মানুহ ( নীত কাশ্যপ )

লীলা বৌৰ উশাহ চুটি হৈ আহিছে৷ কথাটো কাণত পৰাৰ মাত্ৰকেই মোহন পাঠকে ভাগৱত খন লৈ ওলাল৷ “আই অ’, মামনি…থাপনাত চাচোন গংগাজল আছে নে ঢুকালেই৷ নাই যদি অলপ ইঘৰ-সিঘৰ বিচাৰি বৰমাহঁতৰ ঘৰলৈ আহিবি বেগেতেই৷“ পদূলিৰ পৰাই চিঞৰি কৈ থৈ গ’ল সৰুজনী জীয়েক মামনিক৷ চাৰিটা পদূলি এৰি লীলা বৌহঁতৰৰ ঘৰ৷ তথাপি যেন আজি শেষ হ’ব নোখোজা এক দূৰত্ব৷ এনেকুৱা এক জীৱনৰ দূৰত্বই অতিক্ৰম কৰিছে লীলা বৰুৱাই৷ স্বামীৰ মৃত্যুৰ পিচত দুই পুত্ৰক অকলে ডাঙৰ কৰাতো কিমান কঠিন মোহন পাঠকে বুজে৷ বুজে, সেইকাৰণে মানুহগৰাকীৰ আপদে-বিপদে সদায় কাষত থিয় হয়, তেওঁৰ কঠোৰ স্বভাৱৰ লগতো সহজ হয়৷ পিতৃহীন সূৰ্য আৰু চন্দ্ৰক মানুহ বনাবলৈ সকলো কষ্ট হেলাৰঙে পাৰ কৰিছিল লীলা বৰুৱাই৷ জীৱনৰ কষ্টবোৰ অকলে পাৰ কৰিবলগীয়া হ’লে কিছুমান মানুহক অলপ কঠোৰ হৈ পৰে৷ চোতালত বিয়াকুল চন্দ্ৰক দেখি মোহন পাঠকৰ মনটো সেমেকি গ’ল৷
পৰ্দাখন কোচাই থোৱা খিৰিকীখনত চকু থৈ চুটি হৈ অহা উশাহেৰে লীলা বৰুৱাই নাৰিকলজোপাৰ আঁৰে আঁৰে লুকা-ভাকু খেলি থকা দূৰৈৰ সূৰ্যটোলৈ চাই আছিল৷
“ সূ…ৰ“৷

“ নহয় বৌ মইহে মোহন”৷
“ ত_ই ইমা_ন দে_ৰি ক_ৰি_লি৷“ লীলা বৰুৱাই হয়তো ধৰিব নোৱাৰিলে মোহনক৷ মোহন পাঠকৰ চকু চলচলিয়া হ’ল৷ দুই পুত্ৰক মানুহ কৰিবলৈ নিজৰ জীৱন শেষ কৰি দিয়া মানুহগৰাকী৷ মানুহে কাঠচিতীয়া, স্বাৰ্থপৰ বুলি কয় তেওঁক, তেওঁ মন নকৰে৷ তেওঁৰ দুই সন্তানক প্ৰতিষ্ঠিত কৰিবলৈ এইখিনি কথা শুনাটো একোৱেই নহয় তেওঁৰ বাবে৷ সূৰ্যই এই কষ্ট অথলে যাব দিয়া নাছিল৷ পঢ়া-শুনাত সি চোকা৷ তেওঁ যেনেকে গঢ় দিব বিচাৰিছিল তেনেকৈয়ে গঢ় লৈ উঠিছিল সি৷ এতিয়া মুম্বাইত বহুজাতিক কোম্পানী এটাৰ মুখ্য অভিজন্তা সূৰ্য৷ কিন্তুু চন্দ্ৰ, সি বাৰুকৈয়ে নিৰাশ কৰিছিল লীলা বৰুৱাক৷ তেওঁৰ প্ৰতিপালনত দাগ লগোৱা চন্দ্ৰক একমাত্ৰ মোহনৰ কথাতহে সহিব পাৰিছিল বৰুৱানীয়ে৷ প্ৰতিপালনৰ চাকটো চোন সমানেই ঘূৰাইছিল দুইটাৰে বাবে৷ কিন্তুু চন্দ্ৰ কিয় গঢ় লৈ নুঠিল তেওঁৰ হাতত৷
“ সব মানুহ একেই মাটিৰে গঢ়া নহয় বৌ, চন্দ্ৰ কেতিয়াও সূৰ্যৰ দৰে হ’ব নোৱাৰে৷ “ কিয় নোৱাৰিব? পালনততো ভিন্নতা অহা নাই কেতিয়াও৷ উত্তৰ বিচাৰি নাপাই চন্দ্ৰৰ ওপৰত অতিষ্ঠ হৈছিল লীলা বৰুৱা৷ তাক দেখিলেই যে নিজৰ প্ৰতিপালনৰ অক্ষমতাই তেওঁক ইতিংকি কৰে৷ তেওঁৰ এজন পুত্ৰক যে তেওঁ মানুহ বনাব নোৱাৰিলে৷
লাহে লাহে আন্ধাৰ নামি আহিছিল৷ চন্দ্ৰই মাকৰ মূৰত হাত বুলাই গৈছিল৷ “ ককাইদেউ আহি পাবহিয়ে মা৷ মই এসপ্তাহ আগতেই জনাইছো আপোনাৰ কথা৷ “ লীলা বৰুৱাৰ চকু জাপ খাই আহিছিল৷ মোহন পাঠকে জানে সূৰ্য নাহে, কেতিয়াও নাহে৷ খৰখেদাকৈ ভাগৱতখন মেলি ল’লে তেওঁ৷ আন্ধাৰ ক্ৰমাৎ গাঢ় হৈ আহিছিল৷ লীলা বৰুৱাৰ চুটি চুটি উশাহবোৰৰ শব্দও এটা সময়ত নুশুনা হৈ পৰিছিল, পশ্চিম আকাশত নেদেখা হোৱা সূৰ্যটোৰ দৰে৷
মোহন পাঠকৰ সেইৰাতি টোপনি অহা নাছিল৷ আচলতে লীলা বৌয়ে তেওঁৰ কোনজন পুত্ৰক মানুহ বনাব নোৱাৰিলে৷ এই এটা প্ৰশ্নই তেওঁক ভাগৱতৰ ভাঙিব নোৱাৰা শ্লোক এটাৰ দৰেই ওৰে ৰাতি আমনি কৰি থাকিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments