মাজনিশাৰ গদ্য — নমি গগৈ


[১]
মজিয়াত পিন এটা পৰিলেও শব্দ হ’ব কিজানি! ইমান নীৰৱ এই সময়! পিন ড্ৰপ চাইলেঞ্চ! প্ৰসুতি বিভাগৰ পৰা বেবী ৰূমৰ ফালে আহি থকা চিষ্টাৰ অংকিনীৰ খোজবোৰ খৰ হ’ল। ফ’টোথেৰাপীত থকা বেবীটোৱে হঠাৎ ইমান কান্দিছে! সাউতকৈ তাইৰ সমুখেদি মেকুৰী এটা পাৰ হৈ গ’ল! ভয় কি বস্তু চিনি নোপোৱা অংকিনীৰ বুকুখন কঁপি উঠিল।
চেঁচা চেঁচা অনুভৱ এটাই চুই গ’ল তাইক। লৰালৰিকৈ তাই বেবী ৰূমত সোমাল। বেবীটো শুই আছে শান্ত হৈ। শুই থকা বেবীবোৰক ইমান মৰম লাগে! হাতদুখনত চেনিটাইজাৰ লগাই বেবীটোৰ ভৰিৰ তলুৱাত লাহেকৈ চুই দিলে অংকিনীয়ে। সময়টো চালে তাই। নিশা দুই বাজিবলৈ দহ মিনিট! তিনি বজাত বেবীটোৰ ফিডিং টাইম হ’ব। তেতিয়ালৈ চিল্ডৰেন ৱাৰ্ডত ৰাউণ্ড দিয়া যাওক। বেবীৰূমৰ পৰা ওলাই জোতাযোৰ পিন্ধি থাকোঁতে এক অদ্ভুৎ সুগন্ধি নাকত লাগিল তাইৰ। সাউতকৈ কোনোবা যেন গাৰ কাষেদি পাৰ হৈ গ’ল। বুকুখন কঁপাৰ লগতে হাতৰ নোমবোৰ দাং খাই উঠিল অংকিনীৰ। ইনড’ৰ ৱাৰ্ড আৰু ইমাৰ্জেঞ্চীৰ মাজত থকা গ্ৰীলত শব্দ এটা হ’ল। অংকিনীৰ খং উঠিল।
”চিকিউৰিটিয়ে নাক বজাই শুই আছে চাগে।” তাই ভোৰভোৰালে। চিল্ডৰেন ৱাৰ্ডৰ ফালে যাব খোজোঁতে কোনোবাই তাইক পাছফালৰ পৰা মাতিলে।
”চিষ্টাৰ!”
চেপা চেপা মাতটো বৰ কৰুণ যেন লাগিল অংকিনীৰ।
তাই ঘূৰি চালে। কান্ধত কেঁচুৱা লৈ আউল বাউল চুলিৰে মহিলা এগৰাকী থিয় হৈ আছিল।
”কি হ’ল বাইদেউ?”
অংকিনীয়ে সুধিলে।
মহিলা গৰাকীয়ে সামান্য হাঁহিলে। হাঁহিটো অদ্ভুৎ! অংকিনীৰ ভাল নালাগিল।
”কি অসুবিধা হৈছে কওকচোন।”
তাই আকৌ সুধিলে।
নেগুৰডাল থিয় কৰি অলপ আগতে দেখা মেকুৰীটো মহিলাগৰাকীৰ ভৰিৰ ওচৰত ৰ’লহি।
ভয় লাগিলেও নলগাৰ দৰে থিয় দি থাকিল অংকিনী। মানুহগৰাকীয়ে কেঁচুৱাটো কান্ধৰ পৰা কোলাত নমাই লৈ অংকিনীৰ চকুত চকু থ’লে। জ্বলি থকা চকু দুটাই অংকিনীক কঁপাই দিলে।
”কেঁচুৱাটোৰ কি হ’ল চাওকচোন বাইদেউ!”
কাপোৰ উদঙাই মানুহগৰাকীয়ে কেঁচুৱাটো দেখুৱালে।
চিঞৰ এটা মাৰি অংকিনী লুটি খাই পৰিল।
কেঁচুৱাকণৰ মূৰটো নাছিল।

[২]
খট্ খট্ খট্।
ইনড’ৰ ৱাৰ্ডৰ বাৰাণ্ডাত চিষ্টাৰ অদ্ৰিজাৰ পাম্পশ্বুৰ শব্দ। মাজনিশাৰ নিৰ্জনতা ভেদি বহুদূৰলৈ বিয়পিল সেই শব্দ। মেল আইছ’লেশ্যন ৱাৰ্ডৰ ল’ৰাটো শুই আছে ধুনীয়াকৈ। লাহেকৈ দুৱাৰখন জপাই ওলাই আহিল তাই।
কেৰেক … দুৱাৰখনত আনদিনা নোহোৱা শব্দ এটা হ’ল। ৱাৰ্ডৰ লগতে লাগি থকা কঁঠাল গছজোপাত ঢপকৈ কিবা এটা পৰিলহি। অদ্ৰিজা উচপ খাই উঠিল। বাদুলি চাগে! অদ্ৰিজাই ভাবিলে। হস্পিটেলখন নিতাল মাৰি আছে। এই সময়খিনিত সকলো পেচেণ্ট শোৱে। হঠাৎ কাৰোবাৰ গা বেয়া নহ’লে বা নতুন পেচেণ্ট ভৰ্তি নহ’লে পৰিৱেশটো নিমাওমাও হৈ থাকে। এইকণ সময়ত ৱাৰ্ড গাৰ্ল, ৱাৰ্ড বয়, ক্লীনাৰ কেইজনো কণমান জিৰায়। সাৰে থাকে মাথোঁ অন ডিউটি চিষ্টাৰ। মেডিচিন ৰেডী কৰা, ভাইটেল চেক কৰা, চেলাইন সলোৱা, সেইবোৰ ৰেকৰ্ড কৰা, ৰিপৰ্ট লিখা এশ এবুৰি কাম। ইনড’ৰ ৱাৰ্ডৰ পৰা ইমাৰ্জেঞ্চী ৱাৰ্ড দূৰত। মাতলৈ বোললৈ এইকণ সময়ত অদ্ৰিজাৰ ওচৰত কোনো নাই। ৰিপৰ্ট লিখিবলৈ নাৰ্ছেচ ডিউটি ৰূমত বহিলহি তাই।

টক্ টক্।
ডিউটি ৰূমৰ দুৱাৰত কাৰোবাৰ কৰাঘাত। খোলা দুৱাৰেদি বাহিৰলৈ চালে তাই। কোনো নাই। উঠি গৈ কৰিড’ৰত থিয় হৈ ৱাৰ্ডৰ ফালে চালে। কাৰো দুৱাৰ খোলা নাই। দুৱাৰত শব্দ কৰাজন যেন বতাহতহে মিলি গ’ল! গাটো সিৰিক্কৈ গ’ল অদ্ৰিজাৰ। লৰালৰিকৈ ডিউটি ৰূমত সোমালহি তাই। আধালিখা ৰিপৰ্টটো সম্পূৰ্ণ কৰিব লাগে।
”বাইদেউ চাওকচোন! মোৰ হাতৰ পৰা ইমান তেজ ওলাইছে।”
মূৰ ডাঙি চালে অদ্ৰিজাই।

চিঞৰ এটা শুনি ৱাৰ্ড গাৰ্ল আৰু ক্লীনাৰ দৌৰি আহিল। শৰীৰ নথকা কটা হাতখন তৎক্ষণাৎ কঁঠাল গছজোপাত ওলমি ৰ’লগৈ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 months ago

ভয়লগা

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক