মাজুলীৰ বিননি – ডা: শিখা শৰ্মা

কিমান
কিমান কঢ়িয়াম আৰু মই
দুখৰ ভাৰ
কোনে বুজিব মোৰ
বুকুৰ হাঁহাকাৰ
চপৰা চপৰে ঘহিছে
মোৰ দেহৰ মঙহ
সংকুচিত হৈ পৰিছে আজি
মোৰ বিশাল তনু
অতীত সুষমা মোৰ
ক’ত হেৰুৱালো।

প্ৰতিটো বানতে মই
দুখৰ সাগৰত ডুবো
বিনিদ্ৰ ৰজনী
শংকাত পাৰ কৰো
কিমান সহিম আৰু বেদনা
কিদৰে ধৰি ৰাখিম
মোৰ বুকুৰ সেউজীয়া।

পৃথিৱীত হেনো পাবলৈ নাই
মোৰ দৰে নদীদ্বীপ
এতিয়া পিছে লুইতত
জাহ যাবলৈ
বেচি দিন নাই
শংকৰ মাধৱৰ কৃষ্টি
মোৰ বুকুত থাকিবনে জীয়াই?

মই বৰ অসহায়
লুইতৰ উত্তাল ঢৌৱে
মোৰ বুকু কঁপায়
কোনে দিব উপায়
আহিবনে কোনোবা
ৰাখিবলৈ মোক জীয়াই
ইতিহাস হবলৈ হয়তো
মোৰ বেচি পৰ নাই …

ইয়াতে
এইখিনিতেই আছিল
পৃথিৱীৰ বৃহত্তম নদীদ্বীপটি
নাম আছিল মাজুলী
যাক লৈ অসমে
গৌৰব কৰিছিল
আৰু আজি
মহাপুৰুষজনাৰ সৃষ্টিক বুকুত লৈ
মহাবাহুৰ কোলাত
শুই আছে নীৰৱে
চিৰদিন চিৰকাললৈ……????
☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments