মাতৃভাষা – হৰেকৃষ্ণ ডেকা

সৰুতে এটা গল্প পঢ়িছিলোঁ৷ গল্পটো আছিল এটা ফৰাচী গল্প৷ কিন্তু মই অনুবাদত পঢ়িছিলোঁ৷ সেই গল্পৰ যি প্ৰভাৱ মোৰ মনৰ ওপৰত তেতিয়া পৰিছিল, সেই প্ৰভাৱ আজিলৈকে মচ খাই যোৱা নাই৷ গল্পটোৰ শিৰোনামৰ অসমীয়া অনুবাদ হ’ব ’শেষ পাঠ’৷ লেখকজনৰ নাম আছিল আলফন্স দ’দে’৷ উনৈশ শতিকাৰ শেষভাগত লিখা এই গল্পটোৰ পটভূমি আছিল ১৮৭১ চনৰ ফ্ৰান্স-প্ৰাছিয়াৰ যুদ্ধ৷ সেই যুদ্ধত হাৰি ফ্ৰান্সে আলচেচ ল’ৰেইন নামৰ সমৃদ্ধ অঞ্চল এটা হেৰুৱাইছিল আৰু তাত জাৰ্মান শাসন প্ৰৱৰ্তিত হৈছিল৷ গল্পটো এই পটভূমিতে লেখা৷ জাৰ্মান চৰকাৰে অঞ্চলটোৰ বিদ্যালয়সমূহৰপৰা ফৰাচী ভাষাটো উঠাই দি তাৰ ঠাইত জাৰ্মান ভাষা প্ৰচলন কৰাৰ সিদ্ধান্ত লৈছিল৷ অৰ্থাৎ আলচেচ ল’ৰেইনৰ ফৰাচী বাসিন্দাসকলে নিজৰ মাতৃভাষা ত্যাগ কৰি জাৰ্মান ভাষাক গ্ৰহণ কৰিব লাগিব৷ আলফন্স দ’দে’ৰ গল্পত ফৰাচী ভাষা শিকোৱাৰ শেষ দিনটোৰ এটা গল্পৰ মাজেদি মাতৃভাষাৰ তাৎপৰ্য হৃদয়গ্ৰাহীভাৱে দাঙি ধৰা হৈছে৷ স্কুলখনৰ ফৰাচী ভাষাৰ শিক্ষকজনে এই শেষ পাঠৰ দিনটোত ছাত্ৰসকলৰ লগতে সৰু অঞ্চলটোৰ বাসিন্দাসকলকো উপস্থিত থাকিবলৈ মাতি পঠিয়াইছে৷ গল্পটোৰ এটা চৰিত্ৰ পঢ়া শুনাত মন নোহোৱা এজন ছাত্ৰ, যি পঢ়াতকৈ অন্য কামত বেছি সময় নষ্ট কৰে, স্কুললৈ পলমকৈ আহে৷ সেইদিনা সি স্কুললৈ পলমকৈ অহা সত্ত্বেও শিক্ষকে অন্য দিনাৰ দৰে তিৰস্কাৰ নকৰি তাক মৰমেৰে নিজৰ ঠাইত বহিবলৈ কয়৷ গাঁৱৰ বয়সীয়ালসকলৰ উপস্থিতিৰ কাৰণে সি অনুমান কৰে যে কিবা এটা ঘটিছে, কিন্তু বুজি নাপায়৷ সেইদিনাৰ বাবে এটা পাঠ পঢ়ি আহিবলৈ শিক্ষকজনে ছাত্ৰসকলক আগদিনাই কৈ থৈছিল৷ কিন্তু নিজৰ ভাষাটো শিকাৰ প্ৰতি আওকাণ কৰা এই ছাত্ৰজনে শিক্ষকজনৰ নিৰ্দেশ আওকাণ কৰি পাঠটো নপঢ়াকৈ আহে আৰু তাক সোধা প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰে৷ শিক্ষকজনে তাক উদ্দেশ্য কৰি যিখিনি কথা কয় সেইখিনিতেই গল্পটোৰ গোটেইখিনি তাৎপৰ্য নিহিত হৈ আছে৷ তেওঁ কয়, “এতিয়া বুজি পালা আমাৰ অৱস্থা৷ আলচেচৰ সেইটোৱেই সমস্যা৷ আমি আমাৰ পঢ়া পাঠ কাইলৈকে থৈ দিওঁ৷ এতিয়া সেই নতুন শাসকবোৰে ক’ব, তোমালোকে নিজৰ ভাষাটোকে ভালকৈ ক’ব আৰু লিখিব নাজানা৷ তোমালোক কিহৰ ফৰাচী হ’লা? “ উপস্থিত থকা অভিভাৱকসকলক উদ্দেশ্য কৰি তেওঁ কয়, “আপোনালোকে নিজৰ ল’ৰা- ছোৱালীক মাতৃভাষা শিকোৱাৰ প্ৰতি আগ্ৰহীয়েই নহ’ল৷ পঢ়াতকৈ দুপইচা বেছিকৈ আৰ্জিবলৈ ল’ৰা- ছোৱালীয়ে খেতি বা কাৰখানাত কাম কৰাটোতহে আপোনালোকে গুৰুত্ব দিছিল৷ “ তাৰপাছত তেওঁ নিজৰ দোষ স্বীকাৰ কৰি কয় যে তেওঁ নিজেও দোষী৷ ল’ৰা- ছোৱালীক শিকোৱাতকৈ সিহঁতক তেওঁৰ ফুলনিত পানী দিয়া কামত লগাবলৈহে আগ্ৰহী হৈছিল বা মাছ মাৰিবলৈ যোৱাৰ দিনা স্কুলেই ছুটী দি দিছিল৷

শিক্ষকজনৰ কথাখিনি আছিল মৰ্মস্পৰ্শী, আনকি শিশুজনেও বুজি পাইছিল, এই অৱহেলাৰ ফলত মাতৃভাষাৰ কি সংকট আহিল আৰু পৰিচয় হেৰুৱাবলগীয়া অৱস্থা এটা আহি পৰিল! নিজৰ ভাষাটোৰ লগত আমাৰ জাতীয় পৰিচয় কেনে ওতপ্ৰোতভাবে জড়িত ’শেষ পাঠ’ গল্পটোৱে ঐতিহাসিক পৰিস্থিতি এটাৰ মাজেৰে তাকে দাঙি ধৰিছে৷ মাতৃভাষাক ৰক্ষা কৰাৰ দায়িত্ব সেই ভাষাৰ প্ৰতিজন মানুহৰ৷ শিক্ষাৰ মাজেদিহে সেই সচেতনতাৰ সৃষ্টি হয়৷

অসমীয়া মানুহেও আলচেচ ল’ৰেইনৰ মানুহখিনিৰ দৰেই এদিন মাতৃভাষাৰ সংকটৰ মাজেদি নিজৰ পৰিচয় সংকট বুজি পাইছিল৷ সেই সংকট মোচন কৰিবলৈ দায়িত্ব লৈছিল কেইজনমান শিক্ষিত যুৱকে- যিসকলে হয় ইংৰাজী নহ’লে বাংলা ভাষাত পাঠ ল’বলৈ বাধ্য হৈছিল৷ এই ক্ষেত্ৰত কেইজনমান বেপ্তিষ্ট ধৰ্ম প্ৰচাৰকৰ অনবদ্য অৱদানৰ কথাও পাহৰিব নোৱাৰি৷ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন প্ৰবৰ্তন হোৱাৰ পাছত ইন্সপেক্টৰ ৰবীনচনৰ ভুল ব্যাখ্যাৰ ফলত কৰ্ট- কাছাৰী আৰু পঢ়াশলীয়া ভাষা হৈ পৰিল বাংলা আৰু অসমীয়া ভাষাটোক বাংলাৰ উপভাষাৰ মৰ্যাদা দিয়া হ’ল৷ ভাষাটোৱেই যিহেতু জাতি এটাৰ প্ৰথম পৰিচয়, অসমীয়াসকল এক উপভাষা কোৱা বেংগলী হৈ পৰিবলগীয়া হৈ হ’ল৷ মাতৃভাষাটো যে এক জনসমাজৰ জাতীয় পৰিচয় আৰু মাতৃভাষা হেৰুৱালে যে সেই পৰিচয় হেৰুৱাবলগীয়া হয়, সেই কথা সাধাৰণ মানুহে তেতিয়া হৃদয়ংগম কৰিব পৰা নাছিল৷ সচেতনতা আহিছিল শিক্ষাগ্ৰহণ কৰা তেতিয়াৰ তৰুণ প্ৰজন্মৰ কেইগৰাকীমান অসমীয়া প্ৰতিনিধিৰ৷ বুজি পাইছিল যে মাতৃভাষাৰপৰা বঞ্চিত হৈ অসমীয়াই অসমীয়াত্ব হেৰুওৱাৰ উপক্ৰম হৈছে৷ বুদ্ধিজীৱী শব্দটো যদি ইংৰাজী intellectual শব্দটোৰ সমাৰ্থক হয়, তেন্তে সেইকেইজন আছিল তেতিয়াৰ সচেতন বুদ্ধিজীৱী৷ সেইসকলৰ ভিতৰত আগৰণুৱা আছিল আনন্দৰাম ঢেকিয়াল ফুকন৷ নিজে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণৰ পাছতো তেওঁ বুজি পাইছিল যে অসমীয়া ছাত্ৰই মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ৷ অসমীয়াৰ চকু মুকলি কৰিবলৈ বাংলাভাষীৰ অভিজ্ঞতাৰ লগত তুলনা কৰি ’অসম দেশৰ লোকসকলৰ প্ৰতি নিবেদন পত্ৰ’ত তেওঁ লিখিছিল, “বঙ্গাল দেসতো আগেয়ে ভাল পুথি নথকাত ঠায়ে ঠায়ে ইংৰাজী ভাসা শিকাইছিল, কিন্তু এতিয়া বাঙ্গালি লোকসকলে আপোনাৰ দেসৰ উপকাৰলৈ নানা ভাসা পাই নানাবিধ পুথি ৰচিছে৷ বাঙ্গালি লোকেও আগেয়ে ইংৰাজীক বিসেস আদৰ কৰিছিল, কিন্তু এতিয়া বাঙ্গালি লোকসকলৰ জতনত সেই ভাসা বাল হোৱাত আটায়ে স্ৰধা কৰিব ধৰিছে“ (বানান তেতিয়াৰ দৰেই দিয়া হ’ল)৷ সেই সময়ত অসমীয়া ভাষা পুনৰ প্ৰৱৰ্তনৰ বিৰুদ্ধে এটা যুক্তি আছিল যে অসমীয়া ভাষাত পাঠ্যপুথিৰ বাবে ভাল কিতাপ নাই৷ এই তৰল যুক্তিৰ পৰিপ্ৰেক্ষিতত ঢেকিয়াল ফুকনে তেওঁৰ যুক্তি দিছিল আৰু মাতৃভাষাক আওকাণ নকৰিবলৈকে ই এক আহ্বান আছিল৷ এইকাৰণেই ইংৰাজী ভাষাৰপৰা বিভিন্ন বিষয়ৰ পাঠ অনুবাদ কৰি তেওঁ লিখি উলিয়াইছিল ’অসমীয়া লৰাৰ মিত্ৰ’৷

লক্ষ্মীনাথ বেজবৰুৱা পেছাত আছিল ব্যৱসায়ী৷ কিন্তু অসমীয়া ভাষা আৰু সাহিত্যক মৰ্য্যাদাৰে প্ৰতিষ্ঠা কৰিবলৈ যি বৌদ্ধিক যুদ্ধখন তেওঁ নিজৰ মূৰৰ ওপৰত লৈছিল, সেই দায়িত্ব পালনৰ ভেটিতে লক্ষ্মীনাথ বেজবৰুৱা আছিল এজন অগ্ৰণী অসমীয়া intellectual, বুদ্ধিজীৱী৷ স্কুলীয়া অৱস্থাত মাতৃভাষাৰ পাঠৰ পৰা বঞ্চিত হৈ তেওঁ বুজি পাইছিল, অসমীয়াৰ কাৰণে কি পৰিচয় সংকটৰ সৃষ্টি হৈছে৷ তেওঁ বিয়া কৰাইছিল বঙালী ভাষী বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়ৰীক৷ স্ত্ৰী-কন্যাৰ লগত কথা পাতিব লগীয়া হৈছিল বাংলা ভাষাত৷ ছোৱালী পঢ়িছিল ইংৰাজী মাধ্যমত৷ কিন্তু নিজৰ মাতৃভাষাৰ কাৰণে তেওঁ যিখিনি কৰি থৈ গ’ল তাক কোনোবাই উক্ত কাৰণবোৰতেই উপলুঙা কৰিব পাৰেনে- আজিকালি যেনেকৈ মাতৃভাষাৰ হকে দৃঢ়তাৰে থিয় দিয়া সমাজৰ পুৰোধা বুদ্ধিজীৱীৰ গপত উপঙি থকা শাসকে টুলুঙা মন্তব্যৰে উপলুঙা কৰে? শৈশৱত মাতৃভাষাৰ পাঠৰ পৰা বঞ্চিত হোৱা লক্ষ্মীনাথ বেজবৰুৱাই মাতৃভাষাৰ বিষয়ে কি ভাবিছিল বাৰু? তেওঁ লিখি থৈ গৈছে, “বিশ্ব সংসাৰ আৰু বিশ্ব মানৱতাক মই সম্পূৰ্ণৰূপে হৃদয়ত ধাৰণ কৰিব নোৱাৰোঁ৷ সেইদেখি বিশ্বভূমি আৰু বিশ্বভাবৰ একাংশ . মোৰ মাতৃভূমি আৰু মাতৃভাষাকে মহাসত্যৰূপে মই উপাসনা কৰি আছোঁ৷ … মোৰ মাতৃভাষাৰ সেৱাই মোৰ মহাকাৰ্য৷ “

মাতৃভাষা অসমীয়া পঢ়াশলীয়া পাঠৰ পৰা ব্ৰাত্য কৰি ৰখাৰ কাৰণে অসমীয়াৰ এক অস্তিত্বৰ সংকট হৈছিল আনন্দৰাম, লক্ষ্মীনাথৰ দিনত৷ এই সংকটৰ মাজেদি তেতিয়াৰ এই ’বুদ্ধিজীৱী’সকলে অনুভৱ কৰিছিল অসমীয়াৰ অস্তিত্বৰ সংকট আৰু তাৰ বিৰুদ্ধে সৰৱ হৈ থিয় দিছিল৷

বিংশ শতাব্দীৰ ষাঠিৰ দশকৰ পৰা আশীৰ দশকলৈকে অসমীয়াৰ অস্তিত্বক লৈ অসমত তিনিটা বৃহৎ আৰু সংঘাতপূৰ্ণ আন্দোলন হৈ গৈছে৷ এই আন্দোলনবোৰৰ প্ৰথম দুটাৰ মূলতে আছিল মাতৃভাষাৰ অস্তিত্ব ৰক্ষাৰ প্ৰসংগ৷ ভাষাৰ অস্তিত্ব ৰক্ষাৰ মাজেদি পৰিচয় ৰক্ষা আৰু জাতীয়তা প্ৰতিষ্ঠাৰ প্ৰশ্নটো প্ৰাসংগিক হৈ পৰিছিল৷ ৰাজ্যভাষাৰ স্বীকৃতি আৰু উচ্চ শিক্ষাৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰি অসমীয়া মাতৃভাষীয়ে স্বস্তিৰ নিশ্বাস পেলাইছিল৷ আশীৰ দশকৰ আন্দোলন হৈছিল জাতীয় ক্ষেত্ৰত ৰাজনৈতিক অস্তিত্বৰ সংকটক লৈ৷ তাৰ ভিতৰতো ভাষাৰ প্ৰসংগটো সোমাই আছিল৷

এই অস্তিত্বৰ সংগ্ৰাম কৰি- কৰি চাগৈ অসমীয়া মধ্যবিত্ত ভাগৰি পৰিছে৷ বিশ্বায়নৰ ভোগ গ্ৰহণ কৰাৰ ক্ষেত্ৰত মাতৃভাষাৰ শিক্ষা বাধা হৈ পৰিছে৷ গতিকে মাতৃভাষাৰ শিক্ষা ত্যাগ কৰি ইংৰাজী ভাষাৰে সন্তানক দীক্ষিত কৰিবলৈ সকলোৱে উঠিপৰি লাগিছে৷ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বোৰো অৱহেলিত হৈছে৷ ক’ব নোৱাৰাকৈ বৰ্গ-পাৰ্থক্যৰ সৃষ্টি হৈছে৷ ইংৰাজী মাধ্যমত পঢ়াসকল পঢ়া-শুনাত ’আঢ্যৱন্ত’; অসমীয়া বা অন্য মাতৃভাষাত পঢ়াসকল ’নি: কিন-তুচ্ছ’৷ এই ভাৱটো কেৱল ইংৰাজী মাধ্যমত পঢ়াসকলৰ মাজতেই উন্নাসিকতা হৈ পৰা নাই, মাতৃভাষাৰ মাধ্যমত পঢ়াসকলৰ মনতো হীনমন্যতা হৈ বিয়পি পৰিছে৷ ফলত মান নোহোৱা ইংৰাজী মাধ্যমৰ স্কুল গাঁৱে-ভূঞে কাঠফুলাৰ দৰে গজিব ধৰিছে৷ বিদ্যা ব্যৱসায়ত পৰিণত হৈছে, সুযোগ- সন্ধানীয়ে অৰ্হতা অৰ্জন নকৰাকৈয়ে বিদ্যাদানক ধন ঘটাৰ উপায় কৰি লৈছে৷ মাতৃভাষাৰ মাধ্যমৰ স্কুলবোৰত নামভৰ্ত্তি শোচনীয়ভাৱে কমি গৈছে৷ সেইবোৰৰ একাংশ স্কুলত হীনমন্যতাত ভোগা শিক্ষকে পাঠদানকো আওকাণ কৰিবলৈ লৈছে৷ চৰকাৰী স্কুলবোৰৰ আন্তঃগাঁথনিৰ অৱস্থা শোচনীয়৷ ইও এটা হীনমন্যতাৰ কাৰণ হৈ পৰিছে৷ শিক্ষাৰ ক্ষেত্ৰত ইংৰাজী মাধ্যমত পঢ়াটো এটা যুগধৰ্মত পৰিণত হৈছে৷ মাতৃভাষাৰ কি সংকট সৃষ্টি হ’ব ধৰিছে সেই বিষয়ে সচেতন কিছু মানুহৰ বাদে আনে নভবা হৈছে৷ শিপাৰ পৰা উভালি ইংৰাজী মাধ্যমত শিশুসকলক ৰঘুমলা হ’বলৈ দিয়াটোতে প্ৰগতিৰ চিন দেখিছে সৰহভাগেই৷ ৰাজ্য চৰকাৰেও তাত উজান দি ’আদৰ্শ স্কুল’ স্থাপন কৰি মাতৃভাষা মাধ্যমৰ ঠাইত ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰাৰ সিদ্বান্ত লৈছে৷ এই ’আদৰ্শ বিদ্যালয়’ত মাতৃভাষাক মাধ্যম হিচাপে বিচাৰি দাবী উত্থাপন কৰা ’বুদ্ধিজীৱী’ৰ ফালে শাসকৰ এজনে আঙুলি টোঁৱাই কৈছে, “চুপ বুদ্ধিজীৱী, নিজৰ ল’ৰা- ছোৱালীক কি মাধ্যমত পঢ়ুৱাইছিলি? “ লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ সন্তানক কি মাধ্যমত পঢ়ুৱাইছিল? তাৰ বাবে মাতৃভাষাৰ হকে আটাইতকৈ ডাঙৰকৈ মাত মতাৰ অধিকাৰ তেওঁ হেৰুৱাইছিল নেকি? ইউনেস্ক’ৱে কৈছে, শিশুক প্ৰাথমিক স্তৰত মাতৃভাষাৰ মাধ্যমত পঢ়ুওৱাটোৱে দৰকাৰ৷ কিন্তু বুদ্ধিমান শাসকে ইউনেস্ক’ৰ পৰামৰ্শক বুঢ়়া আঙুলি দেখুৱায় আৰু অসমীয়া মাধ্যমৰ স্কুলৰ শিক্ষকৰ ওপৰত নিজে হেড মাষ্টৰী কৰে৷ চৰকাৰৰ নিজৰ কি কেৰোণ সেইবোৰ বিচাৰ কৰি চাবলৈ হেড মাষ্টৰৰ দৰকাৰ কি?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments