মানুহজনী (মামনি দাস)

মানুহজনী সাদৰী নহয়৷ ঘৰলৈ অতিথি গ’লে তেওঁ আনৰ দৰে লাস্যময়ী মাত-কথাৰে আপ্যায়িত কৰিব নোৱাৰে, মানুহক হঁহুৱাব নোৱাৰে৷ অথচ মানুহজনীৰ চকুযুৰিত এক বিশেষ নম্ৰতা আছে৷ এটা সৰল হাঁহিৰে সৌজনতাৰ খাতিৰত মানুহক মাত লগাই তেওঁ আকৌ নিজৰ জগতলৈ গুচি যায়৷ আন দহজনীৰ দৰে মানুহজনী হাতে-কামে পাকৈত নহয়৷ মানুহজনীৰ কথাত চপলতা নাই৷ অকলে থাকিব বিচাৰে তেওঁ..কেৱল নিজৰ মাজত… মানুহজনীক লৈ তেওঁৰ স্বামী, পৰিয়াল কোনোৱেই সুখী নহয়৷ গিৰিয়েকে ভালপোৱামতে তেওঁ জীয়াই থাকিব নোৱাৰিলে, ঘৰখনে বিচৰা মতে তাই লখিমী বোৱাৰী হ’ব নোৱাৰিলে৷ মানুহজনীৰ মন গ’লেই অকলে গাড়ী লৈ ওলাই যায় তেওঁৰ প্ৰিয় নিৰ্জন ঠাইলৈ, গোটেই দিনটো নিজক শীতল কৰি ঘূৰি আহে সন্ধিয়া ঘৰলৈ৷ ৰাতি দুপৰত ছাদত গৈ অকলে গান শুনি থাকে৷ কেতিয়াবা হঠাতে দুদিন ধৰি নোহোৱাও হৈ থাকে৷ তাকে লৈ ঘৰখনত হোৱা অনাহুত পৰিস্থিতি, গিৰিয়েকৰ খঙ-ধমকিক পৰোৱা নকৰি আকৌ সোমাই থাকে নিজৰ জগতত৷ সচৰাচৰ মানুহে কৰা বিভিন্ন কাম মানুহজনীয়ে নকৰে৷ নকৰা বহু কাম কৰে৷ ভুল-অন্যায়বোৰত সজোৰে প্ৰতিবাদ কৰে৷ মানুহজনী খেয়ালি, বৰ খেয়ালি…..তেওঁৰ দুনীয়াখন আনবোৰৰ বাবে সম্পূৰ্ণ অচিনা.. আৰু এনেবোৰ আচৰণৰ বাবেই তেওঁক লগ পোৱা প্ৰতিজন ব্যক্তিৰ কটু বাক্য, টিটকাৰি, গুজৱ, সমালোচনা আদিৰ পৰা তেওঁ সাৰি নাযায়৷ বিয়া-সবাহে হোৱা ৰসাল আড্ডাবোৰত প্ৰায়ে কেন্দ্ৰবিন্দু হৈ পৰে মানুহজনী…।
অথচ মানুজনীয়ে কৰা বহু কাম মানুহৰ বাবে আলোচনাৰ বিষয় হৈ নপৰে৷ মানিবেগ আনিবলৈ পাহৰি যোৱা যাত্ৰীক লৈ বাছত হোৱা হৈ-চৈত তেওঁ নিজেই আগবাঢ়ি গৈ কণ্ডাক্টৰক এশটকীয়াখন দি দিয়াত কোনেও মাত নামাতে৷ বাটত হামখুৰি খাই পৰা মগনীয়াজনক নিজে পানীৰ বটল উলিয়াই, বেণ্ডেজ কিনি দি সহায় কৰা কামটো আনৰ বাবে খিকিন্দালিৰ বিষয় হৈ পৰে৷ এখোপ ওপৰত গৈ এদিন তেওঁ ৰক্তদান কৰিবলৈ অকলে যোৱা কাৰ্যত ঘৰৰ মানুহৰ পৰা সহাঁৰিৰ বিপৰীতে গালি-গালাজৰহে সন্মুখীন হয়৷ গোটেই ঘৰৰ মানুহ, বিশেষকৈ স্বয়ং পুত্ৰই (তেওঁৰ স্বামী) ফষ্টি মাৰি শুই থকাত, কেইবাৰাতি উজাগৰে থাকি শয্যাশায়ী শহুৰ দেউতাকক আলপৈচান ধৰা কথাবোৰ মানুহৰ বাবে নগণ্য…তথাপিও মানুহজনী নিজৰ জগতৰ পৰা আতঁৰি এইখন জগতত মিলি যাব নোৱাৰে৷ সেইবাবেই তেওঁ সকলোৰে অপ্ৰিয়৷ সমাজৰ সৈতে মিলিব নোৱাৰা এটা মস্ত গোঁৱাৰ আৰু জেদী মহিলা বুলি প্ৰত্যেকটো মুহূৰ্ততে মানুহৰ টিটকাৰিৰ সন্মুখীন হয়৷ মানুহজনী মনে মনে থাকে৷ জানে, এনেবোৰ ক্ষেত্ৰত উলাই বা মৌনতাই শ্ৰেষ্ঠ প্ৰত্যুত্তৰ৷
…… ………. …………… ……
মানুহজনীক মই জানো, চিনি পাওঁ৷ সম্পৰ্কত কিমানদূৰ ঘনিষ্ঠ, আজিলৈ বিচাৰ কৰা নাছিলো৷ কিন্তুু আজি তেওঁ মোক বহু কথাই ভাৱিবলৈ বাধ্য কৰিলে৷ ভাৱিছো, কিমান আত্মীয়তাবোধ কৰিলে এনেদৰে এজনী মানুহে নিজক সম্পূৰ্ণকৈ উজাৰি দিব পাৰে…এজন মানুহৰ মাজত কি বিচাৰি পালে এনেবোৰ কথা গভীৰ প্ৰত্যয়ৰে কৈ যাব পাৰে…. মোৰ মাজত ইমান বিশ্বাস, ইমান আস্থা, ইমান আত্মীয়তা তেওঁ ক’ত বিচাৰি পালে, নাজানো৷ কিন্তুু এটা কথাত আজি আত্মবিশ্বাসী হৈ উঠিলোঁ যে ইমানদিনে মানুহবোৰৰ বাবে অচিনা সেই জগতখনৰ প্ৰাচীন বাসিন্দা বুলি নিজকে যি পৰিচয় দিব খুজিছিলোঁ, আজি তেওঁ তাৰ  উপযুক্ত মৰ্যাদা দিলে (অহংবোধ নহয়, নম্ৰতাৰে কৈছো)৷ মানুহজনীক মই দেখিছিলোঁ, পঢ়িছিলোঁ, শান্ত চকুযুৰিৰ গভীৰতালৈ গৈ গৈ মই পঢ়িছিলোঁ৷ কিন্তুু সেইটো দেখি যে তেওঁ মোক অনুভৱ কৰিব পাৰিব, মই ভৱা নাছিলোঁ৷ শিল কিদৰে গলে, আনৰ মাজত দেখা নাছিলোঁ৷ আজি দেখিলোঁ৷ আজি বুজিলোঁ।
মানুহজনী এটা ভাললগা কবিতা৷ মানুহজনী এখন উপন্যাস, এখন দুৰ্দান্ত কিতাপ৷ আপাতত মানুহজনীক শিল যেন লাগিলেও তেওঁ কহুঁৱাৰ দৰে কোমল…নিজৰাৰ দৰে নিৰ্মল…উশাহৰ দৰেই চিৰন্তন…. কিতাপতকৈ মানুহ বেছি পঢ়োঁ বাবেই চাগৈ মানুহজনীক মই সূক্ষ্মতাৰে চিনি উলিয়াব পাৰিছোঁ৷ মানুহজনীয়ে বুজিছে, বুজি উঠি আকৌ আকণ্ঠ মমতাৰে মোক বুৰাই দিছে৷ এই মমতা, এই বিশ্বাস, এই সমগ্ৰ জীৱন্ত পৃষ্ঠা এটা পঢ়ি মই গোটেই দিনটো কি এক আচ্ছাদনত বুৰি আছো, আপোনালোকক বুজাব নোৱাৰিম৷
…… ………. …………… ……
নাই, মানুহজনীক মই হেৰাই যাবলৈ নিদিওঁ৷ কথা দিলোঁ, মই তেওঁক জীয়াই ৰাখিম, তুলি ধৰিম৷ বিশ্বাস আছে, এদিন নহ’লেও এদিন তেওঁক মানুহে ভাল পাব৷ কহুঁৱাৰ দৰেই ভাল পাব…নিজৰাৰ দৰেই প্ৰাণ ভৰি চাব আৰু পাহাৰৰ দৰেই তেওঁৰ বহল বুকুক এদিন সকলোৱে চিনি পাব…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments