মানাহত হৃদয়ৰ বৰষুণ (জলী বৰা)

(এক)
এটা সৰু কোঠা৷ নিশ্চিদ্ৰ অন্ধকাৰ আৰু নিৰ্জনতাই গিলি থৈছে কোঠাটোক ৷ সেই কোঠাটোৰে চেঁচা মজিয়াত উদ্ভ্ৰান্ত দৰে পৰি আছে মানসী৷ ঘোপমৰা অন্ধকাৰত তাই নিজকে চিনিব পৰা নাই৷ অখণ্ড নিৰ্জনতা ভংগ কৰি চিঞৰি উঠিবলৈকো সাহস হেৰুৱাই পেলাইছে তাই কিবা এক অজান আশংকাত৷ মনটো যেন অসাৰ হৈ গৈছে৷ ক’ত আছে, কিয় আছে সেইবোৰ একোকে চিন্তা কৰিব পৰা নাই তাই৷ কিমান সময় তেনেদৰে পৰি ৰ’ল মানসীয়ে ক’ব নোৱাৰে, হঠাতে তাই কাৰোবাৰ খোজৰ শব্দ শুনা পালে৷ শব্দটো ক্ৰমাৎ কোঠাৰ কাষ চাপি আহিছে৷ এয়া, একমাত্ৰ দুৱাৰখনেদি পোহৰৰ ক্ষীণ ৰশ্মি এটা কোঠাটোৰ ভিতৰলৈ সোমাইছে৷ এটা চেপা আৰ্তনাদ কৰি দুৱাৰখন লাহেকৈ মেল খাইছে৷ ক্ৰমান্বয়ে পোহৰ ৰশ্মিটোৰ আকাৰ বাঢ়ি আহিছে৷ বহুপৰ অন্ধকাৰত থকাৰ বাবেই কিজানি উজ্বল পোহৰত তাইৰ চকুযোৰ স্বতঃস্ফূৰ্তভাৱে মুদ খাই গৈছে৷ কিন্তু মনে মনে শিহৰিত হৈ উঠিছে তাই উদ্ধাৰৰ আশাত৷ সঁচাকৈ তাইক উদ্ধাৰ কৰিবলৈ কোনোবা আহিছে৷ কাৰোবাৰ দুখন হাতে দুবাহুত ধৰি জোকাৰি দিছে তাইক ৷ মানসীয়ে জোৰকৈ দুচকু মেলি দিলে৷ কিন্তু এয়া কি? তাইৰ দুবাহুত ধৰি এয়াচোন ৰীমাহে৷ সেই অন্ধকাৰ কোঠাটোৰ পৰিৱৰ্তে তাই দেখোন পুৱাৰ পোহৰেৰে আলোকিত এটি কোঠাৰ বিছনাত৷
: ‘কি হ’ল? মোলৈ ট ট কৈ চাই আছ যে?’-ৰীমাই ক’লে৷
: মানে?- মানসীয়ে থতমত খালে৷
: সপোন দেখিলি?
: অ’—মানসীয়ে সপোনটো ভালকৈ মনত পেলাবলৈ চেষ্টা কৰিলে৷
: সপোন বাদ দে এতিয়া৷ দিঠকলৈ আহ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আছো আমি৷ সপোন দেখি দেখি শুই থাকিলে আমাৰ এইটো শিক্ষামূলক ভ্ৰমণ নহৈ স্বপ্নৰাজ্য ভ্ৰমণহে হ’বগৈ, বুজিছনে?’

নিজৰ কথাতে ৰস পাই ৰীমাই সশব্দে হাঁহি উঠিল৷ মানসীয়ে গুৰুত্ব নিদিয়া যেন দেখুৱাই বিছনাৰ পৰা নামিল৷ কোঠাৰ এচুকত খেলিমেলিকৈ থোৱা এয়াৰ বেগবোৰৰ পৰা তাই নিজৰটো উলিয়াই আনিলে আৰু কিবা এটা বিচাৰিবলৈ ধৰিলে৷ অলপ সময়ৰ ভিতৰতে টুথপেষ্ট, ব্ৰাছ আৰু টাৱেলখন উলিয়াই তাই ব্ৰাছ কৰিবলৈ লাগি গ’ল৷
‘মানসী, এই শব্দটো শুনিছনে?’- ৰীমাই ক’লে৷
ব্ৰাছ কৰা বন্ধ কৰি ক্ষন্তেক ৰৈ মানসীয়ে শব্দটো ভালকৈ শুনিবলৈ চেষ্টা কৰিলে৷ পানীৰ প্ৰচণ্ড হো-হোৱনিৰ শব্দ৷ যিমান উৎসাহেৰে তাই ব্ৰাছ কৰিবলৈ আৰম্ভ কৰিছিল তাতকৈ দুগুণ হতাশাৰে বেছিনত মুখ ধুলেগৈ৷ কালি নিশা মাত্ৰ সিহঁতৰ বাইশজনীয়া কলেজীয়া দলটো আহি পাইছেহি৷ আজি পুৱাই যদি এনেকৈ কলহৰ কাণে ঢলা বৰষুণ দিবলৈ হয়, তেন্তে সকলোৰে আশাত চেঁচা পানী পৰিব৷
: ক’ আকৌ৷- ৰীমাই সুধিলে
: কি?
: কিহৰ শব্দ এইটো?
: বৰষুণ দিছে৷—অলপ বিৰক্তিৰে ক’লে মানসীয়ে৷ ৰীমাৰ হাঁহিৰে উজ্বল মুখখন দেখি তাইৰ খঙো উঠিল৷ পিছে ৰীমাৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই৷ মানসীৰ কথা শুনি তাইৰ হাঁহিটো আৰু অলপ বহল হৈহে গ’ল৷ ‘ব’ল’ বুলি একপ্ৰকাৰ জোৰ কৰিয়েই মানসীক বাহিৰলৈ টানি লৈ আহিল৷

বাৰাণ্ডাত ভৰি দিয়ে মানসী বিস্ময়াভিভূত হৈ পৰিল৷ ইয়াততো এটোপালো বৰষুণ নাই৷ বৰং ৰৌদ্ৰজ্বল পুৱা এটাৰহে সম্ভাৱনাহে প্ৰকট হৈ পৰিছে৷ অথচ শব্দটো তাই দেখোন এতিয়াও শুনি আছে৷ একমুহূৰ্তৰ বাবে তাইৰ সন্দেহ হ’ল৷ এয়া পুনৰ অন্য এক সপোন নহয়তো! ৰীমালৈ চোৱাত তাই খিলখিলাই হাঁহি উঠিল৷ একো নকৈ তাই আগবাঢ়ি গ’ল৷ মানসীয়ে কৌতুহলী হৈ তাইৰ পিছ ল’লে৷

এটা সৰু টিলাৰ ওপৰত সিহঁত থকা দুই মহলীয়া ট্যুৰিষ্ট বাংলোটো৷ বাৰাণ্ডা আৰু সৰু চোতালখন পাৰ হৈয়ে এঢলীয়াকৈ তললৈ নামি যোৱা চিৰি৷ সেই চিৰিত ভৰি দিয়ে মানসীয়ে দেখিলে ট্যুৰিষ্ট বাংলোৰ নিচেই কাষেদি প্ৰচণ্ড শব্দ কৰি দক্ষিণলৈ বৈ গৈছে এখন তীব্ৰবেগী পাহাৰীয়া নৈ৷ পূবৰ আকাশত ডাৱৰ ফালি সূৰুযৰ কিৰণ সিঁচৰতি হৈ পৰিছে৷ চাৰিওফালে গভীৰ অৰণ্য৷ সেউজীয়াৰ অপূৰ্ব সমাহাৰ৷ চিনাকি অচিনাকি অনেক চৰাইৰ মাত৷ যেন সকলো মিলি স্বাগতম জনাইছে সিহঁতক এই প্ৰাচুৰ্যময় পৃথিৱীখনলৈ৷

দুয়ো উল্লাসিতভাৱে নৈৰ পাৰলৈ ঢাপলি মেলিলে৷ সৰু-বৰ শিলবোৰ বগাই গৈ নৈৰ পাৰ পালেগৈ সিহঁত৷ বিজিত, পৰাণ, জুৰি, সৌৰভ, মৃদুল সকলো ইতিমধ্যে তাৰ পাইছিলগৈ৷ মানসী আৰু ৰীমাক দেখি সিহঁতে চিঞৰি উঠিল৷ আগদিনাৰ দীঘলীয়া ক্লান্তিকৰ যাত্ৰাৰ কোনো অৱশেষ নাই সিহঁতৰ দেহ-মনত৷ কোনোবাই পানী ছটিয়াইছে, কোনোবাই ইটোৰ পৰা সিটো শিললৈ জঁপিয়াইছে, কোনোবাই আকৌ ঢৌবোৰ চাই চাই আত্মহাৰা হৈ পৰিছে৷ মানসী আগবাঢ়ি গৈ লাহেকৈ পানীত ভৰিখন দিয়ে শিয়ৰি উঠিল৷ ইমান চেঁচা! স্ফটিকৰ দৰে ফটফটীয়া পানী৷ প্ৰচণ্ড বেগত আহি ঢৌবোৰে শিলে শিলে খুন্দা খাইছে ৷ তীব্ৰ খলকনি তুলি পুনৰ আগবাঢ়ি গৈছে পূৰ্বতকৈ অধিক বেগেৰে৷ মানসীৰ এনে লাগিল যেন নৈখনে আনন্দত কথা ক’ব ধৰিছে, গীত জুৰিছে সুৱদি কন্ঠেৰে৷ …তেন্তে এইখনেই অসম-ভূটান সীমান্তৰে প্ৰবাহিত হৈ থকা বেঁকী নৈ ৷ ছাৰে সিহঁতক মানাহৰ বিষয়ে আভাস দিওঁতে বেঁকী নৈৰ কথাও কৈছিল৷ অৱশ্যে নৈখনে যে অবিৰাম এনেকৈ কথা কয় সেয়া কোৱা নাছিল৷

মানসীৰ হাঁহি উঠিল৷ অলপ আগেয়ে নৈখনৰ এই সুৱদি মাত-কথাবোৰকে সপোন-দিঠকৰ মায়াজালত বৰষুণৰ শব্দ বুলি ভুল কৰিছিল তাই৷ এই সপোন-দিঠক, সুখ-দুখ, বুজা-নুবুজাৰ দোমোজাতে মানুহে চাগৈ কিমান ভুল কৰে৷ কিমান কথা, ঘটনা-অঘটনা চাগৈ শুদ্ধ ৰূপত নিচিনাকৈ-নজনাকৈ থাকি যায়! অনুপমলৈ মনত পৰিল তাইৰ৷ অনুপমক জানিলেনে তাই? তাৰ প্ৰকৃত ৰূপটো চিনিলেনে তাই? অনুপম- ঋজু দেহৰ বগাকৈ সেই ল’ৰাটো৷ সাধাৰণ বেশভূষাৰে অন্য দহজনৰ সৈতে মিলি যাব যদিও অনুপমৰ এটা বিশেষত্ব আছিল৷ শিশুসুলভ এক সৰলতাই বৰ সৌন্দৰ্যময় কৰি তুলিছিল তাৰ হাঁহিটো৷ হাঁহিটো দেখিলে আনা লাগে যেন সেই হাঁহিৰ গৰাকীৰ হৃদয়ক কেতিয়াও কোনো কলুষতাই স্পৰ্শ কৰা নাই, কাহানিও যন্ত্ৰণাত নীল বৰণীয়া হোৱা নাই সেই হৃদয়! প্ৰথম লগ পোৱাৰ দিনটোৰ পৰা প্ৰায় ডেৰ বছৰ ধৰি এই হাঁহিটোৱে খেদি ফুৰিলে মানসীক৷ সেই ডেৰ বছৰত অসংখ্যবাৰ অনুপমৰ মুখামুখি হ’ল তাই৷ অথচ তাৰ দুচকুত বাঢ়নী পানীৰ দৰে বাঢ়ি অহা ব্যাকুলতা দেখিও তাই অকণো দুৰ্বলতা প্ৰকাশ নকৰিলে৷ মাথোঁ নীৰৱে সহি গ’ল সেই ব্যাকুল দুচকু আৰু নিষ্পাপ হাঁহিৰ আমনি৷

কাৰোবাৰ চিঞৰত মানসী বাস্তৱলৈ উভতি আহিল৷ ঘূৰি চাই দেখিলে, ছাৰে সকলোকে পুৱাৰ আহাৰৰ বাবে মাতিছে৷ ছে: এই সুন্দৰ পুৱাটোত কি যে কথাবোৰে আমনি কৰিলেহি! নৈখনৰ স’তে কথা পাতিবলৈ আহি নিজৰ সৈতেই কথা পাতি থাকিল দেখোন তাই৷ মানসীয়ে এবাৰ চাই পঠিয়ালে নৈখনলৈ৷ মনতে ক’লে, ‘বেঁকী, অভিমান নকৰতো?’ এইবাৰ পানীৰ শব্দটো খিলখিলনিৰ দৰে লাগিল তাইৰ৷ এইখন পাহাৰীয়া চঞ্চল নৈ৷ দুখ-অভিমান সাঁচি থ’ব নাজানে এই নৈয়ে৷ সকলো ঢৌৰ স’তে উটি গুচি যায় অজান দেশলৈ৷ নিশ্চিত হৈ তাই দৌৰ দিলে ট্যুৰিষ্ট বাংলোলৈ৷ যাওঁতে মনে মনে ভাবি গ’ল, ‘ মানুহৰ হৃদয়ো যদি এনে হ’লহেঁতেন!!’

(দুই)
নৱেম্বৰ মাহৰ শেষ ভাগ যদিও বৰ বিশেষ জাৰ পৰা নাই ইয়াত৷ ব্ৰেড-জাম, ফল-মূল আদি খাই পুৱা আঠ বজাতে সিহঁত ট্ৰেকিঙৰ বাবে ওলাল৷ প্ৰত্যেকৰ লগত মজলীয়া জোখৰ একোটা বেগ৷ বেগত কেমেৰা, নোটবুক, কলম আৰু পানীৰ বটল৷ প্ৰথমে ছাৰ, ছাৰৰ পিছে পিছে এজন এজনকৈ শাৰীপাতি সকলো আগবাঢ়িল৷ সিহঁতৰ লগত দুজন ফৰেষ্ট গাৰ্ডও নিৰাপত্তাৰ বাবে গ’ল৷

মথনগুৰি অৰ্থাৎ ট্যুৰিষ্ট বাংলো থকা ঠাইৰ উত্তৰ দিশত ভূটানৰ অটব্য অৰণ্য৷ তাৰ কাষেদিয়ে দক্ষিণলৈ বৈ গৈছে বেঁকী নৈ৷ বেঁকীৰ এইপাৰে ট্যুৰিষ্ট বাংলোটো৷ বাংলোৰ পৰা দক্ষিণ-পশ্চিমমুৱাকৈ থকা অৰণ্যলৈ যোৱা বাটটোৰে দলটো আগবাঢ়িল৷ প্ৰায় এক কি: মি: ব্যৱধানত থকা জংৰং আৰু চংৰং সুঁতি দুটা পাৰ হৈ দুইমুখত উপস্থিত হ’লগৈ সিহঁত৷ এই দুইমুখতে জংৰং আৰু চংৰং লগ লাগিছে৷ ইমান বৃহৎ দলটোত কেমেৰাৰ ‘ক্লিক ক্লিক’ৰ বাহিৰে এটাও শব্দ নাই৷ কাৰণ সকলোকে আগতেই সকীয়াই দিয়া হৈছে যে অৰণ্যৰ জীৱ-জন্তুক সিহঁতৰ স্বাভাৱিক বাসস্থানত পৰ্যবেক্ষণ কৰিবলৈ হ’লে নীৰৱতাই সৰ্বশ্ৰেষ্ঠ পন্থা৷

প্ৰত্যেকৰে সন্ধানী দুচকু চাৰিওফালে ঘূৰি ফুৰিছে নতুন কিবা এটা দেখাৰ আশাত৷ অৱশ্যে সিহঁত বিমুখো নহ’ল৷ প্ৰথম চকু গ’ল পৰাণৰ৷ ওখ ওখ নাম নজনা গছকেইজোপাত জাক জাক বন্দৰ৷ অন্য ঠাইত অন্য সময়ত হোৱা হ’লে সি হয়তো স্ফূৰ্তিতে চিঞৰ দুটামান মাৰিলেহেঁতেন৷ এতিয়া তাৰে নিয়ন্ত্ৰিত ৰূপ হিচাপে সি ঔফুলীয়া হাঁহি এটা মাৰি উত্তেজিত কন্ঠেৰে কিন্তু ফুচফুচাই ছাৰক ক’লে- ‘ছাৰ, ছাৰ, ওপৰলৈ চাওঁকচোন৷’

ছাৰৰ লগতে সকলোৱে ওপৰলৈ চালে৷ ছাৰে ক’লে,-‘এইবোৰ টুপীমূৰীয়া বান্দৰ৷’ প্ৰায় দহমিনিট সময় সকলোৱে নীৰৱে বান্দৰজাকৰ খেলা উপভোগ কৰিলে৷ তাৰ পিছত ছাৰে কোৱাত অনিচ্ছাসত্বেও সকলো আগবাঢ়িল৷ ৰোৱাৰ যে সময় নাই কাৰো৷ এয়া যে অৰণ্য, প্ৰকৃতিৰ ৰাজ্য। ইয়াত খোজে প্ৰতি নতুনত্বৰ সোৱাদ৷

বহুদূৰ সুঁতিৰ কাষেদি বালিত খোজ কাঢ়িলে দলটোৱে৷ কেইবাৰো শিলে শিলে জঁপিয়াই জংৰং সুঁতি পাৰ হ’ল৷ প্ৰথমবাৰ পাৰ হওঁতে পিছল শিলত ভৰি দি জুৰি পানীত পৰিল৷ সশব্দে হাঁহিব নোৱাৰিলেও কোনেও নহঁহাকৈ নাথাকিল৷ পিছৰবাৰত এজন এজনকৈ পিছলিল বিজিত, মানসী আৰু একেবাৰে শেষত পৰাণ৷ গোটেইটো পানীত তিতি জুৰুলি-জুপুৰি হৈ পৰাণে ক’লে- ‘এহ, শিলবোৰ বৰ পিছল অ’৷ এইবাৰো সকলোৰে হাঁহিয়ে নিয়ন্ত্ৰিত ৰূপ ল’লে৷

তেনেকৈয়ে এক কিলোমিটাৰমান গৈ সিহঁত জ্ঞাতি কেম্প পালেগৈ৷ তিতা কাপোৰ গাতে শুকালে- তালৈ কাৰো ভ্ৰূক্ষেপ নাই৷ বালিত সিহঁতে চিনাকি-অচিনাকি অনেক জন্তুৰ খোজৰ চিন পালে৷ ছাৰে সিহঁতক দেখুৱাই দিলে তাৰে কোনবোৰ বাঘৰ, কোনবোৰ বনৰীয়া ম’হ বা নলগাহৰিৰ৷ জ্ঞাতিৰ পৰা সিহঁতৰ ওভতনি যাত্ৰা আৰম্ভ হ’ল৷ কি যে প্ৰচণ্ড উৎসাহত অকণো জিৰণি নোলোৱাকৈ প্ৰায় বাৰ কি:মি: বাট খোজকাঢ়িলে সেয়া সিহঁতে নিজেই ক’ব নোৱাৰিলে৷ হয়তো মানাহৰ ইতিহাস শুনি শুনি তাৰে বৰ্তমান নিজ চকুৰে পৰ্যবেক্ষণ কৰি অভিভূত হৈ পৰিছিল সিহঁত৷ আশীৰ দশকত উগ্ৰপন্থীৰ সক্ৰিয় ঘাটি হৈ পৰাত মানাহৰ সমগ্ৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হয়৷ সেই ক্ষতিপূৰণ এতিয়াও সম্পূৰ্ণকৈ হৈ উঠা নাই৷ বন্যকৰ্মীৰ নিৰলস প্ৰচেষ্টাতহে প্ৰকৃতিৰ অপূৰ্ব লীলাভূমি মানাহে আজি জীয়াই থকাৰ সপোন দেখিছে৷

ভৰ দুপৰীয়া ট্যুৰিষ্ট বাংলো পালেহি মানসীহঁত৷ বাংলোৰে কৰ্মচাৰী কালাচান, জয়, বীৰবলহঁতৰ উদ্যোগত ৰন্ধা-বঢ়া ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছিল৷ প্ৰত্যেকেই নিজৰ বাবে বাচন-বৰ্তন লৈ গৈছিল৷ অন্য কোনো বিকল্প ব্যৱস্থাই প্ৰাকৃতিক পৰিবেশ দূষিত কৰাৰ আশংকাতেই এই সতৰ্কতা লোৱা হ’ল৷ এটা দীঘলীয়া শাৰী৷ প্ৰত্যেকৰে হাতত থাল৷ দুজনমানে ভাত-দাইল বিলাইছে, দুই-একে ঠাট্টা মস্কৰা কৰিছে৷ সৰু সৰু কথাতে সকলোৱে গিৰ্জনি মাৰি হাঁহিছে৷

মনটো এনেয়ে ভাল লাগি গ’ল মানসীৰ৷ কেতিয়াও এনে পৰিবেশ পোৱা মনত নপৰে তাইৰ৷ ব্যৱসায়ী দেউতাক আৰু সমাজসেৱিকা মাক নিজৰ ক্ষেত্ৰতে অতি ব্যস্ত৷ আধুনিক জীৱনৰ যান্ত্ৰিকতাত ৰং হেৰুৱাই পেলোৱা এটা শৈশৱ পাৰ কৰি আহিছে মানসীয়ে৷ সেয়ে সৰুৰে পৰা তাই নিসংগতা প্ৰিয়৷ সামাজিক অনুষ্ঠানবোৰৰ পৰাও পৰাপক্ষত আঁতৰি থাকে তাই৷
‘জলকীয়া দিওঁ?’- বিজিতে সুধিলে৷
‘হাঃ, অ’ দিয়া৷’- মানসীৰ সম্বিৎ ঘূৰি আহিল৷

ট্যুৰিষ্ট বাংলোৰ সন্মুখৰ বিস্তৃত ঘাঁহনিৰ অ’ত-ত’ত বহি খাবলৈ আৰম্ভ কৰিছিল সকলোৱে৷ মুকলি আকাশৰ তলত প্ৰকৃতিৰ কোলাত বহি খোৱাৰ আমেজ যেন মানসীয়ে আজিহে অনুভৱ কৰিলে৷ টিলাটোৰ পৰা তললৈ নামি যোৱা চিৰিত ৰীমা আৰু তাই বহিলগৈ৷ সিহঁতক দেখি জুৰি, মৃদুল, সৌৰভহঁতো আহিল৷ সন্মুখত বেঁকী নৈ৷ সিপাৰে গভীৰ অৰণ্য৷ চহৰৰ যান্ত্ৰিক কোলাহল, গতানুগতিক ব্যতিব্যস্ত জীৱনৰ পৰা বহু আঁতৰত এয়া যেন কোনোবা তপস্বীৰ শান্তি আশ্ৰমহে৷ মানসীৰ মনৰ ভাৱ চুৰ কৰি পঢ়িয়েই হয়তো ৰীমাই উচ্ছাসেৰে কৈ উঠিল৷
‘ আস! কি যে সুন্দৰ পৰিবেশ৷ ইয়াতে যদি থাকি যাব পাৰিলোহেঁতেন!’
‘হয়নে? পিছে থকাৰ বন্দবস্ত কৰিলে কেৱল নিজৰ বাবেই নকৰিবি৷ সৌৰভৰ কথাও চিন্তা কৰিবি৷’-বিজিতে ক’লে৷

ৰীমা আৰু সৌৰভৰ পৰস্পৰৰ প্ৰতি থকা দুৰ্বলতাৰ কথা সিহঁতৰ কাৰোৰে অবিদিত নহয়৷ সেয়ে সুবিধা পাই বিজিতে খোঁচটো মাৰিলে৷ এফালে পাহাৰীয়া জুৰিৰ দৰে প্ৰাণোচ্ছল ৰীমা আৰু অন্যফালে বয়সৰ হিচাপত অত্যাধিক গম্ভীৰ, অন্তৰ্মুখী সৌৰভ- দেখাত দুটা বিপৰীত মেৰু যেন লাগে৷ কিন্তু তাৰ মাজত যে এক অদৃশ্য চুম্বক আছে সেয়াও সঁচা৷ অৱশ্যে অজ্ঞাত কাৰণত সেই চুম্বক এতিয়াও দৃশ্যমান হৈ উঠা নাই৷ সেয়ে ৰীমাই বিজিতক কৃত্ৰিম ডাবি দিলে, ‘বিজিত, মজা পাবি কিন্তু৷’

তাইৰ কথাষাৰ শেষ হ’ল কি নহ’ল, মৃদুলৰ আৰ্তনাদ শুনা গ’ল, ‘ নিলে নিলে ঐ মোৰ মাছ টুকুৰা৷’ লগে লগে ভাতৰ থাল লৈয়ে পৰাণৰ দৌৰ৷ পিছে পিছে মৃদুল৷ অলপ সময়ৰ পিছত দুয়ো ঘুৰি আহিল৷ মৃদুলৰ মুখত বিজয়ীৰ হাঁহি৷ ক’লে-‘আধাটুকুৰা পালো৷’

মানসীয়ে বেছ উপভোগ কৰিলে এই নিৰ্দোষ ধেমালিবোৰ৷ ইয়াৰ আগলৈকে ৰীমাৰ বাহিৰে অন্য কাৰোৰে সৈতে বিশেষ ঘনিষ্ঠতা নাছিল তাইৰ৷ কলেজত প্ৰায়ে তাই বন্ধু-বান্ধৱৰ সংগ এৰাই ফুৰে৷ কাৰো স’তে মনৰ অনুভৱবোৰ ভাগ-বাটোৱাৰা কৰিব নোখোজে তাই৷ প্ৰকৃততে একধৰণৰ আত্মাভিমান গঢ় লৈ উঠিছিল তাইৰ মনত৷ এই অহংকাৰৰ বাবেই ডেৰ বছৰ হৃদয়ৰ সমস্ত ব্যাকুলতা লুকুৱাই প্ৰতিক্ৰিয়াহীন হৈ ৰৈছিল তাই অনুপমৰ আগত৷ আহোঁ আহোঁ কৰি থকা বৰষুণজাকক বাট ভেটি ধৰি ভাবিছিল, সেইজাক বৰষুণত অনুপমৰ সৈতে কেতিয়াও একেলগে নিতিতে তাই৷ মাথোঁ স্মৃতিৰ জোলোঙাত সংগোপনে সাঁচি থ’ব ডাৱৰে ওন্দোলাই অনা এখন আকাশৰ কথা৷ ভবামতে নহ’ল৷ বাৰিষাৰ প্ৰথমজাক বৰষুণক কোনোবাই বাধা দি ৰাখিব পাৰে জানো? তায়ো নোৱাৰিলে৷

(তিনি)

সিদিনাই আবেলি এঘন্টামান জিৰণি লোৱাৰ পিছত সকলো পুনৰ ট্ৰেকিঙলৈ ওলাল৷ মানাহৰ পূব দিশে ট্যুৰিষ্ট বাংলোৰ কাষেৰে যোৱা বাটটোৰে দলটো আগবাঢ়িল৷ এঘন্টামান খোজকাঢ়ি গৈ সিহঁত ভাৰত-ভূটান সীমান্ত পালেগৈ৷ তাৰ পৰা বিশফুটমান তলেদি বৈ গৈছে বেঁকী৷ পাৰলৈ নামি যোৱা লুংলুঙীয়া বাটটো একেবাৰে থিয় আৰু পিছল৷ বৰ সাৱধানতাৰে খুপি খুপি প্ৰত্যেকেই আগবাঢ়িল৷ এইবাৰ কিন্তু কোনেও পিছল নাখালে৷ ইয়াত অৱশ্যে বেঁকী সেই অবিৰাম কথা কোৱা বেঁকী নহয়৷ ইয়াত বেঁকীৰ শান্ত সৌম্য ৰূপ৷ নাৱেৰে বেঁকী পাৰ হৈ ভূটানৰ ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যানত সিহঁতে ভৰি দিলেগৈ৷ ভূটান ৰজাৰ বাংলোটো পাই দলটো তাতে ক্ষন্তেক ৰ’ল৷ সেই অঞ্চলত ফটো তোলা নিষেধ৷ ঘূৰি পকি চাই সকলোৱে সেয়ে মনৰ কেমেৰাতে বন্দী কৰি ল’লে সেই স্মৃতি৷

ট্যুৰিষ্ট বাংলোলৈ ঘূৰি অহাৰ পিছত গধূলি চাহৰ পৰ্ব৷ জুৰি, বৰ্ণালী, মৃদুলহঁতে চৌকাতে জুই ধৰি চাহ কৰিলে৷ বাকীবোৰেও লাগি ভাগি দিলে৷ ছাৰ কিবা কামত ব্যস্ত হৈ নিজৰ কোঠাতে আছে বুলি গম পাই ৰীমাই ক’লে,
‘যাচোন মানসী, ছাৰক চাহকাপ তাতে দি আহগৈ৷’

মানসীয়ে ট্ৰে এখনত চাহ একাপ আৰু প্লেটত ব্ৰেড-জাম লৈ ছাৰৰ কোঠালৈ আগবাঢ়িল৷ দুই মহলীয়া বাংলোটোৰ তলৰ মহলাৰ তিনিটা আৰু ওপৰ মহলাৰ দুটা কোঠা দিয়া হৈছে সিহঁতৰ দলটোক৷ তলৰ মহলাৰ এটাত মানসীহঁত আৰু অন্য দুটাত ল’ৰাকেইজন৷ ছাৰৰ কোঠা ওপৰ মহলাত৷ কিন্তু এতিয়া ওপৰলৈ গৈ মানসীৰ খেলিমেলি লাগি গ’ল৷ ছাৰ বা কোনটো কোঠাত আছে! কাৰোবাক সুধি ল’বলৈকো বাহিৰত কোনো নাই৷ অনুমানতে তাই এটা কোঠাৰ দুৱাৰত টোকৰ মাৰিলে৷ কোনো সঁহাৰি নাই৷ অলপপৰ ৰৈ আকৌ এবাৰ টুকুৰিয়াবলৈ লওঁতেই দুৱাৰখন খোল খালে৷ দীৰ্ঘদেহী এক যুৱক দুৱাৰমুখত৷ উজ্জল দুচকুৰে কান্তিময় মুখখনত ৰুক্ষ চুলিবোৰ যেন চন্দ্ৰৰ গাত থকা কলংকহে৷ মানসী অপ্ৰস্তুত হ’ল, খৰধৰকৈ ক’লে তাই,
‘বেয়া নাপাব৷ মিছাতে আপোনাক আমনি কৰিলোঁ আপোনাক৷ মই এইটো ছাৰৰ কোঠা বুলি ভাৱিছিলোঁ৷’

ল’ৰাজনে প্ৰথমে তাইলৈ আৰু তাৰ পিছত তাইৰ হাতত থকা ট্ৰেখনলৈ চাই মিচিকিয়াই হাঁহিলে৷ ক’লে-
‘ইটছ অ’কে৷ তুমি সেই কলেজীয়া দলটোৰ লগত আহিছা, নহয় জানো? তোমালোকৰ ছাৰৰ কোঠা সেই একেবাৰে কাষৰটো৷’

তেওঁক ধন্যবাদ জনাই মানসী ছাৰৰ কোঠালৈ গ’ল৷ সিহঁতৰ দলটোৰ বাহিৰে অন্য কোনোবা বাংলোত থকাৰ কথাটো সিহঁতে গম পোৱা নাছিল৷ মাথোঁ ভাত খোৱাৰ পৰত কৰ্মচাৰী এজনে বৰ ৰস লগাকৈ কৈছিল পাঁচদিন ঘূৰা-পকাৰ পিছত দুজন বিদেশীয়ে কালি মানাহ এৰাৰ কথা- বৰ আগ্ৰহেৰে হাতলেম্পকেইটাৰ ফটো তোলাৰ কথা৷ ক’তা-এওঁৰ কথাটো কোনেও কোৱা নাই৷

ছাৰক চাহকাপ দি পাকঘৰলৈ উভতি গৈ মানসীয়ে কিবা এটা ভাবিলে৷ আগৰ দৰেই ট্ৰেত চাহ একাপ সজাই তাই ওপৰলৈ আহিল৷ পুনৰ টোকৰ পৰিল সেই অচিনাকি যুৱকৰ দুৱাৰত৷ দুৱাৰ খোলাৰ লগে লগে এইবাৰ অকণো সংকোচ নকৰাকৈ স্মিত হাঁহিৰে মানসীয়ে ক’লে-
‘অথনি চাহকাপ আপোনাৰ দুৱাৰমুখৰ পৰাই উভতাই নিলোঁ ৷ বেয়া নাপায় যদি এয়া নতুনকৈ বাকি আনিছোঁ-খাব৷’

অপ্ৰস্তুত ভাবটো লুকুৱাই ধন্যবাদ দি চাহকাপ ল’লে তেওঁ৷ তললৈ নামি আহোতেহে মানসীৰ খেয়াল হ’ল, তেওঁনো কোন তাকে নুসুধিলে তাই৷……

নিশাও এটা ট্ৰিপ হ’ল সিহঁতৰ৷ চাৰিটা দলত বিভক্ত হৈ পৃথকে পৃথকে গাড়ীৰে সিহঁত নৈশ অভিযানত ওলাল৷ ঘূৰি আহি প্ৰত্যেকৰে উত্তেজনাপূৰ্ণ বৰ্ণনা৷ গাড়ীৰ সন্মুখতে আহি পৰা শৰপহু, দল-হৰিণ, বনৰীয়া মেকুৰী দেখা পোৱাৰ বৰ্ণনা৷ ঢেঁকীয়াপতিয়া বাঘ দেখা নোপোৱাৰ দুখ এইবোৰে যথেষ্ট পাতলালে৷

নিশা ভাত হোৱালৈকে চোতালতে জুই একুৰা ধৰি ঘূৰণীয়াকৈ সকলো বহিল৷ জুৰি, ৰীমা আৰু পৰাণে সৰু সৰু আলু আনি ৰঙা আঙঠাৰ মাজে মাজে ভৰাই দিলেহি৷ নানা কথাৰ মাজত মানাহৰ কথাই বেছিকৈ পাতিলে সিহঁতে৷ বিজিতৰ কথাৰ পৰা মানসীয়ে গম পালে, তাই আজি লগ পোৱা যুৱকজন কলকাতাৰ পৰা অহা গৱেষক সুমিত ভট্টাচাৰ্য৷ বিগত দুটামাহ ধৰি তেওঁ মানাহতে থাকি গৱেষণা কৰি আছে৷ তেওঁৰ লগত ছাৰে কথা পতা দেখিছিল বিজিতে৷ পিছত সি ছাৰক সোধাত ছাৰে তেওঁৰ কথা ক’লে হেনো৷ মানসীয়ে তাৰ কথাবোৰ নীৰৱে শুনি থাকিল৷ কিন্তু তাইৰ যে ইতিমধ্যে সেই সুমিত ভট্টাচাৰ্যৰ স’তে দেখা-সাক্ষাৎ হৈ গৈছে সেয়া তাই কাকো নক’লে৷

আড্ডা ইতিমধ্যে জমি উঠিল৷ সকলোৱে সৌৰভক গান গাবলৈ অনুৰোধ কৰিলে৷ সৌৰভে খুউব সুন্দৰকৈ গান গায়৷ প্ৰথমেই সি আৰম্ভ কৰিলে, ‘এই ধুনীয়া গধূলি লগন…৷’ সকলো নিজম পৰিল৷ কি যে এক দৰদী কন্ঠ সৌৰভৰ! এক অজান দুখবোধে স্পৰ্শ কৰি গ’ল প্ৰত্যেকৰে হৃদয়৷ ৰীমাই পোৰা আলু এটা উলিয়াই বাকলি গুচাবলৈ আৰম্ভ কৰিছিল৷ হাতৰ আলু হাততে থাকিল তাইৰ৷ থৰ হৈ চাই ৰ’ল তাই সৌৰভলৈ৷ সি তেতিয়াও আত্মবিভোৰ হৈ গাই আছে৷

প্ৰেম যেন বহুতৰ কটাৰীৰ খেল
শানিত কটাৰীৰ চালে
শন শন শৱদে বুকু ভেদিলে
বাধা দিব কোন কৌশলে……

গান শেষ হ’ল৷ সকলো নীৰৱ-নিথৰ৷ নিৰ্জনতা ভেদি জুৰিয়ে আৱেগেৰে কৈ উঠিল, ‘এনে গান কিয় গাইছ সৌৰভ?’ একো নকৈ সৌৰভে মাথোঁ হাঁহিলে আৰু আৰম্ভ কৰি দিলে অন্য এটা গান৷
‘গা গা আজি গাই যা যা এই গীতকে গা……’

তাৰ লগে লগে পৰাণে গাই গাই নাচিবলৈ ধৰিলে৷ বিজিত, বৰ্ণালী, মৃদুলহঁতেও যোগ দিলে৷ পুনৰ সজীৱ হৈ উঠিল পৰিবেশটো৷ ভাত খোৱাৰ পৰলৈকে সিহঁতৰ মাজত ইটোৰ পিছত সিটোক গানৰ মজলিছ বহি গ’ল৷

দিনটোৰ পৰিশ্ৰমৰ অন্ততো নিশা বহু পৰলৈকে টোপনি নাহিল মানসীৰ৷ ৰীমা তাইৰ নিচেই কাষতে একেখন লেপৰ তলত৷ তাই মানসীৰ ফালে পিঠি দি শুই আছে৷ ওপৰমুৱাকৈ শুই চিলিঙৰ ফালে চাই চাই ৰীমাৰ কথাকে ভাৱিলে মানসীয়ে৷ ইমান প্ৰাণ চাঞ্চল্যৰে ভৰা ছোৱালীজনী আজি গম্ভীৰ হৈ পৰিছিল সৌৰভৰ গান শুনি৷

…এনেতে ৰীমাই কাতি হৈ তাইৰ ফালে মুখ ঘুৰালে৷ চিলিঙৰ পৰা দৃষ্টি উভতাই আনি ৰীমালৈ চায়ে থতমত খালে মানসীয়ে৷ স্থিৰ দৃষ্টিৰে তাইলৈকে চাই আছে ৰীমাই৷
‘ৰীমা, তই শুৱা নাই?’
‘ওহো৷’ মানসীয়ে বুজিলে তাইৰ দৰেই ৰীমাৰো দুচকুত অনিদ্ৰাই বাহৰ পাতিছে৷
‘এটা কথা কওঁ?’ মানসীয়ে ক’লে৷
‘ক’’
‘তহঁত কিমান দিন এনেদৰে থাকিবি?’
‘মানে?’
‘একেলগে একেটা বাটেৰে গৈ থাকিও কিমানদিন ইটোৱে সিটোক নেদেখাৰ ভাও ধৰি থাকিবি?’

মানসীৰ আশংকা হৈছিল, ৰীমা হয়তো আৱেগিক হৈ পৰিব৷ কিন্তু তাইক অলপ আচৰিত কৰি অকণো আৱেগিক নোহোৱাকৈ শান্তভাৱেই ৰীমাই ক’লে-
‘নাজানো৷ মাথোঁ জানো, ভালপোৱা স্বতঃৰ্স্ফুত৷ কাৰোবাৰ ওপৰত জোৰ কৰি যেনেকৈ ইয়াৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰি, তেনেকৈ হাজাৰ চেষ্টাৰেও বাধা দি ৰাখিব নোৱাৰি ইয়াৰ চিৰপ্ৰবহমান গতিক৷ যিমান সময় লাগে লওক সি৷ মই বাট চাম৷’

দুয়ো নীৰৱ হৈ ৰ’ল৷ মানসীৰ মনত এজাক প্ৰবল বৰষুণ আৰম্ভ হ’ল৷ স্মৃতিৰ বৰষুণ৷ বৰষুণৰ প্ৰতিটো টোপাল হৈ অনুপম সৰিল- এখন নৈ হ’ল আৰু দিহিঙে দিপাঙে বুৰাই পেলালে৷ কিয় এনে হ’ল? কিয় তাইৰ বাবে প্ৰেম যন্ত্ৰণাৰ অন্য এক নাম হ’ল? ইমান নিবিড়তাৰে, হৃদয়ৰ সমস্ত আন্তৰিকতাৰে গঢ়ি উঠা স্বত্বেও সিহঁতৰ সম্পৰ্ক স্থায়ী নহ’ল৷ সৰু সৰু কথাতে শিশুৰ দৰে অভিমান কৰা ল’ৰাটো হঠাতে যেন পৰিপক্ক হৈ উঠিল৷ হঠাতে এদিন সি বুজি উঠিল, সিহঁত পৰস্পৰে পৰস্পৰৰ বাবে নহয়৷ সিহঁত প্ৰকৃততে ৰে’লৰ আলিৰ সমান্তৰাল চিৰি দুডালৰ দৰে৷ বহুদূৰৈৰ কোনোবা এটা বিন্দুত লগ হোৱা যেন দেখিলেও সেয়া চকুৰ ভ্ৰমহে৷ প্ৰকৃততে কেতিয়াও ইডাল সিডালৰ সৈতে লগ নহয়৷ অলপ কষ্টতে মানসীয়ে গম পালে, অনুপমৰ হৃদয়লৈ পুনৰ বসন্ত নামিছে৷ তাইৰ বাবে নহয়-অন্য কাৰোবাৰ বাবে৷ কোনো কাজিয়া বা ভুল বুজাবুজি নোহোৱাকৈ দুয়ো আঁতৰি আহিল৷ কোনোধৰণৰ উষ্মা প্ৰকাশ নকৰাকৈ, একো কৈফিয়ৎ নিবিচৰাকৈ নীৰৱ হৈ ৰ’ল মানসী৷

(চাৰি)
পিছদিনা পুৱা এলাৰ্মৰ শব্দত সাৰ পালে মানসীয়ে৷ ৰীমা তেতিয়াও টোপনিত৷ মানসী বাহিৰলৈ ওলাই আহিল৷ ৰাতি পুৱাবলৈ তেতিয়াও কিছুসময় বাকী৷ অৱশিষ্ট আন্ধাৰখিনিয়ে অস্তিত্বৰ বাবে পোহৰৰ স’তে শেষ সংগ্ৰামত উঠি-পৰি লাগিছে৷ কিন্তু তিষ্ঠিব নোৱাৰি অন্ধকাৰ কেনিবা পলাই ফাঁট মাৰিছে৷ মানসীয়ে গৈ ছিৰিবোৰৰে কোনোবা এটাত বহিলগৈ৷ বেঁকীৰ পাৰলৈ যাবলৈ মন গৈছিল তাইৰ৷ কিন্তু এই সময়ত অকলশৰে তালৈ যোৱাটো বিপজ্জনক হ’ব পাৰে বুলি আশংকা হোৱাত সেই ইচ্ছা সম্বৰণ কৰিলে৷ নিশা যে বনৰীয়া জীৱ-জন্তু ট্যুৰিষ্ট বাংলোৰ চোতাল পায়হি সেয়া সিহঁতক আগেয়ে জনোৱা হৈছিল৷
‘গুডমৰ্নিং’ কাৰোবাৰ মাত শুনি মানসীয়ে ঘূৰি চালে৷ দেখিলে, তাইৰ পিছফালে থিয় দিছেহি সুমিত ভট্টাচাৰ্য৷ পিন্ধনত পাতল সেউজীয়া ৰঙৰ চাৰ্ট আৰু খাকী ৰঙী ট্ৰাউজাৰ৷ হাতত কেমেৰা, দূৰবীণ আৰু পিঠিত মজলীয়া জোখৰ এটা বেগ৷ মানসীয়ে স্মিত হাঁহিৰে ক’লে-
‘গুড মৰ্ণিং৷’ আপুনি ক’ৰবালৈ যায় নেকি?’
‘নাই, মই এঠাইৰ পৰা ঘূৰি আহিলো এইমাত্ৰ৷’ বেগ-কেমেৰা এইবোৰ থৈ তাইৰ কাষতে বহি পৰিল তেওঁ৷
‘ইমান ৰাতিপুৱাই ক’লৈনো গৈছিল আপুনি?’- তাই পুনৰ সুধিলে৷
মিচিকিয়া হাঁহিৰে তেওঁ ক’লে,
‘মানাহলৈ নতুনকৈ পবিতৰাৰ পৰা আনি মুকলি কৰা গঁড়কেইটাৰ কথা জানা নহয়? আমি সেই গড়ঁকেইটাত সংযোগ কৰি থোৱা ৰেডিঅ’ কলাৰৰ সহায়ত সিহঁতৰ চাল-চলনৰ বিষয়ে গম পাই থাকোঁ ৰুমত বহিয়েই৷ কালি এটা গঁড় কাটাঝাৰ কেম্পৰ ফালে চৰি ফুৰা বুলি গম পাইছিলোঁ৷ সেয়ে আজি ৰাতিপুৱাই চাই আহিলোগৈ ৷ আচৰণৰ বিষয়ে ডাটা অলপ দৰকাৰ আছিল৷
‘আপোনাৰ ভয় নালাগেনে এনেকৈ অকলশৰে ঘূৰি ফুৰিবলৈ?’
‘প্ৰথমে লাগিছিল৷ জীৱ-জন্তুৰ আচৰণৰ বিষয়ে যথেষ্ট শিকিছোঁ বাবে এতিয়া নালাগে৷ আজি দুমাহ ধৰি এইখনেইতো মোৰ পৃথিৱী৷ …বাৰু এটা কথা মন কৰিছানে তুমি?’ তেওঁৰ দুচকুত কৌতুক৷
‘কি কথা?’
‘আমি যে এতিয়ালৈকে চিনাকিয়েই হোৱা নাই?’
মানসীৰ হাঁহি উঠি গ’ল৷ হাঁহি হাঁহিয়েই ক’লে তাই,
‘আপোনাৰ পৰিচয় মই আগতেই পালো৷ আৰু মোৰ চিনাকি? মোৰ নাম মানসী!’
‘ঠিক আছে মানসী৷ পিছত আকৌ কথা পাতিম তোমাৰ স’তে৷ এতিয়া মোৰ অলপ কাম আছে৷’
সুমিত ভট্টাচাৰ্যই বিদায় লোৱাৰ পিছতো মানসী কিছুপৰ তাতে বহি ৰ’ল৷ অৱশ্যে কিছু সময়ৰ পিছতে ৰীমা, বিজিত, পৰাণহঁত আহি হুলস্থুল লগাই দিলেহি তাই নীৰলে বহি কবিতা ৰচি আছে বুলি৷ তাই উঠিব লগা হ’ল৷

সেইদিনা সমগ্ৰ দিনটোত সিহঁত এবাৰেই ট্ৰেকিঙলৈ গ’ল৷ এই ট্ৰেকিঙটো যথেষ্ট দীঘলীয়া হ’ল৷ জ্ঞাতি পাৰ হৈ পহুফিল্ড পাই তাৰ পৰা দুই কি:মি: দূৰত্বত থকা বাঁহবাৰী ৰেঞ্জ অফিচলৈকে দলটোৱে ট্ৰেকিং কৰিলে৷ মুঠতে বিশ কি:মি: ট্ৰেকিঙত নলগাহৰি যোৱা লুংলুঙীয়া বাটেৰে, বাট নথকা ঠাইত হাবিৰ মাজেৰেই দলটো আগবাঢ়িল৷ এঠাইত ওখ ওখ বিৰিণাৰ মাজেদি ঠেক বাট এটাৰে যাওঁতে প্ৰায় সকলোৰে হাত-মুখত বিৰিণাই কাটিলে৷ অলপ দূৰ তেনেকৈয়ে যোৱাৰ পিছত পৰাণে খন্তেক ৰৈ পিন্ধি থকা জেকেটটো খুলি মূৰ ঢাকি আগবাঢ়িল৷ বিৰিণাৰ পৰা মুখখন ৰক্ষা কৰিব পাৰি সি স্বস্তিৰ নিশ্বাস এৰিলে৷ তাক দেখি সকলোৱে যি পালে তাৰেই মূৰ ঢাকি ঢাকি আগবাঢ়িল৷ ভাগ্য ভাল যে এই সময়লৈ জোকৰ উপদ্ৰৱ যথেষ্ট কম৷
ট্যুৰিষ্ট বাংলোলৈ উভতি আহি ভাত-পানী খাই সকলোৱে অলপ জিৰণি ল’লে৷ প্ৰায় আবেলি হৈছিল তেতিয়া ৷ বাহিৰৰ চোতালতে অ’ত-ত’ত বহি প্ৰত্যেকেই কামত লাগি গ’ল৷ মানসী আৰু সৌৰভে ট্ৰেকিঙৰ বৰ্ণনা লিখিলে, মৃদুলে ফৰেষ্ট গাৰ্ডকেইজনৰ সহায়ত ট্ৰেকিংপথৰ স্কেচ্ছ আঁকিলে, জুৰি আৰু ৰীমাই এই দুদিনৰ অভিযানত দেখা জীৱ-জন্তু, বনাঞ্চলৰ প্ৰকাৰ সম্পৰ্কে ছাৰৰ লগত আলোচনা কৰিলে৷ কাৰো আদেশক্ৰমে নহয়, প্ৰত্যেকেই এইবোৰ কৰি গ’ল একমাত্ৰ নিজৰ আন্তৰিক আগ্ৰহৰ বাবে৷ প্ৰাণচাঞ্চল্যৰে টগবগাই থকা বয়স এইটো অথচ প্ৰত্যেকেই নিজৰ কৰ্তব্যৰ প্ৰতি সদা-সচেতন৷
কামবোৰ শেষ কৰি সাঁজ লগাৰ আগে আগে ৰীমা আৰু মানসী নৈৰ পাৰলৈ গ’ল৷ নৈৰ পাৰত শিলত বহি লৈ মানাহৰ কথা পাতি থাকোঁতে কিমান সময় পাৰ হৈ গ’ল দুয়ো গমকে নাপালো৷ হঠাতে কাৰোবাৰ মাত শুনি দুয়োৰে সম্বিতৎ আহিল৷ ঘূৰি চাই দেখিলে, সৌৰভ ওপৰত ৰৈ আছে, সিহঁতকো ওপৰলৈ আহিবলৈ ইংগিত দিছে৷ ৰীমা আৰু মানসী নৈৰ পাৰৰ পৰা উঠি আহিল৷ সূৰুযৰ শেষ কিৰণ চতুৰ্দিশে বিয়পি পৰিছে তেতিয়া৷ শিলবোৰ বগাই ওপৰলৈ আহোঁতে মানসী ৰীমাতকৈ অলপ আগবাঢ়িল৷ ওপৰ পাই তাই দেখিলে, সৌৰভ নামি গৈছে খৰধৰকৈ৷ এটা পিছল শিলত থাউনি নাপাই ৰীমাই অন্য এটা শিলত ধৰিবলৈ লওঁতেই সৌৰভে হাতখন আগবঢ়াই দিলে তাইলৈ৷ এপলকৰ বাবে তাই তাৰ চকুলৈ চালে আৰু লাহেকৈ তাৰ হাতত ধৰিলে৷ দুয়ো পোনপ্ৰথমবাৰৰ বাবে কোনো দ্বিধা বা জড়তা নোহোৱাকৈ পৰস্পৰে পৰস্পৰৰ মুখামুখি হ’ল৷ অ’তদিনৰ সাঁচতীয়া আৱেগখিনি যেন সেই ক্ষণতে পাৰ ভাঙি বৈ গ’ল বেঁকীৰ সোঁতে সোঁতে৷ সৌৰভে সেই একেই স্বভাৱগত গম্ভীৰ সুৰত ক’লে, ‘যাওঁ ব’লা৷’ এটাও মাত নমতাকৈ দুয়ো আগবাঢ়িল ট্যুৰিষ্ট বাংলোলৈ৷ মানসী ইতিমধ্যে তাৰ পাইছিলগৈ৷

(পাঁচ)
সম্পূৰ্ণ এটা সপ্তাহ সিহঁতে মানাহত অতিবাহিত কৰিলে৷ মানহৰ চুকে-কোণে অক্লান্তভাৱে ঘুৰি ফুৰিলে কলেজীয়া দলটো৷ এনিশা ছাৰৰ অনুৰোধক্ৰমে সুমিত ভট্টাচাৰ্য্যই প্ৰজেক্টৰৰ সহায়ত মানাহৰ ওপৰত কৰা ডকুমেন্টেৰী দেখুৱালে সিহঁতক৷ ইখনৰ পিছত সিখনকৈ নানা তথ্য আৰু নতুনত্বৰে ভৰা ডকুমেন্টেৰী চাই সকলো আপ্লুত হৈ পৰিল৷ মানাহৰ বিষয়ে, প্ৰকৃতিৰ বিষয়ে সোধা প্ৰতিটো প্ৰশ্নৰে তেওঁ সাৱলীলভাৱে উত্তৰ দি গ’ল৷ সকলোৰে লগত এটা সপ্তাহতে আন্তৰিকতা গঢ়ি উঠিল তেওঁৰ৷ প্ৰত্যেকৰে বাবে হৈ পৰিল সুমিতদা৷ অত্যন্ত ব্যস্ততাৰ মাজতো ক্ষন্তেক আজৰি সময় পালেই তেওঁ সিহঁতৰ সৈতে সময় কটাবলৈ ভাল পোৱা হ’ল৷

প্ৰকৃতিৰ কোলাত, বন্ধুত্বৰ উমাল স্পৰ্শত দিনবোৰ কেনেকৈ যে পাৰ হৈ গ’ল মানসীয়ে ধৰিবই নোৱাৰিলে৷ কিন্তু নতুনকৈ এটা অস্বস্তিয়ে তাইৰ অনুভৱৰ সাগৰত অশান্ত ঢৌৰ সৃষ্টি কৰিলেহি৷
এদিন ট্ৰেকিঙৰ পৰা ঘূৰি আহি ভাত-পানী খাই ওপৰ মহলাৰ বাৰাণ্ডাৰ এমূৰত বহিছিল তাই৷ দূৰবীণ লৈ বেঁকীৰ সিপাৰৰ অৰণ্যখনৰ শোভা উপভোগ কৰি আছিল৷ এনেতে সুমিত আহিল৷ মানসীৰ স্মিত হাঁহিৰ প্ৰত্যুত্তৰত তেৱোঁ হাঁহিলে আৰু ক’লে,
‘নৈখন চাইছা ?’
‘অ’’ নৈখন চাইছোঁ। লগতে সিপাৰৰ অৰণ্যখনো৷’
‘এই বেঁকী নৈৰ ভূটানত নাম কি জানানে?’
‘ওহো নাজানো৷ কওকচোন৷’ মানসীয়ে দূৰবীণটো নমাই থ’লে৷
‘ভূটানত ‘ডামেচ্ছু’ আৰু ‘মাংদেচ্ছু’ নামৰ দুখন নৈ লগ হৈ বেঁকী হৈছে৷ ভূটানী ভাষাত ‘চ্ছু’ মানে নদী৷ এই বেঁকী নৈ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ গৈ তিনিটা সুঁতিত ভাগ হৈছে-মানহ, বেঁকী আৰু হাকোৱা৷ পঞ্চাশ কি: মি: পশ্চিমত গৈ ব্ৰহ্মপুত্ৰত তিনিওটা সুঁতি লগ লাগিছেগৈ৷’
‘তেন্তে আমি দেখা এই নৈখন প্ৰকৃততে বেঁকীৰ সুঁতিহে নেকি?’
‘অ’ বেঁকী নৈৰ ওপৰত বিশেষভাৱে এখন ডকুমেন্টেৰী বনাই আছোঁ৷ বেছিদিন নালাগেই চাগৈ৷ তেতিয়া ভালকৈ বুজি পাবা৷’
‘কিমান দিন লাগিব?’
‘এই ধৰা, দহ-বাৰ দিন৷’
‘আমিতো নাথাকিম তেতিয়ালৈ৷ আৰু এদিন পিছতেই আমি মানাহ এৰিব লাগিব৷’
সুমিতে যেন অপ্ৰত্যাশিত কিবা এষাৰহে শুনিলে৷ এই প্ৰথমবাৰৰ বাবে মানসীয়ে তেওঁৰ হাঁহিৰে উজ্বল মুখখন বিষণ্ণ হৈ পৰা দেখিলে৷ আচৰিত হৈ তাই সুধিলে,
‘কি হ’ল আপোনাৰ ?’
‘নাই, তোমালোক যে যাবাগৈ সেইটো মনলৈকে অহা নাছিল৷’
তেওঁ যেন কিবা এটা লুকুৱাবলৈ আপ্ৰাণ চেষ্টা কৰিছে- এনে লাগিল মানসীৰ৷ কিছু সময় দুয়ো নীৰৱ৷ মৌনতা ভাঙি গম্ভীৰ মাতেৰে সুমিতে কৈ উঠিল,
‘মোৰ খুউব বেয়া লাগিব৷’
‘আমাৰো৷’
‘বিশেষকৈ তোমাক মিছ কৰিম৷’
‘কিয়?’ কথাটো সুধিয়ে তাই থতমত খালে৷ সুমিতৰ গম্ভীৰ মাতটোৱে ইতিমধ্যে ভয় খুৱাই দিছে তাইক৷ কিন্তু তেওঁ অকণো খোকোজা নলগাকৈ ক’লে,
‘তুমি আনতকৈ ভিন্ন, সেইবাবে৷’
মানসীয়ে লগে লগে প্ৰতিবাদ কৰি উঠিল,
‘নক’ব তেনেকৈ৷ মই আনতকৈ ভিন্ন নহওঁ, হ’বও নিবিচাৰো৷ প্ৰত্যেক মানুহৰ দৰেই মোৰ দুখ আছে৷ আছে পাহৰিব নোৱাৰা কিছুমান স্মৃতি৷ সেই সকলোবোৰ বুকুত সাবটি লৈয়ো মই সপোন দেখোঁ সুখী জীৱন এটাৰ৷….’
হঠাৎ ৰৈ গ’ল তাই৷ তাই এইবোৰ কি কৈ পেলাইছে! কেতিয়াওতো কাকো কোৱা নাই এইবোৰ কথা-তেন্তে আজি কিয় কৈ পেলালে? কিয়?
‘কোৱা মানসী-কৈ যোৱা৷ কিয় ৰৈ গ’লা৷ কিয় নিজকে ইমান লুকুৱাই ৰাখা তুমি?’- সুমিতৰ অধৈৰ্য কন্ঠস্বৰ৷

মানসী শংকিত হৈ উঠিল৷ কিছুদিনৰ চিনাকি এই মানুহজনে কেনেকৈ তাইক ইমান বেছিকৈ জানি পেলাইছে! তাইক জানিবলৈ, বুজি পাবলৈ মাক-দেউতাক আছিল, অনুপম আছিল, তেওঁলোকে বুজি নাপালে যদি এওঁ কোন ইমান বেছিকৈ জানিবলৈ! তাই দৃঢ় হ’ল৷ লাহেকৈ ক’লে,
‘ছৰী৷ মোৰ অলপ কাম আছে, মই যাওঁ৷’
সুমিতে একো নক’লে৷ মাথোঁ মূৰ দুপিয়াই মিচিকিয়াই হাঁহিলে৷ সেই হাঁহিত জয়ৰ এক বিনম্ৰ অহংকাৰ সন্নিহিত হৈ থকা যেন লাগিল মানসীৰ৷ এবাৰো উভতি নোচোৱাকৈ তাই দুপদুপাই চিৰিয়েদি তললৈ নামি গ’ল৷

পিছদিনা দিনটো কামৰ ফাঁকে ফাঁকে মানসীয়ে সুমিতৰ কথাকে ভাবি থাকিল৷ একো বুজি নোপোৱাৰ ভাও ধৰি থকা মানুহৰ শাৰীত নপৰে তাই৷ তাই ঠিকেই বু্জি পালে আৰু এই ঠিককৈ বুজি পোৱা কথাটোৱে তাইক ভিতৰি ভিতৰি অস্থিৰ কৰি তুলিলে৷

জীৱনে কি যে বিচিত্ৰ ৰূপ দেখুৱায় মানুহক! জীৱনৰ মোহত বন্দী মানুহে মৰিচীকাৰ পিছে পিছে দৌৰি ফুৰে-কিহৰ সন্ধানত হয়তো সেয়া নিজেই নাজানে৷ সঁচাকৈ, কেনেকৈ বাৰে বাৰে প্ৰেমত পৰে মানুহ? প্ৰেমত হ’ব পাৰেনে প্ৰথম, দ্বিতীয় বুলি কিবা হিচাপ? হৃদয়ত এবাৰ কাৰোবাৰ প্ৰতিচ্ছবি অংকিত হৈ যোৱাৰ পিছত মচ খাব পাৰেনে সেয়া ? তেন্তে কিয় তাই কোনোমতেই পাহৰিব পৰা নাই অনুপমৰ সান্নিধ্য? কিয় তাইৰ হৃদয়ত আগৰ সমানেই উজ্জ্বলতাৰে জিলিকি আছে অনুপম নামৰ এক সত্তা-য’ত পাৰ্থিৱ ঘটনা-অঘটনা আৰু সময়ৰ প্ৰভাৱো ব্যৰ্থ হৈ গৈছে! নাই নাই, প্ৰেম বাৰে বাৰে হ’ব নোৱাৰে৷ মানুহৰ জীৱনত প্ৰেম এবাৰেই হয়-মাথোঁ এবাৰেই৷ বাকীবোৰ পাৰস্পৰিক বুজাবুজি মাত্ৰ, যাক মানুহে প্ৰেম বুলি ভুল কৰে৷

তেন্তে সুমিত ভট্টাচাৰ্য নামৰ দুদিনীয়া চিনাকী বঙালী যুৱকজনৰ স’তে গঢ়ি উঠা এই সহমৰ্মিতাৰ নাম কি? তেওঁৰ এষাৰ কথাতে কিয় তাই কাকো নোকোৱা কথা কিছুমান কৈ পেলালে? …নাই, এই সম্পৰ্কৰ কোনো নাম নাই৷ কোনো সংজ্ঞা, চৰ্ত বা দাবীও নাই এই সম্পৰ্কত৷ সামাজিক মূল্যবোধে সংজ্ঞা স্থিৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments