মাতৃস্নেহ, ভোক, জাতিভেদ, দেৱতাই নুবুজে নাৰীৰ মন, বিস্মৃতি – পৰীস্মিতা দাস

১৷ মাতৃস্নেহ
নিজৰ অকণমানি ছোৱালীজনীক বনকৰা তিৰোতা ৰঙিলীৰ লগত এৰি বৰুৱানীয়ে দিনৰ দিনটো ক্লাৱ, মিটিং আদিতে পাৰ কৰে৷
ৰঙিলীৰো উপায় নাই৷ নিজৰ ঘৰত এমা-ডিমা তিনিটা ল’ৰা-ছোৱালী এৰি থৈ আহিও দৈনিক মজুৰিৰ বিনিময়ত তেওঁ বৰুৱানীৰ ঘৰত কাম কৰিবলগা হয়; নহলেযে তেওঁৰ মাউৰা সন্তান কেইটা লঘোনে থাকিব লাগিব৷ ■■

২৷ ভোক
ঃচাহাব, দয়া কৰি কেইটামান টকা ধাৰলৈ দিয়ক, কণমানি ল’ৰা-ছোৱালীকেইটাৰ পেটত তিনিদিন ধৰি খুদ-কন এটাও পৰা নাই৷ আপুনি দয়া নকৰিলে ভোকত প্ৰাণ যাব সিহঁতৰ৷
গাওঁখনৰ আঢ্যৱন্ত মানুহজনে তেওঁলৈ হাতযোৰ কৰি থকা মহিলাগৰাকীৰ উৱলা চাদৰখনলৈ চাই ৰ’ল৷ তেওঁৰ লোলুপ দুচকুৱে যেন কৈ উঠিল- বহুত ভোক লাগিছে৷ ■■

৩৷ জাতিভেদ
পূৰৱীৰ দেউতাকৰ মনৰ পৰা উচ্ছ জাতিৰ দম্ভ তেতিয়া মাৰ গ’ল যেতিয়া বাচ-বিচাৰ কৰি উচ্ছ জাতিলৈ বিয়া দিয়া জীয়েক পূৰৱীয়ে গিৰিয়েকৰ পৰিয়ালৰ নীচ ব্যৱহাৰ সহিব নোৱাৰি টালি-টোপোলা লৈ উভতি আহিল৷
ঘৰৰ অমতত নীচ জাতিৰ প্ৰেমিকলৈ পলাই যোৱা সৰু জীয়ৰি কৰবীৰ সংসাৰ কিন্তু সুখেৰে আছে৷ ■■

৪৷ দেৱতাই নুবুজে নাৰীৰ মন
কোনে, কিদৰে বুজিব নাৰীৰ মন?
নাৰীয়ে বিবাহৰ সময়ত আন এখন ঘৰত এৰি আহে নিজৰ মন৷
পৰিয়ালৰ সকলোৰে হেঁপাহ পূৰাবলৈ নাৰীয়ে অন্তৰৰ অটল গৰ্ভত কবৰ দিয়ে নিজৰ মনৰ হেঁপাহ৷
কবৰ খান্দিবলৈ সময়নো কাৰ আছে?
চিঞৰি চিঞৰি সুধিবলৈ মন যায় পৰীৰ৷ ■■

৫৷ বিস্মৃতি
পল্লৱৰ লগত থকা গভীৰ প্ৰেমৰ বিচ্ছেদৰ পিছত স্মৃতিৰ নিদাৰূণ অত্যাচাৰ সহিব নোৱাৰি অন্তৰাই কয়- ভগৱান মোৰ মগজুটো বিকল কৰি দিয়া, পাহৰাই দিয়া মোক সকলো৷
এদিন সঁচাকৈয়ে অন্তৰাই সকলো পাহৰি গ’ল৷ এতিয়া তাইৰ মন-মগজুত মাথোঁ এটাই নাম- পল্লৱ৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক