মানুহ হোৱাৰ গৌৰৱ – ডাঃ কুমাৰ পাৰ্থপ্ৰতিম

(তেখেতৰ চকুলৈ চাইছিলোঁ, তেখেতৰ দুচকুত মোৰ প্ৰতি স্পষ্ট ৰূপত ফুটি উঠিছিল পৰম কৃতজ্ঞতা, যিটো অন্ততঃ তেনে এজন সংকটজনক অৱস্থাৰ ৰোগীৰপৰা মোৰ কেতিয়াও প্ৰাপ্য নাছিল৷ তেখেতলৈ চাই হঁহাৰ দৰে কৰি ক’লোঁ,

“চিন্তা নকৰিব দেউতা, হস্পিতেল পাই গ’লোঁ৷ সকলো ঠিক হৈ যাব।”
তেখেতেও কষ্ট কৰি হাঁহিবলৈ যত্ন কৰিলে, কিন্তু নোৱাৰিলে৷ তেখেতেও হয়তোবা বুজি পাইছিল, ‘সকলো ঠিক হৈ যাব’ কথাষাৰ যে সঁচা নহ’বও পাৰে৷ )

১৯ জুলাই, ২০১৭:

সন্ধিয়া সাতমান বজাৰ কথা৷ চিকিৎসালয়ত ডিউটিত আছিলোঁ৷ মোবাইলটো বাজি উঠিল৷ শ্ৰীমতী, মানে প্ৰণামীৰ ফোন৷
“কোৱা প্ৰণামী৷ ”
“পাৰ্থ, বাহিৰৰ কিবা এটা খাবলৈহে মন গৈছে দেখোন আজি৷ তুমি যদি সময়মতে ডিউটিৰপৰা ওলাব পাৰা, তেন্তে কিবা এটা লৈ আনিবা নেকি? ”
এনেদৰে বাহিৰৰপৰা খোৱা বস্তু নিয়াৰ কথা প্ৰণামীয়ে তেনেকৈ নকয়েই৷ গতিকে তেওঁ তেনেদৰে কোৱাৰ পিছত ডিউটিৰপৰা ওলাই ৰেষ্টুৰেণ্ট এখনৰপৰা কিবা এটা লৈ যাম বুলি মনতে থিৰাং কৰিলোঁ৷
সোনকালে ওলাম বুলি ভাবিলেও ডিউটিৰপৰা ওলাওতে অলপ দেৰিয়েই হ’ল৷ এনেদৰে সাধাৰণতেই দেৰি হয়, কিন্তু সেইদিনাৰ কথা বেলেগ আছিল, ৰেষ্টুৰেণ্ট বন্ধ হৈ গ’লে বেয়া লাগিলহেঁতেন৷ ততাতৈয়াকৈ গাড়ী ষ্টাৰ্ট দি ভঙাগড়ৰপৰা উলুবাৰী পালোগৈ৷ কে এফ চিখন খোলা দেখি গাড়ীখন ৰাখিলোঁ৷ তাত সোমাই মেনুখন চাই খোৱাবস্তু কেইবিধমান অৰ্ডাৰ কৰাত পোন্ধৰ মিনিটমান লাগিব বুলি জনালে৷ প্ৰণামীলৈ ফোন কৰিলোঁ, ক’লোঁ যে আধাঘণ্টামানৰ ভিতৰত ঘৰ গৈ পাব লাগে, লগতে জীয়ৰীক শুৱাই দিবলৈও মানা কৰিলোঁ৷
জীয়ৰী প্ৰতিষ্ঠাৰ এই আগষ্টৰ ১২তাৰিখে দুবছৰ পূৰ হ’ব৷ জানো, এনে বস্তু তাই নামতহে অলপমান খায়, কিন্তু গৈ পোৱাৰ লগে লগে মনৰ ফূৰ্তি প্ৰকাশ কৰি তাই যি আগ্ৰহেৰে বস্তুখিনি হাত পাতি ল’য়, দুখ-ভাগৰ সকলো নিমিষতে নোহোৱা হৈ পৰে৷

বহি থাকোতেই মোবাইলৰ ‘মেছেজ বক্স’ চেক কৰিলোঁ৷ ডাঃ কৃশাণু শ্ৰীময়ী বাই দিনতে দিয়া মেছেজ এটা চকুত পৰিল যদিও লিখিবলৈ অলপ দীঘলীয়া হ’ব কাৰণে লিখাৰ এলাহত ৰিপ্লাই দিয়াৰ সলনি বালৈ ফোনেই কৰিলোঁ৷ ফোনটো ৰখাৰ ঠিক পিছতে বস্তুখিনি ৰেডী হ’ল৷ পেকেটটো গাড়ীত ৰাখি ঘৰমুৱা হ’লোঁ৷ উলুবাৰীৰ লাইফ ফাৰ্মাচীৰ কাষেৰে সোমাই যোৱা ভিতৰুৱা ৰাস্তাটোৱেদি ৰাজগড়লৈ বুলি অলপদূৰ যাওঁতেই মনত পৰিল যে মোৰ চিনিয়ৰ তথা মনোৰোগ বিশেষজ্ঞ ডাঃ শ্যামন্ত দাস দাৰ লগত লেখা এটাৰ সংক্ৰান্তত কথা অলপ পাতিবলগীয়া আছিল৷ ঘড়ীটোলৈ চালোঁ৷ নিশা দহ বাজি বিছ মিনিট গৈছে৷ ঘৰ গৈ পোৱাৰ পিছত জীয়ৰীয়ে মোৰ লগ সহজে নেৰিব৷ গতিকে ফোন কৰিবলৈ সুবিধা পোৱাৰ চান্স কম৷ ৰাস্তাৰ দাঁতিতে থকা সৰ্বজনীন শিৱমন্দিৰটো পোৱাৰ অলপ আগতে বিপৰীত দিশত ৰাস্তাৰ বাওঁপিনে থকা বজাৰখনৰ সমীপৰ পদপথৰ কাষত গাড়ীখন ৰাখি দাদাৰ নম্বৰ ডায়েল কৰিলোঁ৷ দাদাৰ লগত কথা পাতি থাকোতেই মানুহ এজনে আহি সুধিলে,
“শুনকচোন, ৰোগী এজন আছিল, খুব চিৰিয়াছ৷ আপুনি কাইণ্ডলি লৈ যাব পাৰিব নেকি?”
ৰোগী এগৰাকী চিকিৎসালয়লৈ লৈ যাবলৈ মই অসুবিধা পোৱাৰ প্ৰশ্ন নুঠে৷ কিন্তু ‘খুব চিৰিয়াছ’ কথাষাৰ শুনি মনলৈ অলপ চিন্তা আহিল৷
“১০৮ ত ফোন কৰিছেনে নাই বাৰু?”
“কৰিছোঁ, কিন্তু লাইন পোৱা নাই৷”
“আচলতে ১০৮ এম্বুলেন্সহে তেখেতৰ বাবে বেছি ভাল হ’ব নেকি? আপুনি এটা কাম কৰক, মই ইয়াতে আছোঁ, আৰু দুবাৰমান ট্ৰাই কৰি চাওকচোন, যদি লাইন নাপায়, ময়েই লৈ যাম বাৰু তেখেতক৷ চিন্তা নকৰিব৷”
মানুহজন অলপমান আঁতৰি ফোন লগাবলৈ যত্ন কৰিলে৷ ময়ো দাদাৰ লগত কথা পতাত ব্যস্ত হৈ পৰিলোঁ৷ দুই মিনিটমানৰ পিছতে মানুহজন মোৰ ওচৰলৈ উলটি আহিল৷
“লাইন পোৱা নাই দাদা৷ আপুনিয়েই কিবা এটা কৰকনা৷”
ফোনৰ ইটো মূৰত থকা শ্যামন্ত দাক জনালোঁ, “দাদা, সমস্যা এটাত পৰিছোঁ, মই আপোনাৰ লগত পিছত কথা পাতিম৷ ”
মানুহজনক সুধিলোঁ,
“কোনপিনে যাব লাগিব? ”
ওচৰৰে সৰু ৰাস্তাটোলৈ দেখুৱাই তেখেতে জনালে, “এই পিনেদিয়েই যাব লাগিব৷ কিন্তু ৰাস্তাটো বৰ সৰু, গাড়ী ঘূৰাবলৈ ঠাই নহ’ব৷ গতিকে আপুনি বেক কৰিয়েই লৈ লওক গাড়ীখন৷ ”
গাড়ী ষ্টাৰ্ট দিলোঁ৷ মূল ৰাস্তাৰ তুলনাত ঠাইতে ওখ ৰাস্তাটোলৈ ‘বেক গিয়েৰত’ গাড়ীখন উঠায়েই দেখোঁ ৰাস্তাটোতো সৰুৱেই, তাতে আকৌ কাষেদি ভঙা উন্মুক্ত নলা এটা৷ তেনে ক্ষেত্ৰত নিশা তেনে এটা ৰাস্তাত পিছুৱাই গাড়ী এখন চলাই লৈ যোৱাটো সিমান উজু নহয়, কেনেবাকৈ অলপমান অসাৱধান হ’লেই গাড়ীৰ চকা নলাত ফচি যোৱাৰ সম্ভাৱনা৷ তথাপিও বিশেষ নাভাবি গাড়ীখন পিছুৱাই লৈ গ’লোঁ৷ দুজনমান মানুহে চিগনেল দেখুৱাই সহায় কৰিলে৷ এশমিটাৰমান তেনেদৰে যোৱাৰ পিছত বেকলাইটৰ পোহৰত পয়ষষ্ঠি বছৰমান বয়সৰ মানুহ এজনক দাংকোলাকৈ লৈ অনা দেখিবলৈ পালোঁ৷ গাড়ীৰ লকটো খুলি গ্লাছকেইখন নমাই দিলোঁ৷ ড্ৰাইভিং চিটৰ কাষৰ চিটটোত ৰাখি থোৱা খোৱাবস্তুৰ টোপোলাটো ডেছবৰ্ডৰ ওপৰত ৰাখিলোঁ৷ পিছৰ চিটত থকা কাগজ পত্ৰখিনি ‘ডিকি’লৈ দলিয়াই দিলোঁ৷ ততাতৈয়াকৈ মানুহজনক দুজন মানুহে আনি পিছৰ চিটত বহুৱাই দিলে৷ বেদনাত কেঁকাই আছিল তেখেতে৷ উশাহো ঘন৷ মোবাইলটো আকৌ এবাৰ বাজি উঠিল৷ প্ৰণামীয়ে ফোন কৰিছিল,
“দেৰি হৈছে যে পাৰ্থ? গাড়ীয়ে কিবা অসুবিধা কৰিছে নেকি?”
“নাই নাই, গাড়ী ঠিকে আছে৷ কিন্তু বাটতে পেচেণ্ট এজন পাইছোঁ ৰ’বা৷ মই তেখেতক হস্পিতেলত নমাইহে ঘৰলৈ উলটিম৷”
“অ’হ! ঠিক আছে দিয়া৷ আহি থাকা তেন্তে৷”
তেনে সময়তে এগৰাকী মহিলা মোৰ কাষৰ চিটটোত বহিলহি৷ পিছৰ চিটলৈ চালোঁ, ৰোগীগৰাকীৰ একাষে এজন পুৰুষ আৰু আনকাষে এগৰাকী মহিলা৷ মই ক’লোঁ,
“মই জি এম চিৰ চিকিৎসক৷ যদি ভাবে, তেখেতক জি এম চিত নমাই তাৰ ডাক্তৰৰ লগত কথা বতৰা পাতি মই তেখেতৰ লাগতিয়াল চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰিব পাৰিম৷ আৰু যদি বেলেগলৈ নিওঁ বুলি ভাবিছে, তেতিয়াও কোনো কথা নাই, মই তালৈকে আপোনালোকক লৈ যাব পাৰিম৷ ”
মোৰ কাষৰ চিটটোত বহা মহিলাগৰাকীয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনৰ নাম উল্লেখ কৰি উত্তৰ দিলে,
“******** হস্পিতেললৈকে লৈ যাওঁ নেকি ৰাতিটোৰ বাবে?”
“হ’ব, আপোনালোকে যি বুলি ভাবে৷ আৰু এটা কথা সুধি লওঁ, গাড়ীৰ গ্লাছ নমাই ৰাখিম, নে এ চি অন কৰিম? ”
“এ চি দিয়াই ভাল হ’ব যেন লাগে৷ ”
“ঠিক আছে৷ ”
তেখেতসকলে উল্লেখ কৰা হস্পিতেলখনলৈ বুলি গাড়ী পোনালোঁ৷ নিশাৰ কথা, ৰাস্তা একপ্ৰকাৰ খালী৷ হস্পিতেল পোৱালৈ বেছি সময় নালাগিল৷ হস্পিতেলৰ চিকিউৰিটি গাৰ্ড দুজনে খৰখেদাকৈ ট্ৰলী এখন অনালে৷ মোৰ গাড়ীত উঠি যোৱা আনজন পুৰুষৰ লগ লাগি ৰোগীগৰাকীক ট্ৰলীখনত উঠালোঁ৷ সেই গম্ভীৰ অৱস্থাতো ৰোগীগৰাকীয়ে মোৰ বাহুত আশীৰ্বাদ দিয়াৰ দৰে লাহেকৈ হাত বোলাই দিলে৷ তেখেতৰ চকুলৈ চাইছিলোঁ, তেখেতৰ দুচকুত মোৰ প্ৰতি স্পষ্ট ৰূপত ফুটি উঠিছিল পৰম কৃতজ্ঞতা, যিটো অন্ততঃ তেনে এজন সংকটজনক অৱস্থাৰ ৰোগীৰপৰা মোৰ কেতিয়াও প্ৰাপ্য নাছিল৷ তেখেতলৈ চাই হঁহাৰ দৰে কৰি ক’লোঁ,
“চিন্তা নকৰিব দেউতা, হস্পিতেল পাই গ’লোঁ৷ সকলো ঠিক হৈ যাব৷ ”
তেখেতেও কষ্ট কৰি হাঁহিবলৈ যত্ন কৰিলে, কিন্তু নোৱাৰিলে৷ তেখেতেও হয়তোবা বুজি পাইছিল, ‘সকলো ঠিক হৈ যাব’ কথাষাৰ যে সঁচা নহ’বও পাৰে৷

তেখেতক ভিতৰলৈ লৈ যোৱা হ’ল, ভিতৰলৈ যোৱাৰ সময়ত তেখেতে মোলৈ এৰি গ’ল এক আশীৰ্বাদভৰা চাৱনি৷ যথাৰীতি ৰোগীৰ আত্মীয়সকলৰপৰা অনুমতি বিচাৰি মই পুনৰ ঘৰমুৱা হ’লোঁ৷ মোৰ দুচকুৰ সমুখত জিলিকি উঠিল বেদনাৰ মাজতো আশাত বন্দী সেই ৰোগীগৰাকীৰ অনুজ্জ্বল মুখখনি, তেখেতৰ সেই আশীৰ্বাদভৰা চাৱনি৷

পদপথৰ কাষত গাড়ীখন আকৌ এবাৰ ৰখাই দুবাৰমান দীঘল দীঘলকৈ উশাহ ল’লোঁ আৰু অভাৱনীয়ভাৱে এনে এটা ‘ভাল’ কাম কৰিবলৈ সুযোগ দিয়াৰ বাবে অন্তৰেৰে নেদেখাজনক ধন্যবাদ জনালোঁ৷

এই গোটেই কথাখিনি আপোনালোকক হুবহু জনোৱাৰ অন্তৰালত মোৰ এক উদ্দেশ্য নিহিত আছে৷ ‘ফে’চবুক’ তথা অন্যান্য চ’ছিয়েল মেডিয়াবোৰত এজনে আনজনক সহায় কৰাৰ ব্যক্তিগত কাহিনীবোৰ দেখি শুনি মোৰ মনলৈ প্ৰায়েই এই কথাই আহে, “হয়তো, এনেদৰেও দেখোন কাৰোবাক সহায় কৰিব পাৰি৷” তেনেক্ষেত্ৰত ধনাত্মক দিশত কোনোবা এজনক হ’লেও যদি মোৰ কাহিনীটোৱে অনুপ্ৰাণিত কৰিবলৈ সক্ষম হয়, তেন্তে মই সফল৷
চাওঁক, সেইদিনা এজন চিকিৎসক হিচাপে নহয়, এজন ড্ৰাইভাৰ হিচাপেহে মই মানুহগৰাকীক চিকিৎসালয়খনলৈ লৈ গৈছিলোঁ৷ কাৰোবাক সহায় কৰিবলৈ আপুনি সাংঘাতিক কিবা এটা হোৱাৰ দৰকাৰ নপৰে৷ যিকোনো এজন ‘সাধাৰণ’ মানুহেই আন এগৰাকী ‘মানুহ’ক সৰু বা ডাঙৰ যিকোনো উপায়েৰেই সহায় কৰিব পাৰে৷ এই ৰোগীগৰাকীক সামান্য সহায় কৰি মই এজন ‘মানুহ’ হোৱাৰ অনুশীলনহে কৰিছোঁ৷ আৰু সেই অনুশীলনত মই নিঃসন্দেহে সুখী হৈছোঁ৷

বাৰু, কাহিনীটোৰ শেষৰখিনিলৈ ঘূৰি আহোঁ৷
চাৰে এঘাৰমান বজাত ঘৰ সোমালোঁ৷ প্ৰণামীয়ে দৰ্জা খুলি দিলে৷ জীয়ৰী টোপনি গৈছিল তেতিয়ালৈ৷ ডাইনিং টেবুলৰ ওপৰত খোৱা বস্তুখিনি ৰাখিলোঁ৷ ড্ৰয়িং ৰুমতে বহি প্ৰণামীক কথাখিনি জনাই গা ধুবলৈ বুলি আমাৰ কোঠাৰ সংলগ্ন বাথৰুমটোলৈ বুলি অগ্ৰসৰ হ’লোঁ৷ ‘নাইট লাইট’ৰ কম পোহৰত বিছনাখনত চকু পৰিল৷ বিছনাৰ একাষে জীয়ৰী প্ৰতিষ্ঠা টোপনিত লালকাল৷ তাই অস্ফুটভাৱে কিবা এটা কৈছে৷ বোধহয় কিবা সপোন দেখিছে৷ তাইলৈ বৰকৈ মৰম লাগি গ’ল৷ দেউতাকলৈ বুলি অপেক্ষা কৰি থকা কণমানিজনী দেউতাকক লগ নোপোৱাকৈয়ে টোপনি যাব লগা হ’ল৷ তাইৰ কপালত চুমা এটা যাচি ক’লোঁ,

“তোমাৰ ‘পাপা’ক বহুত ভাল কাম এটা কৰি আহিবলৈ ভগৱানে সুবিধা দিলে মাতু৷ তুমি ডাঙৰ হৈ শুনি ভাল পাবা৷ ”

তাই একো উত্তৰ নিদিলে৷ একো প্ৰতিক্ৰিয়াও নেদেখুৱালে৷ তেতিয়াও তাই দুৰ্ঘোৰ টোপনিত৷ মই নিশ্চিত, সাৰে থকা হ’লেও কণমানিজনীয়ে তাইৰ বয়সত মোৰ কথাখিনি বুজিবলৈ অসমৰ্থ হ’লহেঁতেন৷ গৰুৰ আগত টোকাৰী বজোৱা হেন কথাখিনিত মোৰ নিজৰেই হাঁহি উঠি গ’ল৷ কিন্তু লগতে হৃদয়ত তাইৰ প্ৰতি অলপ বেছিকৈয়ে মৰম উথলি উঠিল৷

তাইৰ মুখখনলৈ চাই ৰ’লোঁ কিছুপৰ৷ আদৰৰ আৱেষ্টনীত নিদ্ৰাৰত নিৰ্দোষ, নিৰ্মল এই শিশুজনী যে মোৰেই জীয়ৰী৷ তাইৰ কপালখনত মৰমেৰে আৰু এটা চুমা যাচিলোঁ৷ হয়তোবা সেয়া এক আৱেগৰ চুমা, নতুবা সেই ৰোগীগৰাকীয়ে মোক দিয়া আশীৰ্বাদখিনি জীয়ৰীজনীলৈ বিয়পাই দিয়াৰ মোৰ এক ‘অৰ্থৱহ’ বা ‘অনৰ্থক’ প্ৰচেষ্টা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক