মাধুৰি পুৰাণৰ আধা অধ্যায়: (ভাস্কৰজ্যোতি দাস)

(লেখাটোৰ কোনো চৰিত্ৰ ৰিয়েল নহয় । সকলো চৰিত্ৰই না-ৰিয়েল মানে নাৰিকল)

নিমখৰ টুকুৰা এটা গাত পৰিলে জোকটোৰ যি গতি হয় ঠিক আজি তাইৰ ডিঙিটোও তেনেকৈয়ে পাক খাই এপৰত ৰৈ গ’ল । চকুকেইটা জোৰকৈ বন্ধ কৰি তাই সোঁৱে বাৱে মুৰটো জোৰেৰে জোকাৰিবলৈ ধৰিলে । হয়ো । হ’ল বুলিয়েই ইমান কাঢ়া হ’ব লাগে নেকি । হ’লেও তাই খাবয়েই । আফতাৰ অল পাতসাঁকোৰ এনায়ে (আইতাকে) পঠাইছে । তাই আনদিনাৰ দৰে আকৌ লেপিটোত মুৰটো গুজি দিলে ।

এনেয়ে আশ্ৰমখনত তাই বৰ পুৰণা মাতে নহয় । আন আন স্বামীজী বা মাতেশ্ৰীৰ দৰে বাকপটু বা চতুৰো নহয় । সহজ সৰল জিন্দেগী জীয়াই থাকিলেই হ’ল । কিন্তু এইবাৰ আশ্ৰমখনৰ মেচ চলাবলৈ দায়িত্ব পৰাৰে পৰা এনেদৰে উজাগৰে ৰাতিবোৰ পাৰ কৰিবলগা হৈছে মাতে মাধুৰিয়ে । মুচলপুৰৰ আদিস্বামী মহাপ্ৰভূৱে ৰেফাৰেন্স দিয়াৰ পাচত তাই লোৱা দিচিজ্যন টো যে ৰাইট নাছিল সেয়া তাই আজিহে বুজি উঠিছে । হ’লেও এবাৰ আশ্ৰমখনত সোমালে যেতিয়া তাই দায়িত্বটো ল’বই লাগিব । হাজাৰ হওক বাবা চতুৰ্কালজ্ঞৰ বিদেশী আদেশ । তাতে এই মাহতে তাই মাতেশ্ৰীসকলক আশ্ৰমখনৰ নামে চলি থকা পট্টাখনৰ আধাখিনি মাটি পৃথক দাগে দিয়াৰ কথা ফাইনেল কৰি থৈছে ।

কেলকুলেটৰৰ লগতে লেপিটোত হিচাপ নিকাচ মিলাই মিলাই এপৰত তাইৰ টোপনি আহিল । কিন্তু চকুকেইটা জপাইছিল কি নাই এনেতে দূৰত গিটাৰৰ শব্দ শুনি তাই সাৰ পাই উঠিল । শব্দটোৰ পম খেদি গৈ গীটাৰৰ মাত অহা কোঠাটোৰ দৰ্জাৰ ফাঁকেৰে তাই ভিতৰলৈ চাই পঠিয়ালে । ভিতৰত স্বামী গীটাৰানন্দ আৰু ৰকানন্দই ৰাম ভজনৰ ৰিমিক্স কৰাত মচগুল । মডাৰ্ণ আশ্ৰম যেতিয়া ৰিমিক্সটো হ’বই লাগিব । হ’লেও ৰাতিখন এনে টেংটেঙীয়া মাত শুনি তাইৰ টোপনিৰ জালখন ভাঙিল ।

এতিয়া ৰাতি প্ৰায় তিনি বাজিছে । কি কৰা যায় চিন্তা কৰি কৰি তাই স্বামী-মাতেগণে কি কৰি আছে তাকে চাবলৈ ক’ৰিড’ৰটোৰে আগবাঢ়িল । অলপ দূৰ আগবঢ়াৰ পাচতে সোঁহাতৰ চাৰে পয়সত্তৰ নম্বৰৰ কোঠাটোৰ পৰা ঘোষা এফাঁকিৰ মাত অহা শুনি সেইফাললৈ চকু দিলে । ভিতৰত ৰাহালৰ ওপৰত ঘোষা মেলি গহীনাস্বামী টেটুলনন্দই ঘোষা এফাঁকি গাই আছে—“মধুৰিপু ৰাম ৰঘুপতি…” মিহি মাতৰ স্বামীজনালৈ বুলি ভক্তিভাৱেৰে সেৱা এটি আগবঢ়াই মাধুৰি কোঠাটোৰ কাষেৰে যোৱা চিৰিটোত উঠোঁতেই তাই মাতে কস্তুৰবাক ওপৰৰ পৰা নামি অহা দেখি ইমান দেৰিলৈকে কিয় শুৱা নাই বুলি প্ৰশ্ন কৰিলে । উত্তৰত গম পালে যে সকলো মাতে লগ হৈ মচলা শুদ্ধি কৰি আছে । মাধুৰিয়ে মনতে বৰ ৰস পালে । অন্তত: এতিয়ালৈকে ভাল কামটোৰ বাবে যে মাতেসকল সাৰে আছে । মেচ চলোৱা কামটোওটো ইমান সহজ নহয় । চিৰিটোৰে উঠি গৈ প্ৰথম কোঠাটোতে মাতেগনক দেখি তাইৰ মনলৈ এটা বুজাব নোৱাৰা সাহস আহিল । এইবাৰ কিন্তু ৰক্ষা নাই । মুঠৰ উপৰত আশ্ৰমৰ পট্টা সমানে দুফাল কৰিহে এৰিব ।

কৰিড’ৰটোৰে আগবাঢ়ি গৈ থাকোঁতে মাজতে স্বামী দিপুলানন্দদেৱক লগ পালে । সোধাৰ পৰত গম পালে যে স্বামী আৰোগ্যধামৰ পৰা আহিছে । কেইজনমান স্বামীৰ পেটৰ অসুখ । এইকেইজনৰ মাজে মধ্যে পেটৰ অসুখ হৈয়ে থাকে । স্বামী শান্তনুদেৱৰো একেই দশা বুলি গম পাই তাই খবৰ এটা কৰাৰ কথা চিন্তা কৰিছিলহে এনেতে ক’ৰপৰা এখন ইউ.এফ.অ’. আশ্ৰময়াৰ্ডত নামিল ধৰিবই নোৱাৰিলে । দুজন স্বামী তাৰপৰা নামি অহা দেখি সেইফালে চাওতেহে গম পালে যে সেয়া স্বামী অপুৰ্বানন্দ আৰু মনজিতানন্দ । আশ্ৰমখনত স্বামীসকলৰ মাটি কমি যাব বুলি ভাবি এইকেইদিন চন্দ্ৰৰ উপগ্ৰহ জুপিতাৰত অলটাৰনেট ঠাইৰ সন্ধানত ব্যস্ত হৈ আছে দুয়ো । মনতে মাধুৰিয়ে বৰ ৰস পালে আৰু মাটিৰ ফালে চাই চকুটিপ এটা মাৰি দিলে কিটিপকৈ । কিছুদূৰ আগুৱাই গৈ মাধুৰিয়ে দক্ষিণ দিশৰ কুটিৰৰ লাইট জ্বলি থকা দেখি সেইফালে নামি গ’ল । তাতে উজ্বলানন্দ বাবা কচৰৎ কৰাত ব্যস্ত হৈ থকা দেখি তেওঁক স্বামী ৰাজীৱানন্দৰ খা খবৰ সুধিলে । উত্তৰত গম পালে দে স্বামীজী ক’লক’টা ফাইটাৰৰ হৈ ৰাহুল দ্ৰাৱিড়ৰ লগত কিৰিকেট খেলিবলৈ গৈছে । তাই ভাবিলে-ভালেহে এইজনা মচলাশুদ্ধি কৰিবলৈ যোৱা নাই | নহ’লে…..

নিজৰ কোঠাৰ ফালে ওভতাৰ পৰত স্বামী মৃদুলানন্দক কেইজনমান শকত আৱত স্বামীক ম’টাপা ঘটাৱ’ ৰ ওপৰত পাঠ দি থকা দেখিলে । এইসকলৰ এটা চুকত বাবা ঈশাণদেৱে পিঠি দি লেপি এটাত গেম খেলি থকা দেখিলে । তাই ভাবিলে – ঠিকেইটো । মটাপা ঘটাওৰ এইজনাৰটো কোনো প্ৰয়োজন নাই । পিপল গছজোপা পাৰ হৈ নীমগছজোপাৰ তলতে কাৰোবাক নাচি থকা দেখি চোৱাৰ পৰত গম পালে যে সেয়া মাতে তুলিকেশ্বৰী । ৰাতিখন কি নাচিবলৈ আহিছ জাতীয় ভাৱ এটা একচেঞ্জ কৰি ধমকি এটা মাৰি তাই পুনৰ আগবাঢ়িল । এনেতে পিচফালৰ পৰা মাত এটা অহাত তাই ঘুৰি চাই দেখে সেয়া মাতে বিদ্যাৱতী । মচলাশুদ্ধিত পাঁচপুৰণৰ “প” টো দন্ত্য প নে মধন্য প তাকে সুধিবলৈ আহিছে । মাধুৰিৰ মুৰ গৰম উঠি গ’ল । তাই অলপ পাচতে গৈ আছো জাতীয় ভাৱ এটা বিনিময় কৰি আৰু কিছূ আগবাঢ়িল । এনেতে সোঁহাতৰ কোঠাটোত স্বামী জ্যোতিৰানন্দদেৱে স্বামী ঔদিত্যদেৱক মছলাৰ কথা কৈ থকা শুনি তাইৰ ভালেই লাগিল । লগতে স্বামী প্ৰদ্যুতানন্দকো দেখা পালে । কিন্তু দৰ্জাৰ ফাঁকেৰে চাওতে যেতিয়া গম পালে যে সেয়া তেওলোকৰ নিজৰ হিচাবহে তেতিয়া তাইৰ খং উঠি আহিল । পুহ মাহৰ ১৬ তাৰিখে এই দুজনা স্বামী দেশী বিদেশী কিছুসংখ্যক স্বামীসহ তীৰ্থলৈ যাব । তাতে খোৱা লোৱাৰ কাৰবাৰ ।

দন্ত্য প – মধন্য প ৰ কথাটো ফাইনেল কৰোঁ বুলি এইবাৰ তাই আদিগুৰু ভাস্কৰাচাৰ্যৰ কোঠাৰফালে আগবাঢ়িল যদিও নিৰাশ মনেৰে উভটি আহিল । কিয়নো তেতিয়ালৈ স্বামীজী বিদেশী বাবা মেকডুৱেলেশ্বৰ লগত চিকেন ড্ৰাই ফ্ৰাই খাই টোপনীত লালকাল । আৰু কোনো ফালে নগৈ তাই নিজৰ কোঠালৈ ওভতি আহিল আৰু বাকী থকা ফুতনি পানীকন গিলি আকৌ লেপিটোত মুৰটো গুজি দিলেহি । টোপনি কিন্তু তেতিয়াও নাহিল । কাৰণ আশ্ৰমৰ বাহিৰত থকা কোনো ধুপ-চাকি বিক্ৰী কৰা কোনো দোকানীৰ ম’বাইলত তাই বেয়া পোৱা ৰিংট’নটো সদাই বাজি থকাৰ দৰে আজিও বাজি উঠিল ।
“ড্ৰিমম্ ৱেকপম্ ক্ৰিটিকল্ কন্ডিশ্বনম্……..”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments