মাধুৰীৰ সপোন (গীতাঞ্জলি হাজৰিকা)

খবৰ এটা হৈ বিয়পি পৰিল মাধুৰী৷ মাধুৰী শৰ্মা বামুণৰ ছোৱালী হৈ পলাই গ’ল একে গাঁৱৰে আহোমৰ ল’ৰা পলাশলৈ! কি সাংঘাতিক কাৰ্য কৰিলে তাই৷ মাক, বাপেক, বংশ-পৰিয়ালৰ নাক-কাণ কাটি এনেকৈ ছোৱালীজনী সেই আহোমৰ পোৱালিটোলৈ পলাই যাব লাগেনে? গোটেই বংশটো গৰজি উঠিল৷

: পুলিচত দে, তাক ধৰিব পাৰিলে চিৰদিনৰ বাবে ঘূণীয়া হোৱাকৈ গৰু পিটন দিয়াম৷ বামুণৰ ছোৱালী পলুৱাই নিবলৈ আহে-মাধুৰীৰ ডাঙৰ মোমায়েকটোৱে গোটখোৱা বামুণৰ বংশৰ আটাইমখাৰ আগত চিঞৰি চিঞৰি ক’লে৷
: হয় হয়, তাক ধৰিলে কিডনেপিঙৰ কেচত ফচাই ভৰাই থম জেলত৷ তাৰ সেই শলিতা লগাই গেলাপানী সোপা খাই ফুৰা বৰ ভকতীয়া বুঢ়া বাপেকে হাজাৰ দৌৰিলেও উলিয়াই আনিব নোৱাৰাকৈ কেচ দিম তাৰ ওপৰত —এইবাৰ সৰু মোমায়েকে কথাত যোগ দিলে৷
সুৱাগী চাহ বাগিচাৰ কেৰাণী হেমচন্দ্ৰ শৰ্মা, মাধুৰীৰ দেউতাক আৰু মাক ববিতাই অসহায় হৈ মানুহবোৰৰ কথাবোৰ জুপুকা মাৰি শুনি যায়৷ মনত জীয়েকৰ প্ৰতি খং, দুখ আৰু তাৰো ওপৰত কিবা এক অসহায় ভাব৷ জাত-কূলৰ এখন প্ৰাচীন আৰু ঘৃণনীয় প্ৰাচীৰ ইচ্ছা থাকিলেও খহাব নোৱাৰাৰ অপ্ৰকাশ্য দুখ৷ একমাত্ৰ জীয়েকৰ প্ৰতি এক প্ৰচণ্ড মোহ, আনহাতে বংশ-পৰিয়ালৰ মানুহৰ জাত্যভিমান৷ এই সময়ত জীয়েকৰ হৈ মাত মতাৰ সাহস এজনৰো নাই৷ এবাৰ ববিতাই ভায়েকক কিবা কবলৈ চেষ্টা কৰিছিল, পিছে ভায়েকে একে ধমকিতে তাইক চুপ কৰালে৷ হেমচন্দ্ৰ শৰ্মা ভাই-ককাই নোহোৱা অকলশৰীয়া মানুহ৷ গতিকে খুলশালীয়েকহঁতৰ আগত তেৱোঁ ভিজা মেকুৰীহেন হৈ থাকে৷
অৱশেষত পলাশৰ বিৰুদ্ধে থানাত এটা বিৰাট কেচ ৰেজিষ্টাৰ হ’ল৷ পুলিচে সিহঁতহালক বিচাৰি বৰাচুক, গোঁহাইচুক, আহঁতগুৰি, বামপথাৰ গোটেইখন তহিলং কৰিছে৷ মাক-বাপেক, বায়েক-ভিনিহিয়েক, দদায়েক, পেহায়েক কাৰ ঘৰত বিচৰা নাই তাহাঁতক! মাধুৰীৰ মোমায়েকহঁতে দিয়া সম্ভাৱ্য সকলো ঠাইতে বিচৰা হ’ল৷ নাই, সিহঁতহাল যেন বতাহত মিলিহে গ’ল৷
নৈ কাষৰীয়া গাঁওখনত পলাশৰ আইতাক মাইকন বুঢ়ীৰ মাকৰ ঘৰ৷ মাইকন বুঢ়ী দুবছৰৰ আগতেই মৰি হাড়ত বন গজিল৷ পলাশ সেই মিতিৰৰ গাঁৱতে লুকাই আছে মাধুৰীক লৈ৷ কোনেও নাজানে ভিতৰুৱা গাঁওখনৰ এই পুৰণি মিতিৰৰ কথা৷ সেয়েহে মাধুৰীহঁতৰ ঘৰখনৰ মানুহবোৰে তৈয়াৰ কৰা সম্ভাৱ্য তালিকাখনত এই ঠাইখন বাদ পৰিল৷ পলাশক এই বুদ্ধি তাৰ বায়েকেই দিছিল৷ নহ’লে ইমান পৰলৈ সি চাগে’ জেলৰ ভাত খাব লগা হ’লগৈ!
বোকা অকণমানো গচকিবলৈ নোপোৱা মাক-বাপেকৰ আলাসৰ মাধুৰীজনী দ-মাটিৰ গাঁওখনৰ জেকা মাটিৰ ঘৰখনত থকা আজি এসপ্তাহেই হ’বৰ হ’ল৷ অসুবিধা তাই পাইছে৷ বাৰিষা বানে ধোৱা গাঁও৷ এতিয়া অৱশ্যে খৰালি, তথাপিও এক জেকা পৰিবেশন৷ সহজ-সৰল মানুহবোৰ, অৱশ্যে সাজ পানী খালেই স্ফূৰ্তি কৰি গমগমাই থাকে৷ তাইক লৈ যে গোটেইখনৰ কিমান আনন্দ! পলাশৰ কানসমনীয়া কেইটাৰ মুখততো বিহু নামফাঁকি লাগিয়েই থাকে৷ তাই আছে বাবে অৱশ্যে সিহঁতে গাহৰিৰ মঙহ খোৱা নাই আৰু ঘৰখনত সাঁজপানীটোপাও ডাঙৰকেইজনে মনে মনে তাই গম নোপোৱাকৈ লুকাই লুকাইহে খায়৷
মাধুৰীয়ে বেয়া নাপায়৷ গোত্ৰ ছিঙি তাই নিজ ইচ্ছাৰে পলাশৰ লগত পলাই আহিছে৷ আজিৰ ছোৱালী তাই৷ জাত-কূলৰ কথা নাভাবে তাই৷ পিছে মাক-বাপেকলৈ মনত পৰিলে দুখ লাগে অলপ৷ সৰু ভায়েকটোৱে বা কি ভাবিছে তাইক৷ কিন্তু এনেকৈ নাহিলে তাইৰো উপায় যে নাছিল৷ যিদিনাখনৰ পৰা মোমায়েকে তাইক মামীয়েকৰ সম্বন্ধীয় ভায়েক এজনৰ কথা বৰকৈ ক’বলৈ লৈছিল সেইদিনাই তাই থিৰাং কৰিছিল পলাশৰ লগত যোৱাৰ কথা৷ স্কুলীয়া দিনৰ পৰা মনে মনে ভাল পায় ইটোৱে সিটোক, এৰি থাকিব নোৱাৰে কেতিয়াও৷
: বামুণৰ ছোৱালী, তাতে ধনী ঘৰৰ, তোৰ মোৰ দৰে দুখীয়া নহয়, ভাবি চা আকৌ বোপাই৷ …ঘৰখনৰ আটাইবোৰেই বুজাইছিল পলাশক৷ অৱশেষত তাৰ কথাই হৈছিল৷ ভিতৰি ভিতৰি সেয়েহে সকলোৱে জানে সি তাইক পলুৱাই আনিব বুলি, পিছে পুলিচৰ আগত একো নজনা হয়৷
এসপ্তাহৰ পিছত সিহঁত লোকচক্ষুলৈ আহিল৷ মাধুৰীৰ মাক-বাপেক, মোমায়েকহঁত দৌৰি আহিল থানালৈ৷ উকীল, পুলিচ সহিতে আটাইমখা আদালতৰ মজিয়া পালেগৈ৷ পুলিচে গুজৰি-গুমৰি থকা মাধুৰীৰ মোমায়েকহঁতক ক’লে- ছোৱালী স্ব-ইচ্ছাই আহিছোঁ বুলিছে, সাবালিকা, আমাৰ উপায় নাই৷
আদালতৰ মজিয়াত বিয়াখন হৈ গ’ল৷ হৃদয়ে নক’লেও সমাজৰ ভয়ত মাক-বাপেকে মাধুৰীক ত্যাগ কৰিলে৷ পোৱা আৰু হেৰুওৱাৰ মাজতে মাধুৰীয়ে নকৈ সংসাৰখন তৰিছে৷ তাইৰ মনত এটাই আশা – সমাজখন এদিন সঁচাকৈ শিক্ষিত হ’ব আৰু তাইৰ দৰে হাজাৰজনী মাধুৰীক, পলাশক আদৰি ল’ব৷ সাহসী হ’ব মনবোৰ, মনৰ হেঁপাহবোৰ সমাজৰ মিছা অহংকাৰ, নীতি-নিয়মৰ নামত দবাই নাৰাখি সুখী হৈ জীয়াই থাকিবলৈ শিকিব৷ তেতিয়ালৈকে মাধুৰীয়েও ৰৈ থাকিব, তাইৰ মাক-দেউতাক আহিব এদিন, সিহঁতক আদৰি ল’ব বুকুৰ মাজত৷
******************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments