মানুহ – নিভা গগৈ

 

কাপোৰৰ তলত মঙহ
মঙহৰ তলত জঁকা
জঁকাৰ মাজত এলান্ধুবুলীয়া মজ্জা

নখেৰে চিকুটি নিদিবা
আইৰ কেঁচা পাতৰ ৰিহাৰ ওৰণি
ব্লাউজৰ পিন খুলি বক্ষৰ মাজত মুখ গুজি আছে
এটি নৱজাত মঙহেৰে পূৰ্ণ জঁকা
পুৰুষ নে নাৰী
আয়ে নেজানে সেয়া

কলগছৰ বেইৰ তলত এগচি চাকি
চাকিৰ পোহৰত দুটি মঙহৰ লগুণ
সেইদিনা জঁকাবোৰে হোমৰ জুইত উত্তাপ লয়
গৰ্ভত ভৱিষ্যতে হাত সেকে
আন এখন বেইৰ তলৰ সপোন ৰচে

জঁকাবোৰৰ ওপৰত মঙহবোৰে উদযাপন কৰিলেই
মঙহৰ ওপৰত ঢাকি ধৰা কাপোৰে সেইদিনা মানুহ বিচাৰে
হাড়ে হাড়ে জঁট লাগে
মাজুলীৰ টুনি নৈত বৈ যায় তেজৰ সঁফুৰা,
কোঠাৰ বিজুলী বাতিৰ পোহৰত বাহিৰৰ পৃথিৱী নেদেখি
য’ত ডাৱৰে আৱৰা জোনটোক
এজাক কাউৰীয়ে খুটিয়াই আছিল

মঙহবোৰ যিদিনা পুৰিব
পচিব জঁকাৰ মজ্জা
সেইদিনা ক’তো কাপোৰ নেথাকিব
মানুহে মানুহক মাটি কৰিব৷ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক