মানুহৰ জিন’মতেই খোদিত আছে নেকি ধৰ্ষণৰ জিন? (পংকজ বৰা)

‎(অধ্যয়নৰ ফলাফল অনুসৰি বয়ঃসন্ধিৰ সময়ত সাময়িকভাৱে অপৰাধত লিপ্ত হোৱা অপৰাধীসকলৰ ক্ষেত্ৰত আচৰণৰ ওপৰত পৰিবেশৰ প্ৰভাৱ পৰিলক্ষিত হৈছে যদিও গোটেই জীৱনজুৰি বিভিন্ন অপৰাধত লিপ্তসকলৰ ক্ষেত্ৰত (৭০%) পৰিবেশৰ প্ৰভাৱ সামান্য৷ গতিকে তেওঁলোকে অপৰাধী মানসিকতাৰ বাবে পৰিবেশতকৈ জেনেটিক কাৰকৰ প্ৰভাৱ বেছি বুলি উল্লেখ কৰিছে৷)

 

মানুহৰ জিন’মতেই খোদিত আছে নেকি ধৰ্ষণৰ জিন?

 

পংকজ বৰা

 

লেখকৰ প্ৰাৰম্ভিক টোকা:

আমাৰ সমাজত কোনোবাই কিবা বেয়া কাম কৰিলে, কাৰোবাৰ বেয়া ৰোগ আদি হ’লে সাধাৰণতে কেতিয়াবা তেজৰ দোষ, পৰিয়ালৰ দোষ বুলি নিন্দা ককৰ্থনা কৰা দেখা যায়৷ চৌধ্য পুৰুষ উজাৰি গালিও দিয়ে৷ বহুক্ষেত্ৰত এনে ধৰণে কাৰোবাৰ ভুলৰ বাবে উপৰিপুৰুষক, বংশ পৰিয়ালক দোষাৰোপ কৰাটো সঠিক কথা নহয়৷ কিন্তু কিছুমান ৰোগ, দৈহিক অৱস্থা বা গঠন, আচৰণ আদি কিছুমান জেনেটিক কাৰকে নিয়ন্ত্ৰণ কৰে বুলি আধুনিক বংশগতিবিদ্যা আৰু আণৱিক জীৱবিদ্যাই প্ৰমাণ কৰিছে৷ এই কাৰকবিধ হ’ল জিন ৷ অপৰাধ বিজ্ঞানৰ লগত জিনৰ সমন্ধক লৈ হোৱা বৈজ্ঞানিক গৱেষণা যথেষ্ট বিতৰ্কিত বিষয়৷ বিভিন্ন বিষয়ৰ আন্তসমন্বয়ৰে সংগঠিত এই ধৰণৰ গৱেষণাৰ ক্ষেত্ৰখনক কোৱা হয় Behavioural Genetics [১]৷ ফৰেনছিক বিজ্ঞানত এই ধৰণৰ কিছু প্ৰযুক্তি ইতিমধ্যে ব্যৱহৃত হৈছে৷ তথাপিও বহুতেই ইয়াৰ লগত জড়িত নৈতিক প্ৰশ্নসমূহে জাতি-বৰ্ণবাদী সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে৷ এই চমু লিখাটোৰ উদ্দেশ্য অপৰাধী মানসিকতাৰ লগত জিনৰ সম্পৰ্কৰ ওপৰত উপলব্ধ জ্ঞানৰ সংক্ষেপিত উপস্থাপন৷ লেখনিটোৰ প্ৰায়বোৰ তথ্যই ইতিপূৰ্বে প্ৰকাশিত কিতাপ, গৱেষণাপত্ৰ বা ইন্টাৰনেটত উপলব্ধ উৎসৰ পৰা সংগৃহীত আৰু গুৰুত্বপূৰ্ণ উৎসসমূহ ব্ৰেকেটৰ ভিতৰত আৰু মূল লেখাৰ শেষত উল্লেখ কৰা হৈছে৷ এই প্ৰবন্ধত লেখকৰ নিজৰ মতামত অতি নগণ্য৷

 

জিন কি?
এটা শব্দত ক’বলৈ গ’লে জিন বংশগতিৰ একক৷ জীৱকোষৰ ক্ৰোমজ’মৰ (চিত্ৰ ১-গ) নামৰ সূত্ৰিকাৰ এক নিদিৰ্ষ্ট ঠাইত অৱস্থিত ডি এন এ (চিত্ৰ ১-ঘ)ৰ এক নিদিৰ্ষ্ট দৈৰ্ঘৰ সজ্জা, যি এক বিশেষ চৰিত্ৰ বহন কৰে৷ গ্ৰেগৰ জোহান মেণ্ডেলে প্ৰথম জিনৰ অস্তিত্বৰ কথা উল্লেখ কৰিছিল [২]৷ যিকোনো জীৱিত প্ৰাণীৰ জীৱন ধাৰণৰ ক্ৰিয়া-প্ৰক্ৰিয়াসমূহ এই জিনসমূহতে লিপিবদ্ধ হৈ থাকে৷ যেনেকৈ এখন চিডিত গান, চিনেমা আদি লিখা থাকে আৰু পৰৱৰ্তী সময়ত তাক বিশেষভাৱে নিৰ্মিত চিডি প্লেয়াৰে সেই সংকেতসমূহৰ পাঠোদ্ধাৰ কৰি গান এটা বজাই শুনায় বা চিনেমা এখন আমাক দেখায়; অতি সাধাৰণ ভাষাত জীৱৰ জীৱন প্ৰক্ৰিয়াৰ সমস্ত নিৰ্দেশনা সাংকেতিক ভাষাত এই জিনসমূহতে লিখা থাকে আৰু কোষৰ ভিতৰত থকা অতিশয় জটিল, সুক্ষ্ণ, দক্ষ, নিপুণ ক্ষুদ্ৰাতিক্ষুদ্ৰ আণৱিক যন্ত্ৰ কিছুমানে জিনত নিহিত আণৱিক সংকেতসমূহৰ পাঠোদ্ধাৰ কৰি জীৱন প্ৰক্ৰিয়াসমূহ কাৰ্যকৰী কৰে৷ মানৱ দেহৰ এটা কোষৰ ভিতৰত প্ৰতি নেন’ বা পিক’ ছেকেণ্ডত সংঘটিত এনে উচ্চ পৰ্যায়ৰ আণৱিক নিয়ন্ত্ৰিত কাৰ্যপ্ৰণালীৰ সংগণনা কৰিবলৈ বৰ্তমানে উপলব্ধ সবাতোকৈ শক্তিশালী ছুপাৰ কম্পিউটাৰটোৰো বহু বছৰ লাগি যাব [৩]৷ এয়াই প্ৰকৃতিৰ নিখুঁট অভিযন্ত্ৰণৰ এটি মাথোঁ উদাহৰণ৷

জিননো কিহেৰে গঠিত:-
এই জিন বা ডি এন এসমূহ এডাল দ্বি-সূত্ৰিকাকাৰ ৰছীৰ দৰে৷ ইয়াত মাত্ৰ চাৰিটা জৈৱ ৰাসায়নিক যৌগ বা ক্ষাৰক থাকে – এডিনিন (A), থাইমিন (T) , গুৱানিন (G) আৰু চাইট’ছিন(C) ৷ যেনেদৰে আধুনিক ইলেক্ট্ৰ’নিকছৰ ডিজিটেল পৃথিৱীত সকলোবোৰ তথ্য ০ আৰু ১ ৰ মাধ্যমত সংৰক্ষিত থাকে, জীৱদেহৰ সংকেতসমূহ A, T, G, C নামৰ চাৰিটা আখৰৰ বিভিন্ন সংৰচনাত্মক সংগঠনেৰে সংৰক্ষিত থাকে৷ আগেয়ে উল্লেখ কৰা হৈছে যে ডি এন এ বা জিন দ্বিসূত্ৰাকাৰ (চিত্ৰ ১-ঙ), সেয়ে দুডল ডি এন এ সূতাৰ বিপৰীত দিশত ৰাসায়নিক বান্ধনিৰ সহায়ত সাবটা-সাবটিকৈ থাকে (চিত্ৰ ১-খ)৷ এডিনিন (A) নামৰ ক্ষাৰকটোৱে থাইমিন (T) ক্ষাৰকৰ লগত দ্বৈতিয়ক হাইড্ৰ’জেন বান্ধনি আৰু গুৱানিন (G) ক্ষাৰকে চাইট’ছিন(C) ক্ষাৰকটোৰ লগত ত্ৰৈতিয়ক হাইড্ৰ’জেন বান্ধনিৰ সহায়ত বান্ধ খায় থাকে৷ এডাল সূত্ৰিকাৰ আখৰসমূহ আনডাল সূত্ৰিকাক বিপৰীত দিশৰ পৰা পঢ়ি গ’লে পোৱা আখৰ বিন্যাসৰ সৈতে একেই হয়৷ সেয়ে এডাল সূতাক আনডালৰ পৰিপূৰক বুলি কোৱা হয়৷ মানৱ দেহৰ এটা কোষৰ ভিতৰত থকা সকলোখিনি ডি এন এক একলগে জিন’ম বুলি কোৱা হয়৷ হিউমেন জিন’ম প্ৰকল্পই পাঠোদ্ধাৰ কৰা তথ্য অনুসৰি মানুহৰ ২৩ ডাল ক্ৰমোজমত (চিত্ৰ ১-ক) বা জিন’মত সৰ্বমুঠ তিনি বিলিয়ন (A=T) আৰু (G=-C)) ক্ষাৰকৰ যোৰা থাকে৷ মানুহৰ এটা সূক্ষ্মাতিসূক্ষ্ম কোষৰ ভিতৰত থকা এই আখৰবোৰ এটাৰ পিঠিত আনটো সজ্জিত কৰিলে যিমান দীঘল হ’ব তাৰে পৃথিৱীৰ পৰা সূৰ্যলৈ ৩০০ বাৰ অহা-যোৱা কৰিব পৰা হ’ব৷ বৰ্তমানলৈকে জনা মানুহৰ আটাইতকৈ সৰু জিনটোৰ দৈৰ্ঘ্য ২৫২ যোৰা ক্ষাৰক আৰু আটাইতকৈ দীঘল জিনটোৰ দৈৰ্ঘ্য ২,২০০,০০০ (২.২ mb) যোৰা ক্ষাৰক [৪] ৷ মানুহৰ জিন’মত প্ৰায় ২০,০০০ মান জিন থকা বুলি বিজ্ঞানীসকলে অনুমান কৰিছে আৰু তাৰে বহুতৰে কাম ইতিমধ্যে আৱিষ্কৃত হৈছে৷ আচৰিত হ’লেও সত্য যে মানৱ জিন’মৰ ৭০% দৈৰ্ঘ্য আখৰেই কোনো জিনৰ সংকেত বহন নকৰে আৰু তাক ‘জাংক ডি এন এ’ বুলি অভিহিত কৰা হৈছিল৷ অতি নিপুণভাৱে অভিযন্ত্ৰিত প্ৰকৃতিয়ে কিহৰ বাবে অযথা ইমান বৃহৎ অংশ অপচয় কৰিব, তাকে লৈ কৰা শেহতীয়া গৱেষণাত বুজা গৈছে যে ‘জাংক’ বা অপ্ৰয়োজনীয় বুলি ভবা এই অংশইয়ো প্ৰকৃত জিনসমূহৰ কাৰ্য পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে [৫]৷ বহুক্ষেত্ৰত এটা জিনে এটাতকৈ অধিক কাম সম্পাদন কৰা বা একাধিক চৰিত্ৰ বহন কৰা দেখা যায়৷ তাতোকৈ আচৰিত কথা শৰীৰৰ সকলো অংশৰ কোষতে সকলো সময়তে এই ২০,০০০ জিনৰ মাত্ৰ কিছু সংখ্যকহে কাৰ্যক্ষম হয় আৰু সিহঁতক ‘হাউছ কিপিং জিন’ বুলি কোৱা হয়৷ তাৰ বাদে শৰীৰৰ বিভিন্ন অংগৰ কোষবোৰ স্থান, সময় আৰু পৰিস্থিতিভেদে বেলেগ বেলেগ জিনসমূহ কাৰ্যক্ষম হয়৷ চকুত কাৰ্যক্ষম হোৱা জিন এটা হৃদযন্ত্ৰ বা পাকস্থলীত কাৰ্যক্ষম নহ’বও পাৰে৷ এইবোৰ নিয়ন্ত্ৰণ কৰে আকৌ কিছুমান নিয়ন্ত্ৰণ প্ৰটিন বা ‘ৰেগুলেটৰে’ (Transcription Factors) ৷ মানৱ জিন’ম প্ৰকল্পৰ ১০ বছৰৰ পিচত শেহতীয়াভাৱে ২০১২ চনত প্ৰকাশিত “এনক’ড” নামৰ প্ৰকল্পই মানৱ দেহত এই জিনসমূহৰ কাৰ্যপ্ৰণালীৰনিয়ন্ত্ৰণৰ সন্ধৰ্ভত যুগান্তকাৰী তথ্যত সম্ভেদ দিছে [৬]৷ আচলতে প্ৰটিনসমূহ হ’ল জিনসমূহ কোষৰ ভিতৰত থকা আণৱিক মেচিনৰ দ্বাৰা পাঠোদ্ধাৰ হোৱাৰ পাচত সৃষ্ট জৈৱ ৰাসায়নিক যৌগ যিয়ে জীৱন প্ৰক্ৰিয়াসমূহ চালনা কৰে৷

আচৰিত হ’লেও সত্য যে প্ৰকৃতিৰ নিখুঁত অভিযন্তন জিনৰ সজ্জাটো ভুল হ’ব পাৰে:
সকলো মানুহৰ দেহত ২৩ যোৰা ক্ৰমোজম, তিনি বিলিয়ন যোৰা ক্ষাৰক, ২০,০০০ জিন তথাপিও ইজন মানুহ সিজনৰ পৰা পৃথক হয় কিয়? আগেয়ে উল্লেখ কৰি অহা হৈছে যে এডিনিন (A) নামৰ ক্ষাৰকটোৱে থাইমিন (T) ক্ষাৰকৰ লগত দ্বৈতিয়ক হাইড্ৰ’জেন বান্ধনি আৰু গুৱানিন (G) ক্ষাৰকে চাইট’ছিন(C) ক্ষাৰকটোৰ লগত ত্ৰৈতিয়ক হাইড্ৰ’জেন বান্ধনিৰ সহায়ত বান্ধ খায় থাকে৷ সামগ্ৰিকভাৱে প্ৰতি ৩০০ যোৰা ক্ষাৰকৰ মাজৰ এযোৰাৰ কোনো এটা ক্ষাৰকত কেতিয়াবা সাল-সলনি হৈ যাব পাৰে, যেনে কোনো এঠাইত এটা ক্ষাৰক নোহোৱা হ’ব পাৰে বা C ট ঠাইত T আহি যাব পাৰে৷ এনেধৰণৰ অস্বাভাৱিক সজ্জাক কোৱা হয় স্নিপছ্‌ (single-nucleotide polymorphism বা SNPs) (চিত্ৰ ১-ঙ)৷ মানৱ জিন’মত প্ৰায় তিনি মিলিয়ন ( সমগ্ৰ জিন’মৰ ~ ১%) এনে স্নিপছ্ থাকে৷ এই ভুলৰ বাবেই ব্যক্তিভেদে বেলেগ বেলেগ গুণা-গুণ যেনে ৰোগৰ প্ৰতিৰোধ ক্ষমতা, ৰোগৰ সম্ভাৱনা, খাদ্য বস্তু/ দৰব আদি হজম কৰাৰ ক্ষমতাৰ ভিন্নতা আহে [৭]৷ সেয়ে কোনো এজন মানুহে অধিক জ্বলা বা মচলাযুক্ত খোৱা হজম কৰিব পাৰে, আনজনে নোৱাৰে; কোনোবাই কেইবা পেগ মদ্যপান কৰিলেও নিচা নহয়, কোনোজনে আকৌ কেইচিপ মানে পান কৰিলেই ৰঙা-চিঙা পৰি নিচাত আক্ৰান্ত হয় ইত্যাদি ইত্যাদি৷ সাধাৰণতে নিজৰ মাজতে বিয়া-বাৰুৰ দ্বাৰা পৰিয়াল বঢ়াই থকা একে ঠাইৰ একেটা জাতিৰ মানুহৰ মাজত এনেবোৰ লক্ষণ একে থাকে৷ সেয়ে কোনো এক ভৌগোলিক ঠাইৰ মানুহৰ মাজত কোনো বেমাৰ যেনে মধুমেহ, হৃদৰোগ আদিৰ প্ৰাদুৰ্ভাৱ বেছি, কোনো আন এক অঞ্চলৰ মানুহৰ মাজত আকৌ কম৷

অলপ মদ্যপান কৰিলে মংগোলীয়সকল ৰঙা-চিঙা পৰে কিয়?
মদ্যপান কৰিলেই ৰঙা-চিঙা পৰি যোৱাটো মংগোলীয় লোকসকলৰ মাজত সততেই দেখা এটা লক্ষণ যাক কোৱা হয় Alcohol flush reaction (বা Asian flush syndrome) [৮]৷ এনে হোৱাৰ কাৰণ হ’ল চাইনিজ আৰু কোৰিয়ানসকলৰ জিন’মত ADH1B নামৰ এটা জিনত থকা স্নিপছ্৷ তাৰবাবেই মংগোলীয়সকলৰ দেহত সুৰাৰ বিপাকীয় ক্ৰিয়া সাধাৰণ মানুহৰ তুলনাত অলপ লেহেমীয়া হয়, যাৰ বাবে তেওঁলোকৰ দেহত এচিটেলদিহাইদ নামৰ যৌগবিধ জমা হ’বলৈ ধৰে আৰু Alcohol flush reaction সৃষ্টি কৰে [৯]৷ সেইদৰে মানুহৰ ভাষাৰ শিকা বা কোৱাৰ পাৰদৰ্শিতাৰ লগতো FOXP2 নামৰ এটা জিনত থকা স্নিপছ্ জড়িত বুলি বিজ্ঞানীসকলে শেহতীয়াভাৱে নিৰ্ধাৰণ কৰিছে [১০]৷

স্নিপছে চিকিৎসা বিজ্ঞানৰ নতুন দুৱাৰ মুকলি কৰিছে:
আপোনালোকে হয়তো লক্ষ্য কৰিছে যে কেতিয়াবা একে বেমাৰৰ বাবে দুজন ভিন্ন ৰোগীক দিয়া একেবিধ দৰবে এজনৰ ওপৰত সূচাৰুৰূপে কাম কৰে, কিন্তু আনজনৰ ওপৰত কোনো কাম নকৰে বা কেতিয়াবা বিৰূপ প্ৰভাৱহে পেলায়৷ ইয়াৰ বাবেও দায়ী এই স্নিপছসমূহ৷ কাৰণ সকলো ব্যক্তিৰ বিপাকীয় ক্ৰিয়া (metabolism) একেই নহয়৷ এজনৰ দেহত যদি এটা দৰব সূচাৰুৰূপে বিপাকীত হয়, আনজনৰ দেহত হয়তো তেনে নহৈ তাৰ দ্বাৰা সৃষ্ট দ্বৈতিয়ক বিষাক্ত পদাৰ্থসমূহে ঔষধৰ প্ৰতিকূল প্ৰতিক্ৰিয়াৰ ( adverse drug reaction – ADR) সৃষ্টি কৰে৷ ADRআধুনিক চিকিৎসাশাস্ত্ৰ আৰু ঔষধ বিজ্ঞানৰ এক বহুল গৱেষণাৰ বিষয়৷ বৰ্তমান জিন’ম প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে প্ৰতিজন ব্যক্তিৰ জিন’মৰ পাঠোদ্ধাৰ কৰি তাত থকা স্নিপছ্‌সমূহ নিৰ্ধাৰণ কৰা সম্ভৱপৰ হ’ব পাৰে৷ তাৰ আধাৰত সেই ব্যক্তিজনৰ বাবে কোন ঔষধৰ কিমান পৰিমাণে প্ৰতিকূল প্ৰতিক্ৰিয়া নেদেখুৱাকৈ কাম কৰিব তাক নিৰ্ধাৰণ কৰাৰ চেষ্টা কৰা হয়৷ বৰ্তমানে অতি উল্লেখযোগ্য গৱেষণা চলি থকা ব্যক্তিগতকৃত ঔষধৰ এই বিষয়টোৰ নাম ফাৰ্মাক’জিন’মিকছ [১১]৷ অদূৰ ভৱিষ্যতে হয়তো আপুনি এনেকুৱা এটা দিন কল্পনা কৰিব পাৰে যেতিয়া এজন চিকিৎসকৰ ওচৰলৈ যাওতে আপুনি এখন চিডিত আপোনাৰ জিন’মৰ কিতাপখন লৈ যাব, চিকিৎসকজনে আপোনাৰ জিন’মৰ সংগঠন অধ্যয়ন কৰি আপোনাৰ বাবে বিশেষ ঔষধ প্ৰস্তুত কৰিবৰ বাবে ফাৰ্মাচিষ্টক ফৰ্মাইছ দিব আৰু তাৰ ভিত্তিক কেৱল আপোনাৰ বাবে কামত অহা ব্যক্তিগতকৃত ঔষধ আপোনাৰ হাতত তুলি দিব যাৰ কোনো প্ৰতিকূল প্ৰতিক্ৰিয়া নেথাকে৷ সেই দিন হয়তো দূৰৈত নহয়৷

আচৰণ আৰু জিনৰ সমন্ধ:
জিনে বংশগতিয় চৰিত্ৰ বহন কৰে, যদিও আচৰণৰ বৰ্হিপ্ৰকাশ কিদৰে হয় সেইটো এটা জটিল বিষয়৷ মানুহ বা জীৱ-জন্তুৰো আচৰণ কেৱল জিনে নিয়ন্ত্ৰণ নকৰে৷ ইয়াৰ লগত পৰিবেশৰো এক জটিল ওতঃপ্ৰোত সমন্ধ আছে৷ আচৰণ এটা মানসিক প্ৰাৱস্থা৷ বহুত সময়ত অৱশেষ শৰীৰৰ ভিতৰৰ অৱস্থাই মানসিক অৱস্থাক প্ৰভাৱান্বিত কৰে বা মানসিক অৱস্থাই শৰীৰক প্ৰভাৱান্বিত কৰে৷ স্থানীয় পৰিবেশৰ লগত অভিযোজিত হ’বৰ বাবে কেৱল মানুহেই নহয়, গছ-লতাকে ধৰি সকলো জীৱই অহৰহ প্ৰতিযোগিতাৰ সন্মুখীন হয়৷ যিয়ে সঠিক অভিযোজনৰ দ্বাৰা পৰিবেশৰ লগত মিলি থাকিব পাৰে প্ৰকৃতিয়ে তাকেই পৰৱৰ্তী সময়ৰ বাবে বাছনি কৰে৷ সাধাৰণতে এনে কিছুমান অভিযোজন সাময়িক হয় আৰু ই পৰৱৰ্তী প্ৰজন্মলৈ প্ৰৱাহিত নহয়৷ প্ৰকৃতিয়ে সদায় ভাল গুণবোৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰৱাহিত কৰিব খোজে আৰু বেয়া গুণবোৰ (জিন) বিৱৰ্তনৰ দ্বাৰা আঁতৰাই লাহে পেলাব খোজে৷ অৱশ্যে বিৱৰ্তনৰ জিনকেন্দ্ৰিক মতবাদৰ লগত সকলোক একমত নহয় [১২]৷ বহু গৱেষকে বিশ্বাস কৰে যে মানুহৰ আচৰণৰ লগত জিনৰ প্ৰত্যক্ষ সমন্ধ আছে৷ শেহতীয়াভাৱে Criminology নামৰ জাৰ্নেলখনত প্ৰকাশিত এখন গৱেষণাপত্ৰত উল্লেখ কৰা হৈছে যে অপৰাধপ্ৰৱণতাৰ লগৰ জিনৰ বহল সমন্ধ আছে৷ যদিও ইয়াৰ বাবে কেৱল এটা বা দুটা জিন নহয় বৰং শতাধিক জিন ইয়াৰ বাবে দায়ী৷ আমেৰিকা বিভিন্ন অঞ্চলৰ বিভিন্ন বয়সৰ প্ৰায় ৪,০০০ ব্যক্তিৰ ওপৰত চলোৱা এই গৱেষণাত তেওঁলোকে তিনিধৰণৰ লোকক ব্যৱহাৰ কৰিছিল [১৩]৷
ক) যি কেৱল সাময়িকভাৱে বয়ঃসন্ধিৰ সময়ত অপৰাধত লিপ্ত হৈছে।
খ) যি গোটেই জীৱনজুৰি বহু অপৰাধত লিপ্ত।

গ) যিসকল জীৱনত কেতিয়াও কোনো অপৰাধত লিপ্ত হোৱা নাই৷

এই অধ্যয়নৰ ফলাফল অনুসৰি বয়ঃসন্ধিৰ সময়ত সাময়িকভাৱে অপৰাধত লিপ্ত হোৱা অপৰাধীসকলৰ ক্ষেত্ৰত আচৰণৰ ওপৰত পৰিবেশৰ প্ৰভাৱ পৰিলক্ষিত হৈছে যদিও গোটেই জীৱনজুৰি বিভিন্ন অপৰাধত লিপ্তসকলৰ ক্ষেত্ৰত (৭০%) পৰিবেশৰ প্ৰভাৱ সামান্য৷ গতিকে তেওঁলোকে অপৰাধী মানসিকতাৰ বাবে পৰিবেশতকৈ জেনেটিক কাৰকৰ প্ৰভাৱ বেছি বুলি উল্লেখ কৰিছে৷

ধৰ্ষণ প্ৰাকৃতিক বিৱৰ্তনৰ দ্বাৰা উদ্ভৱ হোৱা আচৰণ নেকি?
তাত্বিক ভাৱে চাবলৈ গ’লে ধৰ্ষণ আৰু পুৰুষ-স্ত্ৰীৰ সংগমৰ মাজত পাৰ্থক্য বিশেষ নাই৷ এটাত মাথোঁ সন্মতিৰে হয় আৰু আনটোত অসন্মতিত বলপূৰ্বক ভাৱে হয়৷ আচৰিত হ’লেও সত্য যে পোক-পতংগকে ধৰি আন বহু ইতৰ প্ৰাণীৰ মাজতো ধৰ্ষণৰ দৰে পৰিঘটনা সংঘটিত হয়৷ পুৰুষ-নাৰীৰ সংগম এটা প্ৰাকৃতিক পৰিঘটনা যাৰ দ্বাৰা জীৱৰ বংশ বৃদ্ধি হয়৷ এক প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ জিনৰ সোঁত প্ৰৱাহিত হয় বা মানৱ জাতি বিৱৰ্তিত হয়৷ প্ৰকৃতিয়ে সদায় উত্তম আৰু যোগ্য জিনবিশিষ্ট জীৱকহে বিৱৰ্তিত হোৱাত অগ্ৰাধিকাৰ দিয়ে৷ সেয়ে সংগমৰ সময়ত ভাল ভাল গুণৰ জিনসমূহ উপযুক্ত পাত্ৰ বা পাত্ৰীত সংৰোপণ কৰিবৰ বাবে উচ্চশ্ৰেণীৰ জীৱৰ মাজত সংগী নিৰ্বাচনৰ প্ৰতিযোগিতা চলে৷ এজন পুৰুষ জীৱন কালত অগণিত উত্তৰপুৰুষৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু মহিলাৰ ক্ষেত্ৰত এই সংখ্য সীমিত৷ সেয়ে মহিলাসকল সংগমৰ পাত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত অত্যন্ত বাচ-বিচাৰ কৰে৷ কিন্তু পুৰুষে যিমান পাৰে সিমান আৰু প্ৰয়োজন হ’লে শক্তি প্ৰয়োগ কৰি হ’লেও নাৰীৰ গৰ্ভত বীৰ্য সংস্থাপনৰ জৰিয়তে নিজৰ প্ৰজাতি ৰক্ষাৰ চেষ্টা কৰে [১৪]৷ MIT Pressৱে প্ৰকাশ কৰা থ্ৰ’নহিল আৰু পালমাৰ নামৰ দুজন গৱেষকে লিখা A Natural History of Rape: Biological Bases of Sexual Coercion নামৰ কিতাপখনত ধৰ্ষণক বিৱৰ্তনীয় ধাৰাত প্ৰাকৃতিকভাৱে উদ্ভৱ হোৱা এক ‘ট্ৰেইট’ বা আচৰণ বুলি উল্লেখ কৰিছে। যদিও এই লৈ সামাজিক মনস্তত্ববিদ আৰু জেনেটিক আচৰণবিদৰ মাজত তুমুল বিতৰ্কৰ সূত্ৰপাত হৈছে [১৫]৷ বহু গৱেষকে মানুহৰ জিন’মত “ধৰ্ষণ জিন” নামৰ জিন আছে বুলিও অভিমত প্ৰকাশ কৰে৷

ভাৰতীয় প্ৰেক্ষাপট:-
কিছুবছৰৰ আগেয়ে মই কাম কৰি অহা হায়দৰাবাদস্থিত কেন্দ্ৰীয় কোষীয় আৰু আণৱিক জীৱবিজ্ঞান কেন্দ্ৰৰ (Centre for Cellular and Molecular Biology) তদানীন্তন নিৰ্দেশক, বৰ্তমান বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা ভাৰতত ডি এন এ ফিংগাৰপ্ৰিন্টিং প্ৰযুক্তিৰ পূৰোধাব্যক্তি ডঃ লালজী সিঙৰ নেতৃত্বত এক আকৰ্ষণীয় গৱেষণা প্ৰকল্প ৰূপায়ণ কৰা হৈছিল৷ তাৰ জৰিয়তে হায়দৰাবাদ কেন্দ্ৰীয় কাৰাগাৰত বন্দী প্ৰায় ৭০ জন ধৰ্ষণকাৰীৰ অপৰাধীৰ জিন’মৰ এক বিশেষ অংশৰ পাঠোদ্ধাৰ কৰি ধৰ্ষণকাৰীৰ মাজত কিছুসংখ্যক বিশেষ জিনীয় স্নিপছ্ ধৰা পেলাইছিল৷ এনে ধৰণৰ স্নিপছসমূহৰ ভৌগোলিক অঞ্চলভিত্তিক বিস্তৃতি থকাৰ সম্ভেদ পাইছিল৷ গতিকে বৃহত্তৰ ভাৰতৰ ভৌগোলিক অঞ্চলভেদে এনেধৰণৰ অপৰাধপ্ৰৱণতাৰ বাবে দায়ী জিনৰ স্নিপছৰ ভিন্ন বিতৰণ হোৱাটো অসম্ভৱ নহয়৷ এনেবোৰ অধ্যায়ক কোৱা হয় ‘Genome-wide association study’ (GWAS)৷ বহুক্ষেত্ৰত অধ্যয়নত ব্যৱহাৰ কৰা ছেম্পলৰ সীমিতসংখ্যাৰ বাবে এনেবোৰ অধ্যয়নৰ পাৰিসাংখ্যিক নিৰ্ভৰযোগ্যতাৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আহি পৰে৷ তাৰ লগতে আহি পৰে গোপনীয়তা দৰে ‘Ethical’ বিষয়বোৰ৷ তাৰ বাবে এনেধৰণৰ অধ্যয়নৰ ফলাফল ৰাজহুৱা কৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হয় ইতিমধ্যে ডঃ লালজী সিঙৰ নেতৃত্বত ভাৰতীয়সকলৰ মাজত জিন’ম পৰ্যায়ত থকা ভিন্নতাৰ বহুল অধ্যয়ন হৈছে আৰু বহু জনগোষ্ঠীৰ মাজত থকা কিছুমান ৰোগৰ জিনৰ সম্ভেদ পোৱা গৈছে [১৬,১৭] ৷ তেওঁলোকে ইতিমধ্যে আন্দামানৰ জাৰৱাসকলৰ [১৮] আৰু মেঘালয়ৰ খাছীসকলৰ পূৰ্বপুৰুষ সম্পৰ্কেও [১৯] স্নিপছ্ অধ্যয়নৰ জড়িয়তে সম্ভেদ পাইছে৷ বিভিন্ন জাতি, জনগোষ্ঠী, জনজাতিৰ তথা ব্ৰাহ্মণ, শূদ্ৰ, ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ মাজতো বিভিন্ন মাৰ্কাৰ স্নিপছ (genetic landmark) বিচাৰি পোৱা বুলি উল্লেখ কৰিছে [২০]৷ সাধাৰণতে একে জাতিৰ বা বৰ্ণৰ মানুহৰ মাজত সততেই বৈবাহিক সম্পৰ্ক স্থাপিত হৈ থকাৰ বাবে এনে কিছু মাৰ্কাৰ জিন এটা জনগোষ্ঠীৰ জিন’মত থাকি যায়৷

ভৱিষ্যত:-
জিনৰ লগত আচৰণৰ সম্পৰ্ক বিতৰ্কিত আৰু অতি জটিল বিষয়৷ জিন’ম প্ৰযুক্তিৰ সহায়ত আজি জীৱজগতৰ বিৱৰ্তনীয় গতিৰ আণৱিক পৰ্যায়ৰ সূত্ৰসমূহ জানিব পৰা হৈছে৷ মানুহৰ জিন’মত থকা জেনেটিক সজ্জাৰ ভিন্নতাই ভৱিষ্যতে চিকিৎসা বিজ্ঞানৰ লগতে অপৰাধ বিজ্ঞানকো গুৰুত্বপূৰ্ণভাৱে সহায় কৰিব৷ মোৰ নিজৰ মন্তব্য হিচাপে সৰ্বশেষত কওঁ—‘মানুহৰ জৈৱিক বিৱৰ্তন আজিও হৈ আছে যদিও আজিৰ দিনত ই আগৰ দৰে প্ৰাকৃতিক হৈ থকা নাই৷ সভ্যতাৰ লগে লগে মানুহৰ জীৱনত যান্ত্ৰিক আৰু প্ৰযু্ক্তিৰ প্ৰভাৱ পৰিছে৷ আমি আজি ঔষধ খাইছোঁ, বিভিন্ন যান্ত্ৰিক পদ্ধতিতে শাৰিৰীক অৱস্থাৰ পৰিৱৰ্তন কৰিছোঁ৷ গতিকে মানৱৰ বিৱৰ্তনৰ গতি বৰ্তমান কৃত্ৰিমভাৱে নিৰ্দেশিত৷ ঠিক খেতিৰ বাবে ব্যৱহৃত উদ্ভিদৰ সঁচ আৰু বনৰীয়া উদ্ভিদৰ মাজত যি পাৰ্থক্য আমাৰো সেই একেই৷ মানৱ সভ্যতা এতিয়া যেন খেতিৰ পথাৰত ব্যৱহৃত সঁচ৷ পৰৱৰ্তী খেতিৰ বাবে যিদৰে ভালৰো ভাল সঁচ নিৰ্বাচন কৰা হয়, অপতৃণ নাশ কৰা হয়, সেইদৰে সভ্য সমাজত সভ্য আচৰণৰ সঠিক প্ৰয়োগৰ বাবে সকলোৱে মানুহ হিচাপে জীয়াই থাকি আৰু আনকো জীয়াই থাকিবলৈ দিয়া উচিত৷ ইয়াৰ বাবে প্ৰয়োজন হ’লে সমাজৰ অপতৃণবোৰ নাশ কৰিবৰ বাবে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ বিধান কৰিব লাগে৷

নিৰ্বাচিত তথ্যসূত্ৰ:-

1. Crusio WE (1998) The genetic dissection of brain-behaviour relationships: An introduction to neurobehavioural genetics. Behavioural Brain Research 95: 1-2.
2. Noble D (2008) Genes and causation. Philos Transact A Math Phys Eng Sci 366: 3001-3015.
3. Bell SD (2006) Molecular biology – Prime-time progress. Nature 439: 542-543.
4. Tennyson CN, Klamut HJ, Worton RG (1995) The Human Dystrophin Gene Requires 16 Hours to Be Transcribed and Is Cotranscriptionally Spliced. Nature Genetics 9: 184-190.
5. Pennisi E (2012) GENOMICS ENCODE Project Writes Eulogy For Junk DNA. Science 337: 1159-1161.
6. Dunham I, Kundaje A, Aldred SF, Collins PJ, Davis C, et al. (2012) An integrated encyclopedia of DNA elements in the human genome. Nature 489: 57-74.
7. Barreiro LB, Laval G, Quach H, Patin E, Quintana-Murci L (2008) Natural selection has driven population differentiation in modern humans. Nature Genetics 40: 340-345.
8. Oota H, Pakstis AJ, Bonne-Tamir B, Goldman D, Grigorenko E, et al. (2004) The evolution and population genetics of the ALDH2 locus: random genetic drift, selection, and low levels of recombination. Annals of Human Genetics 68: 93-109.
9. Rao VR, Bhaskar LVKS, Annapurna C, Reddy AG, Thangaraj K, et al. (2007) Single nucleotide polymorphisms in alcohol dehydrogenase genes among some Indian populations. American Journal of Human Biology 19: 338-344.
10. Lai CSL, Fisher SE, Hurst JA, Vargha-Khadem F, Monaco AP (2001) A forkhead-domain gene is mutated in a severe speech and language disorder. Nature 413: 519-523.
11. Wang LW (2010) Pharmacogenomics: a systems approach. Wiley Interdisciplinary Reviews-Systems Biology and Medicine 2: 3-22.
12. Dawkins R (1989) The selfish gene. Oxford ; New York: Oxford University Press. xi, 352 p. p.
13. Barnes JC, Beaver KM, Boutwell BB (2011) Examining the Genetic Underpinnings to Moffitt’s Developmental Taxonomy: A Behavioral Genetic Analysis*. Criminology 49: 923-954.
14. Thornhill R, Palmer CT (2000) Why men rape – Prevention efforts will founder until they are based on the understanding that rape evolved as a form of male reproductive behavior. Sciences-New York 40: 30-36.
15. De Waal FBM (2000) A natural history of rape: Biological bases of sexual coercion. New York Times Book Review: 24-24.
16. Brahmachari SK, Majunder PP, Mukerji M, Habib S, Dash D, et al. (2008) Genetic landscape of the people of India: a canvas for disease gene exploration. Journal of Genetics 87: 3-20.
17. Reich D, Thangaraj K, Patterson N, Price AL, Singh L (2009) Reconstructing Indian population history. Nature 461: 489-U450.
18. Thangaraj K, Chaubey G, Kivisild T, Reddy AG, Singh VK, et al. (2005) Reconstructing the origin of Andaman Islanders. Science 308: 996-996.
19. Langstieh BT, Reddy BM, Thangaraj K, Kumar V, Singh L (2004) Genetic diversity and relationships among the tribes of Meghalaya compared to other Indian and continental populations. Human Biology 76: 569-590.
20. Hardy BJ, Seguin B, Singer PA, Mukerji M, Brahmachari SK, et al. (2008) Science and society – From diversity to delivery: the case of the Indian Genome Variation initiative. Nature Reviews Genetics 9: S9-S14.

 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Debanjan
3 years ago

লেখকে এবাৰ কৈছে, জিনীয় স্নিপছ্ দায়ী হ’ব পাৰে ধৰ্ষণকামী মনোবৃত্তিৰ বাবে এবাৰ কৈছে তেওঁলোকক অপতৃণ বুলি৷ স্ব-বিৰোধী যেন লাগিল৷

jagadish
3 years ago

সাময়িক বিষয়ৰ ওপৰত বৈজ্ঞানিক বিশ্লেষণাত্মক লিখনি পঢ়ি ভাল লাগিল ,ধন্যবাদ ৷