মানসিক শান্তি , মনোযোগিতা আৰু নিজস্বতাবোধ (সমাদৃতা গোস্বামী)

“নিঃসংগতাৰ যন্ত্ৰণা নাশক প্ৰতিষেধক হিচাপে কাম,

মানুহৰ সংগৰ বিকল্প হিচাপে কিতাপ ”
– দাগ হেমাৰশ্বল্ড

মানসিক শান্তি :

পৰিস্থিতি সাপেক্ষে মানুহৰ মন সলনি হৈ থাকে। শুদ্ধ বুলি কালি কৰা কামটো সেয়ে আজি ভুল যেন লাগে। কিছুমান কথা নাজানো ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ, কিন্তু ভাবি মনটোত খেলিমেলিৰ সৃষ্টি হয়।
আৰু ভাল আৰু বেয়াৰ বেছিভাগেই সমাজে কি ক’ব সেই লৈ নিৰ্ভৰশীল।

ধৰক দুখীয়া মানুহ এজনক সহায় কৰিবলৈ আপুনি ধনী এজনৰ পৰা পইচা চুৰ কৰিলে।
পিচে চুৰি কাৰ্য ধৰা পৰাৰ ভয়ত আপোনাৰ ৰাতি টোপনি নহা হ’ল। মাজে মাজে দুখীয়াজনৰ কথা ভাবি যি হ’ল ভালেই হ’ল ভাবি আপুনি আশ্বস্ত হ’ব পাৰে; কিন্তু চুৰি কৰাৰ অপৰাধবোধে আপোনাৰ মানসিক শান্তি চিৰকাললৈ কাঢ়ি নিয়ে।

বেয়াৰ আশ্ৰয়ত কৰা ভাল কামো সেয়ে ভাল হৈ নাথাকে ।

ডাঙৰ কথাটো হ’ল মানুহে বহুত ভুল জানি বুজিয়েই কৰে। খন্তেকীয়া মানসিক প্ৰশান্তিৰ বাবে হেৰুৱাই পেলাই স্থায়ী সুখ।

সেয়ে পৰা পক্ষত মানসিক শান্তি বিঘ্নিত কৰিব পৰা আবেগ-অনুভূতিবোৰৰ পৰা দূৰত থকাই ভাল।

আৰু আমাৰ দুচিন্তাৰ ক্ষণত পাৰিলে মাজে মাজে কিছুমান মতিভেশ্যনেল কিতাপ পঢ়া উচিত যিবোৰে মনৰ স্থিৰতা ঘূৰাই আনে।

এই ক্ষেত্রত ৰবীন শৰ্মাৰ ‘মেগালিভিং’ কিতাপখন এনে এখন কিতাপ যিখন পঢ়িলে জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত কিমান গুৰুত্বপূৰ্ণ সেই কথা জনা যায়।
এনে বোৰ কিতাপৰ মূল কথা এটাই: কৰ্মই ধৰ্ম।

আপোনজনক হেৰুৱাৰ দুখ, প্ৰেম-বন্ধুত্বত প্ৰতাৰিত হোৱাৰ শোক, শাৰীৰিক অসুস্থতাৰ বাবে হোৱা হতাশা, নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰাৰ দুখ এই সকলোবিলাকৰ উদ্ধাৰৰ পথ এটাই:
“নিজকে কৰ্মত ব্যস্ত ৰখা।” ক’বলৈ সহজ অথচ কৰিবলৈ বহুত টান। পিছে অসম্ভৱ নহয়। কিয়নো যিকোনো এটা কাম অভ্যাস (হেবিত) হিচাপে গঢ় দিবলৈ নুন্যতম ২১ দিন অনুশীলনৰ প্ৰয়োজন হয়।

দেওবাৰে ৰাতিপুৱা সোনকালে শুই উঠিবলৈ আমি বাধ্য নহওঁ বাবেই দেৰিলৈকে শুই থাকোঁ। বাধ্য বাবেই কৰি ভাল নোপোৱা অথচ কৰিবলগীয়া কিছুমান কাম কৰোঁ। আচলতে কামত আনন্দ লভিবলৈ হ’লে বাধ্য বাবেই কামটো নকৰি তাক অভ্যাসৰূপে গঢ় দিবলৈ শিকিব লাগিব।

মনোযোগিতা:

সপোন সকলোৰে থাকে। আচলতে সপোন বুলি ক’লে ভুল হ’ব। কল্পনা কৰি ভাল পায় মানুহে। কিছুমানৰ কল্পনা অলীক হয়, কিছুমানৰ কল্পনা বাস্তৱমুখী। বাস্তৱমুখী কল্পনাত যদি কিবা শুদ্ধ চিন্তাৰ, বহল মানসিকতাৰ প্ৰতিফলন থাকে তেন্তে তেনে কল্পনাই মানুহক প্ৰতিমুহূৰ্ততে সজাগ কৰি ৰাখে। সজাগ এনেই হ’ব নোৱাৰি। সজাগ হ’বলৈও চেষ্টা লাগে।

উদাহৰণস্বৰূপে এজন গাড়ী চালকৰ অখণ্ড মনোযোগিতা নহ’লেই দূৰ্ঘটনা হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। তেনে মনোযোগিতাৰ বাবে মনটোক সজাগ কৰিবলৈ জানিব লাগিব। অসজাগ মানুহে যিকোনো ক্ষেত্রতে বিশৃংখলতাৰ সৃষ্টি কৰে।

নিজস্বতাবোধ:

প্ৰত্যেক মানুহেই প্ৰচুৰ সম্ভাৱনা লৈ জন্ম লয়। কিন্তু আনৰ লগত কৰা তুলনাই নিজৰ প্ৰতিভাক চিনি পোৱাত বাধা দিয়ে। সকলোৰে এক নিজা জীৱনশৈলী থাকে। কিন্তু দুখী, অসন্তোষীয়া মানুহ এজনে নিজৰ লগতে চৌপাশৰ পৰিবেশো বিনষ্ট কৰে।

আকৌ কিছুমান মানুহ আনৰ পৰা কিবা শিকাত অকণো আগ্ৰহী নহয়। এলাহ, অহংকাৰ অথবা নিজৰ বুদ্ধি-বৃত্তি হেয় প্ৰতিপন্ন হোৱাৰ ভয়ত এই শ্ৰেণীৰ মানুহ নিজে সাজি লোৱা খোলাটোৰ পৰা ওলাই আহিবলৈ কোনোদিন ৰাজি নহয়। কোনোদিন এনে মানুহে নিজে ভাল নোপোৱা অথচ নিজতকৈ শ্ৰেষ্ঠ বুলি মনে মনে মানি লোৱা মানুহজনক প্ৰশংসা নকৰে। কিন্তু আচৰিত কথাটো এয়াই যে এই শ্ৰেণীৰ মানুহে নিজতকৈ শ্ৰেষ্ঠ বুলি ভবা মানুহজনকে মনে মনে আনৰ অজ্ঞাতে অনুকৰণ কৰি নিজৰ বহুখিনি উন্নতি ঘটায়।

(আজিকালি সকলো মানুহ ব্যস্ত। দূৰ্ঘটনা হৈ ৰাস্তাত পৰি থকা মানুহটোক সহায় কৰিবলৈও মানৱীয় মূল্যবোধৰ অভাৱ বা বাটৰ কচু গাত ঘঁহি নোলোৱাৰ মানসিকতা। সকলো মানুহচোন সব পাহৰি কামতেই ব্যস্ত আৰু সফলো তেওঁলোক। তেন্তে এই লিখনিটোৰ দেখোন প্ৰয়োজন অপ্ৰাসংগিক!

এই লিখনিটো সেইখিনি মানুহৰ বাবে নহয় যি কৰ্তব্যবোধ অবিহনে মাত্ৰ ব্যক্তিগত লাভৰ বাবে বা বাধ্য বাবে চকু মুদি যন্ত্ৰৰ দৰে জীয়াই আছে। মানুহ এজন সুখী কেনেকৈ হ’ব সেয়া সম্পূৰ্ণ তেওঁৰ ওপৰত নিৰ্ভৰ কৰে। আনক দুখ দি বা আনৰ দুৰ্দশা দেখিও কোনোৱে মনত ৰঙ পায়। কোনোৱে আনক সৰু সহায় এটা কৰিও মনত শান্তি পায়। কথা হ’ল দুখত, হতাশাত থকা মানুহ এজনে সেইবোৰকে ধিয়াই জীয়াই থকাটোকো জীৱন বুলিব পাৰিনে? দুখ-হতাশাক প্ৰশ্ৰয় নিদিয়াকৈ জীৱনটো উদযাপন কৰিবলৈ মানুহে সজাগ হৈ কৰ্তব্যবোধৰ স’তে কৰ্মত ব্যস্ত হ’বই লাগিব।ইয়াৰ দ্বাৰা মানুহে দুখবোৰৰ কথা ভাবিবলৈ আহৰিয়েই নাপাব।)

Leave a Reply

Your email address will not be published. Required fields are marked *