মাধে চোৰৰ মাধুৰী (দিগন্ত কুমাৰ ভট্টাচার্য)

ৰাতুলে মোনাখনৰপৰা বটলটো উলিয়াই মাটিত থোৱাৰ লগে লগে মাধেৰ চকু দুটি এক পৰম স্ফূৰ্তিত জিলিকি উঠিল।

‘হাফ! তাতে লাল!!?? ক’ত পালি পইচা?’

‘পইচা মাৰা গুলী! আজি সিখন গাৱত এঘৰৰ ধান কাটিলোঁ। ভাল পইচা দিছে।’

‘ৰ ৰ, হিচাব এটা কৰো। আমাৰ গাওঁৰ গাওঁবুঢ়াৰ পুতেকৰ বিয়া যোৱা আজি সাতবছৰেই হ’ল। তাৰ বিয়াতে ‘লাছ’ লাল খোৱা। এক আঙুলিৰ জোখেৰে বিলাইছিল। চাল্লা, মজা লোৱাৰ আগতেই শেষ হৈ থাকিল। আজি হেঁপাহ পলাব যেন পাইছো।’

ৰাতুলে হাঁহিলে।

‘ঐ মাধুৰী, দুটা গিলাচ আন অ’। আৰু পুঠি-খলিহনা কেইটা যে আনিছিলো, ভালকৈ ভাজি দে’।

‘মিঠাতেল এটোপালো নাই। এতিয়া সেই গেলাসোপাৰে মাছ ভাজিলেহে হ’ব।’

‘গেলা নহয় মৰতী, লাল! বিলাতীক অপমান নকৰিবি তেনেকৈ। হুহ, তই কি বুজিবি? হ’ব দে গৰৈ দুটাকে পুৰি দে’।

‘মাধে কাই, আজি মই নাখাওঁ। পেটটো কিবা ভাল লগা নাই’। পেটে পেটে ভাল পালে মাধেই। দুনাই আৰু জোৰ নকৰিলে ৰাতুলক। গিলাচটোত মদ অলপ ঢালি একে উশাহতে শেষ কৰিলে মাধেই।

‘আস!! এই লালবিধৰ কথাই বেলেগ। যিডাল পাইপেৰে মুখৰপৰা পেটলৈ লৈ যায়, জুই জ্বলাই নিয়ে একেবাৰে। জ্বলনতো মজা আছে’।

 

মাধে। মাধে চোৰ, গাওঁত সকলোৱে তেনেকৈ মাতে। মাক-পিতাক সৰুতে ঢুকোৱাৰ পিছত যোৱাবছৰ বিয়াৰ আগলৈকে অকলেই আছিল পিতৃ ভেটিৰ এই ঘৰটোত। স্কুলঘৰ গচকি নাপালে সি। কোৱা মানুহো নাছিল। কাৰপৰা আৰু কেতিয়া জানো শিকিলে চুৰিবিদ্যা, নাই মাধেই নাজানে। কেতিয়া কৰিছিল প্ৰথম চুৰি, সেয়াও মনত নাই তাৰ।

ৰাতুলে মাধেৰ গিলাচত মদ ঢালি দিলে অলপ। আজি তাক হঠাতে বৰ ভাল লাগি গ’ল মাধেৰ। কিমানদিন হ’ল বাৰু ৰাতুল মাধেহঁতৰ ঘৰলৈ অহাৰ? এমাহ? হয় এমাহতকৈ বেছি হোৱা নাই, মাধেই ভাবিলে।

এমাহ আগত ৰাতিপুৱা এটিত ৰাতুল মাধেৰ ঘৰলৈ আহিছিল। পিন্ধনত মলিয়ন পুৰণি লংপেন্ট-চাৰ্ট। কিবা কথাত লাগি হেনো ঘৰ এৰি গুচি আহিছে। প্ৰায় পোন্ধৰ মাইল দূৰৈৰ গাওঁ এখনত তাৰ ঘৰ। ‘কিবা কাম আছে কাইটি? যিকোনো কাম কৰিব পাৰিম। ইয়াত থাকিবলৈ সুবিধা এটি কৰি দিব নোৱাৰানে?’

‘কাম??’ – হো হোৱাই হাঁহিলে মাধেই। চোৰৰ ঘৰত কাম বিচাৰি আহিছে!

ৰাতুলৰ শান্ত-সমাহিত দুচকু, কথাত ফুটি উঠা সৰলতা দেখি মাধেই সিহঁতৰ সৰু গোহালি ঘৰটোলৈ চালে। গৰু এটা আছিল, মৰা দুবছৰ হ’ল। এতিয়া সেইটো খালী পৰি আছে।

‘তোক সেইটোতে চাং এখন কৰি দিম বাৰু। মোৰ কাম ৰাতিৰ। শিকাম তোক। দুজন হ’লে বাপ্পেকে চিন্তা নাই’।

সেইদিনধৰি ৰাতুল মাধেহঁতৰ ঘৰতেই আছে। সিন্ধি খণ্ডা, তলা ভঙা আদি শিকাইছে মাধেই তাক। কিন্তু সি ভয়াতুৰ অলপ। ঘৰৰ ভিতৰলৈ সোমাব সাহস নকৰে, বাহিৰত ৰৈ পহৰা দিয়ে মাধেৰ কাম শেষ নোহোৱালৈকে।

 

মাধুৰীয়ে পোৰা গৰৈ দুটা পিটিকি তাত নিমখ-জলকীয়া সানিছে। চাকিৰ পোহৰত উজ্বল হৈ উঠিছে তাইৰ দুগাল। আধা মোচ খোৱা সেন্দুৰৰ ফোঁটটিৰে আজি হঠাতে তাইক এক অপেশ্বৰী যেন লাগিল মাধেৰ। এক অবুজ শিহৰনে শিহৰিত কৰি তুলিলে তাৰ দেহ-মন। ঠিক মাধু্ৰীক প্ৰথম দেখাৰ মূহূৰ্তত হোৱা শিহৰনৰ দৰে। চাৰিখন গাওঁ এৰি মাধুৰীহঁতৰ গাওঁ। যোৱাবছৰ গৰমকালিৰ এটি ৰাতি সি সোমাইছিল মাধুৰীহঁতৰ ঘৰ। ঘৰৰ ভিতৰ পায়েই সি দেখিলে কাষৰ বিচনাত শুই আছে ছোৱালী এজনী। লেমৰ পোহৰ পৰি তাইৰ কপালৰ ঘামৰ টোপালবোৰ মুকুতাৰ দৰে জিলিকি উঠিছিল। চুৰ কৰিবলৈ কাৰোবাৰ ঘৰ সোমাই, ওলাই নহালৈকে মাধেৰ বুকুখন দুৰু-দুৰুকৈ কঁপে। সিদিনা সি জ্বৰ ঘমা দিছিল এক বুজাব নোৱাৰা অনুভূতিত। বহুসময় মাধুৰীৰ সন্মোহিনী শৰীৰটোলৈ একেথৰে চাই এটা সময়ত ওলাই আহিছিল সিহঁতৰ ঘৰৰপৰা। ‘এইজনীক এদিন চুৰ কৰি লৈ গৈ নিজৰ কৰি লমেই। শপত খালো’।

তাৰ পিছত প্ৰায় এমাহ মাধুৰীহঁতৰ ঘৰৰ আগেৰে অহা-যোৱা, দুই এবাৰ চেগ বুজি তাইক মাতি দুই-এষাৰ কথা সোধা – চলি থাকিল মাধেৰ। চুৰিবিদ্যাত পাকৈত মাধেৰ তাইৰ হিয়াখন চুৰ কৰিবলৈ বেছি সময় নালাগিল। এদিন টাউনত সৰু ‘বিজিনেছ’ কৰা মাধেৰ লগত পলাই আহি তাৰ ঘৰ উঠিলহি মাধুৰী। ওচৰৰে সৰু মন্দিৰটোত মাধেই তাইৰ শেওঁতা ৰঙা কৰিলে।

পিছে বিয়াৰ পিছৰ প্ৰথম নিশাই মাধুৰীয়ে বুজি পালে মাধেই আচলতে কি বিজিনেছ কৰে। উচুপি উচুপি কান্দিলে তাই। দুদিন ভাত নোখোৱাকৈ থাকিল।

‘তোক নিজতকৈও বেছি ভাল পাই পেলাইছিলো কাৰণে মাতিলো আৰু মিছা এষাৰ। হ’ব দে তই আহিলি নহয় এতিয়া, চুৰি-তুৰিবোৰ বাদ দিম দে। বেলেগ কামত লাগিম’।

নাই, সি চুৰি কৰা বাদ দিব নোৱাৰিলে। ভাত খোৱাৰ পিছত বিড়ি এটা নজ্বলালে যেনেদৰে নহয় তাৰ, ৰাতি কোৰ-দাখন মোনাত ভৰাই ইঘৰে সিঘৰে নুঘুৰিলেও শান্তি নাপায় সি। চুৰ কৰাটো এক নিচা হৈ পৰিছে এতিয়া তাৰ। ঘৈণীয়েক মাধুৰীয়ে অকলে বিচনাত ইচাত-বিচাতকৈ গাৰুটোকে সাবটি টোপনি যায়।

বতাহ-ধুমুহাৰ এনিশা। সিদিনা মাধেৰ বাহিৰ ওলোৱা নহ’ল। মাধেৰ কঁপা কঁপা হাতখন আগবাঢ়ি গ’ল মাধু্ৰীৰ ব্লাউজটোলৈ। লোহাৰ প্ৰকাণ্ড তলা ছেকেণ্ডতে খুলিব পৰা হাতখনে ব্লাউজৰ পিনদুটা খুলিবলৈ বহুত চেষ্টা কৰিবলগীয়া হ’ল।

‘ঐ, আমি ল-ছোৱালীৰ কথা ভাবিব লগা হৈছে আৰু ন?’

মাধেৰ চেপা মাতৰ কথাষাৰত জাঙুৰ খাই উঠিল মাধুৰী।

‘হওঁক ল’ৰা-ছোৱালী। মাতক সকলোৱে চোৰৰ পুতেক, চোৰৰ জীয়েক। নাম নথলেওঁ হ’ব আমি।’ মাধেই খোলা পিনটো আকৌ মাৰি তাই পিছমুখ দি শুই থাকিল। প্ৰথমবাৰৰ বাবে মাধেৰ বুকুখন বিষাই যোৱা যেন অনুভৱ হ’ল।

‘নাই, এই চোৰ কৰা কাম এৰি দিব লাগিব আৰু। কিন্তু বেলেগ কাম কিবা পাম জানো?’ মাধুৰীৰ চুলিখিনি লিৰিকি বিদাৰি ভাবিলে সি।

যোৱা এসপ্তাহ মাধেই চুৰ কৰিবলৈ যোৱা নাই। গাৱৰ কাষেৰে যোৱা হাই-ৱেটোত নতুনকৈ কাম আৰম্ভ হৈছে। ৰত্নে ঠিকাদাৰে তাকো কাম এটাত সোমাই দিছে। কথাটো সি ৰাতুলকো কোৱা নাই। আজি সি এসপ্তাহত কৰা কামৰ বাবদ পাইছে টকা পাঁচশ। নিজ পৰিশ্ৰমৰ পইচা সেয়া। চাৰিশ টকা দি মাধুৰীৰ কাৰণে শাৰী এখন কিনি আনিছে। এতিয়ালৈকে দেখুওৱা নাই তাইক। আজি ৰাতি শুৱাৰ সময়ত সি তাইক শাৰীখন দিব। ক’ব তাৰ নতুন কামৰ কথা। তাই সুখী হ’ব খুব। লাজ লাজকৈ তাই সোমাই পৰিব তাৰ বুকুৰ মাজত……।

 

‘মাধে কাই, কি ভাবিছা। সোনকালে শেষ কৰা’। ৰাতুলে আকৌ অলপ বাকি দিলে তাৰ গিলাচটোত। মদৰ বটলৰ ৰঙা ৰঙ কমি গৈ থাকিল, মাধেৰ চকু-মুখৰ ৰঙচুৱা ৰঙ গাঢ় হৈ গৈ থাকিল।

এটা সময়ত মাধে মাটিতে শুই পৰিল। ৰাতুলে মাধুৰীলৈ চালে। তাইৰ চকুৰপৰা বৈ অহা চকুপানীখিনি মচি হাতত ধৰি ক’লে সি, ‘ ব’লা ‘।

oooooo

 

‘সেই বাওঁফালৰপৰা তিনি নম্বৰ নাচনীজনী কোন অ’?’

‘সেইজনী পৰমা দোকানীৰ মাজু জীয়েক। মাধুৰী’।

‘……………..’

‘কিয় বন্ধু? মন খাইছে নেকি? মই তাইক চিনি পাওঁ, সহায় কৰিব পাৰিম অলপ…হা: হা:’।

প্ৰথম দেখাতেই প্ৰেমৰ পোখা মেলিছিল ৰাতুলৰ মনত।

‘আৰু তাইৰ বিয়াৰ বয়স হৈছে কিন্তু। যিকোনো সময়তে মাহ-হালধি গাত ঘঁহিব পাৰে। শুন, কাইলৈ আহিবি লগ লগাই দিম দুয়োকে’। নৰহৰিৰ কথাত হাঁহিলে ৰাতুলে।

নাই। ‘কাম বন নোহোৱা’ এজনলৈ বিয়াত সোমোৱাৰ কথাটো ভাবিবলৈ অসুবিধা মাধু্ৰীৰ। তাই ৰাতুলৰ মুখতে ক’লে।

‘তুমি এবছৰ ৰ’ব পাৰিবানে মোৰ কাৰণে?’। মাধু্ৰীয়ে একো নক’লে। সেয়া প্ৰায় ডেৰ বছৰ আগৰ কথা। ৰাতুল টাউনলৈ গ’ল। মিস্ত্ৰী কাম শিকিলে। তাৰ হাতখন ভাল। এবছৰত পইচা আৰু নাম – দুয়োটা আহিল। কিন্তু মাধুৰী ৰৈ নাথাকিল তাৰ বাবে।

‘এই ছোৱালীজাতৰ মনৰ কথা দেৱতাইও বুজিব নোৱাৰিব। পানীগাওঁৰ চোৰ এটাৰ লগত পলাই গ’ল অ’ তাই।’ যোৱামাহত প্ৰায় ডেৰবছৰ পিছত প্ৰথম ঘৰলৈ আহোতে গম পালে ৰাতুলে নৰহৰিৰ মুখৰপৰা। সেইদিনা সন্ধিয়াই সি মাধেৰ ঘৰলৈ গ’ল। তাক দেখি উচপ খাই উঠিল মাধুৰী। তাইৰ হাতদুখনত ধৰি ক’লে সি,

‘তোমাৰ সকলো কথাই শুনিছো। মই তোমাক নিবলৈ আহিছো। এমাহ সময় দিম ভাবিবলৈ। কাইলৈ পুৱা আহিম আকৌ’।

 

oooooo

সাৰ পাই মাধেই মূৰত অনুভৱ কৰিলে এক প্ৰচণ্ড বিষ।

‘বৰ কাঢ়া আছিল লালৰ নিচা’। উঠি দেখিলে বেলিটো আহি হৰিখুড়াহঁতৰ কদমজোপাৰ ওপৰ পাইছেহি। মাধুৰীক মাতিলে চিঞৰি। কিন্তু তাই নাই। ৰাতুল থকা গোহালিৰ দুৱাৰখন খোলা। নাই তাৰ কাপোৰ কানিৰ টোপোলাটো। পুনৰ ঘৰৰ ভিতৰলৈ আহি দেখে মাধুৰীৰ কাপোৰ থোৱা সৰু ট্ৰাংকটোও নাই।

‘অ’ মাধেকাই, কালি ৰাতি মাধুৰী বৌক সেই ৰাতুলদাৰ লগত চাৰিআলিত বাচ ৰখি থকা দেখিছিলো। ক’ৰবালৈ গৈছে নেকি?’ সেয়া হৰিখুড়াৰ পুতেক বিনন্দ।

এইবাৰ এক গভীৰ শংকা, খঙ আৰু লজ্জাত কঁপি উঠিল মাধে। দৌৰি দৌৰি সি পালেগৈ গাওঁবুঢ়াৰ ঘৰ। সকলো বিৱৰি ক’লে সি। তাৰ কথা শুনি সজোৰে হাঁহিলে গাওঁবুঢ়াই। পান-তামোলৰ গুড়ি অলপ গাওঁবুঢ়াৰ মুখৰপৰা চিটিকি আহি মাধেৰ গালে-মুখে পৰিল।

‘চোৰৰ ঘৰত চোৰ!!’ – গাওঁবুঢ়াই আকৌ হাঁহিলে। গাওঁবুঢ়াৰ টিকটিকিয়া ৰঙা ওঁঠ দুটি দেখি মাধেৰ হঠাতে মনত পৰিল মাধুৰীৰ আগনিশাৰ আধা মচ খোৱা সেন্দুৰৰ ফোঁটটিলৈ। হয়, ঠিক এনেকুৱাই ৰঙা আছিল সেই ফোঁটৰ ৰঙ।।

 

——————————-***—————————

 

“নিজৰ খাবলৈ থাকিলে সৎ হোৱা সহজ। অভাৱতহে মানুহৰ স্ৱৰূপ প্রকাশ পায়।” – ড°প্রফুল্ল গোস্ৱামী।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক