মাজনিশাৰ আঁচনি (প্ৰতিম প্ৰতাপ বৰুৱা)

Pratim Pratap Baruah-Majnixar asoni

“আব্বে শ্যা… বে… মৰি থাকিম এতিয়া। বে…” – অশ্লীল শব্দবোৰ ইটোৰ পিছত সিটোকৈ মুখেদি ওলাই আহিছে ৰামুৰ। প্ৰতিটো শব্দ ড্ৰাগছৰ নিচাত লুটুৰি-পুতুৰি হৈ আছে। সময় এতিয়া নিশা ডেৰ বাজিছে।

“আব্বে শ্যা…। মৰি থাক শ্যা… বে…। ময়ো মৰি থাকিম। কি আছে এই দুনিয়াত? শ্যা… ইমান ঠাণ্ডাত দাৰু আৰু পাউদাৰ মিহলাই খায়ো নিচা ধৰা নাই বে…।“ – ৰামুৰ কথা শুনি তাৰ কাষতে পৰি থকা বৈজুৱে ক’লে। “নিচা ধৰা নাই বে…।“ বুলি কৈছে যদিও বৈজুও নিচাত তলমল হৈ আছে। দুয়োটাৰে কথা-বতৰাত জীৱনৰ প্ৰতি প্ৰচণ্ড অনীহা, অপৰিসীম তিক্ততা।

ৰামু আৰু বৈজু – দুয়োটা দুঠাইৰ যদিও দুয়োটা বন্ধু। এসময়ত দুয়োটাৰে নাম দুটা বেলেগ আছিল – ৰামপ্ৰকাশ চান্থাল আৰু বিজেন্দৰ চাহু। এটাৰ আচল ঘৰ ঝাৰখণ্ডৰ কোনোবা এখন চহৰত আৰু আনটোৰ উৰিষ্যাৰ কোনোবা এখন গাঁৱত। দুয়োটা নিৰক্ষৰ। সিহঁতে নিজা পৰিয়ালৰ বিষয়ে বা সংসাৰত সিহঁতৰ আৰু কোন কোন আছে বা আছিল সেইবোৰ কথা সহজে ক’ব নুখোজে। বয়সনো কি, ই মাত্ৰ এটা সংখ্যাহে – সিহঁত দুটাৰ বয়সৰ ক্ষেত্ৰত কথাটো এনেকৈ ভাবি থব পাৰি।

বিজেন্দৰ চাহু ওৰফে বৈজু দিল্লীত এজন ভেটাৰ্ণ। আচলতে দিল্লীত বুলি ক’লে কথাটো সিমান নুশুৱায়, সঠিককৈ ক’বলৈ গ’লে বৈজু দিল্লীৰ ফুটপাথত এজন ভেটাৰ্ণ। কিমান বছৰ সি দিল্লীৰ ফুটপাথত বাস কৰিছে সেইটো সুধিলে সি উত্তৰ নিদিয়ে, দিব নোখোজে। এসময়ত সি এজন ভাল মানুহেই আছিল। খৰাংপীড়িত, দূৰ্ভিক্ষৰ কবলত পৰা উৰিষ্যাৰ নিজৰ গাঁওখনত সি অতি কষ্টেৰে, অশেষ পৰিশ্ৰম কৰি চলি আছিল। কেতিয়াবা আধাপেটিকৈ থাকিছিল, কেতিয়াবা মাত্ৰ আধা টুকুৰা ৰুটী খায়ে দুদিন কটাইছিল। সি আহি দিল্লী কেনেকৈ পালেহি সেয়া অতি আচৰিত।

এতিয়া, দিল্লীৰ ফুটপাথত থকা, মদ-ড্ৰাগছ খাই কাজিয়া-পেচাল, মাৰ-পিট কৰি তিনিবাৰকৈ জেলত থাকি অহা এই বৈজু নামৰ মানুহটো আপাতদৃষ্টিত, মানে এজন আপোনাৰ-মোৰ দৰে সাধাৰণ মানুহৰ দৃষ্টিত ভাল মানুহ নহয়। এই বৈজুক মই এবাৰ লগ পাইছিলো। আচলতে তাক মই এবাৰ ইচ্ছা কৰিয়েই লগ ধৰিছিলো। মই কিন্তু বৈজুক লগ ধৰিম বুলি যোৱা নাছিলো, আন এটা উদ্দেশ্যেৰে এঠাইলৈ যাওঁতেহে বৈজুক মই লগ পাইছিলো। মোৰ সেই উদ্দেশ্যটো সফল নোহোৱাত আৰু অতি আচৰিতধৰণে অন্য এটা বিশেষ পৰিস্থিতিৰ সন্মুখীন হৈ পৰিবলগীয়া হোৱাত মই ইচ্ছা কৰিয়েই বৈজুক লগ ধৰিছিলো। (সেই পৰিস্থিতিটোৱে এই লেখাটোৰ সোঁতটো নষ্ট কৰি দিব।) বৈজুক লগ পোৱাৰ পিছত, তাৰ কথাখিনি শুনাৰ পিছত, তাক এতিয়া ভাল মানুহ বুলি কোৱা যায় নে বেয়া মানুহ বুলি কোৱা যায় সেইটো সিদ্ধান্ত লোৱা মোৰ বাবে ইমান সহজ নহয়। তাক মই মাত্ৰ এবাৰেই লগ পাইছিলো আৰু সি মোক কোৱা কথাখিনিৰ সাৰাংশ প্ৰায় এনেকুৱা আছিল (তাৰ কথাবোৰ অশ্লীল শব্দৰে ভৰি আছিল আৰু কথাবোৰৰ বেছিঅংশই প্ৰকাশযোগ্য নহয়)-

নিজৰ জন্মঠাইখনত এসাঁজ ভাত বা এখন ৰুটীৰ বাবে সি হাঁহাকাৰ কৰিব লগা হৈছিল। “আমাৰ গাওঁ হ’ল সৰু আৰু পিছপৰা ঠাইত। খৰাং, খেতি-বাতি নহয়, কাম বিচাৰিলেও একো কাম পোৱা নাযায়, উপাৰ্জন নাই, উপাৰ্জনৰ সুবিধা নাই, একোৱেই নাই। আনকি খোৱা পানীও নাই। বেছিভাগ মানুহ বেমাৰ হৈ ডেকা বয়সতে মৰে।“ – সি মোক কৈছিল। তাৰ ঘৈণীয়েক আৰু জীয়েক তেনেকৈয়ে বেমাৰ হৈ মৰিছিল বুলি সি মোক কিছুসময় কথা পতাৰ পিছতহে কৈছিল। এবাৰ হেনো এহাল বিদেশী পৰ্য্যটক সিহঁতৰ গাঁৱলৈ গৈছিল। বাটত তেওঁলোকৰ জীপখনৰ চকা এটা ফুটিছিল। তেওঁলোকক সি সহায় কৰি দিছিল। উৎকট গৰমত, ধু-ধু ৰ’দত থিয় হৈ সেই বিদেশী মানুহজনক গাড়ীখনৰ চকাটো সলনি কৰাত সি সহায় কৰি দিছিল। বিনিময়ত তেওঁলোকে তাক কিছু পইচা আৰু এবটল পানী দিছিল। সি পইচাখিনি ল’বলৈ অস্বীকাৰ কৰিছিল। কিন্তু পৰ্য্যটক দম্পতীয়ে তাক অতি বিবুধিত পেলাই সিহঁতৰ ঘৰটোলৈ যাব খুজিছিল আৰু তাৰ সকলো বাধা ওফৰাই তেওঁলোক সিহঁতৰ ঘৰ ওলাইছিলগৈ। সেইদিনা তাৰ ঘৰত খাবলৈ আগদিনাই কৰ’বাৰ পৰা আনি থোৱা দুটা মূলাৰ বাদে আন একো নাছিল। তাৰে এটা কাটি আনি সি তেওঁলোকক খাবলৈ দিছিল। পৰ্য্যটক দম্পতীয়ে বুজি পাইছিল এই মূলাটোৰ দাম বৈজুৰ বাবে কিমান। তেওঁলোকে সেইদিনা তাৰ ঘৰত একো খোৱা নাছিল। পিন্ধা কাপোৰৰ অভাৱ আছিল কাৰণে তাৰ ঘৈণীয়েক সেইদিনা আলহীৰ আগত ওলোৱা নাছিল।

দিল্লীলৈ অহাৰে পৰা এতিয়ালৈকে বৈজুৱে তিনিবাৰ জেললৈ অহা-যোৱা কৰিছে। কিন্তু মই তাক একেকোবতে এটা বেয়া মানুহ বুলি ক’বলৈ অলপ অসুবিধা পাইছো।

সেইদিনা সি মোক আৰু কৈছিল – দিল্লী ডাঙৰ ঠাই, কাম বিচাৰি পোৱা যায়, উপাৰ্জনৰ সুবিধা আছে। কাম নাপালেও ভিক্ষা কৰি খাবলৈ ঠাই আছে। কিন্তু দিল্লীত থাকিবলৈ ঠাই নাই। সেয়ে ফুটপাথতেই থাকো আৰু। ফুটপাথবিলাকতো শুবলৈ ঠাই এডোখৰ বিচাৰি পোৱাটো উজু নহয়। কাৰণ ফুটপাথবিলাকো আগৰে পৰাই ভৰি থাকে। নিশা শুবৰ বাবে অহা অচিনাকী মানুহ এজনক সাধাৰণতে ফুটপাথৰ পুৰনা বাসিন্দাসকলে সহজভাৱে নলয়, তেওঁক আদৰনী নজনায়। আনহাতে ফুটপাথ বা অভাৰব্ৰীজৰ তলৰ ঠাইবোৰ কাহানিও স্থায়ী নহয়।

কিন্তু এদিন বৈজুৱে এটা অচিনাকী মানুহক ফুটপাথত সহজভাৱে লৈছিল, আদৰণী জনাইছিল। সন্মুখৰ তিনিটা দাঁত নথকা, প্ৰচণ্ড শীতত কঁপি কঁপি কাহি থকা এই মানুহটোৱে বৈজু আৰু বৈজুৰ দৰেই কিছুমান মানুহ শুই থকা সেই ফুটপাথটোত শুবলৈ ঠাই বিচাৰি প্ৰায় মাজনিশা আহি পাইছিলহি। সেইনিশা আনবোৰে যেতিয়া এই নতুন মানুহটোক খেদি দিব খুজিছিল তেতিয়া বৈজুৱে তাক নিজৰ ওচৰতে শুবলৈ এডোখৰ ঠাই উলিয়াই দিছিল। অৱশ্যে তাৰ কান্ধত থকা সৰু বেগটো খুলি তাৰ ভিতৰত থকা দুখন ৰুটী আৰু এটা পলিথিনৰ মোনাত থকা দাইলখিনি এই বৈজুৱেই কাঢ়ি লৈছিল আৰু তাৰ সন্মুখতে আন এটা মানুহৰ সৈতে সেইখিনি সি ভগাই খাইছিল। এই নতুন মানুহটো আছিল ৰামু, আচল নাম ৰামপ্ৰকাশ।

ঝাৰখণ্ডৰ নিজৰ চহৰখনত এই ৰামুৱে সৰু-সুৰা চুৰ-ডকাইতি, সৰু সুৰা অপৰাধ কৰি দিন কটাইছিল। এবাৰ এঠাইত এগৰাকী মহিলাৰ কাণফুলি এপাট আঁজুৰি ছিঙি লৈ পলাওতে তাক মানুহবোৰে ধৰি পেলাইছিল। সিহঁতে তাক সেইদিনা নিজৰ ইচ্ছামতে পিটিছিল আৰু এসময়ত তাক পুলিচৰ হাতত গটাই দিছিল। পুলিচেও সেইদিনা তাক থানাৰ লকআপত আকৌ পিটিছিল। সেইদিনাই তাৰ আগদাঁত তিনিটা ভাগিছিল। সি ইমানদিনে নিয়মীয়াকৈ লুটৰ ভাগ দি থকা সিহঁতৰ চিনাকী বিট কনিষ্টবলজন সেইদিনা থানালৈ অহা নাছিল। অৱশ্যে পিছদিনা পুলিচে তাক এৰি দিছিল। তাৰ পিছত সি লগৰ এটাৰে সৈতে দিল্লীলৈ গুছি আহিছিল।

বৈজুৱে ৰামুক শিকাইছিল দিল্লীত ফুটপাথত থাকি কেনেকৈ চলিব লাগে, কেনেকৈ বিচাৰিব জানিলে সপ্তাহত এদিন বা দুদিন কাম বিচাৰি পাব পাৰি, কেনেকৈ একো খাবলৈ নাপালে মন্দিৰে মন্দিৰে ঘূৰি খাব পাৰি। সি তাক শিকাইছিল – মঙলবাৰ আৰু শনিবাৰে এই যমুনা বাজাৰৰ হনুমান মন্দিৰলৈ আহিবি, সোমবাৰে শিৱ মন্দিৰলৈ যাবি, বুধবাৰে গণেশ মন্দিৰ, বৃহস্পতিবাৰে বিষ্ণু মন্দিৰ বা ছাই বাবা মন্দিৰ, শুক্ৰবাৰে দূৰ্গা মন্দিৰ আৰু দেওবাৰে সূৰ্য্য মন্দিৰলৈ যাবি। কোনোবাই নহয় কোনোবাই তোক খাবলৈ দিবই। মদ খাবলৈ মন গ’লে ভেৰোঁ মন্দিৰলৈ যাবি।

লাহে লাহে বৈজুৰ ছত্ৰছায়াত ৰামুও দিল্লীৰ ফুটপাথত পকি উঠিছিল। সৰু-সুৰা চুৰি-ডকাইতি কৰিবলৈ সি আগৰেপৰাই জানিছিল। সেই বিদ্যাটো তাৰ এতিয়া ভালকৈ কামত আহিল। ফুটপাথৰ নিয়মমতেই মদ-ড্ৰাগছ অতি সহজে আহি তাৰ অভ্যাসত পৰিণত হ’লহি। সেই মদৰ নিচাতেই এদিন সি ফুটপাথতে বাস কৰা এটা পৰিয়ালৰ এগৰাকী নাৰীৰ ওপৰত অত্যাচাৰ কৰিব খুজিছিল। সেইদিনা সি মাৰ খাই কোনোবা এখন অভাৰব্ৰীজৰ তলত দুদিন পৰি আছিল। দুদিন পিছত কোনোমতে আহি সি বৈজুৰ ওচৰ পাইছিলহি।

আৰু এতিয়া নিশা ডেৰ বজাত, মদৰ নিচাত ঘোৰ খাই থকা জিভাৰে সিহঁত দুয়োটাই ফুটপাথত শুই শুই কথা পাতি আছে। দিল্লীৰ ডিচেম্বৰ মাহৰ এই শেষদিনকেইটাত নিশাৰ ভাগত তাপমান কেতিয়াবা তিনি ডিগ্ৰীলৈকো নামে।

“মৰি যাব মানুহ। ইমান ঠাণ্ডা। বটলটো দে।“ – ৰামুৱে কৈছিল।
“নাই বে। বটল খালি। পাউদাৰো খটম।“ – বৈজুৱে উত্তৰ দিছিল।
এখন মাত্ৰ কম্বল লৈ দুয়োটাই শুই আছিল।
কিছুসময় দুয়োটাই মনে মনে থাকিল।
“জেললৈ যাবি নেকি?” – হঠাৎ বৈজুৱে ৰামুক সুধিলে?
“মানে?”
“মানে আৰু কি? জেললৈ যাবি নেকি? ইমান ঠাণ্ডাত এনেকৈ বাহিৰত পৰি থকাতকৈ জেললৈকে যাওঁ ব’ল? তাত অন্তত: থাকিবলৈ ৰুম এটা আৰু দুবেলা দুসাঁজ ঠিকচে খাবলৈ পোৱা যায়। বেমাৰ হ’লে ডাক্তৰো পোৱা যায় ফ্ৰীকৈ। অৱশ্যে জেলৰ ভিতৰত মদ-পাউদাৰ খাবলৈ পোৱা নাযায়।“
“জেলত মাৰ-পিট কৰে নেকি?”
“জেলত নকৰে। কিন্তু প্ৰথমে পুলিচে অলপ মাৰ-পিট কৰে। সেইখিনি সহ্য কৰিব পাৰিলেই হ’ল। এই ঠাণ্ডা দিনকেইটা আৰামকৈ কটাবলৈ জেলৰ বাদে আন ভাল ঠাই নাই।“
“কিন্তু ওলাই আহিম কেনেকৈ?”
“একো নাই। শ্যা… কাম এনেকুৱা কৰিম যাতে দুমাহ বা তিনিমাহ জেল হয়। ঠাণ্ডা খটম, জেল খটম। ক’, যাবিনেকি?”
“কি কৰিব লাগিব?”
“একো নাই। কাইলৈ মোৰ লগে লগে থাকিবি। এতিয়া শুই থাক। কাইলৈ আমি জেললৈ যাম।“ – বৈজুৱে কথাষাৰ কৈ বাগৰ সলালে। সি বাগৰ সলাওতে কম্বলখন ৰামুৰ গাৰপৰা আঁতৰি গ’ল। কম্বলখন নিজলৈ টানি টানি ৰামুৱে সিদ্ধান্ত ল’লে সিও কাইলৈ বৈজুৰ লগত জেললৈ যাব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments