মাটিত মিলি যাবৰ বাবেই জীৱন (কৌস্তুভমণি শ‌ইকীয়া দত্ত)

মাটিৰ স’তে মিলি গ’লেই
পৃথিৱীক নিজৰ কৰি পোৱাৰ
অসংযমী এক স্পৰ্শসুখত
মই বুৰ যাম।
চুই চাম পৃথিৱীৰ শৰীৰ
মোৰ শৰীৰৰ আৱেদনময়তাত
আকাশত ওলমি থকা
মেঘবোৰ নামি আহিব,
নামি আহি মোক উটুৱাই নিব
নৈৰ সোঁতৰ স’তে উটিম
গৰ্জনমুখৰ জলপ্ৰপাতত খহিম
মিলি যাম সাগৰত
জীৱনৰ লোণেৰে লুণীয়া হৈ।
বৰফাবৃত্ত শৃংগৰ নিঃসংগতাই
মোক খুলি খুলি খাব
বুকুত ভূগৰ্ভৰ উত্তাপ লৈ
মই নিশ্বাস এৰিম
বৰফ গলিব
বৰফ গলিব।
সেউজীয়া উপত্যকা
ৰূপালী মৰুভূমি
অৰণ্য
জনপদ
আগ্নেয়গিৰি
নৈ – সকলোতে মই।
ঘৰ পাবলৈ উত্ৰাৱল
এজাক পৰিভ্ৰমী চৰাই
উৰি যাব মোৰ ওপৰেৰে
মই চাই ৰ’ম
মই চাই ৰ’ম।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক