মাজৰাতিৰ এপিটাফ – অভিজিৎ দত্ত

কাপোৰখন গাত মেৰিয়াই লৈ সি আগবাঢ়িল৷ কুকুৰ কেইটাই তাক দেখিলে এবাৰ ডিঙি মেলি চাই আকৌ নিৰাসক্ত হৈ পৰে৷ সি লাহে লাহে বাটটোৰ আশেপাশে চালে৷ নাই, আজি সি একোৱেই বিচাৰি নাপালে৷

হঠাৎ সি প্লাষ্টিকৰ ঠোঙা এটা দেখা পালে‌ ফুটপাথৰ কাষৰ ডাঙৰ নলাটোত৷ তাৰ শৈশৱৰ নদীখন এতিয়া মহানগৰখনৰ এক গুৰুত্বপূৰ্ণ নৰ্দমা৷ ঠোঙাটো চাই চাই সি আগবাঢ়িল৷ সেইয়া তাৰ নদীখন! ঠোঙাটো এটা শল মাছ হৈ পৰিল৷

মাছুৱৈৰ পুতেকে মাছটো ধৰিবলৈ নদীত জাপ এটা মাৰিলে৷

মাজৰাতিৰ নিস্তব্ধ মহানগৰখনৰ কোনো তাৰতময নঘটিল৷

নিঞন লাইটৰ পোহৰ একেদৰেই থাকিল৷ কুকুৰ কেইটামানে অকণমান কোঢ়াল লগাই আকৌ পথৰ দাতিকাষৰত বহি ললে৷

মাছমৰীয়াৰ পুতেক মানে মহানগৰখনৰ অপ্ৰকৃতিস্থ বৃদ্ধজনৰ দেহাটো খন্তেক সময়ৰ পিছতেই নলাটোত অচল হৈ পৰি থাকিল৷ ■■

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments