মাটিৰ চাকি ( অনামিকা বৰুৱা )

matir saki

লেখকঃ চৈয়দ আব্দুল মালিক
প্ৰকাশকঃ ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
নতুন সংস্কৰণঃ অক্টোবৰ, ১৯৯৭
ৰচনাকালঃ ৭/২/৫৭-২১/৫/৫৭
ISBN 81-86494-69-3
মূল্যঃ ৪৫.০০ টকা

…… “মাটিৰ চাকি” এখন সামাজিক উপন্যাস। জবা এজনী আত্মভিমানী যুৱতী। নিজৰ পৃথিৱীত নিজক লৈয়ে মচগুল। সৰু জীৱনটোক সৰু সৰু মান অভিমানেৰে আবৰি ৰাখে। বৰ বেছি দাবী নাই তাইৰ। মাথোঁ মূৰ দাঙি জীয়াই থাকিব খোজে। মাকৰ লগত থকিলেও তাই প্ৰায় অকলশৰীয়া। জবাই মাকৰ উপাৰ্জনৰ বস্তু ব্যৱহাৰ নকৰে। অপ্ৰয়োজনত মাকৰ সৈতে বৰকৈ কথা-বতৰাও নাপাতে। সংগীত-বিদ্যালয়ৰ সামান্য উপাৰ্জনেৰে জবাই নিজৰ নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ জোৰা মাৰে। জবাৰ মাক জয়া ভাইচ-চেয়াৰমেন মাধৱ চলিহাৰ ৰক্ষিতা।
…….. জগন্নাথ চৌধুৰী আছিল এজন সৰু জমিদাৰ, এজন নামকৰা বিখ্যাত উকীল আৰু ব্যৱসায়-বুদ্ধিসম্পন্ন এজন গণ্যমান্য ভদ্ৰলোক। ধনী, আঢ্যৱন্ত পিতাকৰ পঞ্চম পুত্ৰ হিৰণ্য সৰুৰে পৰা অলপ স্বাধীনচিতীয়া, আপোন খুছিমতে চলা ধৰণৰ আছিল। মেট্ৰিক পাছ কৰাৰ পাছত নানা কিছু কৰিলে। কিছুদিন নাচৰ চৰ্চা কৰিলে, আমনি লাগিল; বাঁহী বাজোৱা শিকিলে, কিন্তু চহৰীয়া জীৱনত বাঁহী বজাই সময় কটাবৰ অৱসৰ নাই বুলি অভ্যাস প্ৰায় এৰি দিলে। সৰুৰে পৰা খেলা-ধূলাত ৰাপ আছিল, টেনিচ ভাল খেলিছিল, কিন্তু সদায় খেলাতে লাগি থকিলে অন্য কাম একো নহয় বুলি ধাৰণা কৰি খেলাও কমাই দিলে। তাৰ পিছত ভ্ৰমণ কৰোঁ বুলি মাকৰ পৰা টকা লৈ ওলাই গৈ চাৰি বছৰৰ মূৰত ঘূৰি ঘৰ ওলালহি।
……. এই চাৰি বছৰত হিৰণ্যই পশ্চিম ভাৰতৰ কোনোবা এটা আৰ্ট স্কুলত ছবি অঁকা অধ্যয়ন কৰিলে। কিন্তু তাৰপৰা শেষ শিক্ষা লাভ কৰি ডিগ্ৰী ডিপ্লোমা লৈ আহিবৰ ধৈৰ্য নাছিল। কিছুদিন আগতে গুচি আহিল।
ঘৰ চলোৱাৰ দায়িত্ব, বিয়াৰ বান্ধোনত সোমোৱাৰ দায়িত্ব স্বীকাৰ কৰিব নোৱাৰি অন্য এখন চহৰত আৰ্ট ষ্টুডিঅ’ খোলাৰ সংকল্প লৈ ঘৰৰ পৰা ওলাই আহিল হিৰণ্য। অচিনাকি চহৰখনত কম দামৰ ভাড়া ঘৰ এটা বিচাৰিয়ে জয়াহঁতৰ ঘৰ ওলাইছিলগৈ। কিন্তু দুজনী মাইকী মানুহৰ বাহিৰে আন কোনো নথকা ঘৰখনত থাকিবলৈ টান পালে। তাতে জয়াই ঘৰ ভাড়া নিদিয়াকৈ থাকিবলৈ প্ৰস্তাব দিয়াত হিৰণ্য আৰু সেইমুৱা নোহোৱা হ’ল।
……চিগাৰেট বিচাৰিবলৈ গৈ লগ পালে পৰীক। এজনী তেৰ-চৌধ্য বছৰীয়া ছোৱালী। মাকমৰীয়া ছোৱালীজনী নানাকৰ লগত থাকে। হিৰণ্যই ভাড়াঘৰ বিচৰা বুলি গম পাই পৰীৰ নানাকে তেওঁলোকৰ ঘৰৰ ওপৰত থকা খালি ঘৰটোকে হিৰণ্যক দেখুৱাবলৈ ক’লে। ঘৰনো কি আৰু ১৮ দীঘল ১২ ফুট বহল কোঠা এটা। দুৱাৰ খিৰিকীবোৰ ভাল। মজিয়াখন কাঠৰ। হিৰণ্যৰ নতুন ঘৰটোৰ বয়-বস্তুবোৰ থান-ঠিত লগোৱাত পৰীয়ে সহায় কৰি দিলে। নানাকৰ ওপৰত অভিভাৱকত্ব খটোৱা পৰীয়ে হিৰণ্যৰ ওপৰতো তাইৰ শাসন চলাই দিলে বিনা দ্বিধাই। হিৰণ্যয়ো ভাল পালে নিঃস্বাৰ্থ সৰল মনৰ পৰীৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ৷
…… মাধৱ চলিহাৰ ছোৱালী নমিতা ভাল ছোৱালী। সাত বছৰ ভাৰতৰ বহু ঠাইত বহু বিশ্ববিদ্যালয়ৰ সোৱাদ লৈ বি.এ. পাছ কৰি ঘৰতে আছে। পবন দত্ত নমিতাৰ পাণিপ্ৰাৰ্থী। পবনৰ ব্যক্তিত্ব নমিতাৰ ভাল লাগে। কিন্তু হিৰণ্যক লগ পোৱাৰ পাছত নমিতাৰ মনত আউল লাগে। হিৰণ্যৰ ছবিৰ ৰংবোৰে, সপোনবোৰে নমিতাক দিশহাৰা কৰে। ইপিনে হিৰণ্যৰ সপোনত ব্যাঘাত জন্মায় জবাই। হিৰণ্যৰ মনলৈ ভাৱৰ জোৱাৰ আহে। ৰং আৰু তুলিকা; জীৱন আৰু জীৱিকা। ছবি আঁকি জীৱিকা অৰ্জন কৰাতো জানো ইমান সহজ! নদী, আকাশ, পৰী, নমিতা, জবা, ৰাধা…… গোটেইবোৰ একাকাৰ হৈ যায়! ৰাধা দেহোপজীৱিনী। হিৰণ্যই সহ্য কৰিব নোৱাৰে ৰাধাক, অন্তৰেৰে ঘিণ কৰে। পৰীকো খং কৰে ৰাধাৰ লগত কথা পতা দেখিলে। কিন্তু ৰাধাৰ চেতাৰৰ সুৰে হিৰণ্যক উন্মনা কৰে।
…….জবাই কপোৰত ফুল তোলে, চুৱেটাৰ গুঁঠে। জাফৰে সেইবোৰ বজাৰত বেচি আনি তাইক পইচা দিয়ে। জবাই মাকলৈ ভয় কৰে, মাকলৈ তাই যিমান ভয় কৰে পৃথিৱীৰ আন কোনো মানুহলৈ সিমান ভয় নকৰে। প্ৰতি মুহূৰ্ততে তাই সন্ত্ৰস্ত হ’বলগীয়া হয়- মাকে তাইক কোন পথে ক’লৈ নিয়ে, নিবৰ চেষ্টা কৰে –এই ভাবি। জয়াই জবাৰ কথা ভাবে। দিনে দিনে জবা শুকাই-খীণাই গৈছে। তাকে দেখি জয়া উদ্বিগ্ন হৈ উঠে। জবাৰ কাৰণে কিবা কৰিব খোজে। উপায়হীন হৈ জাফৰৰ হাতত জবাৰ কাৰণে মনে মনে টকা দিব খোজে। কিন্তু জাফৰো জবাৰ দৰেই। ফাঁকি দিব নাজানে। জয়া নিৰস্ত্ৰ হয়। আগতে কৰি অহা ভুলৰ শুধৰণি নাই। কিন্তু সকলোৰে ঘৃণা সহ্য কৰিলেও জবাৰ ঘৃণাই জয়াক মাৰাত্মকভাৱে আঘাত কৰে।
…….শিল্পী হিৰণ্যক প্ৰেমিক হিৰণ্য কৰাৰ অধিকাৰ আছে নে নাই জবাই ভাবি থাকে। নমিতাই হিৰণ্যক তাইৰ এখন পৰ্ট্ৰেইট আঁকিবলৈ দিয়ে। সৰহকৈ মাননী পোৱাৰ বাবদ হিৰণ্যই সেইখন আঁকিবলৈ গাত লয়। হিৰণ্যক টকা লাগে জীয়াই থাকিবলৈ। জবাৰ অসুখৰ চিকিৎসা কৰোৱাবলৈ। জবাই কৈছে তাইৰ টি.বি. হৈছে। ভাল ডাক্তৰৰ হতুৱাই পৰীক্ষা কৰোৱা দৰকাৰ, আৰু তাৰ কাৰণে কিছু টকাৰ দৰকাৰ। নমিতাই হিৰণ্যৰ ছবিৰ প্ৰদৰ্শনী পাতে। ৰাধাই চল্লিশ টকাৰে ৰজা হৰিশচন্দ্ৰ আৰু শৈব্যাৰ ছবিখন কিনে।
…….নাইনিতালৰ চেনিটাৰীয়ামত জবাৰ কাৰণে ফ্ৰী চীট এটা পোৱা গৈছে। জবাৰ অসুখ দেখুৱাবলৈ লাগিব বুলি পৰীয়ে তাইৰ সাঁচতীয়া চুঙাটো কাটি তাৰ টকা কেইটা হিৰণ্যক ল’বলৈ কৈছে। হিৰণ্যই মনে-প্ৰাণে ঘিণ কৰা ৰাধাই তাইৰ সমস্ত জমা পূঁজি নিঃস্বাৰ্থভাৱে সঁপি দিব খোজে জবাৰ চিকিৎসাৰ নামত। হিৰণ্যক কয় -“সেইয়া তাইৰ অসৎ উপায়েৰে অৰ্জা ধন নহয়, বৌটিৰ সাঁচতীয়া মণিধাৰ বেচা পইছাহে। এই পইছাকেটাক যেন তেওঁ ঘিণ নকৰে।” লাহে লাহে ৰাধাই তাইৰ পংকিল পথ এৰি পেলায়। নমিতাই পবন দত্তৰ লগত বিয়াত বহাৰ সিদ্ধান্ত কৰিব নোৱাৰিলে। দেউতাকৰ আগত ক’লে “জীৱনত ধনী হোৱাতকৈ সুখী হ’ব খোজে!” জাফৰ, মোস্তাক, পৰী, মেহমুদ, জয়া, নমিতা সকলোকে এৰি হিৰণ্য জবাক লৈ ৰেলত উঠে নাইনিতাললৈ বুলি। জীৱন মানেইতো প্ৰেম, বিশ্বাস, আস্থা, সুখ, দুখ, বেদনা……। কোনেও নজনাকৈয়ে হিৰণ্যহঁত যোৱা ৰেলখনৰ ত্বতীয় শ্ৰণীৰ দবা এটাত বিছনা পত্ৰ লৈ ৰাধা আহি বহিলহি……

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক