মানুহৰ জীৱনকাল-(দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

-দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

মানুহৰ জীৱনকাল

 

ভগৱানে গাধ, বান্দৰ, কুকুৰ আৰু মানুহৰ সৃষ্টি একেদিনাই কৰিছিল । গাধক মাতি ভগৱানে ক’লে,– “তই হ’বি বুদ্ধিমত্তাহীন ‘গাধ’। গোটেই দিনটো তই পিঠিত কঢ়িয়াই ফুৰিব লাগিব এক বিশাল বোজা । তোক ৫০ বছৰৰ আয়ুস দিলোঁ মই” ।

গাধ: ‘না না, অকল বোজা কঢ়িয়াই ফুৰিবলৈ মোক ৫০ বছৰ নালাগে। ২০ বছৰ জীয়াব পাৰিলেই হ’ব’। ভগৱানে গাধৰ আয়ুস ৰেখাডাল চুটি কৰি দিলে।

এইবাৰ আহিল বান্দৰ।

ভগৱান : ‘তই হ’বি বান্দৰ। ইডাল গছৰ পৰা আনডাললৈ জপিয়াই মেলি ফুৰিবি তই। মুখেৰে বিভিন্ন অংগী ভংগী কৰি তই সকলোকে আমোদ দিবি। তোক দিলোঁ ২০ বছৰ’।

খেকখেকাই বান্দৰে চিঞঁৰিলে ‘হে প্ৰভূ, এইখিনি কামৰ বাবে মই ১০ বছৰ জীয়াই থাকিলেই যথেষ্ট’। ভগৱানে বান্দৰৰ কথামতে প্ৰ’জেক্টেড আয়ুস কমাই ১০ বছৰ কৰি দিলে।

ভগৱানে এইবাৰ চালে কুকুৰলৈ।

‘তই হ’বি অতিকৈ প্ৰভূভক্ত। মানুহ নামৰ জীৱবিধৰ ঘৰত তই দিনে-নিশাই উজাগৰে থাকি ঘৰৰ নিৰাপত্তাৰ চেষ্টা কৰিবি। গিৰিহঁতে খাবলৈ যি দিয়ে, সেয়াই আগ্ৰহেৰে খাব লাগিব তই। তোৰ আয়ুসৰেখাডাল ৩০ বছৰত বান্ধি দিলোঁ।

কুকুৰ: ‘ধুৰ, অকল ভক্তি দেখুৱাই ৩০ বছৰ জীয়াবলৈ মই পাগল হ’লেহে হ’ব। কমাই ১৫ কৰি দিয়ক’।

ভগৱানে এইবাৰ মাতিলে মানুহক।

‘তোক মই জীৱশ্ৰেষ্ঠৰূপে সৃষ্টি কৰিছো। নিজৰ বুদ্ধি-বিক্ৰমেৰে তই আন জীৱসমূহক নিজৰ হাতৰ মুঠিত আনি গোটেই পৃথিৱীত ৰাজত্ব কৰিব পাৰিবি। তোৰ আয়ুস ২৫ বছৰ কৰি দিছোঁ।’

মানুহ : ‘হে প্ৰভূ, অকল ২৫ বছৰেৰে মোৰ ৰাজত্ব কেনেকৈ এনজয় কৰিম ?  গাধই এৰি যোৱা ৩০ বছৰ, বান্দৰৰ ১০ বছৰ আৰু কুকুৰৰ ১৫ বছৰ ও মোৰ আয়ুসৰ লগত যোগ কৰি দিয়কনা’।

‘খকুৱা কৰবাৰ’, ভগৱানে ভোৰভোৰালে। ‘হ’ব যা, চব যোগ কৰি দিছোঁ’।

আৰু সেয়াই আছিল ‘মানুহ’ৰ প্ৰথমটো ভুল!!

সেই দিন ধৰি মানুহে ২৫ বছৰ নিজৰ বল-বুদ্ধি-বিক্ৰমেৰে ‘মানুহ’ৰ দৰে জীয়াই থাকে। তাৰ পিছত বিয়া-বাৰু কৰাই সংসাৰৰ বোজা পিঠিত কঢ়িয়াই কঢ়িয়াই পৰৱৰ্তী ৩০ বছৰ জীয়াই ‘গাধ’ৰ দৰে। নিজৰ সন্তান ডাঙৰ হয়। পুত্ৰ-বোৱাৰী, জী-জোঁৱাইৰ ইখনৰ পৰা আনখন ঘৰলৈ ঘূৰি ফুৰে। মুখ-হাতৰ অংগী-ভংগীৰে নাতি-পুতিৰ মনোৰঞ্জনৰ চেষ্টা কৰে। প্ৰায় ১০ বছৰ মানুহে এনেদৰে জীৱন কটায় বান্দৰৰ দৰে। বয়সৰ লগে লগে মানুহে ঘূৰিব, ফুৰিব, ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা হয়। ঘৰৰ মানুহে যি দিয়ে তাকেই খাবলগীয়াত পৰে। কটাবলগীয়া হয় উজাগৰী নিশা। এনেকৈ প্ৰায় ১৫ বছৰ মানুহে ঘৰৰ পহৰাদাৰৰ দায়িত্ব পালন কৰে। কুকুৰৰ পৰা লোৱা অতিৰিক্ত বছৰবোৰেৰে মানুহে জীৱনৰ শেষ সময়চোৱা এনেদৰে কটাবলগীয়া হয় ‘কুকুৰ’ৰ দৰে। এয়াই মানুহৰ জীৱন!!

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments