মানুহ পানীৰে গজি অহা শইচ সমগ্ৰ (নন্দ সিং বৰকলা)


ডাৱৰবোৰ জীৱনৰ ৰঙেৰে পানী হৈ সৰে তললৈ
পানীৰে গজি আহে শইচৰ মানুহ
এই মানুহে ফুলৰোৱা হাতেৰে ফুলতোলা হাতত
গুজি দিয়ে দিন, জোনাক, ৰ’দ, ৰাতি আৰু ছাগলী পোৱালিৰ চেঁকুৰণি
 
মাটিয়ে শিপা মেলিছে মোৰ বুকুলৈ
মই প্ৰসাৰিত হৈছোঁ আকাশ আৰু জোনৰ দেহলৈ
বৰষুণৰ কলিজাত লুকাই থকা কৃষ্ণ সাগৰৰ কূটকৌশল নাশিবলৈ
ৰাতি ৰাতি আন্ধাৰৰ ভিতৰেদি পাৰ কৰা শইচ পথাৰৰ যাতনাই
মেলিছে দুহাত প্ৰেম আৰু আনন্দৰ হাঁহি বিচাৰি
 
গছৰ শিৰাত তাৰ পৰা উপশিৰাত গজালিয়ে সুহুৰিয়াইছে
সূৰ্যৰ জ্বলন্ত পোহৰত স্নিগ্ধতাৰে
গছৰ উখল-মাখল জগতত চৰাইৰ জয়ধ্বনি
গান গুণ-গুণ পাতত বতাহৰ জোনাক তিৰবিৰোৱা সুষমা
 
জুই পুৰি পুৰি দুহাত জ্বলোৱা আকাশ, শ কটা মানুহৰ বিবৰ্ণ দুহাত-মুখ
আণৱিক বোমাৰ গুণ গোৱা বতাহ,
পথাৰ পুৰি ছাই হোৱা ৰ’দৰ তথাপি বিলাপ
চিত্ৰ, মহাচিত্ৰ, নিত্য, অনিত্য, শংখশব্দৰ অনন্ত জগতকলৈ
 
এই শব্দ জুয়ে পুৰিব নোৱাৰে
আণৱিক বোমা বিদীৰ্ণ হয় এনে শব্দ-সমুদ্ৰত
 
আৰ্তনাদ নৈৰ সীমা ভাঙি গাঁও হেৰুৱা মানুহৰ
স্যমন্ত প্ৰভুৰ মুখৰ শব্দ চহকী হৈ আহে ক্ষমতাৰ চকীৰ বলত
পানী ভাঙি বৰষুণ পৰে, ৰজাই তেজৰ নৈত সাঁতুৰে
বৰষুণত ৰজা নিতিতে সেয়ে ৰজা পথাৰৰ সুষমা নহয় কোনোদিন
গেঁৰ ওলোৱা ধানৰ মৃণ্ময় মাত হ’ব নোৱাৰে।
 
মাটি হেৰুৱা মানুহৰ ভৰিত মাটিৰ শিপাৰ সুগন্ধি
জোনাকৰ হেন্দোলনি,
ডাৱৰৰ ইননি-বিননি
মাটিয়ে চিঞৰিছে মানুহ মহাকাব্য, মহাৰণ্য, মহাসমুদ্ৰ,
মহাঅন্তৰীক্ষ, পথাৰৰ শইচ গজোৱা দিব্য আলোক উৎসৱ
 
মানুহেই সাতৰঙী ৰামধেনুৰ ৰং,
ৰাজহাড় বেঁকা হ’লেও মানুহেই গায়
ৰং বিলোৱা জীৱনৰ হাতবোৰৰ বৰগীত,
মানুহ সূত্ৰধাৰ পৃথিৱীৰ
মানুহে মানুহে মহামানুহৰ পানীৰে গজি অহা শইচ সমগ্ৰ
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক