মাজ নিশাৰ হাঁহি — যাদৱ বৰা

——– হেৰা, শুনিছা ?
——– হু: ? মাজৰাতি কাৰোৱাৰ হেচুকণিত সাৰ পাই গ’লো। চকু মেলি দেখো, তেওঁ মোৰ ওচৰত বহি আছে।
——— কি হ’ল ? তন্দ্ৰালস মাতেৰে সুধিলো।
——— ব’লাচোন বাহিৰত যাওঁ। বাথৰুমত। মোৰ ভয় লাগে।
——— ব’লা।
বাথৰুমটো মূল ঘৰৰ লগত “এটাষ্টেড” নহয়। মূল ঘৰটোৰ পৰা সামান্য দূৰত। সেয়ে তেওঁ ৰাতি বাথৰুমত গ’লে মই প্ৰায়ে বাহিৰত ৰৈ পহৰা দিব লাগে।
মই বিচনাৰ পৰা উঠি গ’লো। চকুযোৰ ভালদৰে যেন মেলিবও পৰা নাই। তথাপি মোবাইলটো জ্বলাই সময়টো চালো। ১২ বাজি ২০ মিনিট। আজি সোনকালেই টোপনি গৈছিল । শোৱাৰ আগতে ফেচবুকত পোষ্ট এটা দিছিলো। পোষ্টটো দিয়াৰ পাছতে মোৰ টোপনি আহিছিল। সেয়ে কিবা নটিফিকেশ্যন আহিছেনেকি বুলি চাবলৈ বুলি ফেচবুকটো অন কৰিলো।
ৱাওঁ !!!!! ২ ঘণ্টাত ৩০০ টা লাইক। ৭৫টা কমেণ্টচ !!! কমেণ্টচবোৰ চাব ধৰিলো উৎসাহত।
——— মোবাইল চাই হেপাঁহ নুগুছেনে তোমাৰ ? দিনৰ দিনটো মোবাইলটো টিপি থাকিবাই। ৰাতি সাৰ পালেও কেৱল মোবাইলটোৱেই চাবা। সোনকালে নাহা কিয় ? মই ৰৈ থকা নাই জানো ? তেওঁ মোক চাই খঙেৰে কৈ উঠিল।
তেতিয়াহে মোৰ সম্বিত ঘুৰি আহিল! মানুহ জনী বাথৰুমত যাবলৈ দুৱাৰৰ ওচৰত ৰৈ আছে।
——— গৈছো !! গৈছো ৰ’বা !!! লৰালৰি কৈ মোবাইলটো পকেটত ভৰাই বাধ্য ছাত্ৰৰ দৰে বাহিৰলৈ ওলাই গ’লো।
ডিচেম্বৰ মাহৰ হাঁড় কঁপোৱা ঠাণ্ডা। কুঁৱলীৰ বগা চাদৰখনে আৱৰি আছে চৌদিশ। সকলো ফালে নিজম !! নিস্তব্ধ । আনকি জিলিৰ মাতো নাই। কেৱল মাজে মাজে ঘৰৰ টিনপাতত টুপুৰ টুপুৰ শব্দেৰে নিয়ৰ পৰাৰ শব্দ। পৰিৱেশটো কিৱা জয়াল জয়াল লাগিল। ইমান ঠাণ্ডা লাগিছে। সেয়ে হাত দুখন জেপত ভৰাই থওঁ বুলি ভাৱি হাত দুখন সুমুৱাইছোঁহে। এনেতে
“”” হা: হা: হা: হা: “””””
ৰাতিৰ নিৰ্জনতা ভেদি এটা পুৰুষ কণ্ঠৰ অট্টহাস্য বাজি উঠিল। কোনে ক’ৰ পৰা এনেকুৱা অট্টহাস্য কৰিলে মই একো তলকিবই নোৱাৰিলো। ভয়তে ভিৰাই ভিতৰলৈ দৌৰ মাৰিলো। তেতিয়াও কিন্তু অট্টহাস্যৰ শব্দ বন্ধ হোৱা নাছিল। এফালে হাঁহিৰ শব্দ আৰু আনফালে মোক দৌৰি যোৱা দেখি মানুহ জনীও মোৰ পিছে পিছে দৌৰি গৈ শোৱা ৰুম পালেগৈ।
ৰুমত সোমাই মই ফোঁপাইছো । তেওঁ ফোঁপাইছে। ভয়তে। দুয়ো খুউৱ ভয় খালো। এইবাৰ পুৰুষ কণ্ঠটোৱে হাহিঁবলৈ এৰি হিন্দী ভাষাত কিবা ক’লে।
তাৰমানে হিন্দী জনা ভুত !!!!
কিন্তু শব্দটো দেখোন মোৰ পকেটৰ পৰা আহিছে। হঠাৎ মনত পৰিল মোৰ মোবাইটোলৈ। লৰালৰিকৈ উলিয়াই চাই দেখোঁ, ফেচবুকত কমেডি ভিডিঅ’ এটা চলি আছে। এতিয়াহে বুজিলো মাজনিশাৰ হাঁহিৰ ৰহস্যটো।
বিচনাৰ পৰা উঠি ফেচবুকতো চাই আছিলো। তেওঁ মতাত লৰালৰিকৈ মোবাইলটো পকেটত ভৰাই দিলো। ফেচবুক অন হৈ আছিল। ঠাণ্ডা লগাত হাতটো পকেটত ভৰাই দিলো। হয়টো হাতটো লাগি SCROLL হৈ গৈ ভিডিঅ টো বাজি উঠিল। আৰু মই ভুত বুলি দৌৰিলো।
মানুহজনীয়ে মোলৈ চাই খুউৱ হাহিঁছে ।
এতিয়া মোৰ ভয় লগা নাই। হাহিঁও উঠা নাই। লাজহে লাগিছে। খং হে উঠিছে নিজৰ ওপৰত।
ছে : !!! মোক সাহসী বুলি ভাৱি থকা মানুহজনীয়ে ছাগৈ মোক এতিয়া এটা খুউৱ ভয়াতুৰ মানুহ বুলিহে ভাবিছে !!!
ছে: বৰ বেয়া কথা হ’ল !! নিজান ৰাতি হঠাৎ এটা হাঁহিৰ শব্দ শুনি ইমান ভয় খালো, যে শব্দৰ উৎসটো চাবলৈও মোৰ ধৈৰ্য নহ’ল…!!! আচলতে হাহিঁৰ উৎসটোনো ক’ৰ পৰা আহিছে !!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক