মানুহ এক বৰ্ণশংকৰ প্ৰজাতি নেকি? -(প্রশান্ত কুমাৰ বৰা)

মানুহ এক বৰ্ণশংকৰ প্ৰজাতি নেকি?

-প্রশান্ত কুমাৰ বৰা

 

বহু বছৰ ধৰি কৰা নিৰন্তৰ গৱেষণাৰ অন্তত জৰ্জিয়ান জিনতত্ববিদ ইউজিন মেককাৰ্থী (Eugene McCarthy) য়ে যোৱা বছৰৰ মাজভাগত চাৰ্লছ ডাৰউইনৰ ক্ৰমবিৱৰ্তনবাদক প্ৰত্যাহ্বান জনাই কৰা এক বিশেষ দাবীয়ে বিশ্বজুৰি জীৱবিদসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ৰহস্যজনক কাৰণত পৰৱৰ্তী সময়ত এই বিষয়টোৰ চৰ্চা সীমাবদ্ধ হৈ পৰিলেও কোনো বিজ্ঞানীয়েই কিন্তু মেককাৰ্থীৰ এই দাবীক পোনছাটেই নস্যাত্ কৰিব পৰা নাই। বিজ্ঞানৰ অন্য শাখাৰ দৰেই জিনতত্বৰ ক্ষেত্ৰখনতো সম্প্ৰতি সূক্ষ্মৰ পৰা সূক্ষ্মতৰ গৱেষণাই যথেষ্ট অগ্ৰগতি লাভ কৰাৰ সময়ত মেককাৰ্থীৰ এই গৱেষণাই বিৱৰ্তনবাদৰ আধুনিক ধাৰণাক অধিক গতিশীল কৰি তোলাৰ অৱকাশ নথকা নহয়।

কিন্তু কি নো আছিল মেককাৰ্থীৰ এই বিশেষ দাবীটো? নিজৰ ৱেবছাইটত প্ৰকাশিত Hybrid Hypothesis নামৰ গৱেষণা পত্ৰখনত এই জিনতত্ববিদগৰাকীয়ে উল্লেখ কৰিছিল যে মানুহ আচলতে এক বৰ্ণসংকৰ প্ৰজাতি আৰু মানৱ জাতিৰ আদি পিতা-মাতা হৈছে গাহৰি আৰু চিম্পাঞ্জী- “a male boar or pig (Sus scrofa) with a female chimp (Pan troglodytes)”. জিনতত্ব বিভাগৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হোৱা সূত্ৰে মেককাৰ্থীয়ে ডাৰউইনৰ বিৱৰ্তনবাদৰ মাজত থকা বহুবোৰ সীমাবদ্ধতা লক্ষ্য কৰিছিল আৰু এই বিষয়টোক নতুন ধৰণে ব্যাখ্যা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। তেওঁৰ নিজৰ ভাষাৰেই – “During my years at the genetics department, I became increasingly dissatisfied with the standard explanation of evolution. The more I read about fossils, the more convinced I became that Darwin’s account of the evolutionary process was fundamentally flawed. Moreover, in my study of hybrids I became aware that an alternative way of thinking about evolution, what I now call “stabilization theory,” could do a better job of explaining the available data.” মেককাৰ্থীয়ে বিশ্বাস অনুসৰি যে এটা্ মতা গাহৰি আৰু এক মাইকী চিম্পাজীৰ মাজত হোৱা আন্তঃপ্ৰজাতিগত প্ৰজননৰ ফলস্বৰূপেই মানুহ নামৰ বৰ্ণসংকৰ প্ৰজাতিটোৰ উদ্ভৱ হৈছিল। এনেধৰণৰ প্ৰজননৰ ফলত প্ৰথম অৱস্থাত কল্পকথাৰ চৰিত্ৰ ‘টাৰ্জান’ৰ দৰে চিম্পাজীসদৃশ জীৱৰ উদ্ভৱ হৈছিল। এই জীৱবিধে চিম্পাজীকূলৰ মাজতেই বসবাস কৰিবলৈ লৈছিল আৰু চিম্পাজীৰ লগতেই পুৰুষৰ পিছত পুৰুষজুৰি প্ৰজননত লিপ্ত হোৱাৰ ফলত শেষৰ ফাললৈ ইয়াৰ শৰীৰৰ পৰা গাহৰিৰ সাদৃশ্য অন্তৰ্হিত হৈ অধিক চিম্পাজীসদৃশ হৈ পৰিছিল। সেয়ে বৰ্তমানৰ বিজ্ঞানে চিম্পাজীকেই মানুহৰ নিকটতম আত্মীয় বুলি স্বীকৃতি দিছে। মেককাৰ্থীয়ে উল্লেখ কৰা মতে, তিনি বা ততোধিক প্ৰজন্মৰ পিছত এই প্ৰজাতিটো মানৱসদৃশ জীৱলৈ পৰিণত হৈছিল আৰু নিজকে চিম্পাজীৰ পৰা পৃথক বুলি ভাবিবলৈ শিকিছিল। পৰৱৰ্তী সময়ত ই মাথোঁ নিজৰ মাজতেই বংশ বিস্তাৰৰ পৰিসীমা সীমাবদ্ধ ৰাখিবলৈ লৈছিল আৰু এসময়ত সম্পূৰ্ণ মানৱলৈ পৰিণত হৈছিল।

উল্লেখযোগ্য যে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰসংগ পুথি Handbook of Avian Hybrids of the World–ৰ প্ৰণেতা ইউজিন মেককাৰ্থী বিশ্বৰ এগৰাকী প্ৰসিদ্ধ আৰু স্বীকৃত জিনতত্ববিদ। নিৰ্দিষ্ট অন্তৰালত তেওঁ এই বিষয়ত বহুসংখ্যক ৰচনা প্ৰকাশ কৰি আহিছে। নিজৰ ৱেবছাইটত প্ৰকাশিত Massive collection of information on hybridization in mammals-ত তেওঁ বৰ্ণশংকৰ তত্বৰ বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনিছে। মানুহৰ পূৰ্বপুৰুষৰ সন্ধানত কৰা গৱেষণাত তেওঁ অপৰিচিত হাইব্ৰীড প্ৰজাতিক চিনাক্তকৰণৰ সময়ত অন্য জীৱবিদে অৱলম্বন কৰা পদ্ধতিৰে আশ্ৰয় লৈছিল। মানৱ জাতিৰ নিকটাত্মীয় বুলি পৰিচিত জীৱিত প্ৰজাতি চিম্পাঞ্জীক আমাৰ দুই পূৰ্বপুৰুষৰ এটা প্ৰজাতি বুলি তেওঁ ধৰি লৈছিল আৰু চিম্পাজী-মানৱৰ সম্ভাব্য সকলোখিনি সাদৃশ্য তালিকাভুক্ত কৰিছিল। এই তালিকাই তেওঁক আমাৰ দ্বিতীয়গৰাকী পূৰ্বপুৰুষৰ সন্ধানত কৰা গৱেষণাক নতুন গতি প্ৰদান কৰিছিল। এই সাদৃশ্যসমূহৰ ভিতৰত উল্লেখযোগ্য আছিল – largely hairless skin, a comparable layer of fat beneath the skin, thermoregulatory sweating, light-colored eyes, a protruding rubbery (cartilaginous) nose, vocal cords, heavy eyelashes, humanlike molars, a short pelvis, a curved sacrum with short dorsal spines, similarities in the structure of the kidneys and other internal organs, tiny hooves (called ungual tuberosities) just beneath the skin on the tips of our fingers and toes, and a wide variety of other features. তালিকাভূক্ত সাদৃশ্যসমূহৰ ভিতৰৰ মাত্ৰ দুটা সাদৃশ্য ‘বিশাল মগজু’ আৰু ‘থিয় হৈ থকা ধৰ্ম’ৰ বাদে আন আটাইবোৰ আৱিস্কাৰ কৰা গৈছিল গাহৰিৰ মাজত। মেককাৰ্থী বিস্মিত হৈ পৰিছিল। এই বিষয়ৰ অধিকতৰ অধ্যয়নত তেওঁ এই দেহতাত্ত্বিক বৈশিষ্ট্য আৱিস্কাৰ কৰিছিল যে গাহৰি আৰু চিম্পাজীৰ সংমিশ্ৰণত এক হাইব্ৰীড প্ৰজাতিৰ সৃষ্টি হ’লে নতুন প্ৰজাতিটোৱে এই দুই ধৰ্মও আয়ত্ত কৰিবলৈ সক্ষম হ’ব। মেককাৰ্থী একপ্ৰকাৰ নিশ্চিত হৈছিল। শৈল্য চিকিত্সাৰ সময়ত মানৱ দেহত প্ৰয়োজনসাপেক্ষে গাহৰিৰ হৃদযন্ত্ৰৰ ভালভ আৰু চালৰ কলা সংৰোপনৰ ব্যৱস্থা থকা বিষয়টোৱে তেওঁক এই গৱেষণা্ৰ এক আশ্বৰ্যজনক সমাপ্তিত উপনীত কৰাইছিল, যাৰ ফলাফলে কিন্তু পৰম্পৰাগত তত্ত্বত বিশ্বাসী আৰু স্থিতাৱস্থাপ্ৰত্যাশী অধিকাংশ জিনতত্ববিদকে সন্তুষ্ট কৰিব পৰা নাছিল।

মানুহক বৰ্ণসংকৰ প্ৰজাতি বুলি চিহ্নিত কৰাৰ ক্ষেত্ৰত মেককাৰ্থীয়ে অন্য এক বিস্ময়কৰ যোগাত্মক তথ্য লাভ কৰিছিল। সাধাৰণতেই দেখা যায় যে বৰ্ণসংকৰ প্ৰজাতিসমূহৰ প্ৰজনন ক্ষমতা ইয়াৰ পিতৃ-মাতৃৰ প্ৰজাতিতকৈ কম হয়। অন্য প্ৰাণীতকৈ, বিশেষকৈ গাহৰি বা চিম্পাঞ্জীতকৈ মানুহৰ প্ৰজনন ক্ষমতাৰ সীমাবদ্ধতাই মেককাৰ্থীক উত্সাহিত কৰিছিল। ডি এন এ বিষয়ক অধ্যয়নতো মানুহ আৰু চিম্পাঞ্জীৰ মাজত ৯৮শতাংশ সাদৃশ্য দেখা পোৱা গৈছিল। অৱশ্যে পৰৱৰ্তী প্ৰজন্মসমূহৰ প্ৰজননত গাহৰিক বহুদূৰ নিলগাই থোৱাৰ বাবে মানুহ আৰু গাহৰিৰ ডি এন এ-ৰ সাদৃশ্য বিশেষ উল্লেখযোগ্য নাছিল।

ইউজিন মেককাৰ্থীৰ এই তত্ত্ব যদি সত্য বুলি প্ৰমাণিত হয়- নিজৰ প্ৰতি আমাৰ ধাৰণা সলনি হ’ব পাৰে নেকি? মেককাৰ্থীৰ নিজৰ ভাষাৰেই শুনক – “I must admit that I initially felt a certain amount of repugnance at the idea of being a hybrid. The image of a pig mating with an ape is not a pretty one, nor is that of a horde of monstrous half-humans breeding in a hybrid swarm. … But the way we came to be is not so important as the fact that we now exist. As every Machiavellian knows, good things can emerge from ugly processes, and I think the human race is a very good thing. Moreover, there is something to be said for the idea of having the pig as a relative. My opinion of this animal has much improved during the course of my research. Where once I thought of filth and greed, I now think of intelligence, affection, loyalty, and adaptability, with an added touch of joyous sensuality — qualities without which humans would not be human.”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক