মানুহৰ অস্তিত্ব – জ্যোৎস্না বৰুৱা

জীৱন সম্পৰ্কে এক যুক্তিগ্ৰাহ্য সামগ্ৰিক ধাৰণা কোনেও দিব নোৱাৰে৷ জীৱনক লৈ মানুহৰ অনন্ত বিস্ময় আৰু কৌতূহল৷ অনিশ্চিত অৰ্থহীনতা আৰু যন্ত্ৰণাময় অস্তৰতাৰ অনেক দ্বিধা-দ্বন্দ্বৰ বোকোচাত উঠিয়েই জীৱনৰ অস্তিত্বৰ অৰ্থ বিচাৰি মৰীচিকাৰ পিছে পিছে মানুহে প্ৰাণান্তক শ্ৰম কৰিছে৷ জীৱনৰ বোজা দুঃসহ আৰু দুৰ্বোধ্য বুলি জানিও অন্তহীন জিজ্ঞাসাৰে অলৌকিক ব্যঞ্জনাৰে মানুহে নিজকে মহিমামণ্ডিত ৰূপত প্ৰতিষ্ঠা কৰিবলৈ অপৰিসীম চেষ্টা অহৰহ কৰি আহিছে৷ এয়াই অনন্তকালৰ বাবে মানুহৰ বাস্তৱ৷ চেতনাৰ উচ্চ পৰ্য্যায়লৈ উধাবলৈ চেষ্টা কৰা মানুহৰ বাবে দুখ-যাতনাও আনন্দ আৰু আশীৰ্বাদত  পৰিণত হ’বলৈ বাধ্য৷ জীয়াই থকাৰ তীব্ৰ স্পৃহাত মানুহে দুখ আৰু সমস্যা সহিবই৷ ‘মাডাম বোভাৰী’ খ্যাত ফৰাচী লেখক গুস্তভ ফ্ল’বেয়াৰে এগৰাকী বান্ধৱীলৈ লিখিছিল- ‘Life is such a hideous business that the only method of bearing it is to avoid it……’ দুখ-যাতনা আৰু নিৰাশাৰ অন্ধকাৰ বন্দীশালত বহিয়ে আত্মাৰ কাল্পনিক কণমাণি ৰেঙণিতে মানুহে মানুহে আঁকিব বিচাৰে সূৰ্য্যোদয়ৰ ছবি৷ জীৱশ্ৰেষ্ঠ মানুহক অধিক শক্তিমন্ত আৰু আত্মাবিশ্বাসী ৰূপত প্ৰতিষ্ঠা হোৱা চাবলৈকে দেৱদূতসদৃশ সুন্দৰ পুৰুষ খলিল জিব্ৰানে ‘ Song of the Wave’ ত কৈছে- I may be weary, but I shall never die.’ ‘Song of the Flower’- ত প্ৰচণ্ড দৃঢ়তাৰে তেওঁ ঘোষণা কৰিছে- ‘But I look up high to see only the light and never look down to see my shadow, this is wisdom, this is wisdom which man much learn.’

মানুহে জীৱনটোক ভাল পায়৷ মানুহ জীৱনৰ দাস৷ জীয়াই থকাটো মানুহৰ সৰ্বপ্ৰথম কৰ্ত্তব্য৷ পৃথিৱীখনত একমাত্ৰ একমাত্ৰ মানুহৰহে আছে আত্মাৰ স্বাধীনতা, যাৰ জৰিয়তে মানুহে জীৱনৰ অস্তিত্বক অৰ্থপুৰ্ণ কৰি তুলিব পাৰে৷ জীয়াই থকাৰ সোঁতত নিজক উটুৱাই দি থাকোঁতে মানুহৰ জীৱনলৈ এক আধ্যাত্মিক শূন্যতা আহে৷ একান্ত নীৰৱতাত সমস্ত স্বাধীনতাৰে নিবিড়ভাৱে মানুহে প্ৰশ্ন কৰে- ‘মোৰ জীৱনৰ অৰ্থ কি? অস্তিত্ব কি? মানুহৰ মনৰ অতল গভীৰত উদ্ভৱ হোৱা অৰ্থহীনতাতে জীৱনৰ অস্তিত্ব আৰু সম্ভাৱনাৰ প্ৰশস্ত পথৰ নিৰ্দ্দেশ থাকে৷ তেওঁ যে কেৱল তেওঁ, আন কোনো নহয় বা হ’ব নোৱোৰে, এই কথা আনৰ চকুৰ মণিত প্ৰতিবিম্বিত হোৱা দেখিবলৈ পোৱা যায়৷ আলবেয়াৰ কেম্যুৱে ‘The Myth of Sisphus’ ত ছিছিফাছে শিলটো ঠেলি পাহাৰৰ ওপৰলৈ তোলাতে জীৱনৰ স্বীকৃতি উপলব্ধি কৰিছে৷ প্ৰতিবাৰে শিলটো যিহেতু বাগৰি তল পায়হি আৰু দেখাত সেয়ে জীৱনটো হতাশজনক যেন লাগিলেও প্ৰতিবাৰে বাগৰি পৰা শিলটোক ওপৰলৈ উঠাবলৈ চেষ্টা কৰি থকাটোতে ছিছিফাছৰ কৰ্ত্তব্য আৰু দায়িত্বৰ যি টেতনা প্ৰকাশ পাইছে সিয়ে মানুহৰ মহত্তৰ সাধনাক প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ ছিছিফাছৰ আত্মাৰ উদ্দীপনাদীপ্ত কণ্ঠই যেন ক’ব খোজে – ‘ময়ো মোৰ মতে জীয়াই আছোঁ, সজ্ঞানে আৰু সুখী হৈ৷ মই কৰিব লগা কামতে মোৰ জীৱনৰ অৰ্থ মই বিচাৰি পাইছোঁ৷

প্ৰত্যেক মানুহৰ এক স্বাধীন সত্তা আছে৷ জীৱন আৰু মৃত্যুৰ চেতনাও মানুহ মাত্ৰৰে বেলেগ বেলেগ৷ গতিকে সৎ-অসতৰ ধাৰণাও নিজস্ব চিন্তা-ভাবনাৰ লগত জড়িত৷ ব্যক্তি মাত্ৰৰে মহৎ হোৱাৰ অধিকাৰ আছে আৰু ইয়াৰ বিপৰীতে পশু হোৱাৰো অধিকাৰ আছে৷ নিজৰ মতে ভাল কাম কৰিব পৰা স্বাধীনতাৰে মানুহে মনুষ্যত্বৰ ওপৰ খাপলৈ উধাব পাৰে আৰু ইয়াৰ বিপৰীতে বেয়া কাম কৰি পশুতকৈও অধম শাৰীলৈ নিজকে অৱনমিত কৰিব পাৰে৷ লোভ, ভোগ, সন্দেহ আৰু সংশেয়েৰে চিৰঅতৃপ্ত মানুহৰ আত্মসন্তুষ্টিৰ সৈতে আপোচ কৰা সম্ভৱ নহয়৷ সুখেৰে ভৰা শান্তিময় এখন পৃথিৱীত সটুষ্ট হ’ব লগা হোৱা হ’লে, মানুহৰ জীৱনটো নীৰস, নিস্প্ৰাণ আৰু বিবৰ্ণ হ’লহেঁতেন৷ বৈচিত্ৰ্যহীন, সুখী আৰু শান্তিপূৰ্ণ জীৱনবোৰত উৎসাহ-উদ্দীপনা, কৌতূহল আৰু বিস্ময় বুলি একোৱেই নাথাকিলহেঁতেন৷ বিচিত্ৰ ৰহস্যময় মানুহবোৰ সৃষ্টি কৰাৰ বাবেই ভগৱানৰ আচৰিত শক্তিত মই বিশ্বাস কৰোঁ৷ কোনো মানুহৰ হাতত ভগৱানে যে পূৰ্ব নিদ্ধাৰিত জীৱনৰ চাবিকাঠী এটা দি নপঠালে তাৰ বাবে ভগৱানৰ ওচৰত মই বৰ কৃতজ্ঞহৈ পৰোঁ৷ কিন্তু মানুহৰ প্ৰতি মানুহ কৰা ভয়ংকৰ নিষ্ঠুৰতাবোৰত ভীত, সন্ত্ৰস্ত হৈ দুখ আৰু অনিশ্চয়তাত জীৱন পাৰ কৰিব লগা হওঁতে জাৰ্মান দাৰ্শনিক নীৎসেৰ দৰে ময়ো কওঁ-

‘ভগৱানৰ মৃত্যু হ’ল৷ ’ প্ৰচণ্ড নেতিবাদৰ কবলত পৰিও অতীৱ ৰহস্যময়, তাৰে শুভংকৰ এক নিৰ্য্যাস বিচাৰি পুনৰ ভল্টেয়াৰৰ দৰে আত্মাক কওঁ- ‘ভগৱানৰ ভগৱান যদি নায়ো, তথাপি মানুহে ভগৱানক আৱিষ্কাৰ কৰি ল’ব লাগিব৷ ’ সঁচাকৈ মানুহৰ এটা নিৰ্দ্দিষ্ট চৰিত্ৰ থাকিবই লাগিব বুলি কোনেও দাবী কৰিব নোৱাৰে৷ এক সত্য সত্তা আৰু এক আদিম সত্তাৰ মাজৰ দৃষ্টিভংগীৰ অৰিয়াঅৰিত মানুহৰ জীৱন দুল থাকে৷ উইলিয়াম জেইমছ্ নামৰ মনস্তত্তবিদজানে ‘Principle of Psychology’ ত কৈছে যে মনৰ চৰিত্ৰ বেলেগ হোৱাৰ বাবেই বিভিন্ন চৰিত্ৰ এক সংমিশ্ৰিত প্ৰৱাহত মানুহে কাম কৰে৷ নিজস্ব পছন্দ অনুসৰি মানুহে ভাল আৰু বেয়া কামবোৰ কৰি থাকিবই৷ ভাল কাম কৰাৰ বাবে এজন ব্যক্তিয়ে অন্তৰাত্মাত যেনে অপৰাজেয় শক্তি অনুভৱ কৰে ঠিক একেদৰে বেয়া কামৰ দ্বাৰা অশুভ অস্তিত্বক প্ৰতিপন্ন কৰাৰ বাবেও আন এজন ব্যক্তিয়ে একে শক্তিৰ অধিকাৰী কৰি নিজক গঢ়ি তোলে৷ অৰ্থ্যৎ এজন মানুহে জীয়াই থকাৰ স্পৃহাত যি কাম কৰে, সেয়াই মানুহৰ অস্তিত্বত পৰিণত হয়৷ শুভ চেতনাৰ ৰুচিৱান মানুহে অমৰ হোৱাৰ বাসনা নকৰে৷ তেওঁলোকে যি কৰে সি কেৱল বাস্তৱ আৰু সম্ভাৱনাৰ চেতনাতে আৱদ্ধ হৈ থাকে৷ একান্তভাৱে জীৱনৰ প্ৰতি দায়ৱদ্ধ হৈ বিনম্ৰতাৰে কৰা সাধু কামতে মানুহৰ মহত্তৰ চানেকি ৰৈ যায়৷

চৰণে কাকেগাৰ্ড নামৰ ডেনিছ চিন্তাবিদজনে প্ৰথমে ‘অস্তিত্ব’ শব্দটো ব্যৱহাৰ কৰিছিল৷ তেওঁৰ মতে কোনো মানুহৰে নিজৰ প্ৰকৃত পৰিস্থিতি আৰু কৰ্ত্তব্য সৰ্ম্পকে আগতীয়া জ্ঞান লাভ কৰা সম্ভৱ নহয়৷ নিজে নিৰ্বাচন কৰা পথেৰে আগবাঢ়ি মানুহে স্বৰ্গ বা নৰকত বাস কৰে৷ ফিয়’ডৰ ডষ্টয়েভস্কিয়ে ‘Notes from the Underground’ত মানুহৰ অন্তৰাত্মাৰ চেতনাৰ এক অভিনৱ দিশ উন্মোচন কৰিছে ’One’s own free unfettered choice, one’s own caprice however wild it may be, one’s own fancy worked up at times to frenzy- is that very most advantageous advantage which we have overlooked, which comes under no classification and against which all systems and theories are continually being shattered to atoms. And how do these wiseacres know that man wants a normal, a virtuous choice? What man wants is simply independent choice, whatever that independence may cost, wherever it may lead.’

নিৰ্বাচন-স্বাতন্ত্ৰ্য থকাৰ দৰে মানুহৰেই থাকে সম্ভাৱনাৰো প্ৰকৃত জ্ঞান৷ সেয়ে চৰম সংকটৰ মূহূৰ্ত্ততো মানুহে সত্য আৰু ন্যায় নিৰ্বাচনৰ ক্ষমতাৰে নিজৰ পৰিচয় দিয়াই নহয়, মনুষ্যত্বৰ ওপৰ সোপানেদি নিজৰ অজ্ঞাতে ঊধাব পাৰে৷ স্বাভাৱিক জীৱন-যাপনৰ সাধুতা আৰু আধ্যাত্মিক এষণাৰ গভীৰতাৰ উপলব্ধিৰ সক্ৰিয়তাতে মানুহৰ জীৱনৰ গুণগত উৎকৰ্ষ সাধন হয়৷ সাধাৰণ মানুহ এনেদৰেই অসাধাৰণ মানুহত পৰিণত হয়৷ অসাধাৰণত্বত আত্মাৰ মহত্তৰ সাধনা প্ৰতিধ্বনিত হয়৷ বাহ্যিকভাৱে গৌৰৱমণ্ডিত আৰু চমৎকাৰ যেন লগা কাৰ্য্যৰ আঁৰত থাকে গভীৰ মানবীয় অনূভূতিৰ লগতে উচিত সময়ত গ্ৰহণ কৰিব পৰা শুদ্ধ সিদ্ধান্ত৷ ইচ্ছা কৰিলেই মানুহে যুক্তিসিদ্ধ জীৱন যাপন কৰিব পাৰে৷ নিজস্ব শক্তিৰ সুপ্ৰয়োগেৰে অসীম সম্ভাৱনাৰ গৰাকী হ’ব পাৰে৷ এয়াই মানুহ হোৱাৰ গৌৰৱ মানুহৰ জীৱনৰ অৰ্থ৷ মানুহৰ অস্তিত্ব৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments