মাতৃত্ব (লক্ষ্য জ্যোতি নাথ)

 
বহুদিনৰ মূৰত ছুটী পাই ঘৰলৈ গৈছো, তাতে গৰমৰ দিন, টিকাফটা ৰ’দ; পথত খোজ দিব নোৱাৰি। বাছৰ পৰা নামি ঘৰখন ঘাই পথৰ পৰা অলপহে দূৰ। গতিকে পিঠিত বেগটো লৈ খোজ কাঢ়িয়েই ঘৰলৈ বুলি বাট ল’লো। অলপ দূৰ যোৱাৰ পাছত মোৰ চকুত পৰিল বন্ধ দোকান এখনৰ সন্মুখত কোচত কেঁচুৱা এটা লৈ ৰ’দতে বহি মানুহ এজনীয়ে নিচুকনি গীত গাই আছে “আমাৰে মইনা শুব এ / বাৰীৰে বগৰী ৰুব এ…”
এক্ষন্তেকৰ বাবে মই থমকি ৰ’লো। আচৰিত লাগিল মোৰ, এই ৰ’দত কেঁচুৱা শুৱাইছে!! মই ৰ’ব নোৱাৰিলো আৰু। মই আগবাঢ়ি গ’লো – মানুহজনীক ছাঁত বহিবলৈ ক’বলৈ। কিন্তু এইয়া কি মই মানুহজনীৰ ফালে আগুৱাই যোৱাত মানুহজনীয়ে নিচুকনি গীত গোৱা বন্ধ কৰি মোলৈ চাই ৰুদ্ৰমুৰ্ত্তি ধাৰণ কৰিলে আৰু কাষত থকা ইটা এচটা ডাঙি চিঞৰিবলৈ ধৰিলে “নাহিবি মোৰ ওচৰলৈ, নিদো মোৰ ল’ৰাটোক, সি মোৰ ল’ৰা হয়.. নাহিবি…”
 
মই আচৰিত হৈ আৰু ভয় খাই থমকি ৰ’লো। মই কিবা কোৱাৰ আগতেই পথটোৱেদি চাইকেল লৈ যোৱা মানুহ এজনে মোক চিঞৰি ক’লে “দাদা পাগলীজনীৰ ওচৰলৈ নাযাব, দৌৰাব আপোনাক…।”
তেওঁ মানুহজনীক পাগলী বুলি কোৱাত মনতে ধেৰ প্ৰশ্ন লৈ ঘৰলৈ বাট ল’লো।
 
ঘৰত গা-পা ধুই ভাত-পানী খাই অলপ জিৰণি লৈ আবেলি, মা বাৰণ্ডাতে বহি থকা দেখি ময়ো বহিলো। মোৰ মনত সেই কথাটোৱে আমনি দি থকাত মই কথাটো মাক শোধাই ভাল বুলি ভাবিলো।
 
: মা, আজি বাছৰ পৰা নামোতে সেই বন্ধ হৈ থকা চাইকেল দোকানখনৰ সন্মুখত কোঁচত কেঁচুৱা এটা লৈ মানুহ এজনীক নিচুকনি গীত গাই থকা দেখিছিলো, কোন অ’ সেইজনী?
 
: অ’ তাই! তাই কোঁচত ক’ত তই কেঁচুৱা দেখিলি! সেইটো তাই নিজেই বনাই লোৱা কাপোৰৰ পুতলাহে।
 
: মানে কি? একো বুজা নাই মই। কোননো সেইজনী?
 
: জয়ন্ত বৰকটকীক চিনি পাৱ?
 
: অ’ নামটো শুনা শুনা লাগিছে, এই যে আগতে গুৱাহাটীত আছিল, এতিয়া তাৰ পৰা অসমৰ বাহিৰলে গ’লগৈ সেইজন নেকি?
 
: অ’ সেইজনেই, থিক ধৰিছ।
 
: শুনিছিলো মানুহজনৰ ঘৈণীয়েকৰ বোলে ৮ বছৰ মানলৈকে সন্তান হোৱা নাছিল?
: অ’ এইজনী তাৰে এজনী ঘৈণীয়েক।
 
: কি! তাৰ ঘৈণীয়েকক বোলে সি লৈ গৈছে লগত। তাইৰ বাবেই অসম এৰিলে বুলি মই শুনিছিলো।
 
: লৈ যোৱা জনী তাৰ প্ৰথম জনী ঘৈণীয়েক, এইজনী দ্বিতীয়জনী।
 
: কি! মা মই একো বুজা নাই দেই, মাঠা নষ্ট হৈ গৈছে, কি হৈছিল ভালকৈ বুজাই কোৱা।
 
: মানে শুন। গুৱাহাটীত থাকোতেই জয়ন্ত বৰকটকীয়ে বিয়া পাতিছিল। তাতে তাৰ চাকৰি হোৱা বাবে মাটি কিনি স্থায়ীভাৱে থাকিবলৈ ল’লে। কিন্তু তাৰ বিয়া পতা ৮ বছৰলৈকে ঘৈণীয়েকৰ সন্তান হোৱা নাছিল। বিভিন্ন ডাক্টৰ আদিক দেখুৱালে, জ্যোতিষীৰ ওচৰত চোৱালে, অৱশেষত গম পোৱা গ’ল যে তাৰ ঘৈণীয়েক কেতিয়াও মাতৃ হ’ব নোৱাৰে। তেনে কথা শুনি জয়ন্ত বৰকটকী আৰু তাৰ ঘৈণীয়েক মানসিকভাবে ভাগি পৰিছিল। যিহেতু তাৰ সম্পতিও যথেষ্ঠ, গতিকে তাক উত্তৰাধিকাৰী হিচাপে এটা সন্তান অত্যন্ত আৱশ্যক। বহু চিন্তা-চৰ্চা কৰি একো ফল নাপাই সি ঘৈণীয়েকৰ লগত আলোচনা কৰি সিদ্ধান্ত কৰিলে যে যি আৰু এজনী ছোৱালী বিয়া পাতিব আৰু তাৰ ল’ৰা সন্তান হ’লেই এইক দি দিব।
 
: তাৰ পিছত কি হ’ল?
 
: তাৰ পিছত সি বিভিন্ন ঠাইত ধেৰ ছোৱালী চোৱা-চিতা কৰিলে। কিন্তু তাৰ এজনী ঘৈণীয়েক থকা বাবে কোনো ছোৱালী বিয়া হ’বলৈ মান্তি নহ’ল।
 
: অ’ সেইটোতো হয়েই। আজিকালি কোন ছোৱালী এজনী ঘৈণীয়েক থকা মানুহ’লে বিয়া হ’ব!!
 
: অ’ তাৰ পিছত সি আমাৰ এইফালেও ছোৱালী বিচাৰি অহাত আমাৰ গাঁৱৰ কৰবী তাৰ চকুত পৰিল।
 
: কৰবী মানে সেই যে, দেউতাক তাই সৰু হৈ থাকোতেই এটা এক্সিডেণ্টত মৰিছিল আৰু মাকে বেলেগৰ ঘৰত কাম কৰে তাই নহয় জানো?
 
: অ’ তাইয়ে। সি তাইকে জালত ফচালে, এদিন সি সিহঁতৰ ঘৰলৈ গ’ল আৰু মাকক তাইক বিয়া পতা কথা ক’লে। তাৰ আগৰ পত্নী আছে, সন্তান নহয় তাইৰ সকলো সঁচাকেই ক’লে আৰু কৰবীক বিয়া পাতি সি সম্পূৰ্ণ পত্নী মৰ্য্যদা দিব আদি প্ৰলোভন দিলে।
 
: কৰবীৰ মাকেও চাগে ভালে পালে ন’ ধনী মানুহ যেতিয়া জীয়েকক সুখত ৰাখিব। তাৰ পিছত কি হ’ল?
 
: ওম…, তেনেকৈয়ে ভাবিছিল চাগে। তাৰ পিছত সিহঁতক এদিন মন্দিৰত বিয়া পতাই দিলে।
প্ৰথমে কৰবীক সম্পূৰ্ণ পত্নী মৰ্য্যদা দি বৰ সুখত ৰাখিছিল। ভগবানৰ কৃপাত কৰবী এদিন গৰ্ভৱতী হ’ল আৰু এদিন বিচৰা মতেই এটা ল’ৰা সন্তান জন্ম দিলে। সন্তানটো হোৱাৰ প্ৰথম চাৰিমাহ মান থিকেই আছিল, লাহে লাহে তাৰ আগৰজনী ঘৈণীয়েকে সন্তানটো তাই লগতে ৰখা হ’ল, কৰবীক ঘৰৰ কাম কৰিবলৈ দিয়ে আৰু তাই ল’ৰাটো লগতেই থাকে। কৰবীয়ে কথাটো প্ৰথমে সহজ ভাবেই লৈছিল, কেঁচুৱা যেতিয়া সকলোৰে মৰম কৰিবলৈ মন যায়। তাই সৰুৰে পৰা কষ্টত ডাঙৰ হোৱা ছোৱালী গতিকে তাইক কাম কৰিবলৈ দিয়াত কোনো আক্ষেপ নাই। কিন্তু দিনক দিনে কথাটো বেলেগ গৈ গৈছিল, তাইক আনকি ল’ৰাটো কোঁচত লোৱা দূৰৰ কথা গাখীৰ খুৱাবলৈকো নিদিছিল। এনে কাণ্ডত কৰবী ৰ’ব নোৱাৰিলে, তাই এদিন জয়ন্ত বৰকটকীক তাৰ আপত্তি দৰ্শালে। কিন্তু…
 
: কিন্তু কি?
 
: কিন্তু জয়ন্ত বৰকটকীয়েও তাৰ আগৰজনী ঘৈণীয়েকৰ পক্ষ ল’লে আৰু কৰবীক ক’লে যে ল’ৰাটো তাইৰ নহয় এতিয়া, তাৰ আগৰ জনী ঘৈণীয়েকৰহে, খালি জন্ম দিবৰ বাবেহে কৰবীক বিয়া কৰাইছিল।
 
: ছিঃ ইমান নিষ্টুৰ সি!! তাৰ পিছত কি হ’ল?
 
: তাৰ পিছত কৰবীয়ে তাৰ কথাত বিৰোধিতা কৰিলে। কন্দা-কটা আৰম্ভ কৰি দিলে। দহদিন মান ঘৰখনত কাজিয়া। এদিন জয়ন্ত বৰকটকীয়ে আগৰজনী ঘৈণীয়েকৰ সৈতে ষড়যন্ত্ৰ কৰি কৰবীক অজ্ঞান হোৱা দৰব খুৱাই ৰাতি তাইৰ মাকৰ ঘৰৰ চোতালত পেলাই থৈ গ’ল আৰু সেই ৰাতিয়েই জয়ন্ত বৰকটকী আৰ তাৰ আগৰজনী ঘৈণীয়েক হালেই অসম ত্যাগ কৰিলে।
 
: তাৰ পিছত কি হ’ল, সিহঁতক পালেনে?
 
: নাই বিচাৰি নাপালে ক’লৈ গ’ল। লাহে লাহে কৰবী তাইৰ কেচুৱা ল’ৰাটোক বিচাৰি বিচাৰি পাগলৰ দৰে হৈ পৰিল। কাপোৰৰ পুতলা এটা এতিয়া তাই নিজে সাজি লৈছে। সেইটো তাইৰ ল’ৰা বোলে। সেইটোকে কোচত লৈ তাই, দিন নাই ৰাত নাই ঘূৰি ফুৰে। ওচৰলৈ কাকো যাব নিদিয়ে তাইৰ ল’ৰাটো লৈ যায় বুলি। মাজতে ৰাইজে ধৰি তাইক পগলা ফাটেতক থৈ আহিছিল, আকৌ পলাই আহিল। এতিয়া সেই বন্ধ দোকানখনতে কোঁচত কাপোৰৰ কেঁচুৱাটো লৈ নিচুকনি গীত গাই গাই বহি থাকে।
 
এতিয়া তাইৰ আন এটা নাম কৰবী পাগলী।
 
মাৰ কথাবোৰ শুনি কৰবীৰ প্ৰতি বহু দুখ লাগিল। কেনেকৈ সহ্য কৰিব কোনোবা মাতৃয়ে বাৰু! যদি তেওঁৰ সন্তানটো কাঢ়ি লৈ যায়!! এজনী মাকৰ কোলা সম্পূৰ্ণ কৰিবলৈ এজনী মাকৰ কোলা উদং কৰিছে, ই কেনেকুৱা মাতৃত্ব!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments