মাছ ধৰাৰ আনন্দ – কৰবী দত্ত

ক) বৰশী বোৱাৰ আনন্দ

সৰুতে মাছ খোৱাতকৈ মাছ ধৰাটোহে আমাৰ বাবে বেছি আনন্দদায়ক আছিল৷ সঁচা কথা ক’বলৈ হ’লে, দুপৰীয়াৰ সাজৰ লগত মাছ খোৱাটো এক প্ৰকাৰৰ শাস্তিৰ দৰেই আছিল৷ স্কুলৰ পৰা আহি ভাতকেইটা কোনোমতে নাকে-কাণে গুজি বৰশীটো লৈ ওলাই যাব লাগে৷ সেই সময়ত কাঁইট বাছি বাছি মাছ খাব লগা হ’লে কিমান সময় নষ্ট হয়! কিন্তু মায়ে নুবুজে৷ মাৰ মতে মাছ; বিশেষকৈ সৰু মাছবোৰ চকুৰ কাৰণে বৰ ভাল, সেয়ে আমাক ভাত খাবলৈ দি মা ওচৰতে ৰৈ থাকে, যাতে আমি মাছ নোখোৱাকৈ উঠি যাব নোৱাৰো৷

আমি তেতিয়া পীৰাত বহি মজিয়াত ভাত খাওঁ৷ ভাত খাবলৈ যাওঁতেই হাতৰ টিপতে কাগজৰ টুকুৰা এটা লৈ যাওঁ৷ ভাত খাই থাকোঁতেই মায়ে গম নোপোৱাকৈ সেই কাগজখনত দুটামান ভাত বান্ধি পীৰাৰ তলত সুমুৱাই থওঁ৷ ভাতৰ টোপোলাটো তেনেকৈ লুকাই-চুৰকৈ থোৱাৰ কাৰণো আছিল৷ তেতিয়া ভাত মানেই চুৱা, খোৱা কাঁহীৰ ভাত আৰু বেছি চুৱা৷ তেতিয়া চুৱাৰ প্ৰকোপ ইমানেই বেছি আছিল যে ভাত খাই থাকোঁতে পিয়াহ লাগিলে বাওঁহাতেৰে পানীৰ গিলাচটো ধৰি পানী খাব নোৱাৰিছিলো, ভাত-আঞ্জা লাগি থকা সোঁহাতখনেৰেই পানীৰ গিলাচটো ধৰি পানী খাব লাগিছিল৷ আজিৰ দিনৰ ল’ৰা-ছোৱালী বহুতৰে বাবে এইটো এটা ঘিণ লগা কথা হ’ব পাৰে, কিন্তু পোক লগা আম এটাৰ এটা ফালে পোকটো বগাই থাকিলেও আনটো ফাল চুহি খাই থাকিব পৰা আমিবোৰে তেতিয়া ঘিণ কি বস্তু জনাই নাছিলো৷

আমাৰ আতাৰ দুগৰাকী ভনীয়েক তেতিয়া আমাৰ ঘৰত আছিল৷ দুয়োগৰাকী নিচেই কম বয়সতে বিধৱা হৈছিল৷ আজিৰ পৰা প্ৰায় ৪০ বছৰৰ আগৰ সমাজত বিধৱাসকলে নানা ধৰণৰ ধূতি-নীতি কঠোৰ ভাৱে পালন কৰিব লগা হৈছিল৷ কেতিয়াবা ভাত খাই উঠি মজিয়াখন মচি-কাচি থোৱাৰ পাছত কৰ’বাত এটা ভাতো পৰি থাকিলে সেইটো তুলি পেলোৱাৰ পাছত তেওঁলোকে মূৰ তিয়াই গা ধুইছিল৷ ’চুৱা ভাত’ৰ তেনে অৱস্থাৰ দিনত ভাতেৰে বৰশী বোৱা মানে গোটেই পুখুৰীটোকে চুৱা কৰা৷ কিন্তু কি কৰিম? ভাতৰ টোপত এটাৰ পাছত এটাকৈ টপটপাই পুঠিমাছবোৰ আহে; বেলেগ টোপত তেনেকৈ নাহে৷ সেইবাবেই তেনেকৈ ভাত চুৰি কৰিব লগাত পৰিছিলো৷ কেতিয়াবা বৰশী বাই অনা মাছ বাছোতে মাছৰ পেটুৰ লগতে টোপটোও ওলায়৷ আবুহঁতে সন্দেহৰ সুৰত সোধে – ভাতেদি বৰাহ বাইছ্লা নেকি হা? (ভাতেৰে বৰশী বাইছিলা নেকি হে?) মই দৃঢ়তাৰে উত্তৰ দিওঁ – কিয় বাম? ময়দাৰেহে বাইছো৷ ভাত চুৱা বুলি জানো দিয়া! মোক বৰকৈ মৰম কৰা আবু দুজনীয়ে মই মিছা কব পাৰো বুলি কল্পনাই কৰিব নোৱাৰে৷

অৱশ্যে কেৱল ভাতেই নহয়৷ কেঁচুৰ টোপবোৰো মোৰ অতি প্ৰিয় আছিল৷ এইবিধ টোপৰ বাবে বৰ বেছি কষ্ট কৰিব লগা নহৈছিল৷ পুখুৰীৰ পাৰত থকা কলগছবোৰৰ পচা অংশবোৰৰ মাজত তেতিয়া অজস্ৰ কেঁচুৱে কিলবিলাই আছিল৷ কেৱল কেঁচুৰ টোপ সংগ্ৰহ প্ৰক্ৰিয়াটো কিছু বিপদজনক আছিল৷ পুখুৰীপাৰৰ কলজোপাৰ তলতে প্ৰকাণ্ড এটা উঁই হাফলু আছিল আৰু তাৰ ওচৰে-পাজৰে ফেটী আৰু বাইৰখ (বাৰী ৰখীয়া, অৰ্থাৎ মচোৱা গোম) সাপ ঘূৰি ফুৰে বুলি সকলোৱে কৈছিল৷ মই নিজেও এবাৰ তাত এডাল প্ৰকাণ্ড, ক’লা সাপ দেখিছিলো৷ কিন্তু বৰশী বোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি হোৱাৰ আশংকাত সেই কথা কাকোৱেই কোৱা নাছিলো৷ সেইদিনাৰ পৰা কেঁচুৰ টোপ আনিবলৈ গ’লে হাত চাপৰি বজাই বজাই গৈছিলো৷ তেনে কৰিলে সাপ আঁতৰি যায় বুলি তেতিয়া সকলোৱে বিশ্বাস কৰিছিল৷ কেঁচুৰ টোপো অৱশ্যে তেতিয়া অস্পৃশ‍্যই আছিল৷

তেতিয়াৰ অনুমোদিত টোপবোৰ আছিল ঘাইকৈ ময়দাৰ লাৰু, মকৰা আৰু বৰলৰ টোপ৷ অৱশ্যে ডাঙৰ মাছ ধৰিবৰ বাবে কেতিয়াবা ডাঙৰ ডাঙৰ বৰশীত সৰু মাছ টোপ হিচাপে দিয়া হৈছিল৷ সাধাৰণতে ঘৰৰ হালোৱা ল’ৰাবোৰে বা কেতিয়াবা দেউতাই পুখুৰীত ৰাতি তেনে ডাঙৰ বৰশী পাতিছিল৷

গোহালিৰ পাছফালে, ঢেকীশালৰ কাষত অথবা খৰি থোৱা ঘৰটোৰ ভিতৰত বাঘ মকৰা একোটা দেখিলে মোৰ চকু তিৰবিৰাই উঠিছিল৷ বৰলৰ টোপ অৱশ্যে বৰ দুষ্প্ৰাপ‍্য আছিল৷ কোনোবা অত‍্যুৎসাহী মৎস‍্য চিকাৰীয়ে কেতিয়াবা নিজৰ নিৰাপত্তা বিপন্ন কৰি বৰলৰ টোপ যোগাৰ কৰিলেও সেই টোপ আনক দিবলৈ বৰ বেয়া পাইছিল৷ বৰলৰ টোপত কাৱৈ মাছ বৰকৈ লাগিছিল৷ মই অৱশ্যে অইন কাকো গম নিদিয়াকৈ পইতাচোৰাৰ টোপো ব‍্যৱহাৰ কৰি পাইছিলো৷ পাকঘৰৰ মিটচেফৰ ভিতৰৰ পইতাচোৰাবোৰ ধৰি অনাটো বিশেষ টান কাম নাছিল৷ এইবিধ টোপ কান্ধুলী মাছৰ বৰ প্ৰিয় আছিল৷

বৰশী আৰু চিপ যোগাৰ কৰা কামটোও আমাৰ বাবে বৰ সহজ নাছিল৷ ঘৰৰ সমুখৰ বস্তিতে বিজুলী বাঁহৰ চোপ এটা আছিল যদিও অতি একাচেকা আৰু কঠোৰ বুলি সৰ্বজন-পৰিচিত আতাৰ চকুত ধূলি মাৰি দা-কটাৰী লৈ বৰশীৰ চিপ কাটিবলৈ যোৱাৰ প্ৰশ্নই নুঠে৷ সেইবাবে ঘৰত থকা গৰখীয়া বা হালোৱাজনক কূটৰি থাকিবলগীয়া হৈছিল৷ পিছে তেওঁলোকে মোৰ অনুৰোধ বৰ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা নাছিল৷ কেতিয়াবা একোটা চিপ যোগাৰ কৰিবলৈ তিনি-চাৰিদিনমান খাতিৰ ধৰিব লগা হৈছিল৷ বৰশী কিনিবলৈ পইচা বিচাৰিলে মায়ে বৰ সহজে নিদিছিল৷ অতি সহজ-সৰল আবুৱেহে কেতিয়াবা চাৰিঅনা পইচা উলিয়াই দিছিল৷ তেতিয়া চাৰি অনাত পাঁচটামান বৰশী পোৱা গৈছিল হ’বলা! অৱশ্যে এই কিনি অনা বৰশীবোৰে মোৰ চাহিদা সম্পূৰ্ণৰূপে পূৰণ কৰিব নোৱাৰিছিল৷ পুঠিমাছবোৰে এই বৰশী পচন্দ কৰা নাছিল আৰু তেনেবোৰ বৰশীত ভাতৰ টোপো লগাব পৰা নগৈছিল৷ ঘৰৰ ওচৰৰে গুণে, পখিলাহঁতে পাতল গুণাৰ একধৰণৰ বৰশী বনাই লৈছিল৷ সেই বৰশী একোটাৰ বাবে সিহঁতক কিমান যে খাতিৰ কৰিব লগা হৈছিল! পখিলাই যেতিয়াই তেতিয়াই ইমানকৈ বৰশী বাইছিল যে দেউতাই তাইক ’মাছৰখী’ (মাছৰোকাৰ স্ত্ৰীলিংগ?) উপনাম দি লৈছিল৷ আজিও পখিলাৰ কথা মনলৈ আহিলে হাতত বৰশী লৈ থকা পখিলাজনীৰ কথাহে মনলৈ আহে৷ সঁচাকৈয়ে, পখিলা আৰু তাইৰ বৰশীটো আছিল অভিন্ন৷

ঘৰৰ ডাঙৰ পুখুৰীটোৰ পাৰৰ পৰা চাৰিডালমান গোটা বাঁহেৰে এখন দলং সাজি দিয়া হৈছিল৷ খৰালি সেই দলঙৰ একেবাৰে মূৰত বহি ভৰি নচুৱাই নচুৱাই বৰশী বোৱা কামটো কিমান যে আনন্দদায়ক আছিল! বাৰিষা দলংখন পানীৰ তললৈ গৈছিল৷ তেতিয়া দলঙৰ পানীৰ ওপৰত থিয় হৈ হৈয়েই বৰশী বাইছিলো৷ সেইবাবেই হবলা, বাৰিষা কালত ৰাতি শোৱাৰ সময়ত ভৰিৰ আঙুলিৰ ফাঁকবোৰ বৰকৈ খজুৱাইছিল৷

পুখুৰীটোৰ নাতিদূৰত থকা খালটো কাৱৈ-মাগুৰেৰে ভৰি আছিল৷ কেঁচুৰ টোপ লগাই বৰশীটো পেলালেই মাছ লাগিছিল৷ মোৰ ভাব হৈছিল যে পুখুৰীৰ মাছবোৰতকৈ খালৰ মাছবোৰ বেছি খকুৱা, সেয়ে টোপটো দেখিলেই গিলিবলৈ আহে৷ পিছে তাৰে দুই-এটা মাছ অতি চতুৰ আছিল৷ বৰশীটো পেলোৱাৰ পাছত বহুপৰলৈ লাহে লাহে খুটি থাকিব, পটকৈ নিগিলে৷ স্থিৰ হৈ, নিঃশব্দে পুঙাটোলৈ চাই থকা কামটোত কিমান যে ধৈৰ্যৰ প্ৰয়োজন তাক বৰশী বোৱা প্ৰতিজন মানুহে জানে৷ অসীম ধৈৰ্যেৰে কচুগছৰ ঠাৰিৰ পুঙাটোলৈ চাই চাই এসময়ত অলপ বেছিকৈ লৰচৰ কৰা যেন পালেই চিপডাল টানি দেখো – টোপটো নাই৷ নাই, টোপ গিলি পলাই যোৱা মাছটোলৈ তেতিয়া খং নুঠে৷ সেই সময়ত সমনীয়াৰ সৈতে খেলা লুকা-ভাকু খেলখনৰ কথা মনত পৰি ওঁঠত চিন-নিচিন হাঁহি এটাহে ফুটি উঠে৷

বৰশী বাই থাকোঁতেই লাহে লাহে আবেলি পাৰ হয়, বেলি ডুব গৈ সন্ধিয়া নামে৷ পুখুৰী পাৰৰ ডাউক কেইটাই বাহলৈ যাবলৈ খৰখেদা লগায়৷ মোৰ মনটোৱে কয় ’ইয়াতকৈ পলম কৰিলে ধমকি খাম৷ ’ কিন্তু লাহে লাহে লৰচৰ কৰি থকা পুঙাটোৰ ফালে চাই থাকিলে চকু আঁতৰাব নোৱাৰা হওঁ, সেই সময়ত আতাৰ ৰঙা চকু, আবুহঁতৰ গোমোঠা মুখ, মাৰ গালি-শপনি -সকলোবোৰ পাহৰি যাওঁ৷ তেতিয়া নিচাগ্ৰস্ত মানুহৰ দৰে চকুৰ আগত থাকে মাথোঁ লাহে লাহে লৰচৰ কৰি থকা পুঙাটো৷ বৰশী বাই ভাল পোৱা কোনো মানুহেই কিজানি এই নিচাত আচ্ছন্ন নোহোৱাকৈ থকা নাই৷

শৈশৱৰ বৰশী বোৱাৰ নিচাত আচ্ছন্ন হৈ থকাৰ সময়ত এবাৰ নজনাকৈয়ে পাপ কাম এটা কৰি পেলাইছিলো৷ এবাহ পোনাৰে সৈতে নিশ্চিত মনেৰে পুখুৰীত ঘূৰি ফুৰা গৰৈ মাছ এজনীৰ সমুখত বৰশীটো দিয়াৰ লগে মাছজনীয়ে টোপটো গিলিছিল আৰু মই নিপুণ হাতেৰে চিপডাল টানি সফলতাৰে মোৰ ’চিকাৰ কাৰ্য্য’ সম্পন্ন কৰিছিলো৷ ঘৰত থকা কোনোবাজন গৰখীয়াই মোক গৰৈ মাছ ধৰাৰ এই উজু কৌশলটো শিকাইছিল৷ তাৰ পাছৰবাৰ ঠিক তেনেকুৱা পোনাৰ সৈতে থকা মাছ এজনীৰ মুখৰ আগত বৰশীটো পেলাবলৈ লওতেই দেউতাই দেখি – কি কৰ, কি কৰ বুলি চিঞৰি উঠিছিল৷ মাকজনী তেনেকৈ অকালতে মৰি গ’লে পোনাবোৰৰ কিমান যে অথন্তৰ হব পাৰে সেই কথা দেউতাই সেইদিনা মোক বুজাইছিল৷ মোৰ চকুহাল সেমেকি উঠিছিল৷

সেই ৰাতি মোৰ বহুপৰলৈ টোপনি অহা নাছিল৷ কিবা এক অপৰাধবোধে মোক বৰকৈ আমনি কৰিছিল৷ মোৰো মা তেনেকৈ নাইকিয়া হৈ গ’লে মইনো কিদৰে অকলে থাকিম সেই কথা ভাবি ভাবি বিছনাত পৰাৰ বহু পাছলৈকে চকুপানী ওলাই আছিল৷ ওচৰতে শুই থকা মাৰ হাতখন বাৰে বাৰে চুই চাইছিলো৷হয়তো সকলোৰে শৈশৱ এনেকুৱাই; আৱেগ বিধৌত৷ আৱেগে ঢৌৱাই যোৱা শৈশৱৰ সোঁৱৰণীও হয়তো সকলোৰে বাবেই মধুৰ, প্ৰাণস্পৰ্শী৷

খ) বাৰিষাৰ দিনবোৰ

শৈশৱৰ বাৰিষাৰ দিনবোৰৰ কথা মনলৈ আহিলে এতিয়াও মনটো পোহৰ হৈ পৰে৷ কিমান যে আনন্দৰ দিন আছিল সেইবোৰ! কেতিয়াবা ৰাতি বিছনাত পৰাৰ সময়ত, বাৰিষাৰ প্ৰথমজাক বৰষুণৰ আগে আগে মেঘে গাজিলেই মনটো নাচি উঠে৷ কেতিয়ানো বৰষুণ আহিব, কেতিয়ানো স্কুললৈ যাওঁতে বাটে বাটে পোৱা পানীৰ ডোংবোৰত জপিয়াব পাৰিম তাকে ভাবি থাকোঁতেই টোপনি আহে৷ ৰাতিপুৱা উঠি দেখো- গছ-গছনি বোৰ ধূলিৰ আচ্ছাদনৰ পৰা মুক্ত হৈ পৰিষ্কাৰ হৈ পৰিছে, চোতালখন একেবাৰে নিকা, দুয়োটা ঘৰৰ দোঘৰাৰ মাজত পানীৰ সৰু সৰু ডোং৷ মনটো নাচি উঠে, বাৰিষা আহিলেই তাৰমানে!

স্কুললৈ যাবলৈ ওলালে মায়ে ইমান দিনে ভিতৰত সুমুৱাই থোৱা ছাতিটো উলিয়াই দিয়ে৷ ৰঙা, নীলা, সেউজীয়া, হালধীয়া ৰঙৰ ছাতিটো বৰ ভাল লাগে৷ ছাতিটোহে ভাল লাগে, বৰষুণ দিলে ছাতি লবলৈ কিন্তু বৰ ভাল নাপাওঁ৷ লগৰ বেছিভাগৰে তেতিয়া ছাতি নাছিল, কমকৈ বৰষুণ দিলে তিতি তিতি আৰু বেছিকৈ বৰষুণ দিলে মানকচুৰ একোটা ডাঙৰ পাত মূৰৰ ওপৰত লৈ স্কুললৈ অহা-যোৱা কৰাটোত তেতিয়া একো অস্বাভাৱিকতা নাছিল৷ কম বৰষুণত ছাতি নেমেলাকৈ আহিবলৈ ভাল পোৱা সেই অভ‍্যাসটো আজিলৈকে সলনি কৰিব নোৱাৰিলো৷ স্কুলৰ পৰা আহোঁতে ডাঙৰ বৰষুণ দি থাকিলে লগৰ কাৰোবাক কৈছিলো – তোমাৰ কচুপাতটো মোক দিয়া, তুমি মোৰ ছাতিটো লোৱা৷ এই ব‍ন্দবস্তত দুয়োটি অকণি অকণি প্ৰাণ সুখী হয়৷ ঘৰৰ ওচৰ পালে আকৌ আমি কচুপাত আৰু ছাতি সলনা-সলনি কৰো৷ প্ৰাথমিক বিদ্যালয়ৰ তলৰ শ্ৰেণীত পঢ়া কালত বাৰিষা আন এটি নিৰ্দোষ ধেমালি কৰিছিলো৷ বিদ্যালয়ৰ পাছফালে থকা দমকলটোৰ কাষতে এজোপা সৰু শিৰীষ গছ আছিল৷ তাৰ ডালবোৰ আমি ঢুকি পাইছিলো৷ লগৰ এজনীক কিবা এটা কথা মনে মনে কম বুলি গছজোপাৰ তললৈ ডিঙিত ধৰাধৰিকৈ লৈ যাওঁ, আগৰে পৰা ৰৈ থকা আন এজনীয়ে গছৰ ডালটো জোকাৰি দিয়ে, গছৰ পাতত থকা বৰষুণৰ পানীয়ে তাইক তিয়াই পেলায়৷ গছৰ ডাল জোকাৰি দিয়াজনী আৰু ’চিকাৰ’ ধৰি লৈ যোৱাজনী দৌৰ মাৰি পলাই যায়৷

বাৰিষাৰ দিনবোৰত সকলোতকৈ আনন্দৰ বিষয় আছিল মাছ ধৰা; ঠিক মাছ ধৰা বুলি ক’ব নোৱাৰি৷ ঘৰখনৰ কেইবাহালো ৰঙা চকুক আওকাণ কৰি মাছ ধৰিবলৈ যোৱাটো আমাৰ বাবে সপোনৰ দৰেই আছিল৷ সেইবাবে আনে মাছ ধৰা চাবলৈহে গৈছিলো৷ মৎস‍্য চিকাৰৰ প্ৰতি থকা মোৰ আকৰ্ষণ দেখি “বাৰিষাৰ পানীৰ ঢলে বাঘৰ তেল খাইতীজনীক হোলাটোৰে উটুৱাই লৈ যাব কোনোবা দিনা“ বুলি আতাই আশংকা প্ৰকাশ কৰিছিল৷ আতাৰ সুৰতে সুৰ মিলাই মা, আবু, আতাৰ দুজনী ভনীয়েক ডাঙৰ আবু-সৰু আবুয়েও বাৰিষাৰ মাছ ধৰিবলৈ বা মাছ ধৰা চাবলৈ পথাৰ-হোলাত পিটপিটাই থকাটো কিমান বেয়া কাম তাকে বুজাইছিল৷ কিন্তু দুপৰীয়া আতাই ভাত-ঘূমটি মৰাৰ পাছত এই ’সন্মিলিত মহিলা শক্তি’ৰ চকুত ধূলি মৰাটো বৰ টান কাম নাছিল৷ লগৰ যিজনীৰ লগত মাছ ধৰা চাবলৈ যাও তাইৰ ঘৰত ’লাচ’ (পাঁচটা শিলগুটিৰে খেলা খেল) বা লুডু খেলোগৈ’ বুলি কও, মাহঁতেও বিশ্বাস কৰি থয়৷ সেই জীয়া ফাঁকিবোৰৰ কথা ভাবিলে এতিয়া নিজকে দোষী দোষী লাগে, সৰল বিশ্বাসক ফাঁকি দি পাপ কৰিছিলো যেন লাগে৷ কিন্তু পাছ মুহূৰ্ততে মনটোক প্ৰবোধ দিওঁ – মাছ ধৰিবলৈ বা মাছ ধৰা চাবলৈহে গৈছিলো, একো অন‍্যায়তো কৰা নাছিলো!

হোলাটোৰে বৈ অহা ফটফটীয়া পানীত মানুহবোৰে আঁঠুৱা বা চাদৰ আদিৰে মাছ ধৰে৷ আঁঠুৱনীয়া পানীত তেনেদৰে মাছ ধৰা দেখি ৰোমাঞ্চিত হৈ পৰো৷ কেইবাবাৰো অনুৰোধ কৰাৰ পাছত অনিচ্ছাসত্ত্বেও মোক মাছ ধৰিবলৈ দিয়ে৷ কেতিয়াবা দৰিকণা মাছৰ ডাঙৰ জাক এটা আহি মাছ ধৰা কাপোৰখনৰ ঠিক ওচৰ পাও পাও হওঁতেই হয়তো দূৰৈত কোনোবাজন চিনাকি মানুহ দেখা পাওঁ৷ লগে লগে হাতৰ কাপোৰখন এৰি দি নিমাখিত প্ৰাণীৰ দৰে থিয় হওঁ৷ ইমান ডাঙৰ মাছৰ জাকটো ধৰিবলৈ নাপায় আগৰে পৰা মাছ ধৰি থকা দুয়োজন মোৰ ওপৰত অসন্তুষ্ট হৈ চূড়ান্ত সিদ্ধান্ত শুনায় – আজিৰ পৰা তোমাক মাছ ধৰিবলৈ নিদিওঁ৷ তেনে ভাবুকিত পিছে কোনোদিনেই শংকিত নহওঁ, পাছত আকৌ আহি অনুনয়-বিনয় কৰিলে মাছ ধৰিব পাম বুলি নিশ্চিত হৈ থাকো৷

বাৰিষা আহিলে কেৱল মোৰেই যে উথপথপ লাগে তেনে নহয়৷ আতা আৰু ঘৰত থকা হালোৱাজনৰো ব‍্যস্ততা আৰম্ভ হয়৷ ঘৰত থকা কাৱৈলাঙী, গৰৈলাঙী জালবোৰ, চেপা-চহৰা (খোকা) বোৰ মেৰামতি কৰা বা প্ৰয়োজন সাপেক্ষে কিনি বা সাজি লোৱাৰ কাম আৰম্ভ হয় বাৰিষাৰ আগমনৰ লগে লগে৷ সন্ধিয়াতে পথাৰত পাতি থৈ অহা কাৱৈলাঙী জালবোৰত যে ইমান ডাঙৰ ডাঙৰ কাৱৈ মাছ লাগে! কেতিয়াবা তাৰে দুই-এটা কাৱৈ মাছ মৰে৷ আতাই মৰা মাছকেইটা পেলাই দিবলৈ বা হাঁহক দিবলৈ কয়৷ আবুহঁতে কেতিয়াবা সেইকেইটা মাছেৰে পচতীয়াৰ বৰ সুস্বাদু জোল ৰান্ধে৷ আতাক ভয়তে সেই আঞ্জাখন খাবলৈ নিদিয়ে৷ কেনেবাকৈ গম পালে আতাই কয়- ইমান খক! কোক(খালৈ) ভৰাই মাছ আনিলেও মৰা মাছকেইটা পেলাব নোৱাৰে!

ৰাতিপুৱা সাধাৰণতে জাল, চেপা, খোকা আদি ঘৰৰ হালোৱাজনে সামৰি আনে৷ চেপাত সাধাৰণতে মাছ ভৰ্তি হৈ থাকে৷ কেতিয়াবা তাত ঢোৰা সাপো লাগে৷ গোটেই ৰাতি মাছ খাই পেট ভৰাই থোৱা সাপডালে চেপাৰ পৰা চোতালত বাকি দিলেও ঢোলহেন পেটটোৰ বাবেই বেগাবেগিকৈ পলাব নোৱাৰে৷ হালোৱাজনে হাতত লাঠি এডাল বা হুলাবাৰীটো তুলি লয়৷ আতাই হাঁহাকাৰ কৰি উঠে – ঐ, নামাৰিবি৷ অসন্তুষ্ট মনেৰে, অনিচ্ছাসত্ত্বেও হালোৱাজনে সাপডালক যাবলৈ দিয়ে৷ চেপাত লগা কুচিয়া, চেঙেলী, শিঙি, বটিয়া, পানী-মুতুৰা, চন্দা আদি মাছবোৰ পাকঘৰত ৰন্ধা নহয়, সেইবোৰ কাটি-কুটি, লগতে চেপাত লগা শামুকবোৰ ভাঙি ঘৰৰ হাঁহকেইজনীক দিয়া হয়৷ তাৰ বাদেও বাচি বাচি আমনি লাগিলে আন আন সৰু মাছবোৰো হাঁহক দিয়া দেখিছিলো৷

ৰাতি মানুহে এহাতত জোৰ এটা আৰু আনখন হাতত কচ বা চোকা ডেগাৰ লৈ পথাৰৰ আলিৰ দাঁতিয়ে দাঁতিয়ে, পুখুৰীৰ পাৰে পাৰে মাছ বিচাৰি ফুৰাটো তেতিয়া সাধাৰণ কথা আছিল৷ এনেদৰে মাছ মাৰিবলৈ যোৱাটোক আমাৰ ফালে ’জৰা কাটিব যোৱা’ (জোৰ পোৰা) বুলি কৈছিল৷ আমাৰ ঘৰত খেতি-খোলাত সহায় কৰিবৰ বাবে ভূপেন বৰ্মন নামৰ এজন চেঙেলীয়া ডেকা আছিল৷ আমি তেওঁক ভূপেন কাকা বুলি মাতিছিলো৷ ভূপেন কাকাৰ ৰাতি এনেদৰে মাছ মাৰিব যোৱাত বৰ চখ৷ ভাত-পানী খাই উঠি হাতত জোৰ লৈ ওলাই যায়, খালৈটো নভৰে মানে উভতি নাহে৷ উভতি নহালৈকে মাৰ টোপনি নাহে৷ দেউতা ঘৰত থাকিলে কেতিয়াবা মাজৰাতিৰ নিস্তব্ধতা ভেদি চিঞৰ এটা মাৰে – “অ ভূপেন, আহা৷” তেওঁ দূৰণিৰ কৰ’বাৰ পৰাই উত্তৰ দিয়ে- গৈছো ৰ’বা খুৰা৷ “ৰাতিপুৱা ভূপেন কাকাক দেখাৰ লগে লগে আবুহঁতে ভোৰভোৰায়- “ঘোৰাপাকে (বাঁক) মূৰটো তললৈ কৰি থিয়কৈ পুতি থলেহে গম পাবি ৰহ’৷ সেই ভোৰভোৰণিলৈ কাণ নকৰি তেওঁ চোতালতে খালৈটোৰ পৰা মাছবোৰ বাকি দি দুভাগ কৰে৷ এভাগত কাৱৈ, গৰৈ আদি পাকঘৰত সোমাব পৰা মাছবোৰ, আনভাগত শিঙি, চেঙেলী, কুচিয়া আদি৷ আবুহঁতৰ কোনোবাজনীক এভাগ মাছ দি বাকীভাগ বাচি-ধুই চোতালৰ দানা সিজোৱা চৌকাতে সৰু কেৰাহী এটাত ভাজিবলৈ লয়৷ মাজে মাজে মোক কয় – পিঁয়াজ এটা আৰু জ্বলকীয়া দুটা আনি দিয়াচোন৷ মাছখিনিলৈ লোভেৰে চালে তেওঁ সোধে – খাবা অলপ? বুজন পৰিমাণৰ মাছ ভজা আৰু পইতা বা কৰ্কৰা ভাত একাহী খাই ভূপেন কাকা পথাৰলৈ ওলায়৷

পথাৰবোৰতো তেতিয়া কম মাছ আছিলনে? ধাননিৰ মাজে মাজে ঘূৰি ফুৰিছিল কত ধৰণৰ মাছ! কেতিয়াবা হাল বোৱাৰ পাছত পথাৰৰ পানীত মাছবোৰে ঢেলপোঙা দিয়ে৷ বুটলিবলৈ মন গ’লেও পথাৰত নামি সেই মাছ বুটলিব নোৱাৰি৷ খেতিৰ কাম চলি থকাৰ সময়ত আতা পথাৰৰ ওচৰে-পাজৰেই থাকে৷ কেতিয়াবা শুকান ঠাইৰেই শাৰী শাৰীকৈ কাৱৈ মাছবোৰ বগুৱা বাই বাই আহি থকাৰ দৃশ্য তেতিয়া অতি সুলভ আছিল৷ সাৱধানে, এটা এটাকৈ মাছবোৰ ধৰি খালৈত ভৰোৱাজনে অপাৰ আনন্দ পাইছিল, আমি চায়েই তৃপ্ত হৈছিলো৷ অকণি অকণি হাতবোৰেৰে বৰ বৰ কাৱৈবোৰ ধৰিবলৈ আমি সাহস কৰিব পৰা নাছিলো৷ পথাৰবোৰত, খালবোৰত, পুখুৰীবোৰত কত ধৰণৰ যে মাছ আছিল তেতিয়া! ৰঙীন খলিহনা মাছবোৰ আমি বটলত পানীত জীয়াই থৈছিলো৷ তুৰি মাছবোৰৰ কণীবোৰ সেউজীয়া আছিল, ককিলাৰ মুখত দীঘল ডাঁৰ আছিল, গংগাটোপবোৰ মুখেৰে ফুৱাই গছকি দিলে হিলৈ ফুটা দি ফুটিছিল৷ দৰিকণা মাছবোৰ কলপাতত বান্ধি জুইত পুৰিলে কিযে সুস্বাদু হৈছিল! খহটা বাকলিৰ পানী মুতুৰা মাছ খুৱালে পাটী-মুতুৰাবোৰে বিছনাত মুতিবলৈ এৰে বুলি তেতিয়া সকলোৱে বিশ্বাস কৰিছিল৷ সৰু সৰু কাৱৈ টিলিকা, গৰৈ চিৰিকা একোটাৰে উমলি কিমান সময় যে কটাব পাৰিছিলো তেতিয়া!

গ) আমাৰ পুখুৰীটো, পুখুৰীৰ মাছবোৰ

শৈশৱত মোৰ প্ৰিয় ভালেমান কামৰ ভিতৰত ঘৰৰ সমুখত থকা প্ৰকাণ্ড পুখুৰীটোত সাঁতোৰাটো আছিল অন‍্যতম৷ স্কুললৈ যোৱাৰ সময়ত সাঁতোৰাৰ সময় হোৱা নাছিল৷ ৰেডিঅ’ত গীতিমালিকা আৰম্ভ হোৱাৰ লগে লগে লৰালৰিকৈ পুখুৰীত জোবোৰা মাৰি একেলৰে ঘৰলৈ আহো৷ স্কুলৰ কাপোৰসাজ পিন্ধি খৰখেদাকৈ ভাত কেইটা খাই শেষ কৰাৰ লগে লগেই পুৱাৰ আঞ্চলিক বাতৰি আৰম্ভ হয়৷ তাৰ পাছতেই লগৰ কেইজনী আমাৰ পদূলিমুখ পায়হি৷ আমি একেলগে স্কুললৈ ওলাও৷ তেতিয়া ঘৰত এটা ঘড়ী আছিল, পেণ্ডুলাম লগোৱা সেই ঘড়ীটো কিন্তু স্কুললৈ যাওঁতে কেতিয়াও চাব লগা নহৈছিল৷ তেতিয়া আমাৰ বাবে ৰেডিঅ’টোৱেই আছিল ঘড়ী৷

আমাৰ দিনত স্কুললৈ টিফিন নিয়াৰ ব‍্যৱস্থা নাছিল৷ মাহঁতে অৱশ্যে টিফিন দিয়াৰ চেষ্টা এটা কৰি চাইছিল৷ কিন্তু লগৰ কোনেও নকৰা কাম এটা কৰি ভুচুং পহু সজাৰ ইচ্ছা মোৰ নাছিল৷ তাতে দুপৰীয়াৰ পানী খোৱা ছুটীৰ সময়খিনিত কিবা খাই থাকি খেলৰ সময়কণ নষ্ট কৰাৰ তিলমাত্ৰও ইচ্ছা নাছিল৷ সেইবাবে স্কুলৰ পৰা উভতি আহোঁতেই বৰকৈ ভোক লাগি আহিছিল৷ তথাপিও স্কুলৰ পৰা আহি কিতাপ-বহীবোৰ থৈ গা ধুবৰ বাবে পুখুৰী পাৰলৈ লৰ মৰাৰ অভ‍্যাস আছিল৷ বাঁহৰ দলংখনৰ পৰা পানীলৈ জাপ মাৰি দিয়াটো কি যে ৰোমাঞ্চকৰ আছিল! গৰমকালি পুখুৰীৰ পানীখিনিৰ ওপৰৰ অংশটো গৰম হৈ থাকে, তলৰখিনি চেঁচা৷ জেঠ-আহাৰমহীয়া গৰমত থুতৰিলৈকে পানীৰ তলত সোমাই থকাৰ আনন্দ আৰু আৰাম যিয়ে পাইছে সিহে বুজিব৷ ঠাণ্ডা দিনত সেই একেখিনি পানীৰেই ওপৰৰখিনি ঠাণ্ডা আৰু তলৰখিনি কুহুমীয়া হৈ পৰাটো আমাৰ বাবে কম আচৰিত নাছিল৷

পুখুৰীৰ পানীত প্ৰাণভৰি উমলিবলৈ পাও দেওবাৰ আৰু বন্ধৰ দিনবোৰতহে৷ গৰমৰ বন্ধত দেউতাৰো স্কুল বন্ধ হয়৷ সেই কেইদিন ময়ো ভাল ছোৱালী হৈ থাকিব লাগে, পানীত বৰকৈ নামিবলৈ নাপাওঁ৷ অৱশ্যে এটা ঘটনাৰ পাছত মোৰ ওপৰত পুখুৰীত নমাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিল৷ তেতিয়া মই তৃতীয় নে চতুৰ্থ মানত পঢ়ো৷ পুখুৰীত আপোনমনে উমলি থাকোঁতে এবাৰ পানীত উটি গৈছিলো মই৷ পথাৰৰ পৰা আহি থকা আতাই দেখা পাই চুলিকোচাত ধৰি টানি পাৰত তুলিছিল৷ সেইদিনাৰ সকলো কথা আজিও ৰিণিকি ৰিণিকি মনত পৰে৷ দলঙৰ মূৰত থিয় হৈ ভৰিৰে পানী খেলি থাকোঁতে হঠাতে পিছলি পানীত পৰি গৈছিলো৷ উঠি আহিবলৈ আপ্ৰাণ চেষ্টা কৰিও আহিব পৰা নাছিলো, ভৰি দুখনত যেন জট লাগি ধৰিছিল! নাকে-মুখে পানী সোমাইছিল৷ আজন্ম চিনাকি পুখুৰীটো অচিনাকি হৈ পৰিছিল সেইদিনা৷ মই যেন এটা অন্ধকাৰ সুৰংগৰ মাজতহে সোমাই পৰিছিলো! জ্ঞান অহাৰ পিছত চাৰিওফালৰ উৎকণ্ঠিত মুখবোৰ দেখি প্ৰথমে একো ধৰিব পৰা নাছিলো৷ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহাৰ কথা পাছতহে গম পাইছিলো৷ অতি একাচেকা বুলি সকলোৱে জনা আতাৰ মুখখনতো সেইদিনা খঙৰ পৰিবৰ্তে উৎকণ্ঠাহে দেখিবলৈ পাইছিলো৷ সেই ঘটনাৰ পাছৰে পৰা পুখুৰীত নমাৰ ক্ষেত্ৰত সকলোৱে হকা-বধা কৰিবলৈ লৈছিল৷ কত যে গালি-শপনি খাইছিল সাঁতোৰা বাবে, বৰশী বোৱা বাবে! বন্ধত ঘৰলৈ আহি মাৰ মুখত মোৰ ’কীৰ্তি’ৰ কথা শুনি দেউতাই আনকি বধ-শপতো দিছিল৷ কিন্তু এপুখুৰী পানী, পুখুৰী আৰু পুখুৰী পাৰৰ জীৱবোৰেই যাৰ জীৱন তাক কিদৰেনো শপতে বান্ধি ৰাখে? শিলত পানী দি বধ-শপত ভাঙিব পাৰি বুলি মোৰ জনা আছিল৷

পুখুৰীৰ পানীত সাঁতুৰি-নাদুৰি থকাৰ সময়ত আন এটা কামতো পাকৈত হৈ উঠিছিলো৷ সেইটো হৈছে পানীত বুৰ মাৰি হাতেৰে খেপিয়াই মাছ ধৰা৷ তেনেকৈ মাছ বিচাৰিলে সাধাৰণতে গেদগেদী মাছবোৰেই বেছিকৈ পাইছিলো৷ গৰৈ, পুঠি আদি অইন মাছো অৱশ্যে নোপোৱা নহয়৷ পুখুৰী পাৰত এজোপা বগৰী আছিল, সেই বগৰীৰ ছাঁ পৰা ঠাইডোখৰেই খেপিয়াই মাছ ধৰিবৰ বাবে সবাতোকৈ উপযুক্ত ঠাই৷ মই তেনেকৈ মাছ ধৰা কথাটো ঘৰৰ মানুহবোৰে একেবাৰেই ভাল পোৱা নাছিল৷ মোক ভয় খুৱাবলৈ মায়ে প্ৰায়ে কৈছিল- তেনেকৈ মাছ ধৰোঁতে কেতিয়াবা গাঁতৰ পৰা সাপ ওলাই ভৰিত মেৰিয়াই ধৰিব ৰহ! কিন্তু মই সেই কথালৈ মুঠেও কাণ নিদিছিলো৷

পুখুৰীটোত সাঁতুৰি-নাদুৰি থাকোঁতেই চিনাকি হৈ পৰিছিল মাছবোৰ৷ পোনা এবাঁহ লৈ ঘূৰি ফুৰা গৰৈজনী, ফাগুন-চ’ত মাহত পানী কমি গ’লে পুখুৰীৰ দলঙৰ ওচৰতে দেখা ৰৌ কেইটা, সন্ধিয়া হলেই বৰ বৰ জাপ মাৰি নিজৰ উপস্থিতি জাহিৰ কৰা একমাত্ৰ বৰালিটো- সকলোবোৰ মাছ দেখোন চিনাকি যেনেই লাগিছিল! কিয়নো নালাগিব? বাৰিষা কালত চাইকেলৰ পিছফালে বান্ধি এলুমিনিয়ামৰ হাড়ীত ভৰাই বেছিবলৈ অনা দিনৰে পৰাইতো সিহঁত মোৰ চিনাকি৷ অকণি অকণি পোনাবোৰ তেতিয়া শতকৰা হিচাপত বিক্ৰী হয়, এশটা পোনা কিনিলে দুটামান বেছিকৈ দিয়াটোৱেই নিয়ম৷ মা-আবুহঁতে আওপকীয়াকৈ দিয়া বাধালৈ কাণসাৰ নকৰি আতাই প্ৰতি বছৰে বেপাৰীৰ পৰা মাছৰ পোনা কিনে৷ বেপাৰীজনে মাছৰ পোনা গণি থাকোঁতে ওচৰতে থাকো৷ সাধাৰণতে ৰৌ-ভকুৱা মাছৰহে পোনা কিনা আতাই মাছৰ পোনাবোৰ চিনি পায়৷ এবাৰ তেনেকৈ মাছ ৰাখি পইচা আনিবলৈ আতা ভিতৰলৈ যাওঁতেই বেপাৰীজনক কূটৰি আতাই আঁতৰাই থোৱা এটা অকণমানি সোণালী মাছৰ পোনা খুজি ৰাখিছিলো৷ চিনাকি বেপাৰীজনে আগতেও মোক তেনেকৈ দুই-এটা পোনা দিয়ে, সেইদিনাও দিছিল৷ কোনোবাই তৰ্কিব পৰাৰ আগতে মই মাছটো নি পুখুৰীত এৰি দিছিলোগৈ৷ তাৰ এবছৰমান পাছত এদিন দলঙৰ মূৰত দেখা কমলা আৰু সোণালী ৰঙৰ ধুনীয়া মাছ এটা দেখিছিলো৷ তাৰ কিছুদিনৰ পাছতেই এদিন আলহী অহাত আবেলি পুখুৰীত জাল মাৰোতে জালত সেই কমনকাৰ্পটো লাগিছিল৷ সেইটোৱেই মোৰ চিনাকি সেই সোণালী মাছজনী বুলি মনতে দৃঢ় বিশ্বাস হৈছিল৷ দুই কেজিমান ওজনৰ মাছজনীৰ পেটৰ পৰা বৰ এচৰিয়া কণী ওলাইছিল৷ সেইদিনাৰ আগলৈকে পুখুৰীৰ মাছ মাৰি খোৱা কথাটোত মোৰ কোনোদিনেই মন বেয়া হোৱা নাছিল৷ কিন্তু সেইদিনা গা বেয়া লগা বুলি ভাত নোখোৱাকৈ সন্ধিয়াতে বিছনাত পৰিছিলো৷ মাছজনীলৈ মনত পৰি বুকুখন বিষাই উঠিছিল, চকুহাল জ্বলা-পোৰা কৰিছিল!

পুখুৰীত জাল মাৰি মাছ ধৰাটো গাঁৱৰ মানুহৰ এটা নিয়মীয়া অভ‍্যাস৷ আমাৰ ঘৰখনো তাৰ ব‍্যতিক্ৰম নাছিল৷ ৰবিবাৰে, বন্ধৰ দিনত নাইবা আলহী আহিলে ঘৰৰ হালোৱাজনে হাল মেলি(সামৰি) আহি আছাৰা (খেৱালি) জালখন লৈ এচাবমান মাৰিলেই এসাঁজ-দুসাঁজৰ মাছ লাগি আহে৷ কেতিয়াবা আকৌ পল’ৰেও মাছ ধৰে৷ ডাঙৰ ৰৌ বা ভকুৱা একোটা পলত পৰিলে মাৰোতাজনে কি যে সাৱধানে পলটো হেঁচা মাৰি ধৰে! কেতিয়াবা অৱশ্যে মাছুৱৈজনক নিৰাশ কৰি পলৰ মাছটো পলাবলৈও সক্ষম হয়৷ কেতিয়াবা আছাৰা জাল মৰাৰ আগে আগে চাউলৰ মলৰ লাড়ু বনাই পুখুৰীত ছটিয়াই দিয়া হয়৷ মাছবোৰে জঁপিয়াই জঁপিয়াই সেই লাড়ুবোৰ খাৱলৈ আহে৷ তেতিয়াই সুযোগ বুজি দলিয়াই দিয়া হয় জালখন৷ আছাৰা জাল সকলোৱে মাৰিব নোৱাৰে৷ আমাৰ ঘৰত থাকি খেতি-খোলাত সহায় কৰা দীনেশ কাকা, ভূপেন কাকা, মনেশ্বৰ দাদাহঁতে যেতিয়া নিৰ্ভুলকৈ আছাৰা জালখন মাৰি এবাৰতে এসোপামান মাছ ধৰি আনে তেতিয়া তেওঁলোকক একেবাৰে হিৰো যেনেই লাগে! এই হিৰো সকল অৱশ্যে মাছ মৰাত ব‍্যৱহৃত জাকৈ, জুলুকি, পল, বৰ চালনী, নানা ধৰণৰ লাঙী জাল, সকলো প্ৰকাৰৰ কচ, টনা জাল, লাহনী, লেহেতি আদি সঁজুলি ব‍্যৱহাৰ কৰাত আৰু তৈয়াৰ কৰাতো সিদ্ধহস্ত আছিল৷

কেতিয়াবা আকৌ ডাঙৰ ডাঙৰ টনা জাল লৈ অইন গাঁৱৰ জালোৱাসকল আহিছিল মাছ মাৰিবলৈ৷ পুখুৰীত নমা মাছমৰীয়াসকলৰ কিচকিচিয়া ক’লা পিঠিবোৰ আৰু জালত পৰা ৰূপালী বৰণৰ মাছবোৰৰ ৰ’দ পৰি কেনেকৈ যে জিলিকি উঠিছিল! সেই মাছমৰীয়াসকলক পাৰিশ্ৰমিক হিচাপেও মাছকেই দিয়া হৈছিল৷ তেনেকৈ মাছ মৰাৰ দিনা ওচৰ-চুবুৰীয়াকো বিলোৱা হৈছিল৷ সৰু-ডাঙৰ কিমান যে মাছ জালত লাগিছিল! লগতে এসোপামান মোৱা মাছ৷ মোৱা মাছবোৰ তেতিয়া নাখায়, সাৰ হবৰ বাবে নাৰিকল গছৰ তলত পুতি থয়৷ তেনেকৈ মাছ মৰাৰ দিনা আমি বৰ আনন্দ পাইছিলো৷

গাঁও এৰি অহা প্ৰায় ত্ৰিশ বছৰৰো বেছি হ’ল৷ মোৰ বুকুৰ গভীৰত এতিয়াও সাঁচি থোৱা আছে ঘৰৰ পুখুৰীটো, পুখুৰীৰ মাছবোৰ৷ এতিয়াও চকু মুদিয়েই চিলনী সাঁতোৰ দি পাৰ হ’ব পাৰো পুখুৰীটো, হাতেৰে লিৰিকি-বিদাৰি চাব পাৰো কিচকিচিয়া ক’লা; নেজলগা লালুকীবোৰ, মন গ’লেই ভৰি নচুৱাই নচুৱাই বাঁহৰ দলংখনত বহি পানী খেলিব পাৰো, পাৰৰ গছজোপাৰ পৰা পুখুৰীত পৰি ওপঙি থকা পকা বগৰী এটা হাকুটিয়াই হাকুটিয়াই আনি গুটিটোও নেৰাকৈ খাই পেলাব পাৰো। জানো, সেইবোৰ দিন আৰু কাহানিও ঘূৰাই নাপাওঁ, হিয়া ঢাকুৰি মৰিলেও উভতি যাব নোৱাৰো সেই সোণালী শৈশৱলৈ৷ তথাপি সোণোৱালী অতীতৰ সেই সুন্দৰ জীৱন্ত সোঁৱৰণীয়েই মোৰ জীৱনৰ অন‍্যতম প্ৰাপ্তি৷ সেইখিনি সময়ৰ কথা মনলৈ আহিলেই ভাব হয় – জীৱন সঁচাকৈয়ে বৰ অনুপম!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক