মাছ ধৰাৰ আমেজ – দিগন্ত চহৰীয়া

এতিয়া মাছৰ দাম শুনিলে আচৰিত লাগে৷ লোকেল মাছৰ দাম শুনিলে আপোনাৰ heart fail হব৷ এটা মাগুৰ মাছৰ দাম তিনিশ চাৰিশ টকা৷ পুঠি মাছৰ দামো বহুত৷ আমি এটা সময়ত নাখাই পেলাই দিয়া তোৰা, বতিয়া, তিঙিৰা মাছ পাবলৈয়ে নাই৷ বজাৰত পালেও জুই-ছাই দাম৷
তেতিয়া আমাৰ বয়স ছয় কি সাত বছৰ৷ বাৰিষা বতৰত কেওফালে মাছেই মাছ৷ বানপানী হলে আমাৰ স্ফূৰ্তিৰ বাকী নাই৷ মাছৰ উজান উঠে৷ দিনটোত তিনি চাৰি বাৰ মান খালৈ সলনি কৰিব লাগে৷ জাল লৈ মাছ ধৰা মানুহো সলনি হয়৷ পুৱা এজনে জাল বাই আৰু দুপৰীয়া, আবেলি আন এজনে৷ পাল পাতি মাছ ধৰাৰ আমেজেই সুকীয়া৷ ইয়াৰ মাজতে সৰু সুৰা কাজিয়া এখন থাকেই৷ কাৰোবাৰ জালত মাছ বেছি উঠিলে ওচৰৰজন জ্বলে৷ তেনেকুৱা ধৰণৰ সৰু সুৰা কাজিয়া৷ এয়া বানপানী হোৱা সময়ৰ কথা৷
বৰশী বোৱা সময়ৰ আনন্দ আৰু বেলেগ আছিল৷ মই আজিলৈ বৰশীত মাছ ধৰি নাপালো৷ মই মাছ লৈ থকাহে আছিলো৷ আমাৰ গাঁৱত তিনিজন লোকে বৰশীত মাছ পায়েই৷ তাৰে এজন আমাৰ দাদা৷ সি বৰশী বাই আৰু মই লগত থাকো মাছ ধৰাকৈ৷ বৰশী বিভিন্ন ধৰণৰ আছিল৷ শল মাছৰ কাৰণে ডাঙৰ কটাৰ ছিপ৷ মাগুৰ মাছৰ কাৰণে বেলেগ কটা৷ কাৱৈ, গৰৈ, পুঠি মাছৰ কাৰণে বেলেগ৷ পুঙা বৰশীও আছিল৷ পুঙা বৰশীত সচৰাচৰ মাগুৰ আৰু শিঙি মাছ লাগে৷ এবাৰ ৰাতি পাতি থোৱা পুঙা বৰশী চাবলৈ গৈছিলো৷ এটা বৰশীত মাগুৰ মাছ এটা লাগিছিল৷ কিন্তুু পুঙা বৰশী ডাঙি আনোতে মাছটো সৰকি পানীত পৰিল৷ কি যে বেয়া লাগিছিল৷ পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট মেচত শোচনীয় ভাবে হাৰিলে যেনেকুৱা বেয়া লাগে তেনেকুৱা লাগিছিল৷
আমি চেপাও পাতিছিলো৷ এবাৰ চেপাত একেলগে 60 টা মান কাৱৈ মাছ লাগিছিল৷ সেইদিনা ওচৰৰ মানুহ এঘৰ ঈৰ্ষাত জ্বলিছিল৷
কুচিয়া চেপাত লাগেই৷ কিমান কুচিয়া খালো হিচাপ নাই৷ বামি মাছো ঠিকছে খাইছিলো৷ দাদাই ওচৰৰ নোৱা নৈত বৰশী বাই সদায় ছয় সাতটা বামি মাছ আনিছিল৷
ঠাণ্ডা দিন অহাৰ সময়ত খুব খাল সিঁচাৰ ধুম উঠে৷ খাল সিঁচি মাছ ধৰাৰ আমেজেই অনন্য৷ আমি খাল সিঁচি মাছ ধৰা শেষ হোৱালৈ ৰৈ থাকো৷ যেতিয়া মাছ ধৰা শেষ হয় তেতিয়া আমাৰ অভিযান আৰম্ভ হয়৷ পানী নথকা খালত আমি মাছ বিচাৰো৷ বোকাৰ মাজত সোমাই থকা মাছবোৰ আমি ধৰো৷
মই যিসময়ৰ কথা কৈ আছো সেই সময়ত আমাৰ তাত মাছ উভৈনদী আছিল৷ আমাৰ ঘৰ মঙলদৈৰ পশ্চিমে নোৱানৈৰ পাৰত৷ গতিকে জলাশয়, খাল, বিলত প্ৰচুৰ পৰিমাণে থলুৱা মাছ আছিল৷ আমাৰ ঘৰত থকা খালত (দৰঙত সৰু পুখুৰীক খাল কয়) মাছ আছিল যদিও নৈ আৰু ৰাস্তাৰ কাষত থকা পুখুৰীত আমি বৰশী বাই বেছি ধৰিছিলো৷
এতিয়া এইবোৰ ভাবিলে সপোন সপোন লাগে৷ কিমান বছৰনো হৈছে৷ খুব বেছিতে ২৫ বা ২৬ বছৰ আগৰ কথা৷
এতিয়া তিনিশ চাৰিশ দাম দি কিনা মাছ আগতে বেলেগক ভগাই দিছিলো৷
সময় গতিশীল৷ সময় ৰৈ নাথাকে৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক