মাটি – উত্তম কুমাৰ বৰদলৈ

মাটিয়ে পোৰা মঙহৰ ছাঁই খায়
মাটিয়ে মৰা মঙহ খায়৷

মাটিত ফুল
মাটিত ফল
মাটিতেই শস্য

মাটিত গৰু-গাহৰিৰ বিষ্ঠা
মাটিতেই গছ

মাটিতেই মন্দিৰ
মাটিতেই মচজিদ
মাটিতেই গীৰ্জা
ধৰ্ম তাত আলোচ্য

ভোকৰ বজাৰত ৰাম
ভোকৰ বজাৰত মহম্মদ
ভোকৰ বজাৰত আব্ৰাহাম
ধৰ্ম্ম নহয় তাত বিচাৰ্য

মাটিতেই গছ
গছৰ ছাঁত ৰাম, মহম্মদ, আব্ৰাহাম বহে
গছৰ শিপা মাটিতে থাকে৷

বৈজয়ন্তী, চবনম, ৰ’জলিনাই
ফুল ভাল পাওঁ বুলিয়েই কয়
ফুল যে মাটিতেই হয়৷

মাটিয়ে পোৰা মঙহ খায়
ৰাম স্বৰ্গলৈ যায়
মাটিয়ে মৰা মঙহ খায়
মহম্মদ বেহেস্তলৈ যায়
আব্ৰাহাম এই মাটিতে নাইকিয়া হয়
এতিয়া হেভেনত তেওঁৰ ঘৰ – সকলোৱে কয়
মাটিৰ কথা কিন্তু কোনেও নকয়
মাটিয়ে কিন্তু জানে মঙহ আৰু ছাঁইৰ সঠিক পৰিচয়

মৃত্যুৰ পাছতেই
নুমাই যোৱা নামবোৰৰৰ পাছত – সঁচাকৈয়ে জানো লিখিব পাৰি?
“স্বৰ্গীয়!”

তোমালোকে মোক খং নকৰিবা
আকৌ সুধিছোঁ —
“ক’ত সেই ইন্দ্ৰৰ স্বৰ্গ?”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক