মাতৃ চৰিত —– হেমকান্ত বৰা

 

মোৰ জন্মৰ দিনা চাৰি মোন ধান
জাৰি-চালি শুকুৱাইছিল আয়ে
তিনি দোন ধান বাকী থাকোঁতে
আয়ে প্ৰসৱ বেদনা অনুভৱ কৰিছিল
বেৰৰ জলঙাৰে ৰতোৱাল কিৰণত
মোৰ মুখ পোহৰ হৈছিল
মোৰ পোহৰে আইক পোহৰাইছিল
কোঠাটো পোহৰ হৈ আছিল দুদিন ৷
* * * * * * * * *
ভূমি চুই মই কান্দিবলৈ শিকিছিলোঁ
সেই ভূমি আয়ে গৰ্ভতকৈও উৰ্বৰ কৰিবলৈ
ওলাই গৈছিল তৃতীয় দিনা ৷
ঘাম আৰু ৰক্তৰে সিক্ত ভূমিত
মোৰ বাবে সিঁচি দিছিল বৈভৱৰ বীজ ৷
* * * * * * * * *
আজি মোৰ আইজনী হাউলি পৰে
পাতৰ দৰে চুলি সৰে
আইৰ ৰস শুহি শুহি শিপাবোৰে ভিৰ কৰে মুখত ৷
উৱলি যোৱা চালিখনৰ স’তে
ছালখন আইৰ ওলমি পৰে
পিতাইৰ হাতেৰে বন্ধা শনখেৰৰ ঘৰখন
আয়ে কোনোদিন কোনোমতে নেৰে ৷
পিতাইৰ ফটোখনত নাই এধানিও ধূলি
চাদৰৰ আঁচলেৰে বাৰে বাৰে মচি
চকুৱে চকুৱে চায়
এষাৰ মাতক বুলি ৷
* * * * * * * * *
আইৰ ৰান্ধনিশালত আমাৰ পাঠশালা বহে
ধোঁৱাত উৰে নেওঁতাৰ পাখিলগা মাত
অচিনা বাট চিনাবলৈ আয়ে
পাখিকলমৰ নিচান পোতে ৷
বিপদৰ ৰূপ-সিকি সাঁচি থয়
কাপোৰৰ ভাঁজত
ধোঁৱাচাঙত থাকে জড়িবুটিৰ মোনা
নৰীয়া দেহৰ জ্বৰ জুখি জুখি
উজাগৰে কাটি যায় ৰাতি ৷
তুলসী তলৰ চাকিৰ পোহৰে
আইৰ ভগৱানক আদৰি আনে ৷
সততাৰ শলিতা জ্বলাই সাহস গোটায়
ঘৰখন পোনাই ৰাখিব ভগৱানে ৷
* * * * * * * * *
তই মাতৃ বাবেই
জগতৰ সন্তানবোৰক পুত্ৰসম ভাৱ
তই মাতৃ বাবেই
ঘৰখনৰ ভোগৰ বাবে
নিজৰ ভোক পাহৰিব পাৰ ৷
টিপচাকি চকুত বান্ধি
টোপনিবোৰ চাই চাই
তই তোৰ টোপনি মাত
আন্ধাৰতে ঢাৰি-পাটী এৰি
আমাৰ বাবে পিয়াহৰ কড়িয়া ভৰাৱ ৷
* * * * * * * * *
আজি তোৰ কঁপা কঁপা হাত
কঁপা কঁপা মাত
নিয়ঁৰত মেখেলা তিয়াই
অহাযোৱা কৰা তোৰ পথৰুৱা বাট
তইয়ে নমন
মৰীচিকাৰ দৰে কঁপি কঁপি
তোৰ চকুত শাওণ আঘোণ
তাতো তই পিতাইকহে দেখ ৷
* * * * * * * * *
কাণৰ থুৰিয়াযোৰ ভগাই দিয়াৰ আগতে
বুকুৰ ৰিহাখন খুলি থোৱাৰ আগতে
আই তোক জগতখন দেখুৱাবলৈ মন ৷
এবাৰ চাই লচোন নূপুৰ পিন্ধা চৰাইজাক
চৰাইজাকৰ স’তে তোক ফুৰাবলৈ মন ৷
তোৰ জলকা লগা চকুত দুআঙুল পানী
মই মোহাৰি দিওঁ
আকৌ চাই লচোন
পথাৰৰ প্ৰেমেৰে ৰঙীন
আকাশখন
* * * * * * * * *
এৰাবাৰীত শুই আছে পিতাই
পিতাইৰ বাওঁহাতে শেতেলিখন তোৰ ৷
যোৰ পাতি থাকিবিগৈ ধনে-জনে এৰি
লগ পোৱাৰ বাসনাৰে এবাৰ হাঁহচোন
যেনেকৈ হাঁহিছিলি পিতাইৰ চকুলৈ চাই ৷
মোৰ মুখ চাই দুখবোৰ পাহৰচোন আই
লচোন এবাৰ বুকুত গুজি
দেচোন এবাৰ দুগালত চুমি
চুই চাওঁচোন তোৰ জীয়া হাতখন
মচি দিওঁচোন তোৰ জীয়া চকুহাল
চাবিনেকি শেষবাৰ
ৰুই যোৱা বকুলৰ সেউজীয়া পোহৰ
* * * * * * * * *
মৃন্ময়ী
আমাৰ হাতত মেঘ ফলা ৰ’দৰ সম্পাত
আৰু
বিজুলীয়ে ফালি নিয়া লঠঙা বৃক্ষৰ দৰে
মোৰ আইৰ শতছিন্ন শিৰাময় দুহাত ৷
আমাৰ দেহত অযুত শিহৰণ
প্ৰতিটো ঋতুৰ গানত
উদ্দীপিত আমাৰ চাতক প্ৰাণ
আৰু
আইৰ দেহত জঠৰতা বাঢ়ে
অনিদ্ৰাৰ নিহালি টানি টানি
আয়ে প্ৰহৰৰ হিচাপ কৰে
নিঃসংগতাৰ হিমকণাত থৰে থৰে কঁপে ৷
আমাৰ উত্তাপেৰে
উত্তাপিত কৰোঁ আঁহা
ধৰিত্ৰীসম আইৰ
হৈমন্তীক শৰীৰ ৷
————–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments