মাতৃঃ মিনুৰেখা গগৈ

সন্ধ্যা লাগোঁ লাগোঁ ক্ষণ । নৰসিংহৰ হাতত হিৰণ্যকশিপু বধ হোৱাৰ ক্ষণ । এই ক্ষণত ঘৰৰ ডাঙৰ সকলে সৰুসকলক ঘৰৰ বাহিৰত বহি থাকিবলৈ নিদিয়ে বা ঘৰৰ ভিতৰত শুই থাকিবলৈও নিদিয়ে । শুই থাকিলে কয় –তিনি গধূলি লগাৰ পৰত শুই নাথাকিবি ,উঠ উঠ ,প্ৰাৰ্থনা এটাকে গা-হি ।

অৰুণিমাক কিন্তু এতিয়ালৈকে কোনেও কোৱাহি নাই ঘৰৰ ভিতৰলৈ উঠি যাবলৈ ।পুখুৰীৰ পাৰৰ ৰহদৈ গছজোপাৰ চিকুণাই থোৱা ওখ ঢিপটোত বহি আঁঠুদুটাত মুখ গুজি বহি থকা বেছ কিছুপৰ হ’ল তাইৰ । মনৰ ভিতৰত তাইৰ এখন তয়াময়া যুদ্ধ চলিছে । সেই যুদ্ধৰে বহিঃপ্ৰকাশ ঘটাই তাই অলপ আগতে স্বামীৰ ঘৰৰ পৰা আহি মাকৰ ঘৰত সোমায়েই চিধাই আহি পাছফালৰ পুখুৰীৰ পাৰৰ এই ঠাইখিনিত বহি আছেহি । মাকে তাইৰ পিছে পিছে আহি সুধিছিলহি –অৰুণি কি হৈছে তোৰ ,কি হৈছে তোৰ বুলি । কিন্তু তাইৰ গালি খাই মাক ভিতৰলৈ গুচি গ’ল । ভিতৰৰ পৰা মাজে মাজে তাইক ভুমুকিয়াই চোৱা দৃষ্টিগোচৰ হৈছে তাইৰ । বেচেৰী নিমাখিত মাকজনী ,যিয়ে যি কয় তাকেই বিশ্বাসত লোৱা আজলী মাকজনীলৈ তাইৰ বেয়া লাগিবলৈ ধৰিলে । অজয়ৰ লগত তাইৰ বিয়াখন পাতি দিয়াতকৈ তাইক টেঁটু চেপি মাৰি নেপেলালি কিয় বুলি আহিয়েই তাই যিটোহে দম দিলে মাক সেইভাজেই নিতাল মাৰিলে । অজয়ৰ স’তে তাইৰ বিয়াখন জানো কেৱল মাকৰ কাৰণেই হৈছিল ?

অৰুণিমাৰ হৃদয়ত চলি থকা যুদ্ধখন হ’ল বিশ্বাস আৰু সমন্ধৰ যুদ্ধ ।
প্ৰেম আৰু ভৰসাৰ যুদ্ধ ।

অৰুণিমাই ভাবি উলিয়াব পৰা নাই কিমান ওচৰত পালে বাৰু এজনে আন এজনৰ মনৰ ভিতৰৰ অলিগলি সকলো চিনিব পাৰে ? তাইতো অজয়ৰ মনৰ ভিতৰখন চিনিয়েই নাপালে । কিমান দিন লাগে এজনে আন এজনৰ হৃদয়খন অধিকাৰ কৰি হৃদয়ত এখন ঘৰ সাজিবলৈ ? অজয়ৰ জীৱনটোহে তাই অধিকাৰ কৰিলে ,হৃদয়খন দেখোন স্পৰ্শ‌ই কৰিব নোৱাৰিলে । অজয়ৰ হৃদয়ত তেনে এখন ঘৰ সজাৰ বাসনাৰে সুদীৰ্ঘ আঠটা বছৰ পাৰ কৰিলে তাই একেখন চালৰ তলত একেটা কোঠালীতে স্বামী-স্ত্ৰীৰ সম্পৰ্কেৰে বাস কৰি । তথাপি অজয়ৰ হৃদয়ত তাই ঘৰ সাজিব নোৱাৰিলে । তাই এনেয়েহে ভাবি আছিল সজা বুলি । লোককে দেখুৱাই যিখন ঘৰত তাই অজয়ৰ পত্নী ৰূপে বাস কৰিছিল সেইখন ঘৰ আছিল তাচপাতৰ ঘৰৰ দৰেহে –ভেটি নাইকিয়া । হৃদয়ত তেওঁৰ এখন বেলেগ ঘৰ আছে । সেইখন ঘৰৰ দুৱাৰখনো তেওঁ কেতিয়াও খুলি নেদেখুৱায় অৰুণিমাক ।

অৰুণিমাৰ মনে বিদ্ৰোহ কৰি উঠিছে । চটফটাই উঠিছে তাইৰ চাতকী হৃদয়। নথ’লেই যেনিবা তেওঁৰ হাততে হাত , নজ্বলিল যেনিবা এশ এগছি চাকি বিয়া নামৰ এক অনুষ্ঠানত ,অজয়তো তাইৰেই পতি বুলি সকলোৱে জানে । অজয়ৰ নামৰ সেন্দূৰেৰে সেওঁতা বোলাই তাই আজি আঠ বছৰে কি এক সৰল বিশ্বাসেৰে তেওঁৰ সেৱা কৰি আহিছে মনমন্দিৰৰ মণিকোঠাত তেওঁকে বহুৱাই ।
কিয় ?
বুঢ়ামেথাক সাক্ষী কৰি তেওঁকে পতি বৰণ কৰা বাবেইতো ।
ভুল ,সকলো ভুল । সকলো মিছা । অৰুণিমাৰ পৰিচয় মাথো অজয়ৰ সন্তানৰ মা হিচাপেহে । অজয়ে পৰিয়ালৰ বুঢ়ামেথাক সাক্ষী কৰিহে তাইক পত্নীৰ স্বীকৃতি দিছে ,নিজৰ আত্মাক সাক্ষী কৰি নহয় । তেওঁৰ আত্মাৰ লগৰী ৰাস্নাবাইদেউহে । তাই নহয় ।

এটা সময়ত মহ- ডাঁহৰ কামোৰ খাই খাই অতীষ্ঠ হৈ অৰুণিমা নিজেই ঘৰৰ ভিতৰলৈ সোমাই আহিল । দেউতাকো বজাৰৰ পৰা আহি ঘৰ সোমাইছেহি । বজাৰৰ মোনাখনৰ পৰা দেউতাকে শাক-পাচলিৰ ওজন জোখা দগা-পাল্লাযোৰ উলিয়াই নিৰ্দিষ্ট ঠাইত থৈ পলিথিনৰ টোপোলা এটা মাকৰ হাতত দি ক’লে ,
ঃ চিতল মাছ কেইচকলমান আনিছোঁ অ’ ,আজি বিক্ৰী বাৰ্তা ভাল আছিল ,ইহঁত দুটাইও চিতল মাছ বায়েকৰ ঘৰতহে খাই পায় ,ঘৰলৈতো অনাই নহয় যিহে দাম ।ৰান্ধিব জানিবিনে ? নাজান যদি অৰুণিকে দিবি ৰান্ধিবলৈ ।
ঃ ৰান্ধিব দিয়ক তাই । অহাৰ পৰা মাত এষাৰকে মতা নাই । কি হৈছে সুধিলেও নকয়।

মাকৰ কথাত দেউতাক আচৰিত হ’ল । অৰুণিমাৰ ওচৰলৈ গৈ তেওঁ সুধিলে তাইক,
ঃ কি হ’ল অৰুণি ? ত‍ই অকলে আহিছ নেকি ? জান -সোণ ক’ত ?
ঃ মই সকলোকে এৰি থৈ আহিছোঁ দে’তা । জান-সোণ ডাঙৰ হ’ল ,এতিয়া মই নহ’লেও চলিব পাৰিব সিহঁত । মই আৰু তাত নাথাকোঁ ।
ঃ কি কৈছ ত‌ই গম পাইছনে ? তোকতো আমি জোৰকৈ বিয়া দিয়া নাছিলোঁ । ত‌ই নিজৰ ইচ্ছাৰে সন্মতি দিছিলি । বৰমাৰে কি বুলি ভাবিব তোক ? আজি ৰাতি হ’ল থাক ,কাইলৈ পুৱাই ত‌ই গুচি যাব লাগিব কৈ দিলোঁ ।

সিদিনা ৰাতি ভাত নোখোৱাকৈয়ে অৰুণিমা পাটীত পৰিল । ভায়েক আৰু দেউতাকে দুটেপামান খালে যদিও মাকে এটেপাও নাখালে । একমাত্ৰ ছোৱালীজনীয়ে নিজৰ ভৱিষ্যত বিপন্ন কৰি ঘৰ সোমাইছেহি ,দুঃশ্চিন্তাত তেওঁৰ অন্তৰখন বিদীৰ্ণ হৈ উঠিছে । কেনেকৈ ভাত খায় তেওঁ ? আন্ধাৰ ঘৰখনত এগছি বন্তি জ্বলাইছিল ছোৱালীজনীয়ে । এতিয়া সেইগছি বন্তি নুমাওঁ নুমাওঁ । সৰু ভায়েকে বায়েক অহা দেখি মাকক মনে মনে কুটুৰি আছিল—মা ,মা বাইক ক’বিচোন মোক এটা মবাইল ফোন লাগিছিল বুলি ।

মাকে একধমক দি তাক শুবলৈ পঠিয়াই দিলে । তাই ও চকুমুদি শুৱাৰ দৰে আছে যদিও টোপনি অহা নাই । অজয়ক প্ৰথম দেখাৰ কথাবোৰ আৰু তেওঁক পাবলৈ মহাদেৱক কৰা স্তুতিবোৰৰ কথাবোৰ মনত পৰিবলৈ ধৰিলে ।
অজয়ক তাই প্ৰথম দেখিছিল বৰদেউতাকৰ ঘৰত । বৰদেউতাক মানে নিজৰ বৰদেউতা নহয় যদিও নিজতকৈও বেছি আপোন । বৰদেউতাকৰ জীয়েক ৰাস্নাবাইদেউ তাইতকৈ সাতবছৰমান ডাঙৰ ,তাইক বৰ মৰম কৰিছিল ৰাস্নাবাইদেৱে । অৰুণিমাৰ ঘৰখন আছিল ডালদৰিদ্ৰৰ ঘৰ । তাইৰ দেউতাকে আৰ-তাৰ ঘৰত দিনহাজিৰা কৰি কৰি সিহঁতৰ পৰিয়ালটো পোহপাল দিছিল । ৰাস্নাবাইদেউ হঁতৰ ঘৰতে বেছিভাগ কাম কৰিছিল অৰুণিমাৰ মাক-দেউতাক দুয়োজনে । সেইসূত্ৰে সৰুৰেপৰাই তাই ৰাস্নাবাইদেউৰ ঘৰলৈ অহা-যোৱা কৰিছিল । তাইক বাইদেৱেকে নিজলৈ সৰু হোৱা ধুনীয়া ধুনীয়া কাপোৰবোৰ দি দিছিল । নিজৰ নেইলপলিচ দিছিল লগাবলৈ ,নিজে ব্যৱহাৰ কৰা সকলো বস্তৱেই তাইক ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ দিছিল তাই । বৰ মৰমীয়াল আছিল বাইদেউজনী । বায়েকে তাইৰ সন্মুখতে মাকক কৈছিল–এইজনী ইমান ধুনীয়া হৈ ক’ত জন্ম ল’লে চোৱাচোন মা । এই জন্ম হ’ব লাগিছিল আমাৰ ঘৰতহে ,মোৰ নিজৰ ভনী হৈ ।
বৰমাকে কৈছিল—এতিয়াও চোন তাই তোৰেই ভনী ।

ৰাস্নাবাইদেউৰ দাদাক সত্যেনদাদা ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িছিল আৰু অজয়ো সত্যেনৰ লগতে পঢ়িছিল । কেতিয়াবা কেতিয়াবা অজয় সত্যেনৰ লগত বৰদেউতাকৰ ঘৰলৈ থকাকৈ আহিছিল । দেখিবলৈ ধুনীয়া ল’ৰাজনক প্ৰথম দেখিয়েই অৰুণিমাই তধা লাগি লাগি চাইছিল । কেতিয়াবা চাই থাকোঁতে ৰাস্নাবাইদেৱে দেখি কৈছিল —ঐ কি চাই আছ ? পছন্দ হৈছে নেকি অজয়ক ? বিয়াই পাতি দিব পাৰিলোঁহেঁতেন ,ত‌ই বহুত সৰু হ’বি নহয় । নাইনলৈকে পোৱা নাই এতিয়াও । মোৰ সমান হোৱা হ’লেও মিলিলিহেঁতেন বুইছ ।

অৰুণিমাই লাজতে তেতিয়া আধামৰা হৈছিল । পিছলৈ তাই আৱিষ্কাৰ কৰিলে ৰাস্নাবাইদেউৰ লগতহে অজয়ৰ ভালপোৱা আছে । তাৰ পিছৰ পৰা তাই হৃদয়ত এখন ঢাকোন লগাই ৰাখিবলৈ ধৰিলে । অৰুণিমাই নিজৰ ঘৰখনৰ অৱস্থা তেতিয়াহে ভালকৈ উপলব্ধি কৰিলে । ইমান এখন ভাল ঘৰৰ ল’ৰাই নিজৰ যোৰৰজনীক ভাল নাপাই তাইক কিয় পাব বাৰু । তাইতো এজনী ঘনচিৰিকাহে ,ৰাজহাঁহৰ পাখি গাত গুজি জানো তাই ৰাজহাঁহ হ’ব পাৰিব ?

ৰাস্নাবাইদেউ আৰু অজয়ৰ অবাধ মিলামিছাবোৰ দেখি দেখি তাই কাতৰ হৈ উঠিছিল । যৌৱনৰ প্ৰথম পছন্দ অজয়ক পাহৰাটো সম্ভৱ নাছিল তাইৰ বাবে । বৰদেউতাক -বৰমাক দুয়োজনেই চাকৰিয়াল আৰু সামাজিক জীৱনত ব্যস্ত মানুহ । ঘৰলৈ অজয় আহিলে বৰমাকে ৰাস্নাবাইদেউৰ প্ৰহৰী কৰি অৰুণিমাকে ঘৰত থৈ থৈ গৈছিল । আৰু কথাৰ কোবত সিহঁতে যেতিয়া হাঁহি -হাঁহি ইটোৱে সিটোৰ গাত গা লগাই লগাই আপোনপাহৰা হৈছিল ,তাই তেতিয়া ওচৰৰ অইন ৰুমত অকলে অকলে বায়েকৰ কিতাপবোৰ পঢ়ি আত্মবিভোৰ হৈ থাকিছিল । ৰাস্নাবাইদেউৰ সংগ্ৰহিত সকলোবোৰ উপন্যাস তাই তেনেকৈ পঢ়ি শেষ কৰি পেলাইছিল ।

ৰাতি দুপৰ হ’ল । ঘৰৰ সকলোবোৰ টোপনিত লালকাল । সাৰে আছে বাহিৰত চিঞৰি থকা জিলি -কুমতিবোৰ ।
আৰু ভিতৰত তাই ।
কিছুপৰলৈকে মাক আৰু ভায়েকৰ অস্পষ্ট কথোপকথন তাইৰ কাণত পৰিছিল । সি কিজানি আৰু কলেজত পঢ়িব নোৱাৰিম বুলি ভয় খাইছে । অজয়ৰ স’তে বিয়া হোৱাৰ পাছৰ পৰা মাকৰ ঘৰখনৰ দায়িত্ব অজয়েই কান্ধ পাতি লৈছিল । দেউতাক টোপনি গ’ল । দিনহাজিৰা কৰাৰ পৰা অব্যাহতি পাই তেওঁ চহৰত এখন পাচলিৰ দোকান দিছে । দিনটো দোকানত থাকি গধূলি ঘূৰি আহি ভাগৰুৱা হৈ পৰে তেওঁ ।

বিছনাখন খালী খালী লাগিছে অৰুণিমাৰ ।জান আৰু সোণৰ অবিহনে ক’তো তাই ইমানদিনে নিশা কটোৱা নাই । যমজ সন্তানহাল দুফালে দুটা শুৱাই ডাঙৰ বিছনাখনত তাই অকলে শুৱে । ইকাতি কৰিলে এটাক সাৱটি আৰু সিকাতি কৰিলে আনটোক সাৱটি তাই টোপনি যায় । মাকৰ ঘৰৰ এই বিছনাখন তেনেই সৰু যদিও আজি বৰ ডাঙৰ আৰু বৰ খালী বোধ হ’ল তাইৰ । জান আৰু সোণে বাৰু শুব পাৰিছেনে —শুৱাইছে চাগৈ দেউতাকে । নিজৰ সন্তানৰ লগত কৰক অলপ কষ্ট । তেওঁনো কোনদিনা টোপনি খতি কৰিলে সিহঁতৰ লগত ? তাইহে জন্মৰেপৰাই সিহঁতক ডাঙৰ-দীঘল কৰিছে । সিহঁতৰ বাবেই নিজৰ সৰ্বস্ব ত্যাগ কৰিছে ।

কাইলৈ পুৱাতেই অৰুণিমাক তাইৰ দেউতাকে নিজৰ ঘৰলৈ গুচি যাবলৈ কৈছে যদিও তাই নাযায় । নিজৰ বুলি তাইহে ভাবে ,তাইকতো নাভাবে অজয়ে ।কামকৰা মানুহৰ দৰে জীৱন কটাবলৈ ,নিজৰ অস্তিত্বৰ গুৰুত্ব নথকা সংসাৰখনলৈ তাই আৰু কেতিয়াও উভতি নাযায় ।অজয়ে তাইক কেৱল ব্যৱহাৰেই কৰি গ’ল ইমানদিনে ।

বহুত দেৰিকৈ বুজিলে তাই । তেওঁ তাইক লৈ এদিনলৈকো লগৰ বন্ধুৰ ঘৰত ফুৰিবলৈ নগ’ল । তেওঁলোকৰ অফিচত নানাধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয় ,কেতিয়াও সেইবোৰলৈ তাইক লৈ নাযায় । কেৱল বজাৰ-সমাৰ কৰিবলৈহে নিয়ে । তাইতো বিচৰাও নাছিল যে সদায় তাইৰ লগতে অজয়ে ফুৰি ফুৰক । তেওঁৰ মানসিক বেদনাৰ কথা তাইৰো অজানা নহয় । সন্তানকেইটিৰ দায়িত্ব তাই নিজৰ কান্ধত লৈ অজয়ৰ সকলো চিন্তা দূৰ কৰি দিছিল । বিনিময়ত তাই পালে কি ? তাই বিচাৰিছিল নো কি ? এজনী তেজ-মঙহৰ যুৱতীৰ যিটো একান্ত সপোন সেইটোহে বিচাৰিছিল তাই । তাকেই দিবলৈ অস্বীকাৰ কৰিলে তেওঁ ।

কেনেকৈ ? কেনেকৈ তেওঁ ইমান নিষ্ঠুৰ হ’ব পাৰিলে ? প্ৰতিজনী ছোৱালীৰে মনৰ মাজত এটা আতোলতোল সপোন থাকে । প্ৰতিজনী ছোৱালীয়ে বিচাৰে এখন সুখী সংসাৰ ,এজন সুদৰ্শন মৰমীয়াল স্বামী আৰু এহাল বা এটা হ’লেও নিজ গৰ্ভজাত সন্তান । অৰুণিমাৰ এই সকলোবোৰ থাকিও একোৱেই নাই ।

বৰ নিঃস্ব তাই । বৰ নিঃস্ব ।
কাহিলীপুৱাতেই অজয়ৰ বৌৱেকে ফোন কৰিলে তাইলৈ । ল’ৰাহাল এনেকৈ এৰি থৈ গুচি অহাৰ বাবে কথা শুনোৱালে তেওঁ । তেওঁ ক’লে এটা ল’ৰাকো অজয়ে ভাত খুৱাব নোৱাৰিলে কালি । ৰাতিৰ পৰা পৰে পৰে কান্দি আছে দুয়োটাই । অৰুণিমাৰ বুকুখন বিষাই উঠিল যদিও তাই একো নক’লে । বৌৱেকে অনৰ্গল কৈয়েই গ’ল —হেৰৌ ,গিৰিয়েক -ঘৈণীয়েকৰ মাজত খুঁত-খাঁত লাগেই ,দন-কাজিয়া হয়েই । সেইবুলি ঘৰ এৰি গুচি যায়নেকি কোনোবাই ?

বৌৱেকে নাজানে সিহঁতৰ কাজিয়াৰ কাৰণ । সেয়ে তেওঁ সেয়া সাধাৰণ কাজিয়া বুলি ভাবিছে । কাজিয়া আচলতে লগাই নাই । লাগিলেও এনে হাজাৰটা খুঁত-খাঁতেও তাইক টলাব নোৱাৰিলেহেঁতেন ,বৰঞ্চ তেনে খুঁত-খাঁত তাইৰ নিতান্তই কাম্যহে আছিল । তাইৰ সংসাৰখনৰ ফোপোলা স্বৰূপ আনৰ চকুত ধৰা নপৰে । আঠবছৰীয়া বিবাহিত জীৱনৰ অধিকাৰেৰে ,ল’ৰাহাল বুজন হোৱালৈ বাট চাই চাই তাই বুকুৰ মাজত সংগোপনে পালন কৰি অহা সপোনটোৰ সঁচাৰূপ দিবলৈ অনুৰোধ কৰিছিল অজয়ক । অজয়ে লগে লগেই প্ৰতিবাদ কৰি উঠিছিল । এটা কথাৰ উত্তৰত তেওঁ অনেক কথা কৈছিল । কথাত কথা বাঢ়ি বাঢ়ি তেওঁ কৈ দিছিল –মোৰ লগত থাকিবলৈ যদি ইচ্ছুক তেনে দ্বিতীয় বাৰ মোক এই কথা নক’বা ।

কি ক’লে অজয়ে ? কি ক’লে ? অৰুণিমাৰ নিজৰ কাণ দুখনৰ ওপৰতে বিশ্বাস নহৈছিল ।তাইৰ দৰে এজনী উচৰ্গিত ছোৱালীকো এনেকৈ ক’ব পাৰিলে অজয়ে ! আঠবছৰীয়া বিবাহিত জীৱনৰ এয়ে পৰিণতি ? বিশেষ একো নভৱাকৈয়ে বিয়া হোৱাৰ এয়ে ফলাফল কিজানি ।

অজয়ৰ স’তে বিয়া হ‌ওঁতে অৰুণিমাৰ বয়স আছিল মাত্ৰ ঊনৈছবছৰ । পঢ়াত তাই বৰ ভাল নাছিল যদিও কলেজলৈ গৈ আছিল।ডিগ্ৰী প্ৰথম বৰ্ষত পঢ়ি থাকোঁতে হঠাতে তাইৰ জীৱন নাটৰ পট পৰিবৰ্তন হৈ পৰিছিল । বিয়া হ’ব লগা হৈছিল অজয়ৰ সৈতে । অজয় বিয়াৰ বাবে ইচ্ছুক নাছিল ,কিন্তু বাধ্য হৈছিল । এহাল যমজ সন্তান জন্ম দিয়েই ৰাস্নাবাইদেউ সকলোকে এৰি বহুদূৰলৈ গুচি গৈছিল । নিজৰ সন্তানৰ মুখ দুখনো ভালকৈ চাবলৈ নাপালে । ল’বলৈ নাপালে নিজৰ কোলাত । উচ্চ ৰক্তচাপ আগৰ পৰাই আছিল বায়েকৰ , সন্তান জন্ম দিওঁতে হঠাতে ৰক্তচাপ বাঢ়ি ষ্ট্ৰোকত আক্ৰান্ত হৈ হস্পিতেলৰ প্ৰসূতি কোঠাতে মৃত্যু হ’ল তাইৰ মৰমৰ ৰাস্নাবাইদেউ জনীৰ । বাইদেৱেকক মেডিকেললৈ নিয়াৰ কিছুদিন আগৰ পৰাই অৰুণিমা বাইদেৱেকৰ ঘৰতে আছিল । বাইদেৱেকৰ মৃত্যুৰ পাছত তাই আঁহো বুলিও আহিব নোৱাৰা হৈ পৰিল । এমাহমানলৈকে জান-সোণৰ পৰিচৰ্যাৰ দায়িত্ব তাইৰ ওপৰতে ন্যস্ত হৈছিল ।

তাইৰ কলেজ খতি হৈছিল সিহঁতৰ লগতে । অজয়ক তেতিয়া অৰুণিমাই ভিনদেউ বুলিয়েই মাতিছিল । ভিনিহীয়েক পগলাৰ দৰে হৈ পৰিছিল বায়েকৰ মৃত্যুৰ পাছত । সন্তানহালেই সেই মৃত্যুৰ কাৰণ বুলি সিহঁতক বহুদিনলৈ তেওঁ কোলাতো লৈ চোৱা নাছিল ।ভিনিহীয়েকৰ ককায়েক -বৌৱেক আৰু অৰুণিমাইহে সিহঁতক প্ৰতিপালন কৰিছিল । বৌৱেকৰ নিজৰো সৰু সৰু ল’ৰা-ছোৱালী থকাৰ বাবে বেছিকৈ চাব নোৱাৰিছিল । তথাপিতো এমাহমান থকাৰ পিছত তাই নিজৰ ঘৰলৈ গুচি আহিছিল । তাৰ এসপ্তাহ মান পিছতেই ৰাস্নাবাইদেউৰ মাক দেউতাক আহি তাইৰ মাক দেউতাকক বুজাইছিলহি অজয়ৰ লগত তাইৰ বিয়া পাতি দিবৰ বাবে । তেওঁলোকৰ অনুভৱ হৈছিল যে এদিন হ’লেও অজয়ে বিয়া পাতিব‌ই ,তেতিয়া যদি অচিনাকি ছোৱালী বিয়া পাতে তেওঁলোকৰ লগত সম্পৰ্ক নাৰাখিব পাৰে আৰু ল’ৰা দুটাক অত্যাচাৰ কৰিলেও তেওঁলোকে নাজানিব । তাতকৈ অৰুণিমাক বিয়া কৰালে তিনিকুল ৰক্ষা পৰিব । মানে অজয়ৰ লগতে তেওঁলোক তথা অৰুণিমাৰ ঘৰখনেও সকাহ পাব বুলি বুজাইছিল । দেউতাকৰ মন নাছিল যদিও মাকে তাইক বুজাইছিল সন্মতি দিবৰ বাবে । তাইও বিশেষ নভৱাকৈয়ে সন্মতি দি দিছিল । যিহেতু বায়েকৰ মৃত্যুৰ মাত্ৰ এমাহতেই বিয়াখন পাতিব লগীয়া হ’ল ,সেয়ে কোনো নিয়ম -কানুন পালন নহ’ল । পৰিয়ালৰ বয়সস্থ ব্যক্তি কেইজনমানৰ সমুখত মাত্ৰ আঁঠু লৈ আশীষহে ল’লে তাই অজয়ৰ সৈতে ।

আৰু তেনেকৈয়ে মনৰ মানুহজনৰ লগত অৰুণিমাৰ সংসাৰখনৰ আৰম্ভণী হৈছিল । কিন্তু হৃদয়ৰ বৰপীৰাখনত অজয়ে ৰাস্নাবাইদেউকেই বহুৱাই থৈছিল য’ৰপৰা এক চুলিমানো বিচ্যুত নহৈছিল তেওঁ । অফিচৰ পৰা অহাৰ পিছতেই তেওঁৰ ব্যক্তিগত কোঠাটোত সোমাই লৈ ৰাস্নাবাইদেউৰ স্মৃতিৰ সৈতে বিভোৰ হৈ থাকিছিল । ৰাস্নাবাইদেউৰ ব্যৱহৃত সকলো বস্তু আৰু যুগ্মজীৱনৰ সকলো ফটো ফ্ৰেমত বন্ধাই সেইটো কোঠাতে ৰাখি থৈছে তেওঁ । ল’ৰাহালৰ দায়িত্ব সম্পূৰ্ণৰূপে তাইৰ ওপৰতে এৰি দি তেওঁ নিশ্চিন্ত জীৱন কটাইছিল ।

কোনো চুক্তি সম্পাদিত হোৱা নাছিল বিয়াখনত । কিন্তু এতিয়াহে তাই বুজি উঠিছে এয়া এক চুক্তিহে আছিল । অলিখিত এক চুক্তি নিশ্চয়কৈ হৈছিল অজয় আৰু ৰাস্নাবাইদেউৰ মাক-দেউতাকৰ মাজত যাৰ ফলস্বৰূপে তেওঁ ক’ব পাৰিলে —মোৰ দুটাকৈ সন্তান আছেই ,সিহঁতক চোৱাচিতা কৰাৰ বাবেইতো মই অনিচ্ছাস্বত্বেও বিয়া কৰাবলগীয়া হ’ল তোমাক । আৰু এটা সন্তান জন্ম দি মই ইহঁতৰ ভৱিষ্যত ধ্বংস কৰিম কেনেকৈ ?

অজয়ৰ সেইকেইষাৰ কথা নাছিল তাইৰ বাবে ,আছিল বিহসনা বাণ । বহুপৰ মূক হৈ ৰোৱাৰ পিছত তাই কৈছিল—ময়োতো এজনী মানুহ । মোৰোতো মন যায় সেই অপূৰ্ব অভিজ্ঞতাৰ স্বাদেৰে গৰৱীনী হ’বলৈ ,ন মাহ ন দিন নিজৰ কোষেৰে এটা জীৱনৰ জন্ম দিয়াবলৈ মোৰো মন যায় ।

এয়া এদিনৰ কথা নাছিল । বহুতদিনৰ পৰা মাজে মাজে চলি থকা এই কথাবোৰৰ শেষ উত্তৰটো আছিল —মোৰ লগত থাকিবলৈ যদি ইচ্ছুক এনে কথা দ্বিতীয়বাৰ নক’বা ।

তাৰ পিছতেই আগ-পিছ একো নুগুণি অৰুণিমাই অটোৰিক্সা এখন ভাড়া কৰি পাঁচকিলোমিটাৰ দূৰৰ মাকৰ ঘৰলৈ গুচি আহিছিল ।

অৰুণিমা শুই থকা কোঠাটোৰ পৰা জুইহালখন দেখা যায় । ৰঙামাটিৰে মচি থোৱা উধানটোৰ মাজৰ জুই জ্বলোৱা খোলটোত দগমগাই একুৰা জুই জ্বলি আছে । মিহি লো এছটা উধানটোৰ ইফালৰ পৰা সিফালে পাতি দি এটা কেটলীত পানী গৰম কৰিছে মাকে । কাষতে বহি দেউতাকে কাঁহৰ বাতি এটাত অকণমান গুৰ হাতত লৈ ৰঙা চাহ এবাতি খাই আছে । অজয়ে গেছ চিলিণ্ডাৰ লৈ দিছে যদিও অকল প্ৰেছাৰ কুকাৰত ৰান্ধিলেহে মাকে গেছ জ্বলায় । আৰু কেতিয়াবা ডাৱৰীয়া খৰি নুশুকালেও জ্বলায় ।

মাক-দেউতাকে কিবা কথা পাতি আছে । তাইৰ কথাই পাতিছে কিজানি । দুষাৰ এষাৰ মাজে মাজে কাণত পৰেহি । দেউতাকে কৈছে—মই আগতেই কৈছিলোঁ তাইক বিয়া দিব নালাগে বুলি । দুখীয়া হ’লোঁ বুলি ছোৱালীৰ জীৱনক লৈ খেল খেলিম নেকি আমি ? হ’ব দিয়া নালাগে তাই ঘূৰি যাব । খাব ভায়েকহঁতৰ লগতে ।

—ভায়েকহঁতে বিয়া নপতালৈকে ঠিকেই থাকিব ,তাৰপিছত কি হ’ব কোনে জানিব ?সিহঁতে এজনী এজনী অনাৰ পিছত তাই ইয়াত শান্তিৰে ভাত খাব পাৰিবনে ?

দেউতাকে একো নক’লে । তাই এইদৰে গুচি অহাত যে ঘৰখনত এটা অশান্তিকৰ অস্বস্তিকৰ পৰিবেশৰ সৃষ্টি হৈছে তাই ভালকৈয়ে বুজি উঠিছে । দেউতাকে আজি দোকানলৈ যোৱা নাই ,ভায়েকেও কলেজলৈ যোৱা নাই । কালিও সকলোৰে ভালকৈ খোৱালোৱা নহ’ল । ডিব্ৰুগড়ত এম এ পঢ়ি থকা ভায়েকেও তাইলৈ ফোন কৰি এনে কৰিব নালাগিছিল বুলি কৈছে । তাইৰ আগমণক লৈ ঘৰখনৰ কোনোৱেই সুখী হ’ব পৰা নাই । সুখী নোহোৱাৰ কাৰণবোৰ হয়তো ভিন্ন হ’ব পাৰে ।তাই বুজি উঠিছে তাই যদি ঘূৰি নাযায় ,তাইৰ ঘৰখনলৈ আঁউসীৰ আন্ধাৰ নামি আহিব । পোহৰৰ বাটত বাট বুলি অভ্যস্ত হোৱা ঘৰখনৰ প্ৰাণীকেইটাই আন্ধাৰত বাটেই হেৰুৱাই পেলাব ।

কিন্তু তাইৰ জীৱনটো কি হ’ব ? সদায় লোকৰ সেৱা কৰোঁতেই যাব নেকি ? সদায়ে তাইৰ দিন ভালেৰে যাবনে ? জান-সোণে যেতিয়া ডাঙৰ হৈ গম পাব তাই সিহঁতৰ আচল মাক নহয় ,তাইলৈ তেতিয়া সিহঁতৰ মৰম একেই থাকিব নে ?

জান-সোণক স্কুলত থ’বলৈ যাঁওতে লগ পোৱা দুগৰাকী মানুহৰ লগত অৰুণিমাৰ বন্ধুত্ব গঢ়ি উঠিছিল । তেওঁলোকে যেতিয়া গম পালে জান-সোণ তাইৰ নিজৰ সন্তান নহয় ,বৰ আচৰিত হ’ল । তেওঁলোকে ক’বলৈ ধৰিলে ,
—আপুনি নিজৰ হিচাপেও এটা হ’লেও সন্তান জন্ম দিয়ক । তেতিয়াহে আপোনাৰ স্থান গজগজীয়া হ’ব । আজিকালি দেখিছেনে কেনেকৈ নিজৰ সন্তানেই মাক-বাপেকক বৃদ্ধাশ্ৰমত থৈ আহে ,তেনেস্থলত সতীয়া ল’ৰাক কি বিশ্বাস কৰিব ?
—নিজৰটোৱেও যদি থৈ আহে .. …
সেইবুলি কৈ অৰুণিমাই বিষয়টো এৰাই চলে যদিও মনৰ মাজত এটা শংকাবোধে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰি দিছিল ।

বৰমাকে এতিয়ালৈকে হয়তো গম পোৱা নাই তাই ঘৰলৈ অহাৰ কথা । নহ’লে ইমানপৰে আহি ওলালেহেঁতেন । বৰমাকে বাৰু কি বুলি ভাবিব ? দুখ পাব চাগৈ তেওঁ । তেওঁতো অৰুণিমাক নিজৰ ছোৱালীতকৈ কোনোগুণে কম ভবা নাছিল । জান-সোণৰ স্কুলৰ এডমিছনৰ সময়ত ফৰ্ম ফিলাপ কৰোঁতে মাকৰ নামৰ ঠাইত ৰাস্নাবাইদেউৰ নাম দিবলৈ লৈছিল অজয়ে ,তেতিয়া বৰমাকেই কৈছিল–যোৱাজন গুচি গ’ল জোঁৱাই । এইহে সিহঁতৰ প্ৰকৃত মাতৃ । ৰাস্নাই জন্মহে দিছিল ,পালন কৰিছে অৰুণিয়েহে । যেনেকৈ যশোদাকহে কৃষ্ণৰ মাক বুলি সকলোৱে জানে ,সেইদৰে অৰুণিহে জান-সোণৰ মাক বুলি পৰিচিত হ’ব ।

কথাটো মনত পৰি অৰুণিমা ধহমহাই উঠিল বিছনাৰ পৰা । প্ৰাতঃকৃত্য সম্পন্ন কৰিয়েই তাই ভাল চাদৰ মেখেলাযোৰ পিন্ধি বৰমাকৰ ওচৰলৈ যাবলৈ ওলালে ।

—ঘৰলৈ যাবলৈ ওলালি নে কি অৰুণি ?
মাকৰ প্ৰশ্নত ক’লে তাই বৰমাকৰ ওচৰলৈ যোৱাৰ কথা । মাকে ক’লে—
ত‌ই শুই থাকোঁতেই মই তেওঁৰ ওচৰৰ পৰা গৈ আহিলোঁ ।
—মই এইদৰে অহা বুলি জানিও মোৰ ওচৰলৈ নহাকৈ আছে তেওঁ ? খং কৰিছে নেকি ?
–নাইকৰা । আহিব তেওঁ । পঢ়াশুনা জনা মানুহ ,সেইকাৰণে কৈছে তাই খঙত গুচি আহিছেতো,সেয়ে এতিয়া একো কৈ লাভ নাই । তাইক নিজৰ লগতে যুদ্ধ কৰিবলৈ দিয়া । সঠিক সিদ্ধান্ত তাই নিজেই ল’ব পাৰিব ।

মাকেও অৰুণিমাৰ মুডটো অলপ ভাল হোৱা দেখি কাষতে বহি ল’লে । তাইৰ পিঠিত হাত এখন দি মাকে ক’লে — অৰুণি অ’ , ত‌ই পঢ়িছ শুনিছ ,মোতকৈ দুষাৰ কথা বেছিকৈ জানিছ । মই ক বুলিব‌ও নজনাজনীয়ে কিনো ক’ম । তথাপিও কৈছোঁ ল’ৰা-ছোৱালী জন্ম দিব সকলো তিৰোতাই পাৰে । ৰজাৰ ঘৈণীয়েকৰ পৰা বাটৰ ভিখাৰীলৈকে সকলো মাইকী মানুহেই ল’ৰা-ছোৱালী জন্ম দিব পাৰে । কিন্তু লোকৰ সন্তান এটাক নিজৰ বুলি ভাবি সকলোৱে মৰম দিব নোৱাৰে । সেইকাৰণে মাহীমা বুলিলে মানুহে ইমান ভয় খায় । ইমান কাহিনীৰ সৃষ্টি হয় মাহীমাকৰ নিষ্ঠুৰতাক লৈ । ত‌ই পাৰিছ ,তোকো জান-সোণে আঁকোৱালি লৈছে । সিহঁতৰ মনত মা বুলিলে নিজৰ মাকৰ ছবিখন মনলৈ নাহে ,আহিব তোৰখনহে । তোকেই জ্ঞান হোৱাৰ দিন ধৰি পাই আহিছে । তোৰ স্থান সেইখন ঘৰত কিমান ইতিমধ্যে সকলোৱে গম পাইছে ।
—কেনেকৈ জানিলি ত‌ই মা ?
—জোঁৱায়ে বাৰে বাৰে ফোন কৰি আছে বৰমাৰলৈ । তোলৈহে কৰা নাই । ত‌ই এবাৰ যা বাৰু বৰমাৰৰ ওচৰলৈ । বৰমাই তোক নিবলৈ জোঁৱাইক মাতি দিম বুলি কৈছিলে ।

বুকুখন পাতল পাতল অনুভৱ হ’ল অৰুণিমাৰ । ইমান সময়ে যেন এখন ডাঙৰ পাহাৰহে ডাঙি আছিল বুকুত । এতিয়া ইমানেই পাতল লাগিছে যেন উৰি উৰিয়েই তাই বৰমাকৰ ঘৰলৈ যাব পাৰিব ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments