মাজুলীক এজনী বিদেশী ছোৱালীয়ে ভালপাই পেলালে (পঙ্কজ বৰা)

মাজুলীক এজনী বিদেশী ছোৱালীয়ে ভালপাই পেলালে

ফেব্ৰুৱাৰী মাহৰ মাজ ভাগত ২৫ জনীয়া নৰৱেজিয়ান সঁজাতি দল এটাৰ প্ৰতিনিধি হিচাপে দিল্লীলৈ গৈছিলোঁ, উদ্দেশ্য আছিল ভাৰত আৰু নৰৱেৰ চৰকাৰৰ মাজত শৈক্ষিক তথা বৈজ্ঞানিক আৰু প্ৰযুক্তিগত গৱেষণাৰ বাবে দ্বিপাক্ষিক বুজা-পৰাৰ চুক্তি স্বাক্ষৰ কৰা৷ নৰৱেৰ পৰা ইয়াৰ উচ্চ শিক্ষা মন্ত্ৰণালয়ৰ মুখ্য-সচিবকে ধৰি, বহুকেইখন বিশ্ববিদ্যালয় আৰু আন শিক্ষানুষ্ঠানৰ ২৪ জন প্ৰতিনিধি গৈছিল৷ দিল্লীত তিনিদিনীয়া কাৰ্যসূচী শেষ কৰি কেইদিনমানৰ বাবে অসমৰ ঘৰলৈ গ’লো৷ অসমত থকা ৫ টা দিনত ৮ টা বন্ধ মই হিচাপ কৰিলোঁ৷ উভতি আহিবৰ দিনা শোণিতপুৰ জিলাৰ বৰগাংৰাষ্ট্ৰীয়় ঘাইপথত ৩ ঘন্টা বন্দী হৈ ৰ’লো অৰুণাচলীৰ আক্ৰমণত অসমীয়া নিহত হোৱাৰ বাবে প্ৰতিবাদকাৰীয়ে কৰা পথ অৱৰোধৰ বাবে৷ চকুৰ৷ আগতে জ্বলাই দিলে দুখনকৈ গাড়ী৷ ৰাস্তাত আবদ্ধ শিশু, বৃদ্ধ, ৰোগীকে ধৰি হাজাৰ হাজাৰ মানুহৰ দুৰৱস্থা৷ হঠাতে উপস্থিত শ-শ আৰক্ষী তথা সামৰিক বাহিনীৰ লোক৷ অনিৰ্দিষ্ট কালীন সান্ধ্য-আইন৷ যেনে-তেনে আহি গুৱাহাটী পালোঁহি৷ গুৱাহাটীত মাটিৰ পট্টা বিতৰণৰ বিৰোধিতা কৰি মানুহৰ উন্মত্ত প্ৰতিবাদ, আত্মজাহ৷যুদ্ধ সদৃশ পৰিৱেশ৷ তাৰ মাজতে উৰণ পিছুৱালে তিনিবাৰ৷ চাৰে চাৰিঘন্টা পলমকৈ বিমান উৰিল৷ ৰাতি ১০ মান বজাত দিল্লী পালোঁহি৷
দিল্লীত উচ্চজিৎ কলিতা আৰু মিতালী বৰ্মনৰ ঘৰত ৰাতি সৰু মাছৰ ভাজি, আলু-বেঙেনা পিটিকা,ৰৌ মাছৰ জোল, মাছৰ পেটু ভজা, মূৰিঘণ্টৰে এসাঁজ দকচি খাই নৰৱেলৈ বুলি বিমান ধৰিবলৈ ধলপুৱাতে ৰাওনা হ’লো ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয়় বিমান বন্দৰলৈ৷ বিমানত উঠিবলৈ গৈ এক অনাকাংক্ষিত উপহাৰ- মোৰ টিকটটো<ইক’নমি>শ্ৰেণীৰ পৰা <বিজিনেছ>শ্ৰেণীলৈ উন্নীত হৈছে৷ মজা লাগি গ’ল৷উলাহেৰে গৈ কাটাৰ এয়াৰলাইনছৰআহল বহল বিজিনেছ শ্ৰেণীত বহিলোঁগৈ৷ নৰৱেলৈকে দুখন বিমান সলাব লাগিব৷ এইখনৰ লক্ষ্যস্থল কাটাৰৰ ৰাজধানী দোহা৷ কাষৰ চকীখন খালী৷ বিমান উৰণৰ সময় হোৱাত এগৰাকী বিদেশী যুৱতী আহি মোৰ কাষৰ চিটত বহিলহি৷ পাৰস্পৰিক সম্ভাষণ জনাই বহি পৰিলোঁ৷
বিমান উৰিবলৈ ৰাণৱে’ত গতি কৰিছে৷ চাই থাকিলে হেঁপাহ নপলোৱা জন্মভূমি খনক আকৌ এবাৰ চাই লওঁ বুলি মই খিৰিকীৰে বাহিৰলৈ চাবলৈ চেষ্টা কৰিলোঁ৷ হঠাতে কাষৰ সহযাত্ৰী যুৱতী গৰাকীৰ হাতলৈ চকু গ’ল৷ টোকাবহী এখনত কিবা কিবি লিখি আছে৷ চিনাকি চিনাকি লাগিল৷ মই হিন্দী বা সংস্কৃত ভাষাত কিবা লিখিছে বুলি চকু বাহিৰলৈ নিক্ষেপ কৰিলোঁ৷ নাই নহয়, মনটোৱে কৈ উঠিল৷ আখৰ কেইটা চিনাকি চিনাকি লাগিছে৷ আকৌ লুকাই-চুৰকৈ চালো (অচিনাকী গাভৰু এগৰাকীৰ ব্যক্তিগত লিখা-মেলা চুৰকৈ জুমি চোৱাতো নিশ্চয়কৈ অভদ্ৰতা)৷এইবাৰ খাটাং হ’লো যে যুৱতী গৰাকীয়ে অসমীয়া নাইবা বাংলাতে লিখি আছে৷ মই বোলো নিশ্চয় বাংলা হ’ব৷ আকৌ চকু আঁতৰাই আনিলোঁ৷ নাই পেট কটা ‘ৰ’ এটা দেখা নিচিনা লাগিল, আকৌ ডিঙিটো মেলি চালো৷ হয় খাটাং অসমীয়া ‘ৰ’৷ হঠাতে লক্ষ্য কৰিলোঁতেওঁ পিন্ধি থকা ‘টপ’টো যেন অসমীয়া থলুৱা মিচিং বয়ন শৈলীৰ চাপ আছে৷ এইবাৰ মোৰ আচৰিত হোৱাৰ পাল৷ মই সুধিলোঁ “Are you writing in Assamese? “৷ যুৱতী গৰাকীয়ে উত্তৰ দিলে “Yes, how did you know?” মই উত্তৰ দিলোঁ যে অসমীয়া মোৰ মাতৃভাষা৷ এইবাৰ আকৌ আচৰিত হোৱাৰ পাল৷ যুৱতী গৰাকীয়ে অসমীয়াতে মোৰ লগত কথা বতৰা পতা আৰম্ভ কৰিলে৷
যুৱতী গৰাকীৰ নাম গিলি নাব’ন, ঘৰ ইজৰাইলত৷ জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী গিলি৷ হিব্ৰু বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ভাৰতীয় ধ্ৰুপদী ভাষা, সাহিত্য, ভাষাতত্ব বিষয়ত ২০১০ চনত স্নাতক আৰু একেই বিশ্ববিদ্যালয়ৰ পৰা ২০১২ চনত ‘Global Community-Development Studies ‘ বিষয়ত স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰিছে৷ ৫ বছৰ মান আগেয়ে সাধাৰণ পৰ্য্যটক হিচাপে ভাৰতলৈ আহিছিল গিলি৷তেতিয়াই অসম তথা মাজুলীলৈ আহিছিল তেওঁ৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য আৰু সাংস্কৃতিক উপাদানবোৰে মুগ্ধ কৰিলে তেওঁক৷ লগতে মাজুলীৰ ৰাইজৰ দুখ-দুৰ্দশা, বিলৈ-বিপত্তিয়ে বাৰুকৈয়ে ব্যথিত কৰিলে৷ আকৌ ঘূৰি অহাৰ সপোন তেওঁ স্বদেশলৈ ওভতি গ’লগৈ৷ স্নাতক তথা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰি থকা সময়ত ক্ষেত্ৰ অধ্যয়নৰ কাম লৈ আকৌ অসমলৈ ঘূৰি আহিল তেওঁ৷শিক্ষা সম্পূৰ্ণ কৰি উঠি এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কাম আৰম্ভ কৰিলে৷ কিন্তু মাজুলীয়ে গিলিক হাত বাউলী মাতিছিল৷ চাকৰি বাদ দি তেওঁ ঘূৰি আহিল মাজুলীলৈ৷ এইবাৰ লগত এগৰাকী সতীৰ্থ বান্ধৱী চাকেদ৷ চাকেদ কৃষি আৰু পৰিৱেশ বিভাগৰ স্নাতকোত্তৰ৷ মাজুলীৰ এটা বাঁহ-বেতেৰে নিৰ্মিত অতিথিগৃহত এই দুই বিদেশী যুৱতীয়ে বাহৰ পাতিলেহি৷ মাজুলীৰ গাঁৱে গাঁৱে নিতৌ ২৫-৩০ কিলোমিটাৰলৈকে চাইকেল মাৰি দুই যুৱতীয়ে আৰম্ভ কৰিলে সংগঠনমূলক কাম৷মই সুধিছিলোঁ “দুজনী অকলশৰীয়া ছোৱালী অকলশৰে অচিনাকি ঠাইত ঘূৰি ফুৰিবলৈ ভয় নেলাগেনে?”৷ তাই উত্তৰ দিছিল “মাজুলীৰ মিচিং ৰাইজ ইমান অতিথিপৰায়ণ, বন্ধুত্ব সুলভ যে পৃথিৱীৰ ক’তো এনে নিভাঁজ আতিথ্য আৰু মৰম পোৱা নাই৷ কোনোদিনে অসংৰক্ষিত অনুভৱ কৰা নাই৷ মাজুলীৰ ২৫ খন গাঁৱৰ পুৰুষ মহিলা আমাৰ লগত৷ ”
প্ৰথম অৱস্থাত মাজুলীৰ দৰিদ্ৰ মিচিং লোক সকলৰ মাজতেই পৰীক্ষামূলক ভাৱে আৰম্ভ কৰিলে তেওঁলোকৰ কাম কাজ৷গাঁৱে গাঁৱে গৈ সংগঠিত কৰিলে মহিলা সকলক৷ মহিলাসকলৰ বাবে চাইকেল বেংকৰ ব্যৱস্থা কৰিলে, যাতে মহিলাসকলে চাইকেল লৈ নিজে যিকোনো ঠাইলৈ যাতায়ত কৰিব পাৰে৷ মহিলাসকলক নাওৰে নদী পাৰ কৰাই যোৰহাট আদি নগৰলৈ লৈ যায় গিলি আৰু চাকেদে৷ তেওঁলোকক আধুনিক খেতি-বাতি, বয়ন শিল্প সম্পৰ্কীয়় প্ৰশিক্ষণ দিয়ে৷ লাহে লাহে এই কৰ্মসূচীয়ে মাজুলীৰ মিচিং অধ্যুসিত প্ৰায় ২০ খন মান গাঁও সাঙুৰি ল’লে৷ তেওঁলোক দুজনীয়ে আৰম্ভ কৰিলে ‘আমাৰ মাজুলী’ নাম এটা বেচৰকাৰী সমাজ কল্যাণ মূলক সংস্থা৷
কোনো চৰকাৰী বেচৰকাৰী অনুদান নোহোৱাকৈ কেৱল নিজৰ পকেটৰ টকা আৰু জীৱনৰ বহুমূলীয়া সময় খৰচ কৰি গিলি আৰু চাকেদে মাজুলীত নীৰৱে আৰম্ভ কৰিছে এক অগতানুগতিক বিপ্লৱ৷ গিলিয়ে জনোৱা মতে তেওঁ এইকামৰ বাবে মুঠ বছৰি মাত্ৰ ১০,০০০ মাৰ্কিন ডলাৰ লাভ কৰে৷ভাৰতৰ ভিছা আদিৰ ক্ষেত্ৰটো যথেষ্ট জটিল সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ কিন্তু নিজৰ দেশত তেওঁ চাকৰি কৰা হ’লে হয়তো তাতকৈ বহু বেছি উপাৰ্জন কৰিব পাৰিলেহেঁতেন৷ কেতিয়াবা তেওঁৰ মাক-দেউতাক অলপ অসন্তুষ্ট হোৱা যেনো হেনো অনুভৱ কৰে গিলিয়ে৷ কিন্তু কি কৰিব তাই? তাই যে মাজুলীক ভাল পাই পেলালে৷
দিল্লীৰ পৰা দোহালৈ গোটেই উৰণৰ সময়চোৱাত গিলিয়ে অসমীয়াতে কৈ গ’ল তেওঁলোকে মাজুলীত কৰি থকা কামবোৰৰ কথা৷ কৈ গ’ল ভৱিষ্যতৰ পৰিকল্পনাৰ কথা৷ বৰ্তমান তেঁও গুৰুত্ব দিছে বিশেষকৈ মিচিং পৰম্পৰাগত বয়ন শিল্পক আগুৱাই আন্তঃৰাষ্ট্ৰীয়় স্বীকৃতি দিওৱাৰ বাবে৷কাৰণ ইয়াৰ জৰিয়তে মহিলা সকলৰ অৰ্থনৈতিকসবলীকৰণ সম্ভৱ হ’ব৷লগতে ‘কিবুট্জ’ নামৰ ইজৰাইলী পদ্ধতিৰে খেতিয়ক সকলক সংগঠিত কৰি আত্মসহায়ক গোটৰ নিচিনাকৈ এক সমবায়ভিত্তিক কৃষিপাম খুলি খেতি কৰা পদ্ধতি আৰম্ভ কৰিছে৷এইবোৰৰ লাভালাভ সকলোৰে মাজত সমবিতৰণ হয়৷ তাৰ বাবে ইজৰাইলৰ বিশেষজ্ঞৰ লগত যোগাযোগ কৰিছে৷ সৰু-সৰু ভিডিঅ’ তথ্যচিত্ৰ নিৰ্মাণ কৰি ইজৰাইলত প্ৰচাৰ কৰিছে৷ চেষ্টা কৰিছে আৰু আগ্ৰহী ইজৰাইলী স্বেচ্ছাসেৱক তথা বিশেষজ্ঞ ব্যক্তিক মাজুলীলৈ অনাৰ বাবে৷
আজৰি সময়ত নিজাববীয়াকৈ গিলিয়ে অসমীয়া শিকে৷ কিন্তু হাতপুথিৰ অভাৱত ভালকৈ সুবিধা পোৱা নাই৷ ইংৰাজী ভাষাত অসমীয়া শিকাৰ হাতপুথিৰ অভাৱৰ কথা গিলিয়ে ব্যক্ত কৰিলে৷লগতে ইংৰাজীৰ পৰা অসমীয়ালৈ বা ইংৰাজীৰ পৰা অসমীয়ালৈ স্বয়ংক্ৰিয় অনুবাদ সঁজুলিৰ অভাৱৰ কথাও দুখেৰে উল্লেখ কৰিলে৷ মোৰ পৰা সহায় বিচাৰিলে৷ মই ব্যক্তিগত ভাৱে যি পাৰোঁ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ৷বৰ্তমান ইজৰাইলত থকা অৱস্থাত কোনো সহৃদয়় বন্ধুৱে গিলিক সপ্তাহত এদিন বা দুদিনকৈ অসমীয়া শিকাত সহায় কৰিব পাৰিলে তেওঁ কৃতজ্ঞ হ’ব বুলি উল্লেখ কৰিলে৷ তাৰবাবে তেওঁ ইন্টাৰনেটৰ যোগেদি স্কাইপৰ সহায় ল’ব পাৰিব৷কম্পিউটাৰত অসমীয়া লিখাৰ বাবেও আগ্ৰহী গিলি৷লগতে তেওঁলোকৰ কাম কাজৰ বাবে অসমৰ নতুন প্ৰজন্মৰ সহায় বিচাৰিছে গিলিয়ে৷ কোনোবাই গিলিক সহায় কৰিব বিচাৰিলে তেওঁ উপকৃত হ’ব৷
গোটেই ৰাস্তাটো গিলিৰ সপোন সপোন যেন লগা কথাবোৰ শুনি শুনি কেতিয়া আমাৰ বিমানে দোহা আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিলে গমেই নাপালোঁ৷ দোহাৰ পৰা গিলি যাব ইজৰাইললৈ আৰু মই যাম নৰৱেলৈ৷ মোৰ পৰৱৰ্তী বিমানৰ বাবে ২১ ঘন্টাৰ সময় থকাত বিমান কৰ্তৃপক্ষই মোৰ বাবে কাটাৰত প্ৰৱেশৰ বাবে ভিছা, থকা খোৱাৰ বাবে হোটেল আৰু বিমান বন্দৰৰ পৰা হোটেললৈ অহা যোৱাৰ বিনামূলীয়া ব্যৱস্থা কৰি দিলে৷ মইও ভালেই পালোঁ৷ মধ্য-প্ৰাচ্যৰ এখন দেশৰ অভিজ্ঞতা ল’ব পাৰিম লগতে দোহাত কৰ্মৰত আমাৰ সকলোৰে চিনাকি ডাঃ ভূপেন্দ্ৰ শইকীয়া ডাঙৰীয়াকো লগ পাম৷
বিমান বন্দৰত দুয়ো এৰা-এৰি হ’বৰ সময়ত গিলিয়ে ক’লে ‘ককাইদেউ যাওঁ, আপোনাক লগ পাই আৰু কথা পাতি ভাল লাগিল৷আকৌ লগ পাম৷’ মইও গিলিক বিদায় জনায় বিমান বন্দৰৰ বাহিৰলৈ বুলি ৰাওনা হ’লো৷ গিলিৰ কথাবোৰ শুনি মুহূৰ্ত্তৰ বাবে হ’লেও আৰম্ভণিতে উল্লেখ কৰা অসমৰ ঋণাত্মক ছবিখন পাহৰি পেলালোঁ৷
আমাৰ মাজুলীৰ ফে’চবুক পৃষ্ঠা:
https://www.facebook.com/pages/Amar-Majuli/706510102708825?fref=ts
আমাৰ মাজুলী সম্পৰ্কীয় গিলিৰ এটা চমু ভিডিঅ’ ক্লিপ:

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Chintu Haloi
7 years ago

মনপৰষা…

Sri Luku Saikia
7 years ago

পংকজ বৰা ডাঙৰীয়াৰ এই লেখাতো পঢ়ি বহুত ভাল লাগিল।মাজুলীক যে বিদেশৰ এগৰাকী মহিলায়ে ইমান ভাল পাব পাৰে এই কথা জানি অতি আনন্দিত হ’লো।মাজুলীৰ উন্নতিৰ কাৰনে যদি কাৰোবাক কিবা সহায়ৰ প্ৰয়োজন হয় তেতিয়া হ’লে সহায় কৰিবলৈ আমি প্ৰস্তুত আছো।
পংকজ বৰা ডাঙৰীয়াই এই কথা জনাৰ সুবিধা দিয়াৰ বাবে ধন্যবাদ থাকিল।