মানুহে কবৰ খান্দি জীয়াই নাথাকে (- মাধুৰিমা ঘৰফলীয়া)

“ জীৱন ৰহস্যময় ।
কত কাহিনী বিশ্ববিদ্যালয়ত ।
ক’ত সেই বটবৃক্ষবোৰ ?
মৃত্যুশয্যাত পৰি থকা অমৃতা প্ৰীতম….

জীৱনৰ নতুন পৃষ্ঠাৰ মানুহ-যিসকলৰ সৰহভাগেই পৃথিৱী এৰি গৈছে । জীয়াই থকাৰ বাসনাই অদ্ভুত ভাবে আঘাত কৰি গৈছে !! আৰু অনেক জন, যিসকলৰ অনেকেই জীয়াই আছে সেইসকলৰ অনন্য কাহিনী…… (দস্তাবেজৰ নতুন পৃষ্ঠা, আগকথা)
-এনেদৰেই আৰম্ভ কৰিছিল তেওঁৰ “দস্তাবেজৰ নতুন পৃষ্ঠা” ! সেই একেই সংবেদনশীল লেখা যি লেখাই পঢ়ুৱৈ হাড়লৈকে কঁপাই তুলিব পাৰে । ঘুৰাই লৈ ফুৰিব পাৰে আমাৰ মনটো বৃন্দাবনৰ পৰা কাঞ্চনবুৰিলৈকে কেৱল শব্দৰ মায়াজালেৰে ! তচনচ কৰি পেলাব পাৰে ভাবৰ জটিলতা ……..তেখেতেই মামণী ৰয়ছম গোস্বামী । যাক আমি হেৰুৱাই ও হেৰুৱা নাই তেওঁৰ লেখাৰ বাবেই ।
নাজানোঁ কেতিয়া কোনে মোৰ হাতত তুলি দিছিল আধা লেখা দস্তাবেজ । এক অৰ্থত ক’বলৈ গলে মনৰ এক অস্থিৰ অৱস্থাত পঢ়িবলৈ পাইছিলোঁ সেইখন কিতাপ ।
“ যি সময়ত মানুহে নতুন পোহৰ ৰশ্মিৰ পিছে পিছে যাত্ৰা কৰাৰ ইচ্ছা প্ৰকাশ কৰে. সেই সময়ত মই যেন কবৰৰ লেখ জোখ লৈছিলো । যৌৱনৰ প্ৰথম অধ্যায়ত হতাশা আৰু দুঃখবোধৰ এনে যন্ত্ৰণাত কেতিয়াবা কোনোবা পৰিছিলনে ?”(আধালেখা দস্তাবেজ, পৃষ্ঠা নং-১৯)
কিয় এনে হয় নাজানোঁ ….ঠিক যেন মামণী বাইদেৱে লিখাৰ দৰেই হৈছিল সেইসময়ত । অথচ কোনেও মোক তেওঁৰ দৰে কোৱা নাছিল- “এইজনী ছোৱালী বিয়া দিয়াতকৈ দুটুকুৰা কৰি কাটি পানী ভহাই দিয়াই ভাল হ’ব ।“ (আধালেখা দস্তাবেজ, পৃষ্ঠা নং-২২) তথাপি কোনোবাখিনিত খালি খালি লাগিছিল । মোৰ আঁকোৰগোজা স্বভাৱত সততে চিন্তাত পৰি থকা মাক এদিন কৈছিলোঁ-মোৰ বিয়াৰ বাবে ইণ্টাৰভিউ নাপাতিব আক…কোনোবা লৰাই যদি মোক পছন্দ নকৰে মোৰ ইগত নালাগিব নে ? ঠিক তেনেকুৱা সময়তে আধালেখা দস্তাবেজে মোৰ মনত খলকনি তুলিছিল …. মামণী বাইদেউক সিং নামৰ অধ্যাপক জনে কোৱা কথাষাৰ যেন মোৰ বাবেই কৈছিল –“মানুহে মাথোঁ কবৰ খান্দি জীয়াই নেথাকে ।“ লগে লগে হীনমন্যতাৰ পৰা উঠি আহিছিলোঁ । আধালেখা দস্তাবেজত লিখাৰ দৰেই এটা কথা উপলব্ধি কৰিছিলোঁ –মানুহে নিজৰ বাবে নহয় আনৰ বাবেহে জীয়াই থাকিব লাগে । আচলতে মানুহ তেনেকৈয়ে সুখী হয় । তাৰ পাছৰে পৰা প্ৰতি দিনেই মই তেখেতৰ লেখাবোৰ মনৰ মাজত কঢ়িয়াই লৈ ফুৰিছোঁ ।
২০০৪ চন । ৰাতিপুৱা হোষ্টেললৈ যাবলৈ বুলি সাজু হৈছোঁ । ঘৰত খবৰ এটা উফৰি পৰিলহি –আমুকৰ মানুহজনীৰ গাত জুই লাগিল !! মাঁহতৰ লগত ময়ো দৌৰ দিলোঁ । বয়সত মোৰ সমবয়সীয়া মানুহজনী আন্ধাৰ কোঠা এটাত বহি আছিল । মুখেৰে যেন ওলাই আহিব খুজিছিল মামণীবাইদেউৰ সেই শব্দটো, বিস্ময়কৰ ! বিস্ময়কৰ !! ৰাতি ১২ টা মান বজাতেই গাত জুই লগা মানুহজনী তেতিয়াও এখন কলপাতত তলমুৰকৈ বহি আছিল । গাত মাথো কাপোৰ এখন ছটিয়াই থোৱা হৈছে । মানুহজনীৰ মাত ষাৰ যেন সেই জুই কুৰাৰ লগতেই জ্বলি গল !! বহুবাৰ বহুতে কিবা কিবি সুধাটো একো উত্তৰ নিদিলে । গাওঁৰ মানুহে গিৰিয়েকজনক ইমান দেৰিলৈকে হাস্পতাললৈ নিনিয়াৰ বাবে গালি শপনি পাৰি নিজৰ মাজতে টকা পইচা গোটাই হাস্পতাললৈ লৈ গল । মানুহজনী সাত মাহৰ গৰ্ভৱতী আছিল । তিনি দিন মৃত্যুৰ সতে নিৰবেই যুঁজিলে । মায়ে মোক পাচত কৈছিল-মানহজনীৰ মৃত্যুৰ পাছত মাকৰ ঘৰৰ পৰা খবৰ ল’বলৈ কোনো নাহিল ! ঘাট মাউৰা ছোৱালী আছিল । মোমায়েকৰ ঘৰত ডাঙৰ দীঘল হৈছিল । মানুহজনীৰ বাবে কান্দিবলৈ কোনো নাছিল…..অহৌবলিয়া গিৰিয়েকটোৱে যেন তাইক হেৰুৱাই কেৱল এটা শৰীৰ হে হেৰুৱাইছিল যিটো শৰীৰে তাৰ শাৰীৰিক চাহিদা পুৰাইছিল । সি যেন কেৱল সেইখিনি হে হেৰুৱাইছিল ।
“ বিস্ময়কৰ ! বিস্ময়কৰ !! ছয়টা শ্ৰমিকৰ মৃতদেহ সৌৱা তিনিশ গজ দূৰত জ্বলিব লাগিছে অথচ কোনো হাই-উৰুমি নাই । ইঞ্জিনিয়াৰৰ ইনচাৰ্জৰ গাফিলতিৰ বাবে কোনেও তেওঁক বুকুত খামুচি ধৰি বাহিৰলৈ টানি অনা নাই । …চব মানি লৈছে নিৰ্বিবাদে ! এৰা , ১৯৬৬ চনৰ চন্দ্ৰভাগাৰ শ্ৰমিকে চব মানি লৈছে ।“ (আধালেখা দস্তাবেজ, পৃষ্ঠা নং-৪৩)
ইনচাৰ্জৰ গাফিলতিৰ বাবে কাশ্মীৰৰ চন্দ্ৰভাগাৰ দলঙৰ কাম কৰি থাকোঁতে মৃত্যু হোৱা শ্ৰমিক ছয়জনৰ কথা মামণী বাইদেৱে তেনেকৈ লিখিছিল । গাওঁৰ সেই মানুহজনীকো মোৰ সেইদিনা মামণী বাইদেৱে উল্লেখ কৰা শ্ৰমিক কেইজনৰ মাজৰে এজন যেন লাগিছিল । মাথো এই সময় সেই সময়ত কৈ বহু আগুৱাই আহিল ! আৰু এই গৰাকী শ্ৰমিকে জীয়াই থাকিবৰ বাবে পত্নীৰ পৰিচয় লৈ যেন প্ৰতিদিনে জীয়াই আছিল এটা বেশ্যাৰ জীৱন !!
চনটো ২০০৭ আছিল হয়তো , বিবিচি নিউজ চাই আছো । হঠাতে এটা বাতৰি দেখিলো এজন পিতৃক গ্ৰেপ্তাৰ কৰিছে ! অপৰাধ ……পত্নীৰ আগত কন্যাৰ মৃত্যু হল বুলি কৈ নিজৰ সেই সুন্দৰী কন্যাক বন্দী কৰি ৰাখিলে এটা ঘৰত ! আৰু কন্যাৰ সৈতে জবৰদস্তি চলাই গল শাৰীৰিক সম্পৰ্ক । সেই সম্পৰ্কৰ ফলত দেউতাকৰ ঔৰসত কন্যাই কেইবাটাও সন্তানৰ মাক হল ! ঘটনাটো ধৰা পৰিল এনেকৈ- কন্যাৰ নুমলীয়া সন্তানটো অসুখ হোৱাৰ বাবে হাস্পতাললৈ নিব লগা হল । ডাক্তৰে মাকক বিচাৰিলে ! সন্তানৰ বাবেই কিছুসময়ৰ বাবে হলেও বন্দীত্বৰ পৰা মুক্ত হৈয়ে কন্যাই নাৰ্চৰ আগতে সকলো কথা খুলি কলে !! লগে লগে পুলিচে দেউতাকজনক ধৰি লৈ গল । বাতৰিটো চায়ে মোৰ মূৰ ঘুৰাই গৈছিল ! এনে দেউতাকো থাকিব পাৰেনে…..তাৰ অলপ দিনৰ পাছতেই মোৰ হাতত পৰিছিল-অপ্সৰা গৃহ । কিতাপখনৰ ৩৩ নং পৃষ্ঠাটো মোৰ চকু থৰ হৈ গৈছিল…
মামণীবাইদেউ দিল্লী বিশ্ববিদ্যালয়ৰ মীৰাণ্ডা হাউছৰ প্ৰভোষ্ট হৈ থাকোঁতে এদিন ছাত্ৰী নিবাসৰ চকীদাৰে ছোৱালী এজনী লগত লৈ আহি তেওঁক কলেহি- “ মেডাম এয়া আমাৰ গৃহৰে দেৱবালা । ছোৱালীটিৰ পিতৃয়ে তাইক বলাৎকাৰ কৰে ।“ (অপ্সৰা গৃহ, পৃষ্ঠা নং -৩৩)
দেউতাকৰ ভয়ত পৰীক্ষাৰ পাছতো ছাত্ৰী নিবাসত থাকিবলৈ অনুমতি বিচাৰি অহা ছোৱালীজনীক মামণী বাইদেৱে সুধিছিল-“বাধা দিয়া নাছিলা, ধৰ্মক দোহাই দিয়া নাছিলা ?
-দিছিল দিছিল । মায়ে দিছিল ময়ো দিছিলো । ধৰ্মক দোহাই দিছিলো । মায়ে কান্দি কাটি বাউলী হৈছিল । ………….পিতাই সেই একে কথাই কয়,
-কি কথা ?
-মোৰ বীজেৰে এই গছ তৈয়াৰ হৈছে । ইয়াৰ ফল মই হে ভোগ কৰিম । আনে কি কৰিব ? “(অপ্সৰা গৃহ, পৃষ্ঠা নং -৩৩)
মামণী বাইদেৱে লিখিছিল-“এই সময়ছোৱাত অন্তঃসত্ত্বা হৈছিলা নেকি ?
(….নাই নাই এই কথা মই কোনোপধ্যে খুলি কৱ নোৱাৰিলো ।)”(অপ্সৰা গৃহ, পৃষ্ঠা নং -৩৩)
আচৰিত লাগিছিল কথাবোৰ পঢ়ি । এটা সময়ৰ বিৰতি পাছত মই নিজৰ সমাজতে তেনে এহাল পিতৃ আৰু কন্যাক দেখা পালো ! এইবাৰ পিছে পিতৃৰ অত্যাচাৰৰ বলি নহয় , পুত্ৰ সন্তান নথকা দেউতাকৰ প্ৰচুৰ ধন সম্পতিবোৰ বাকী বায়েক ভনীয়েকহঁতে সমানে ভাগ লৱ নোৱাৰে তাৰ বাবে লোভী জীয়েকে মাকক নথকা দেউতাকক সহজেই বশ কৰিবলৈ গতাই দিলে নিজৰ দেহ !! মৃত্যুৰ আগমুহুতত সমাজৰ আগত সেই কথা নিজেই স্বীকাৰ কৰি গল সেই পিতৃয়ে ! আচৰিত সেই সমাজো …যি সমাজে ৰৌটোকে ঢৌ কৰিব পাৰে সেই সমাজে পিছে সেই কথাষাৰ যেন সেইজন মানুহৰ চিতা জুই কুৰাৰ লগতে পুৰি পেলালে । আচলতে তেনে কথা বিলাই ফুৰিবলৈ সমাজৰ ইমান অধঃপতন হোৱাই নাই । তেনে কথা মুখলৈ অনাটোও সেই সমাজে পাপ বুলি ভাবে ।

“তেজেৰে প্লাৱিত বিছনাত মাধু শুই আছে …মূৰত তেজ…বুকুত তেজ…তেওঁৰ হাতখন মুঠি মাৰি ধৰিবলৈ মই আগুৱাই গলো ।….হাতখন স্পৰ্শ কৰাৰ লগে লগেই মই চিঞৰি উঠিলো । বৰফৰ দৰে চেঁচা হাত ।…..মাধুৰ মৃত্যু হৈছে !….মাধুৰ মৃত্যু হৈছে!!
কত যুগ যেন মূৰৰ ওপৰেদি বাগৰি গ’ল , জীৱনৰ স্থিতিয়েই যেন ছাৰখাৰ হৈ গ’ল ।“(আধালেখা দস্তাবেজ, পৃষ্ঠা নং-৫৯,৬০)
আপোনজন হেৰুৱাই মানুহ কিমান ভাগি পৰিব পাৰে ? স্বামী মাধুৰ মৃত্যুৰ পাছত আত্মহত্যাৰ অভিপ্ৰায়ে নিজৰ ভেনিটি বেগত নিদ্ৰাৰ বড়ি কঢ়িয়াই লৈ ফুৰা মামণী বাইদেউৰ লেখাত সেয়া স্পষ্টকৈ ধৰা পৰিছিল ।
৩০ অক্টোবৰ ২০০৮ চন । গুৱাহাটীৰ চান্দমাৰীত নিজৰ কম্পিউটাৰ ক্লাছ কেইটা কৰি চুপাৰ মাৰ্কেটত থকা নিজৰ ভাৰা ঘৰলৈ চিটি বাছত আহি আছো । সময় দিনৰ ১১.৩০ হৈছিল চাগৈ । আমাৰ বাচখনে গণেশগুৰি উৰণীয়া হেতুখনৰ তলেদি পাৰ হৈ অহা ২ মিনিট মান হৈছে চাগৈ তেনেতে এটা ডাঙৰ শব্দ ! সেই শব্দৰ সৈতে মোৰ একেবাৰে চিনাকি নাই । আমি অহা বাচখন তীব্ৰ গতিত গুছি আহিল । চুপাৰ মাৰ্কেটৰ ঘৰত সোমায়েই মই তিনিমহলাৰ ঘৰটোৰ চাদত উঠিলোঁ গৈ । আমাৰ ঘৰৰ সমুখৰ পথটোলৈ চালো যান বাহনবোৰে এনেকৈ যাব খুজিছে যেন পাছফালৰ পৰা কিবা এটাই খেদিহে আহিছে । দূৰৈত জিলিকি থকা হেঙেৰাবাৰী পথটোলৈ চালো-ছোৱালী নে বোৱাৰী নাজানো কোনোবা এজনী দৌৰি গৈ আছে….বুকুৰ চূণীখনে পথটো সাৰি নিছে…সেইবোৰলৈ তাইৰ ভ্ৰূক্ষেপ নাই….তাই মাথো দৌৰিছে…..কলৈ..সেয়া হয়তো তাই হে জানে ! মই লাহেকৈ মালৈ ফোন কৰিলো-মা ইয়াত বম ফুটিছে চাগৈ( মই তেতিয়াও ভালদৰে গম পোৱা নাছিলো , আচলতে হৈছে কি) মা তেতিয়া ধাননি পথাৰত । মোৰ কথা শুনি অলপ সময় কথা পাতি মায়ে ফোনটো ৰাখিলে । সেই বাতৰিটো শুনি ধান দাই থকা মাৰ হাতখন ৰৈ নগ’ল….মাৰ মাইনাজনী যে কুশলে আছিল !
পাৰ হৈ অহা সময়ৰ প্ৰায়বোৰ ঘটনাতেই মামণী বাইদেউৰ লেখাবোৰ সাঙুৰি চাইছোঁ, আৰু প্ৰতিবাৰেই মই এক অনন্য অনুভৱৰ গৰাকী হওঁ । মামণী বাইদেউৰ ভাষাৰে ক’বলৈ গলে – “প্ৰশান্ত মহাসাগৰৰ অস্ত যাব খোজা সূৰ্যৰ পোহৰ উবুৰি হৈ পৰিছিল । সেই পোহৰ ফাদাৰ বুল্কেৰ চকুৰ পৰা অহা পোহৰৰ সৈতে একে আছিল । মই সেই পোহৰৰ সৈতে মুখামুখি হৈছিলো ।“(অপ্সৰা গৃহ, পৃষ্ঠা নং -২১৬)
এৰা , বাইদেউৰ লেখাত প্ৰতিবাৰেই মইও তেনে এক পোহৰৰ সৈতে মুখামুখি হওঁ । সেই বাবেই চাগৈ তেওঁ শ্ৰেষ্ঠ ।

(কৃতজ্ঞতাৰে দাদা পৰাগ চৌধুৰী হাতত, যি জনে মই বিচৰা লগে লগেই অসমৰ পৰা মামণীবাইদেউৰ কিতাপ দুখন পঠিয়াই দিছিল । )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক