰৰ পৰা চুবুৰীয়া বৰাণীৰ মাত৷ এখেত হৈছে এই এলেকাৰ ‘লোকেল গেজেট’৷ ইতিমধ্যে ৰেইনকোটৰ প্লাষ্টিকৰ পেকেটটো পিছলি গৈ বটলটোৰ মুখৰ টিকটিকীয়া ৰঙা কাগজখন ওলাই পৰিছিল৷
ইফালে মই তলাটোৰ আচল চাবিপাট বিচাৰি হায়ৰাণ৷ খপজপকৈ ইপাটৰ পাচত সিপাট ভৰাই গৈছো৷ পিছে আচল চাবিপাট বিচাৰিয়েই পোৱা নাই৷ বৰাণীয়ে যদি কেনেবাকৈ বটলটো দেখে মোৰ হলেই আৰু! গোটেই চুবুৰীতে মোৰ এইবিধৰ প্ৰতি থকা আসক্তি তথা বহুতো সাধুকথাৰ দৰে আখ্যান সকলোৰে মুখে মুখে বাগৰিব৷
: “হয়! আহি পালো৷ ”, কেনেবাকৈ মুখেৰে মাতটো ওলাল৷ ভাগ্য ভাল আছিল কিজানি, লগে লগে বাৰাণ্ডাৰ গ্ৰীলৰ তলাটো খোল খালে৷ বটলটো ৰেইনকোটটোৰে ঢাকি মুখ্য দৰজাখন চিনাকি চাবিটোৰে খুলি ঘৰৰ ভিতৰ সোমাই দীঘলকৈ উশাহ এটা ললো৷
সময় নষ্ট নকৰি বটলটো ফ্ৰিজৰ ভিতৰত ভৰাই থলো৷ চানাচুৰ, বাদামৰ পেকেট কেইটা ডাইনিংখনতেই সজাই থলো৷ দৌৰা দৌৰিকৈ গা-পা ধুই সতেজ হৈ টিভিটো চলাই দিলো৷ এইকেইদিন অৱশ্যে টিভিটোত মোৰেই ৰাজত্ব চলিছে৷ আনকালে সপৰিয়ালে চাব নোৱাৰা চেনেলকেইটিও বঢ়িয়াকৈ অকলে অকলে চাইছো৷ আজিও তেনে এটা চেনেল ৰিম’টটোৰে বিচাৰি বিচাৰি লগাই দিলো৷ কাপবৰ্ডৰ পৰা কাঁচৰ গিলাচ এটা উলিয়াই আনিলো৷ কোনোবা ‘স্পেচিয়েল’ আলহী আহিলেহে এই গিলাচকেইটাৰ ব্যৱহাৰ হয়৷ আজি পিছে শেনৰ এজাত! এইটোকেই ব্যৱহাৰ কৰিব লাগিব৷ পাকঘৰলৈ গৈ কুকাৰটো খুলি চালো৷ পুৱাবেলাই ৰন্ধা ভাত কেইটামান আছে৷ ফ্ৰিজটো খুলিলো৷ ডাইল এবাটি আছেই৷ আজিৰ বাবে হৈ যাব৷ পাগঘৰৰ খিৰিকীখনৰ পৰ্দাবোৰ টানি দিলো৷ কি ঠিক, কোনোবাই বাহিৰৰ পৰা চাই আছে যদি? আজি কোনো সুৰুঙা ৰখাত নাই দেই! এইবাৰ বেছি সময় ব্যয় নকৰি বটলটো উলিয়াই আনিলো৷
বাঃ! এইবাৰ ঠাণ্ডা বটলটো হাতত লৈ ঘূৰাই ঘূৰাই বটলটোত আঠা লগাই থোৱা লেবেলখনত লিখা আখৰবোৰ জুমি জুমি চাই পঢ়িবলৈ ধৰিলো৷ আঠ শতাংশ এলকহল থকা ‘ষ্ট্ৰং’ মাৰ্কা বটল এটা! লগে লগেই মোৰ বয়স দহ বছৰমান কমি যোৱা যেন পালো৷ বেছি সময় অপব্যয় নকৰি বটলটোৰ মুখৰ ধাতুৰ ঠিলাটো গুচাবলৈ কটাৰী এখনকে হাতত তুলি ললো৷ বহুসময় কটাৰীখনেৰে হেচি-পুটকি থাকোতেই হুচকৈ শব্দ এটা কৰি ঢাকনিখন চিটিকি পৰিল৷ ইতিমধ্যে মোৰ মুখেৰেও ফেন বাহিৰ হৈ গৈছিল৷ বটলটোৰ পৰাও কেইটোপালমান মোৰ গাতেই পৰিল৷ অচিনাকি সুতীব্ৰ গোন্ধ এটা পালো৷ বটলটো ডাইনিং ৰুমলৈ আনি লাহে লাহে কায়দা কৰি কাঁচৰ চকচকীয়া গিলাচটোত ঢালি দিলো৷ বুৰবুৰণি উঠি সেই সোণালী ৰঙৰ জুলীয়া দ্ৰব্যখিনি লাইটৰ পোহৰত জিলিকি উঠিল৷ পাগঘৰৰ পৰা চীনামাটিৰ পিৰিচ এখন আনি চানাচুৰ আৰু বাদামৰ পেকেটকেইটি খুলি আটাইখিনি বাকি ল’লো৷
: “আঃ! কোনে পায় আৰু! ”
গিলাচটোৰ পৰা এঢোক গিলিলো৷ অনভিজ্ঞতাৰ বাবেই হয়তো মুখত এটা তিতা তিতা ভাৱ হ’ল৷ ঠাণ্ডা পানীয়খিনি ডিঙি পাৰ হৈ যাওতে একেবাৰে চেৰচেৰাই গ’ল৷ পিৰিচখনৰ পৰা বাদাম কেইটিমান মুখত ললো৷
টিভিটোত লাগি থকা ইংৰাজী চেনেলটোত এটা ‘গৰম’ টাইপৰ ‘চিন’ আৰম্ভ হৈ গৈছিল৷ চোফাখনত আৰামেৰে বহি ভৰি দুটা সমুখৰ টেবুলখনত তুলি দিলো৷ টেবুলৰ কভাৰখন অলপ পিছলি মজিয়া চুলে৷
এঃ! যাঃ! আজি এইবোৰ কথাত ধৰি থকা মানুহ নাই যেতিয়া এনেকৈয়ে থাকক!
এনেতে কৰ্কশ শব্দ এটা কৰি কলিংবেলটো বাজি উঠিল! এবাৰ দুবাৰ নহয়৷ কেবাবাৰো! এনেতে বাৰাণ্ডাৰ পৰা কাৰোবাৰ মাত ভাঁহি আহিল৷
: “খুড়া! অ’ খুড়া! চাওঁ, অলপ মাত দিয়কচোন! মই তপন! ”
হে পৰভূ! এইবাৰ আকৌ কি! টিভিৰ চেনেলটো সলাই ভলিউম কমাই দিলো৷ লগে লগেই একেলৰে গৈ গিলাচটো একেবাৰে পাগঘৰৰ বেছিনটোৰ কাষত লুকুৱাই থৈ দিলো৷ বটলটো লগে লগে ফ্ৰিজৰ ভিতৰলৈ চালান দিলো৷ ডাইনিং টেবুলত থকা চফগুটিৰ টেমাটো খুলি কেইটামান চফ মুখলৈ দলিয়ালো৷ তাৰ পাছত দৰজাখন খুলিবলৈ লওতেই মন কৰিলো যে অলপ আগতে বটলটো খোলাৰ সময়ত কেইটোপালমান ছিটিকি পৰিছিল৷ এতিয়া কাপোৰ সলাবলৈ সময় নাই৷ আকৌ ঘূৰি আহি বেডৰুম পালোহি৷ ভাগ্য ভাল৷ ডিঅ’ডৰেণ্টৰ চিচাটো হাততে পোৱাকৈ আছিল৷ একেপাকে চিচাটো খুলি গাটোত ভালেমান সুগন্ধি ছটিয়াইহে তত পালো৷ এতিয়া চিন্তা নাই৷ লাহেকৈ দৰজাখন খুলি কাণিদুৱৰীকৈ মাত দিলো –
: “অ’, তপন দেখোন! কি সকামত আহিলা? ”
: “খুড়া, আমি মানে স্কুলৰ ফিল্ডখনত থিয়েটাৰ পাতিছো৷ আপোনাৰ বাবে তিনিটা ছিজন টিকট থৈয়েই দিছো৷ পইছাৰ চিন্তা নাই৷ মই কাইলৈ আহি লৈ যাম৷ এইকেইটা ৰাখি থওঁক৷ ”
বাৰাণ্ডাৰ গ্ৰীলৰ মাজেদি তিনিটা টিকট সৰকাই দিলে৷ ময়ো বেছি উচ্চবাচ্য নকৰি পাঁচশ টকীয়া টিকট তিনিটা লাহেকৈ হাত পাতি ল’লো৷ বেছি কাষলৈ গ’লে কিজানি গোন্ধ পায়! ইয়াৰ লগৰ ল’ৰাই বিয়া-বাৰু কৰাই ইতিমধ্যে ল’ৰা-ছোৱালীও ফুকালে৷ পিছে ই হেনো এতিয়াও ছাত্ৰনেতা! বছৰৰ বাৰমাহেই কিবা নহয় কিবা এটা উপলক্ষ্যত চান্দা তুলিবই৷ হিচাপ পাতি ৰাজহুৱা কৰাৰ লেঠা নায়েই৷ শুনিছো অলপতে কাৰোবাৰ নামত ফ্লেট আৰু দুখন দোকানো কিনিছে৷ ইহঁতক না বুলি কবও নোৱাৰি নহয়৷
গিৰিপ-গাৰাপকৈ ল’ৰাকেইটা ওলাই গ’ল৷ এটাই যাওতে গেটৰ কাষৰ ফুল এজোপাৰ পৰা ফুল কেইটামান মৰককৈ ভাঙি হাতত লৈ ওলাই গ’ল৷
সেইবোৰলৈ বেছি কৰ্ণপাত নকৰি আকৌ ভিতৰ পালোগৈ৷ এনেতে ম’বাইল ফোনটো বাজি উঠিল৷ চিনাকি সুৰ এটা৷

: “ক’ত আছা? ”
চিনাকি মাত! চিনাকি প্ৰশ্ন৷
: “ঘৰতে৷ ”
: “কাইলৈ আমাক লৈ যাবাহি৷ মায়ে তোমাক দুপৰীয়া ভাত খোৱাকৈ মাতিছে৷ আবেলি ঘৰলৈ যাম৷ ”
হব বুলি সেপ ধুকি ফোনটো থৈ দিলো৷ শেষ! কাইলৈ পুৱাই পৰিবাৰৰ মাকৰ ঘৰলৈ ওলাব লাগিব৷

তাৰ মানে বটলটো আজিয়েই শেষ কৰি কৰবাত পেলাই আহিবগৈ লাগিব! লাহে লাহে ৰিমঝিমকৈ লাগি অহা নিচাটো একেবাৰে ফাটি গ’ল৷ এইবাৰ বটলৰ পানীয়খিনি অলপ বেছিকৈ গিলাচটোত ঢালি দিলো৷ এতিয়া শেষ কৰাহে কথা৷ ইংৰাজী চেনেলটোৰ ‘গৰম’ চিৰিয়েলখনো কেতিয়াবাই শেষ হ’ল৷ বাদাম কেইটামান চোবালো৷ বাদামকেইটাৰ মাজত থকা এটা বুজন ‘চাইজ’ৰ শিল দাঁতত পৰি একেবাৰে গোটেইখন জিনজিনাই গ’ল৷
: “ধেই চাল্লা! সব মজা সেমেকি গ’ল! ” – মনতে গুণিলো৷
বটলৰ পানীয়খিনি কেনেবাকৈ শেষ কৰি টেবুলৰ কাষতে পৰি থকা পলিথিনৰ পেকেট এটাত ভৰাই বাহিৰলৈ ওলালো৷ অনভ্যাসৰ বাবেই হয়তো খোজ কেইটিও যেন ঠিক জেগাত পৰা নাই তেনেহে লাগিল৷ লাহে লাহে সাবধানেৰে খোজ দি গেটখন খুলি ইফালে সিফালে চাই অলপ দুৰ আগুৱাই গ’লো৷ ইফালে মোৰ খোজো অলপ লৰক ফৰক৷ নিজৰ মুখৰ পৰা ওলোৱা গোন্ধ মই নিজেই পাইছো৷ এইখিনিতে কোনোবা চিনাকি ওলালে একেবাৰে সৰ্বনাশ হ’ব৷ ভাগ্য ভাল যে এইখিনিত চৰকাৰে এতিয়ালৈ ষ্ট্ৰীট লাইটৰ বন্দৱস্ত কৰা নাই৷ তথাপিও বেছি ‘ৰিস্ক’ নলৈ বটলটো অলপ দুৰলৈ দলিয়াই দি পিছলৈ নোচোৱাকৈ খৰখেদাকৈ চিধাই ঘৰলৈ পোনালো৷ যাওঁতে পকেটতে চাবিকেইপাট লৈয়েই গৈছিলো সেয়ে একেবাৰতে মেইন গেট আৰু বাৰাণ্ডাৰ গ্ৰীলৰ তলাকেইটিও বন্ধ কৰি আহিলো৷ কিবা দুটামান মুখত দি কেতিয়ানো বিছনা পালোগৈ কবই নোৱাৰিলো৷
পুৱাবেলা উঠি ঘড়ীটো চালো৷
ইচ ৰাম! দেৰিয়েই হ’ল!
দৌৰা দৌৰিকৈ গা-পা ধুই ঘৰৰ পৰা গাড়ীখন লৈ ওলাই দেখো যে প্ৰতিবেশী বৰাৰ ঘৰৰ সমুখত চেঙেলীয়া কেইটিমান আৰু স্বয়ং বৰা৷ বৰাই কাৰোবাক গুৱাল-গালি পাৰি আছে৷ গাড়ীখন ৰখাই এখুজি দুখুজিকৈ ময়ো ওচৰ পালো৷
: “চাওকচোন! এইবোৰেই সমাজখন খালে! আজিৰ সমাজখনৰ অনৰ্থৰ মূল এইবোৰেই৷ হৰি হৰি! শ্ৰী বিষ্টু! শ্ৰী বিষ্টু! চাওকচোন, পুৱাই পুৱাই নামঘৰলৈ বুলি ওলাইছিলো৷ দেখিলো ক’লা কিবা এটা পৰি আছে৷ ডাঙি চাওতেই … হৰি হৰি … কি যে ক’ম আৰু! যোৱাৰাতি কোনোবা মদাহীয়ে পলিথিনত ভৰাই গেটৰ সমুখতে এৰি থৈ যোৱা মদৰ বটল এটাহে চুবলৈ পালো! হৰি হৰি৷ এতিয়া আকৌ তিয়নী সলাই গা তিয়াবলৈ লাগিব৷ ইফালে যোৱা তিনিদিন ধৰি ছাপ্লাইৰ পানী অহাই নাই৷ ডেইলী পাঁচশকৈ টকা দি কিনা পানীৰে দুবাৰকৈ গা ধুব লাগিব এতিয়া! হৰি হৰি! ”
বটলটোৰ মুখত মেৰিয়াই থোৱা ৰঙা কাগজখন মই থিকেই চিনি পালো৷ পিছে মুখত একো ভাৱ প্ৰকট নকৰি মই তেখেতৰ দুখত দুখী হোৱাৰ অভিনয় কৰাত যৎপৰোনাস্তি চেষ্টা চলালো৷ এতিয়া কেনেবাকৈ এইখিনি পাৰ হ’ব পাৰিলেই হয়৷ কিন্তুু …
বটলটো থকা ক’লা পলিথিনটো চুবুৰীৰে অঘাইটং এটাই উৰাই ঘূৰাই চাই আছিল৷ এপাকত সি চিঞৰ এটা মাৰি কলে, “খুড়াদেউ! এয়া চাওক! এইটো কাৰোবাৰ ‘ফ্লিপকাৰ্ট’ বা এনেকুৱা ‘অনলাইন অৰ্ডাৰ’ৰ বস্তু অহা পেকেট৷ পেকেটটোৰ ভিতৰৰ ক’লা ফালটো ওভোতাই ভিতৰত বটলটো ভৰাই আপোনাৰ গেটৰ মুখতেই কোনোবাই ৰাতিয়েই পেলাই গৈছে৷ এয়া চাওক! এড্ৰেছটো লিখা কাগজখনো লাগি আছে! ”
সি সকলোৱে শুনাকৈ জোঁটাই জোঁটাই ঠিকনাটো পঢ়ি গ’ল! মোৰ মুৰৰ ওপৰত মাছৰোকা কেইটামান উৰি থকা যেন অনুভৱ হ’ল৷ ৰিমঝিম নিচাটো যেন এতিয়াহে মোৰ গাত লাগিল!
##

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments