মানী, বাণী আৰু শিবানী- চৈয়দ আহমেদ শ্বাহ

মোৰ পঢ়াশলীয়া জীৱনৰ প্ৰথম অধ্যায়তে এটা কবিতাৰ ছন্দৰ দৰে প্ৰথম শাৰী অধিকাৰ কৰি বহি আছিল তিনিজনী ছোৱালী৷ ছয়ডাল উদ্ধত ৰঙা ফিতা আৰু সিহঁতৰে সৈতে একেশাৰীতে সেমেনা সেমেনিকৈ বহি আছিল, এক মাইল মান দীঘল নামেৰে সৈতে- চৈয়দ মহম্মদ আহমদ শ্বাহ লাবাণী৷ এটা নিমিলা কবিতা!

গোলাঘাটৰ মিশ্যন চৌহদত থকা প্ৰাথমিক বিদ্যালয়খনৰ ‘ক’ মানত নাম লগাই প্ৰথম দিনাখনেই তিনিজনী ছোৱালীৰ স’তে একেলগে বহিবলগীয়া ঘটনাটো মোৰ চাৰি বছৰীয়া মগজুৱে ঘোৰ অপমানজনক বুলি গণ্য কৰিছিল৷ কেনেকৈ ক’ৰপৰা লিঙ্গ বিদ্বেষৰ এই ভয়ানক ভূতটোৱে মোৰ অন্তৰত ঠাই পাইছিলহি মনত পৰা নাই৷ সেই মহাপাপৰ পৰাচিত আজিও কৰি আছো নেকি বুলি বন্ধুবৰ্গই জোকালে ‘সমিধানত মৌনতাহে পাব’৷

লগে লগে এটা ঐতিহাসিক সিদ্ধান্ত লৈ পেলাইছিলো যে পঢ়াশালি বোলা বস্তুটো ভদ্ৰলোকৰ বিচৰণযোগ্য স্থান কদাপি নহয়৷ সেই ঠাইলৈ প্ৰত্যাৱৰ্ত্তন কৰি মই মোৰ পুৰোষোচিত ব্যক্তিত্বত চেকা লাগিবলৈ নিদিওঁ৷

পিচদিনা ৰাতিপুৱা মোৰ বৈপ্লৱিক সিদ্ধান্তক লৈ জুহালৰ কাষত আইতাৰে সৈতে থৈয়ানথৈয়া তৰ্কযুদ্ধ৷ স্কুললৈ যোৱাৰ সময় ইতিমধ্যেই পাৰ হৈ গৈছিল৷ মোক লগত লৈ যাবলৈ অহা মোতকৈ বয়সত ডাঙৰ ওচৰ চুবুৰীয়া ছোৱালী কেইজনীক নাযাওঁ বুলি কৈ ওভটাই পঠিয়াইছিলো৷ মোৰ উদ্ভত আচৰণত আচৰিত হোৱা আইতাই সেইদিনা মোৰ অকাট্য যুক্তি সম্বলিত শক্তিশালী উপস্থাপনৰ দ্বাৰা মুঠেই প্ৰভাৱিত হোৱা নাছিল৷ হোৱা হ’লে হয়তো এটা বিপ্লৱৰ সূচনা হ’লহেঁতেন৷ আইতাৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিলহেঁতেন৷ সেই সুৱৰ্ণ সুযোগ আইতাই হেৰোৱালে৷ কপালৰ দোষ৷

বাৰু, সি যি কি নহওঁক৷ নাতিয়েকৰ আকোঁৰগোঁজ মনোভাবেৰে সন্মুখত সাময়িক ভাবে নতি স্বীকাৰ কৰি মুখেৰে ভোৰভোৰাই আইতা নিজৰ কামত ব্যস্ত হ’ল৷
কিন্তু যোৱাৰ আগতে ঘটাই থৈ গ’ল এটা পাৰমাণৱিক বিষ্ফোৰণ—
“পঢ়া শুনা নকৰিলে তুমি ‘অমুক’ৰ নিচিনা হ’বা”
এই ‘অমুক’জন যদি- দিনৰ দিনটো চহৰখনত টলৌ- টলৌ কৈ মহানন্দে ধিতিঙালি কৰি ঘূৰি ফুৰা প্ৰতিবেশী ‘লাল’, ‘মাখন’, ‘ঘিঁউ’, ‘লুজেন’ৰ কোনোবা এজন হ’লহেঁতেন, তেন্তে সেই ভৱিষ্যতবাণীক মই পৰম সৌভাগ্য বুলি আদৰি ল’লোহেঁতেন; কিন্তু ‘অমুক’ বুলি যাৰ প্ৰসঙ্গ টানি অনা হৈছিল তেওঁ আছিল আজি মোৰ মতে এজন কঠোৰ পৰিশ্ৰমী, সৎ, উপাৰ্জনকাৰী অথচ নিষ্পেষিত ভাৰতীয় নাগৰিক৷ জন্মসূত্ৰে আনৰ বিষ্ঠা কঢ়িওৱা এজন তথাকথিত নীচ মানুহ৷ আজি মই ভাবি আচৰিত হওঁ যে লিঙ্গ বিদ্বেষৰ লগতে জাতি তথা বৰ্ণ বিদ্বেষৰ বিষ বাষ্পও সেই কোমল বয়সতে আমাৰ মূৰত কেনেকৈ ভৰাই দিয়া হৈছিল৷

এই তথাকথিত অপমান মোৰ বাবে ইমানেই অসহনীয় হৈ উঠিছিল যে প্ৰতিশোধৰ জ্বালাত মোৰ অন্তৰ জ্বলি- পুৰি চাৰখাৰ হৈ গৈছিল আৰু এটা ভয়ানক কাম কৰিবলৈ হঠাতে এটা অভাবনীয় সিদ্ধান্ত লৈ পেলাইছিলো- নিজৰ আইতাকক জীৱন্তে দাহ কৰাৰ অভিপ্ৰায়েৰে নহ’লেও এশিকনি দিয়াৰ মানসেৰে এডাল জ্বলি থকা কাঠখৰি লৈ মই আইতাৰ পিন্ধি থকা মেখেলা-চাদৰত নিৰ্বিকাৰ ভাবে জুই লগাই দিছিলো৷
আইতাই মোৰ পিনে পিঠি দি আছিল৷ জুইকুৰাই নি:শব্দে আঁচলেদি বগাইছিল৷ আৰু মাত্ৰ কেইটামান চেকেণ্ড পাৰ হ’লেই সকলো শেষ৷
সেই সময়তে মোৰ জ্ঞান আহিছিল৷ আইতাক যেনেতেনে বচাব লাগিব৷
মোৰ অহংকাৰ আৰু আইতাৰ জীৱনৰ মাজত এটা মধ্যম পন্থা নিৰ্বাচন কৰি গহীনাই ক’লো,
“পালা এতিয়া৷ জুই লগাই দিলো নহয়!”
আঁচলৰ জুই ভৰিৰে মোহাৰি আইতাই সেইদিনা নিজৰ জীৱন ৰক্ষা কৰিছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments