মাদ্ৰাজৰ পৰা দিল্লী… আজৱ সংযোগ..( -ডঃ মাখন লাল দাস)

১) আই আই টি, মাদ্ৰাজ:
প্ৰফেচাৰ কে কৃষ্ণাইয়াহ…..
১৯৮৭ চন৷ আই আই টি মাদ্ৰাজত এম টেক কৰি আছোঁ৷ বেমাৰ হোৱা বাবে এসপ্তাহপলমকৈ গৈছিলোঁ৷ তাৰ এসপ্তাহমান পাছতে প্ৰথমটো পৰীক্ষা৷ কেমিকেল ৰিয়েক্টৰথিয়’ৰী নামৰ বিষয়টো শিকাইছিল কে কিষ্ণাইয়াহ নামৰ অধ্যাপক এজনে৷ বিশেষ একোতলানলা পোৱা নাছিলোঁ প্ৰথমতে৷ চাৰিটা প্ৰশ্নৰ মাত্ৰ এটা নে দুটাহে বোধকৰোউত্তৰ কৰিছিলোঁ৷ দুদিনমান পিছত বহীবোৰ ঘূৰাই দিলে৷ ২৫ ৰ ভিতৰত মই পালোঁ৪৷লাজতে মূৰ তল কৰি অলপ পৰ বহি থাকিলোঁ৷ তাৰপাছত চাওঁ নাচাওঁকৈ ওচৰে-পাজৰে থকাদুই এজনৰ বহীবোৰলৈ চালোঁ৷ কোনোবাই পাইছে ২, কোনোবাই শূন্য৷ পিছত গম পালোঁ সৰ্বোচ্চ নম্বৰ ৮,পাইছে পদ্মশ্ৰী নামৰ শ্ৰেণীৰ একমাত্ৰ ছোৱালীগৰাকীয়ে৷তাৰ তলতে কোনোবা এজনে পাইছে ৬৷ তাৰ তলতে মোৰ নম্বৰটো৷ মনটো অলপ ভাল লাগিললাহে লাহে মনপুতি পঢ়াত লাগিলোঁ৷ অলপ-অচৰপ বুজি পোৱা হ’লোঁ৷ পিছৰটো পৰীক্ষাতপালোঁ ১৮৷ দ্বিতীয় সৰ্বোচ্চ নম্বৰ৷ কৃষ্ণাইয়াহ ছাৰৰ চকুত পৰিলোঁ৷ ফাইনেলতসৰ্বোচ্চ গ্ৰেড পালোঁ সেইটো বিষয়ত৷

প্ৰফেচাৰ কে ৰেমানন্দ ৰাও…..
চূড়ান্ত ষাণ্মাসিক কেৱল এটা প্ৰজেক্ট কৰিব লাগে৷ মই, যুগিন্দৰ আৰু মনূৰভাগত গাইড হিচাপে পৰিল কে ৰেমানন্দ ৰাও নামৰ এজন জ্যেষ্ঠ অধ্যাপক৷ আগতেকেতিয়াও দেখা নাই৷ আমি তিনিও তেখেতক বিচাৰি বিচাৰি তেখেতৰ কোঠা পালোঁগৈ৷ মইচুচুক-চামাককৈ ভিতৰ সোমাই গ’লোঁ৷পিছে-পিছে যুগিন্দৰ৷ মনূ দুৱাৰমুখতে থিয়হৈ থাকিল৷ তেখেতে মূৰ তল কৰি কিবা লিখি আছিল৷ ওচৰতে ছাত্ৰী এগৰাকী বহি কিবাপঢ়ি আছিল৷
মই লাহেকৈ মাত লগালো৷ তেখেতে মূৰ ডাঙি চালে৷
: চাৰ , আমি আপোনাৰ তলত প্ৰজেক্ট কৰিব লাগে৷
মই লাহেকৈ ক’লোঁ৷
ৰেমানন্দ ৰাও চাৰে মোলৈ চাই প্ৰায় চিঞৰি চিঞৰি সুধিলে,
:প্ৰজেক্ট?হোৱাট প্ৰজেক্ট?
: চাৰ, এম টেক প্ৰজেক্ট৷
মই ভয়ে ভয়ে ক’লোঁ৷
: এম টেক? এম টেক ষ্টুডেন্টচ আৰ ইউজলেচ ফৰ আচ… (এম টেকৰ ছাত্ৰ-ছাত্ৰী একো কামৰ নহয়)
তেখেতে বিৰক্তিভৰা কন্ঠেৰে প্ৰায় চিঞৰি চিঞৰি ক’লে৷
তেখেতৰ সেই ৰুদ্ৰমূৰ্তি দেখি দুৱাৰমুখত ৰৈ থকা মোৰ বন্ধু পলাই ফাঁট মাৰিলে৷ মই আকৌ লাহেকৈ ক’লোঁ,
: কিন্তু, আমাক আপোনাৰ ওচৰলৈ পঠাই দিছে৷ আমি আপোনাৰ তলতে প্ৰজেক্ট কৰিব লাগিব৷
: অকে, কাম টুমৰো৷
তেখেতে গহীনাই ক’লে৷
লাহেকৈ বাহিৰ ওলাই আহিলোঁ৷ পিছদিনাৰ পৰা প্ৰজেক্ট আৰম্ভ হ’ল৷
কিন্তু সেই খং-বিৰক্তিভৰা অধ্যাপকগৰাকীৰ মৰমভৰা নিৰ্দেশনাত সুকলমে প্ৰজেক্ট শেষ কৰিলোঁ৷প্ৰজেক্টতো সৰ্বোচ্চ গ্ৰেড পালোঁ৷
২) আই আই টি , দিল্লী:
হৰিভকত…….
১৯৯৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখ৷ দিল্লী আই আই টি৷ পি এইচ ডি ৰ বাবেইণ্টাৰভিউ দিবলৈ গৈছোঁ৷ কেমিকেল বিভাগৰ সকলো অধ্যাপক বহি আছে৷ মোক মতা হ’ল৷ভিতৰ সোমাই গ’লোঁ৷ মূৰব্বী অধ্যাপকজনে মোক বহিবলৈ ক’লে৷ দেখিলেই ভাল লগাসুন্দৰ ব্যক্তি৷ মোক প্ৰথমেই সুধিলে,
: তুমি মাদ্ৰাজ আই আই টিত এম টেক কৰিছিলা?
:হয়
মই উত্তৰ দিলোঁ৷
: প্ৰজেক্টৰ গাইড কোন আছিল?
: কে ৰেমানন্দ ৰাও৷
মই উত্তৰ দিলোঁ৷
: হা?ৰেমানন্দ ৰাও?তেখেত মোৰো গাইড আছিল৷ মইও মাদ্ৰাজ আই আই টিত এম টেক কৰিছিলোঁ৷
তুমি মাদ্ৰাজ দেখিলাই৷ এতিয়া দিল্লীলৈ আহা৷ মোৰ লগত গৱেষণা কৰা৷ ….
তাৰপাছত মূৰব্বী অধ্যাপক গৰাকীয়ে মোক গৱেষণাটো কি বিষয়ৰ হ’ব বুজোৱাত লাগি গ’ল৷ বাকী অধ্যাপকসকলে কেৱল চাই থাকিল৷
বুজিলো, মোৰ এডমিচন পাক্কা৷
মনৰ আনন্দত কনট প্লেচ পালোঁগৈ আৰু প্লাজাত চিনেমা চাবলৈ সোমালোঁ৷
আকৌ কৃষ্ণাইয়াহ….
২০০০ চনৰ জুনমাহ৷ পি এইচ ডি ৰ ফাইনেল ভাইভা৷
পি এইচ ডিৰ কাম শেষ হ’ল৷ পৰীক্ষকৰ ৰিপোৰ্টবোৰ আহিল৷ কেৱল ভাইভা হ’বলৈবাকী৷ মই দিল্লী পালোঁগৈ৷ গম পালোঁ মোৰ মৌখিক পৰীক্ষা ল’বলৈ আহিব আই আই টিমাদ্ৰাজৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ মূৰব্বী অধ্যাপক কে কৃষ্ণাইয়াহ৷ মোৰ মনতপৰিল৷ তেখেতে বা মোক চিনি পায় নে নাপায় ১২ বছৰৰ মূৰত দেখি? মনতে ভাবিলোঁ৷
ভাইভাৰ দিনা ৰাতিপুৱাই চেমিনাৰ হলৰ বাৰান্দাত থিয় হৈ অপেক্ষা কৰি আছোঁ৷ অলপপাছত দেখিলো , কৃষ্ণাইয়াহ চাৰ আহি আছে৷ চিনি পোৱাত মোৰ অসুবিধা নহ’ল৷তেখেতে মোক দূৰৰ পৰা দেখিয়েই চিঞৰি মাত দিলে,
: হেই দাস….
বুলি আহি হাত মিলালেহি৷
মোৰ মনটো আনন্দত নাচি উঠিল৷
ভাবিলোঁ, ইমান দিনৰ মূৰতো ইমান ডাঙৰ অধ্যাপক এজনে মোৰ নিচিনা নিঃকিন এজনকো মনত ৰাখিছে, তাকো পৰীক্ষা ল’বলৈ আহি……
তেখেতলৈ মনটো শ্ৰদ্ধাৰে উপচি পৰিল৷
তাৰপাছত মৌখিক পৰীক্ষা কেৱল এক আনুষ্ঠানিকতা হ’ল আৰু ময়ো নামৰ আগত ডঃ বুলি লিখিব পৰা হ’লো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক