মানুহৰ জীৱনৰ মূল্য (মূল হিন্দী – প্ৰীতম কান্ত) – ভাবানুবাদ বিকু বৰা

লোহাৰৰ দোকানত দেউতাকৰ সৈতে কাম কৰি থকা এটা সৰু ল’ৰাই হঠাতে দেউতাকক সুধিলে, “এই পৃথিৱীত মানুহ এজনৰ জীৱনৰ মূল্য কিমান হ’ব পাৰে? ”

দেউতাকে সৰু ল’ৰা এটাৰ পৰা এনে ধৰণৰ গম্ভীৰ প্ৰশ্ন শুনি আচৰিত হ’ল৷ তাৰপিছত তেওঁ ক’লে, “বাচা, মানুহ এজনৰ জীৱনৰ মূল্য নিৰূপণ কৰাতো বহুত কঠিন, কিয়নো ই সঁচাই অমূল্য৷ ”

পুত্ৰ – “দেউতা, সকলো মানুহেই ইমান মূল্যৱান আৰু মহত্ত্বপূৰ্ণ নেকি? “

দেউতাক –“ হয় বাচা৷ “

ল’ৰাটোৱে দেউতাকৰ কথাটো বুজি নাপাই পুনৰ প্ৰশ্ন কৰিলে, “তেতিয়াহলে এই পৃথিৱীত কিছুমান দুখীয়া আৰু কিছুমান ধনী কিয় হয়? কোনোৱে কম গুৰুত্ব আৰু কোনোৱে বেছি গুৰুত্ব পায় কিয়? “

প্ৰশ্ন শুনি দেউতাক কিছু সময় মৌন হৈ ৰ’ল আৰু পুনৰ পুতেকক ষ্ট’ৰ ৰুমৰ পৰা এডাল লোহাৰৰ ৰদ আনিবলৈ ক’লে৷ ৰদ ডাল অনাৰ পিছত দেউতাকে সুধিলে, “এই ৰদ ডালৰ মূল্য কিমান হ’ব পাৰে বাৰু? “

পুতেকে ক’লে, “২০০ টকা৷ “

দেউতাক- “যদি মই ইয়াৰ পৰা অসংখ্য সৰু সৰু গজাল বনাও, তেতিয়া ইয়াৰ মূল্য কিমান হ’ব? “

ল’ৰাটোৱে কিছু সময় চিন্তা কৰি ক’লে, “তেতিয়াতো ই অধিক দামত বিক্ৰী হ’ব, প্ৰায় ১০০০ টকা৷ “

দেউতাক- “যদি মই এই লোহাৰ ডালৰ পৰা অসংখ্য ঘড়ীৰ স্প্ৰিং তৈয়াৰ কৰো, তেতিয়া? “

ল’ৰাটোৱে বহু সময় গণনা কৰি থাকিল আৰু পুনৰ উৎসাহিত হৈ ক’লে, “তেতিয়াতো ইয়াৰ দাম বহুত বেছি হৈ যাব৷ “

পুনৰ দেউতাকে পুতেকক বুজাবলৈ ক’লে, “ঠিক সেইদৰে, মানৱ জীৱনৰ মূল্য বৰ্তমান তেওঁ কি, সেইটো ওপৰত নিৰ্ভৰ নকৰে, বৰং ইয়াৰ মূল্য এইখিনিতে যে, তেওঁ নিজকে কি ৰূপত সজাব পাৰে৷ “

ল’ৰাটোৱে দেউতাকৰ কথাটো বুজি পালে৷

বন্ধুসকল, প্ৰায়ে আমি নিজৰ সঠিক মূল্য নিৰূপণ কৰাত ভুল কৰোঁ৷ নিজৰ বৰ্তমান স্থিতিক দেখি আমি নিজকে মূল্যহীন বুলি ভাবো৷ কিন্তু আমাৰ মাজত পৰ্য্যাপ্ত পৰিমাণে সামৰ্থ্য আছে৷ আমাৰ জীৱনটো সদায় সম্ভাৱনাৰে পৰিপূৰ্ণ৷ পৰিস্থিতি সাপেক্ষে আমাৰ জীৱনত বহু ধৰণৰ স্থিতি ভাল নহলেও, ইয়াৰ দ্বাৰা আমাৰ মূল্য কমি নাযায়৷ মানুহ হিচাবে আমি জন্ম গ্ৰহণ কৰাতো সময় সাপেক্ষে বহুত তাৎপৰ্যপূৰ্ণ আৰু বিশেষ মহত্ত্বপূৰ্ণ কথা৷ আমি জীৱনত সদায় উৎকৰ্ষ সাধন কৰিবলৈ যত্ন কৰিব লাগে আৰু নিজৰ প্ৰকৃত মূল্য পাবৰ কাৰণে নিৰ্দিষ্ট দিশত আগবাঢ়ি যোৱাটোহে মুখ্য কৰ্তব্য বুলি ভাবিব লাগে৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক