মাটি (-ৰক্তিম গোস্ৱামী)


তেজবোৰত সেউঁজীয়া হৈ
গজি উঠিছে পথাৰখন

বোকাবোৰ কলিজাত থুঁপ খাই
শৰীৰটো জীপাল কৰি তুলিছে

কেঁচুৰ দৰে মাটি খান্দি বিচাৰিছো
হৃদয়ৰ পৰা গৰ্ভৰ বাট
চৰাইটো ডাৱৰ বোৰৰ লগত
গলি মোৰ দুচকুত পৰিল,
চাই থাকোতেই মিলি গ’ল
মাটিৰ লগত
মোৰ শ্বাস-প্রশ্বাসত
কিবা এটা নতুন গোন্ধ
ঠিক পথাৰখনৰ দৰে
বোকাৰে লুকুৱা আঙুলিবোৰত
টুকুৰা টুকুৰ মোৰ প্রতিবিম্ব
স্থিৰ, শান্ত

‘হেঁপাহবোৰ’ জাক পাতি উৰিছে
ঘৰমূৱা ৰঙা আকাশখনৰ ফালে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments