মানুহ উপাখ্যান- কাকলি এম হাজৰিকা

এদিনৰ কথা, এটা গৰু পোৱালিয়ে মাকক ক’লে, মা আমি কৰবাত ফুৰিব যাও ব’লা৷ মাকে অলপ সময় চিন্তা কৰি ক’লে ব’ল আজি তোক সংগ্ৰহালয় দেখুৱাই আনোগৈ৷

এটা সময়ত দুয়ো সাঁজি-কাচি সংগ্ৰহালয় পালেগৈ৷ সংগ্ৰহালয়ৰ ভিতৰত সোমায় এটা প্ৰাণীৰ জকা এটা দেখি পোৱালিটোৱে সুধিলে সেইটোনো কিহৰ জকা! মাকে ক’লে আজিৰ পৰা বহু বছৰ আগতে ইয়াত মানুহ নামৰ এবিধ প্ৰণী আছিল৷ সেইটো মানুহৰে জকা৷ তেতিয়া পোৱালি টোৱে সুধিলে আজিকালি কিয় নাই মা? মাকে অলপ সময় চিন্তা কৰি ক’লে ব’ল আমি সেই ঘাঁহনি দৰাত বহি লওঁ তাৰ পাচত তোক প্ৰজাতিটোৰ কথা ভালকৈ বুজাই কম৷ দুয়ো আহি গছৰ তলত ঘাঁহনি দৰাত বহি ল’লে৷
পোৱালিৰ মাকে আৰম্ভ কৰিলে, আজিৰ পৰা বহু বছৰ আগতে মানুহ নামৰ প্ৰজাতি এবিধ আছিল পৃথিৱীত৷ যি নিজকে সকলোতকৈ বুদ্ধিমান বুলি আহংকাৰ কৰিছিল৷ দুখন ভৰিত থিয় হৈ খোজ কাঢ়িছিল৷ বাকি সব আমাৰ দৰেই৷ কিন্তু সিহঁতৰ নেজ নাছিল৷
পোৱালিটোৱে আচৰিত দৃষ্টিৰে মাকৰ মূখলৈ চাইছিল৷
মাকে আকৌ কৈছিল৷ সিহঁতে নিজেই নিজৰ মাজত বিভিন্ন ভাগ কৰি লৈছিল৷ যেনে, সৰু মানুহ-ডাঙৰ মানুহ, উচ্চ জাতি-নিম্ন জাতি৷ আৰু যে কি কি! সৰু মানুহবোৰে এদিনত ভালকৈ এসাঁজ খাবলৈ বহুত কষ্ট কৰিব লগা হৈছিল৷ আনহাতে ডাঙৰ মানুহবোৰে তেনেকুৱা খোৱা বস্তু দৈনিক আৱৰ্জনা ৰূপে পেলাই দিছিল৷
উচ্চ জাত আৰু নিম্ন জাত বুলি কোনো জাত আচলতে নাছিলেই৷ মানুহৰ প্ৰয়োজন সপক্ষে কৰা কামবোৰৰ ভিত্তিত জাতবোৰ নিৰ্ধাৰণ কৰি লৈছিল৷ আৰু যিবোৰে বেছি কাম কৰি কম উপাৰ্জন কৰিছিল সেয়া নিম্ন জাত আৰু কম কাম কৰি বেছি উপাৰ্জন কৰিছিল সেয়া উচ্চ জাতৰ আছিল৷ সেই সূত্ৰে নতুন প্ৰজন্মবোৰ সেই জাতৰ উত্তৰাধিকাৰী হৈছিল৷ সিহঁতে জাতবোৰ চিনাক্ত কৰণৰ বাবে একোটা উপাধি লগাই লৈছিল৷
মানুহ নামৰ প্ৰজাতিটোৰ বেছিভাগে আছিল হিংসাকুৰীয়া৷ নিজৰ প্ৰজাতিৰ মাজতে কাজিয়া কৰি এজনে আনজনক হত্যা কৰিছিল৷ অৱশ্যে তাৰ মাজতে কিছুমান বহুত ভাল মানুহ আছিল৷
এটা কথা কি জান’, আমাৰ নিছিনা নিৰীহ প্ৰণীবোৰ সেই সময়ত সিহঁতৰ গোলাম আছিল৷ যেতিয়াই যেনেকে প্ৰয়োজন আমাক ব্যৱহাৰ কৰিছিল৷ অৱশ্যে শুনা মতে কিছুমানে আমাক বহুত মৰমো কৰিছিল হেনো৷ সিহঁতৰ বেছিভাগৰে হবি আছিল অনাৰ্থক যুক্তি তৰ্ক কৰা, এজনে আনজনক আঘাত কৰা৷ মুঠতে সাংঘাতিক স্বাৰ্থপৰ আছিল৷ যি কেইজন ভাল মানুহ আছিল তেওঁলোকে বহুত চেষ্টা কৰিছিল সেইবোৰ আতৰাবলৈ৷ কিন্তু ভাল কথাবোৰ কোনেওঁ বুজিপোৱা নাছিল৷ স্বাৰ্থপৰতাৰ নগ্ন নিচাত অন্ধত্বক আঁকোৱালি লৈছিল৷ সিহঁতে আমাৰ দৰে প্ৰাণী বোৰক নিজৰ ভোগ-বিলাসৰ সামগ্ৰী ৰূপে ব্যৱহাৰ কৰিছিল৷ আমাৰ দৰে প্ৰাণীবোৰক হত্যা কৰাটো সিহঁতৰ কিবা বোলে ধৰ্মীয় নীতি আছিল৷ সিহঁতে ভাগ কৰা জাতিৰ এটা ভাগে আমাৰ দৰে অন্য কিছুমান নিৰীহ প্ৰাণীক সিহঁতে বিশ্বাস কৰা কোনো শক্তিৰ ওচৰত হত্যা ( সিহঁতৰ ভাষাত সেয়া বলি-বিধান বুলিছিল৷ ) কৰিছিল আৰু জ্বলা মছলা দি ৰান্ধি খাই অতৃপ্ত আাত্মাক তৃপ্ত কৰিছিল৷ অৱশ্যে কিছুমানে এইবোৰৰ বিৰোধিতাও কৰিছিল৷ বেছিভাগ ইমান বেছি স্বাৰ্থপৰ আছিল যে নিজৰ জাতটোক বা ধৰ্মক ওপৰত প্ৰতিষ্ঠা কৰিবলৈ অন্য জাতৰ মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল৷ এনেকৈয়ে নিজৰ প্ৰজাতিৰ মাজত খোৱা-কামোৰা লাগি নিজেই বিলুপ্ত হৈ গৈছিল৷
পোৱালিৱে মাকৰ কথাবোৰ বৰ মনোযোগেৰে শুনি আছিল৷ মাকে তাক আকৌ কৈছিল, জাননে মানুহবোৰে নিজৰ মাজতে মানৱতা বুলি শব্দ এটা উচ্চাৰণ কৰিছিল৷ অৰ্থাৎ যাৰ চৰিত্ৰত মানুহৰ গুণ আছিল তাক মানবতাবাদী বুলিছিল৷ মই কোৱাবোৰ ৯০ শতাংশ মানুহৰ গাতে আছিল৷ গতিকে সেইবোৰকে মানৱতাবাদী গুণ বুলিব পাৰো৷ কাৰণ সিহঁতে সংখ্যা গৰিষ্ঠতাৰ ওপৰত বহুত গুৰুত্ব দিছিল। সংখ্যাগৰিষ্ঠতাই যি কয় সেয়া শুদ্ধ বুলি ভাবিছিল৷
মাকৰ কথা শুনি পোৱালিটোৱে অলপ ভয় খাই কৈ উঠিছিল, মা সেই প্ৰাণীবোৰ নোহোৱা হোৱাই বহুত ভাল হৈছে ন! আমাক যে শান্তিৰ জীয়াই থাকিব নিদিলে হয় আৰু আমাৰ ওচৰত যে থাকে ছাগলীজনী আৰু পোৱালিটো সিহঁতেও শান্তিত থাকিব নোৱাৰিলে হয়৷ ছাগলী পোৱালিটো যে ইমান মৰম লগা৷
মাকে তাক আৰু বহুত কিবা কিবি কৈছিল কেনেকে মানুহ বোৰে বাহিৰত ঘূৰি ফুৰি প্ৰাণীবোৰক জেলত ভৰাই আনন্দ লাভ কৰিছিল৷ কেনেকে চৰাইবোৰ ধৰি সজাত সুমুৱাই থৈ বাটঘৰ শুৱনি কৰিছিল, আৰু বহুতো…
পোৱালিটোৰ মূৰত কিন্তু তেতিয়া একো সুমুৱা নাছিল কাৰণ সি ভাবি আছিল কেনেকে তাৰ পৰা গৈ সি ছাগলী পোৱালিটোৰ লগত খেলিব পাৰিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক