মাটি (নয়নমণি শৰ্মা ৰিকু)

মাটি

নয়নমণি শৰ্মা ৰিকু

“ৰাজখোৱাৰ কি হ’ল আজি? দহ বাজি পাঁচ মিনিট পাৰ হ’ল। তেওঁৰচোন দেখা-দেখিয়েই নাই। তেওঁৰ লগত বিছ বছৰ একেলগে কাম কৰিলোঁ। কাহানিওটো এনে হোৱা মনত নপৰে। ঠিক নটা পঞ্চাছত তেওঁ অ’ফিচ হাজিৰ হ’বই।” – গড়কাপ্তানি বিভাগৰ কনিষ্ঠ সহায়ক আহমেদে আচৰিত হৈ ক’লে সহকৰ্মী হাজৰিকাক।
হাজৰিকাই আহমেদৰ কথাত কিবা এটা ক’ম বুলি ভাবোতেই বৰবাবু অফিচ পালেহি।
“কি হ’ল ছাৰ, আজি…….???”
“নহয় হে, মাটি অলপ কিনিলোঁ….”- ৰাজখোৱাক কৈ শেষেই কৰিব নিদিলে আহমেদে।
“মাটি? এই মহঙা বতৰত মাটি?? পাৰ্টি লাগে। ঐ ডেকা…. ডেকা।”
চতুৰ্থ শ্রেনীৰ কৰ্মচাৰী ডেকা উধাতু খাই সোমাই আহে।
“কি হ’ল ছাৰ?”
“ডেকা, আজি খানা! আপুনি ৰান্ধিব লাগিব। বৰবাবুৰ মাটি লোৱা খানা!”
“ৰ’বাচোন, মোৰ কথা শুনি লোৱা আগতে।”
“আপোনাৰ কোনো কথাই শুনা নহ’ব আজি।”
এনেতে বছ মানে বৰা সোমাই আহে- “কি হ’ল আপোনালোকৰ?”
“বৰবাবুৱে মাটি কিনিলে ছাৰ। আজি খানা দিব তেওঁ।”
“নহয় ছাৰ মানে..” – ৰজখোৱাই কিবা কব খুজিলে।
ইঞ্জিনিয়াৰ বৰাই তেওঁৰ কথাত বাধা দি ক’লে—“আজি খানা হ’বই লগিব ৰাজখোৱা। আহমেদ হিচাব কৰক।”
“নহয় ছাৰ, মোৰ কথা শুনকচোন…….।”
“টকা শেষ?? সাধাৰণ কথা। মাটি কিনাৰ পাছত কাৰো হাতত টকা নাথাকে। বাৰু এতিয়া মই দি দিছো, দৰমহা হ’লে দি দিব।”
বৰাই দুহেজাৰ টকা আহমেদক দিলে। ৰাজখোৱাই নিৰৱে গৈ নিজৰ চকীত বহিলগৈ।
খানা হৈ গ’ল। লোকেল মূৰ্গী, ৰৌ মাছ আৰু বহুত কিবা-কিবি।
“বাৰু কওকচোন মাটি ক’ত ললে?” – ইঞ্জিনিয়াৰ চাহাবে ৰাজখোৱাক সুধিলে।
“নহয় ছাৰ, মানে….”
“কি হ’ল??”
“মানে ছাৰ, মোৰ ভাড়াঘৰৰ সন্মুখত ডাঙৰ ডাঙৰ দুটা গাঁত। শ্রীমতীয়ে বহুদিনৰ পৰা খেচখেচাই আছিল। আজি সেয়ে একগাড়ী বালিমাটি কিনিছিলো। তাকেই আপোনালোকে…….”
ৰাজখোৱা লাহে লাহে অফিচৰ পৰা ওলাই আহিল। কাহানিও এক পইচা ঘোঁচ নোখোৱা বৰবাবু ৰাজখোৱাই মনতে ভাবিলে “ল’ৰা-ছোৱালীহালক বহুদিন লোকেল মূৰ্গী অকণ খুৱাব পৰা নাই…….।“

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক