মানুহ অমানুহ আৰু এটা কুকুৰ (চন্দনা শইকীয়া)

থ্ৰীষ্টাৰ হোটেল খনৰ পৰা ডিনাৰ কৰি দম্পত্তিহাল ঘৰলৈ উভটোতে নিশা প্ৰায় দুই বাজিছিল। ক’লা পখৰা কুকুৰটোৱেও সেই সময়তে নিজৰ পোৱালিটিক লগত লৈ ৰাজপথৰ কাষে কাষে চলাই আছিল খাদ্যানুসন্ধানৰ অভিযান। মাকে আগঠেং দুখন আৰু মুখেৰে খুঁচৰি খুঁচৰি দেখুওৱাইছিল কিদৰে পথত পৰি থকা চিপ্চৰ পেকেট আৰু পলিথিনৰ মোনাৰ পৰা খাদ্য আৱিষ্কাৰ কৰিব পাৰি। পোৱালীটিয়েও মাকক অনুসৰণ কৰি গৈছিল । প্ৰথমে মাকৰ পিছে পিছে আৰু লাহেকৈ সি মাকে দেখুৱাই দিয়া ধৰণেই নিজাববীয়াকৈ খাদ্যৰ সন্ধান কৰাত লাগিল । ভোক নিবাৰণৰ হেতুৱেই হওঁক অথবা নতুনকৈ শিকা কিবা এটা কৰিবলৈ পোৱাৰ উৎসাহতেই হওঁক পোৱালীটি এটা সময়ত মাকৰ কাষৰ পৰা আঁতৰি ৰাজপথৰ মাজভাগ পালেগৈ । পোৱালীটিক কাষত নাপাই মাকে ইফালে সিফালে চাই ভুকিলে। পোৱালীটিয়ে কিন্তু গুৰুত্বই নিদিলে। আপোন মনে মাথোঁ ৰাজপথৰ মাজত পৰি থকা টোপোলা এটা খোচৰাত লাগি থাকিল । পোৱালীটিক দেখা মাত্ৰকে মাকে হয়তো আগন্তুক কিবা বিপদৰ সংকেত পাইছিল সেয়ে তাই পোৱালিটিৰ ফালে দৌৰি আহিল আৰু ভুক ভুকাই ইংগিত দিলে তাক পদপথলৈ ঘূৰি যাবলৈ। টোপোলাটো ভালদৰে খুঁচৰিব নোপোৱাৰ অসন্তুষ্টিত সি মাকৰ ফালে ডিঙি ঘূৰাই চাই কুঁ-কুঁৱাই উঠিল ।অনিচ্ছা স্বত্বেও মাকৰ কাষলৈ বুলি খোজ লৈছিলহে , ঠিক তেতিয়াই ঘটিল ঘটনাটো । মাকৰ চকুৰ আগতেই ঘৰলৈ বুলি বাট লোৱা দম্পত্তিহালৰ বিলাসী গাড়ীখনৰ সোঁফালৰ আগচকাটোৱে মহতিয়াই থৈ গ’ল নতুনকৈ খাদ্য বিচাৰি খাবলৈ শিকা পোৱালীটিক। গাড়ীখনত থকা মহিলাগৰাকীয়ে যদিও গাড়ী ৰখাই কিনো ঘটিল চাব খুজিছিল , কোট পৰিহিত ব্যক্তিজনে কিন্তু সেই প্ৰয়োজনবোধ নকৰিলে।
” এহ, কুকুৰৰ পোৱালীহে , মানুহতো নহয়। মৰিলে মৰিল আৰু কিনো হ’ল। এইবোৰত মূৰ ঘমাই থাকিলে মিছা মিছি টাইম ৱেইষ্ট হ’ব বুজিছা।”
অলপো সময় নষ্ট নকৰি গাড়ী খন আঁতৰি গ’ল।

মুহূৰ্তৰ ভিতৰতে পোৱালীটি চেপেটা হৈ পৰি ৰৈছিল ৰাজপথৰ মাজতে। নাড়ী-ভূৰুবোৰ চিটিকি পৰিল অ’ত ত’ত। তেজবোৰে গাড়ীৰ চকাৰ চিন ধৰি ৰাখিলে কেইবা ফুট আঁতৰলৈ। ভালদৰে উশাহেই ল’ব পৰা নাছিল. তথাপিও সি মাকৰ মুখলৈ চাই অস্ফুট কন্ঠেৰে কু-কুৱাইছিল । সি তেতিয়াও জীয়াই আছিল । মাক পাগলীৰ দৰে হৈ পৰিল। নিজৰ পোৱালীটিক ঘুৰাই পোৱাৰ আশাত চৌদিশে চাই সহায় বিচাৰি ভুক-ভুকালে। চিঞৰি চিঞৰি এটা সময়ত তাই ভাগৰি পৰিল আৰু নিৰাশ হৈ পোৱালীটিৰ কাষতে আহি শুই পৰিল। মাকে বাৰুকৈয়ে বুজিছিল পোৱালীটিৰ বেদনা লগতে নিজৰ অসহায় অৱস্থাটো। চকুলো ওলাইছিল পোৱালীটিয়ে বিষত চটফটাই থকা দেখি। মাতৃ স্নেহত পোৱালীটিৰ মুখখন চেলেকি দিছিল বাৰে বাৰে। কমেও পোন্ধৰ মিনিট মৃত্যুৰ স’তে হোৱা যুঁজত হাৰ মানি অৱশেষত পোৱালীটি নিথৰ হৈ পৰিল। মাকে কিন্তু তেতিয়াও তাক চেলেকিবলৈ এৰা নাছিল।

পুৱা চৰকাৰী ঝাড়ুদাৰ কেইজনে আহি ৰাজপথ চিকুণাবলৈ ধৰা সময়তো মাকজনী মৃত পোৱালিটিৰ কাষতে বহি পহৰা দি আছিল যাতে কোনও আমনি দিব নোৱাৰে। পথত মৰা শ দেখি ঝাড়ুদাৰে ফোন লগালে আৰু কিছুসময়ৰ পিছত মাকক ঝাড়ুৰে কোবাই আঁতৰ কৰি মৰাশটো তুলি দিলে মিউনিচিপালিটিৰ গাড়ীত। গাড়ী আগবাঢ়িল আৰু পিছে পিছে মাক দৌৰি থাকিল। মাকৰ হৃদয়ত তেতিয়াও পুত্ৰমোহ। গাড়ীখনৰ পৰা জাবৰৰ টোপোলাবোৰ পেলাই দিয়া হ’ল ৰাজপথৰ দাঁতিতে থকা ডাঙৰ দাষ্টবিনটোত। গোন্ধ অনুসৰণ কৰি কৰি মাকজনীয়ো গৈ সেইখিনি পালে। বহু চেষ্টাৰ মূৰত জঁপিয়াই জঁপিয়াই তাই ওখ ডাষ্টবিনটোত উঠিবলৈ সক্ষম হৈছিল আৰু ব্যাকুলতাৰে এটাৰ পিছত আন এটা টোপোলা চিঙি চলাথ কৰিছিল পোৱালিটিৰ অৱশেষ বিচাৰি। হঠাতে তাইৰ চকুত পৰিল কলা বৰণৰ টোপোলা এটাই লৰচৰ কৰি আছে। টোপোলাটো কামুৰি মুকলিৰ ফালে টানি আনি আগ ঠেঙেৰে খুঁচৰি চালে। টোপোলাৰ মাজত এটি সমাজবৰ্জিত সদ্যজাত মানৱ শিশু। চকু মুখৰ তেজৰ চামনি গুচাই নাই। নাড়ীডালো কেঁচা।

কেঁচুৱাটি দেখিয়েই তাইৰ মুখত মানুহৰ প্ৰতি সৃষ্টি হোৱা প্ৰতিশোধৰ জুইকুৰা জ্বলি উঠিল। এই মানুহেই তাইৰ পোৱালিটিক হত্যা কৰিলে আগনিশা । খঙত জ্বলি উঠিল তাই! একে কামোৰে টুকুৰা-টুকুৰ কৰোঁ বুলি উদ্যত হওঁতেই শিশুটিয়ে কুঁ-কুঁৱাই উঠিল। কুকুৰ হ’লেও তাই এজনী মাক । নোৱাৰিলে তাই শিশুটিক আক্ৰমণ কৰিব। কোনোবা পাষাণ হৃদয়ৰ মাতৃয়ে সমাজৰ অপযশৰ ভয়ত নিজৰ পেটৰ পোৱালিটোক জন্মৰ পিছতেই এনেকৈ তিল-তিলকৈ মৰিবলৈ পেলাই দিছিল। পিছে তাই নোৱাৰিলে শিশুটিক আঘাত কৰিব। মানুহতকৈ জন্তু হৃদয়ৰ মাতৃস্নেহ বেছি। জন্তু হ’লেও, দহ-বাৰটা পোৱালি জন্ম দিলেও প্ৰত্যেককে সমানে মৰম আৰু ৰক্ষণাবেক্ষণ দিয়ে জন্তুৱে। নিজ সন্তানক এনেকৈ বিসৰ্জন দিব পৰা গুণ কেৱল মানুহৰেই থাকে।

শিশুটিক তেনেকৈয়ে এৰি তাই পুনৰ নিজৰ পোৱালিটিক বিচৰাত লাগিল। মৃত পোৱালিটো ইতিমধ্যে পচিবলৈ ধৰিছে। বহুপৰ চেষ্টা কৰিও পোৱালিটিক মুকলিলৈ আনিব নোৱাৰি ডাষ্টবিনটোৰ পৰা নামি আহিল তাই। ভোকো লাগিছিল খুব। ওচৰৰে পদপথত পৰি থকা বনৰ টুকুৰাটো দেখি তাই আগুৱাই গ’ল । বন টুকুৰা চোবাব লৈছিলহে মাথোঁ কৰ’বাৰ পৰা এজাক কাউৰীয়ে আহি ডাষ্টবিনটোৰ ওপৰত পৰি চিঞৰ-বাখৰ আৰম্ভ কৰা তাইৰ চকুত পৰিল । তাই বুজি উঠিছিল সেয়া কাউৰীজাকৰ খাদ্যলাভৰ আনন্দত লগোৱা কোৰ্হাল। খাদ্য সেই জীয়া মানৱ শিশুটি। নাই…. তাই বন টুকুৰা খাব নোৱাৰিলে । দৌৰি আহি একেজাপে ডাষ্টবিনৰ ওপৰ পালেহি আৰু মানৱশিশুটিক মাতৃত্ববোধেৰে আগুৰি ধৰিলে। নিজৰ পোৱালিটিক বচাব নোৱাৰিলে বুলিয়েই এই জীয়া শিশুটিকো চকুৰ আগতে মৰিবলৈ দিব নোৱাৰে তাই। কাউৰীজাকক ভুকি ভুকি তাৰ পৰা খেদিলে। তাই অনুভৱ কৰিছিল শিশুটি তাত নিৰাপদ নহয়। সোনকালে বেলেগ ঠাইলৈ লৈ নগ’লে অইন কুকুৰ নাইবা কাউৰী চিলনীৰ খাদ্য হৈ পৰিব। কাউৰীবোৰ আঁতৰ হোৱাৰ কিছু সময় পিছতেই কেঁচুৱাটিয়ে কষ্ট নোপোৱাকৈ দাঁতৰ ফাঁকত সোমোৱাই লৈ তাই দৌৰিবলৈ ধৰিলে । ৰাস্তাৰ মানুহে কুকুৰৰ মুখত মানুহৰ পোৱালি দেখি আচৰিত হ’ল। ফোনবোৰ উলিয়াই কোনোবাই ভিডিঅ’ কৰিলে, কোনোবাই ফটো ল’লে । কোনেও কিন্তু শিশুটি উদ্ধাৰৰ বাবে কুকুৰটোৰ কাষলৈ আগবাঢ়ি নগ’ল। এনেকুৱাই চাগে মানুহ।
বহু সময় ৰাজপথত দৌৰাৰ অন্তত তাই ঠেক গলি এটাৰে সোমাই পৰিল। গৈ গৈ সেই অকলশৰীয়া বৃদ্ধ দম্পত্তিহাল থকা ঘৰটো পালেগৈ। য’ত তাই যেতিয়া গলেও কিবা এটা খাব পায়। একো নাথাকিলে নিজৰ ভাগৰ ভাত অকণ হ’লেও দিয়ে গৰাকীয়ে। আগতে এদিন এই চুবুৰিটোৰ সৰু সৰু ল’ৰা ছোৱালীবোৰে তাইক শিল মাৰি আঘাত কৰোঁতে, এইখন ঘৰৰ গৰাকীজনেই তাইক বচাইছিল আৰু ঘৰলৈ নি আঘাতপোৱা ঠাইবোৰত কিবাকিবি সানিও দিছিল। জন্তুপ্ৰেম বুজা মানুহে মানবপ্ৰেম নুবুজিব নে। শিশুটিৰ বাবে এয়াই উপযুক্ত নিৰাপদ ঠাই হ’ব। তাই কেঁচুৱাটি নি ঘৰৰ বাৰান্দাতে থৈ গৃহস্থৰ দৃষ্টি আকৰ্ষণ কৰাৰ হেতুকে যিমান জোৰকৈ পাৰে ভুকিবলৈ ধৰিলে। চিঞৰ শুনি ঘৰৰ গৰাকিনী ওলাই আহিল। বাৰান্দাত পৰি থকা শিশুটি দেখি তেওঁ আচৰিত হৈ চিঞৰিলে ” অ শুনিছা বেগতে এইফালে আহা। পখৰা কুকুৰটোৱে কৰ’বাৰ পৰা কেঁচুৱা এটি লৈ আনিছে চোৱাহি। ইচ্ ইচ্ কাৰ ঘৰৰ বা আছিল, ক’ৰ পৰা জানো তুলি আনিলে। জীয়াই আছে বুজিছা। লৰচৰ কৰি আছে। উহ! কি ক’ৰা যায় এতিয়া?”
ঘৈণীয়েকৰ চিঞৰত গিৰীয়েকো বাহিৰলৈ ওলাই আহিল।
“অ হয় দেখোন … ডাক্তৰৰ ওচৰলৈ লৈ যোৱাটোৱে ভাল হ’ব এতিয়াই। পিছৰটো পিছত ভাবিম ব’লা।”
দম্পত্তিহাল ব্যস্ত হৈ পৰিল শিশুটিক লৈ।

কুকুৰটোৰ চকুৱে মুখে প্ৰশান্তিৰ ভাৱ ফুটি উঠিল। কেঁচুৱাটি বাছিব। এদিন ডাঙৰ হ’ব। পোৱালিটিলৈ মনত পৰিলেই তাই এই মানুহৰ পোৱালিটিকে চাই যাব পাৰিবহি । পেটৰ ভোকটোৱে ইতিমধ্যে আকৌ উক্ দি উঠিছিল। আগনিশাৰে পৰা একো খোৱা নাই। ঘৰটোলৈ এবাৰ ঘূৰি চাই তাই আপোন মনে খাদ্যৰ সন্ধানত নিমজ্জিত হৈ পৰিল।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
4 years ago

nice link……