মানুহ হোৱাৰ গৌৰৱ – পৰীস্মিতা বৰদলৈ

মানুহ হেনো জীৱশ্ৰেষ্ঠ৷ চৰাচৰ জগতত জীৱৰ প্ৰাদুৰ্ভাৱৰ পাছৰেপৰাই বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতেই হওক অথবা অন্য কেতবোৰ কাৰণৰ বাবেই হওক মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈ আহিছে৷

এটি শিশুৰ জন্মৰ পাছতেই পিতৃ-মাতৃ তথা অভিভাৱকে শিশুটিক আদৰ, যতন, মৰম তথা অনুশাসনৰ মাজেৰে “মানুহ“ হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টাত ব্ৰতী হয়৷ উপযুক্ত শিক্ষা দীক্ষাৰে দীক্ষিত কৰি একোজন সফল নাগৰিক কৰি তোলাৰ বাবে যত্নপৰ হয়৷ মাক-দেউতাকৰ বাবেই হওক অথবা নিজৰ বাবেই হওক সময়ত একোজন সফল ব্যক্তি হিচাপে সুনাম বুটলিবলৈ সক্ষমো হয়গৈ তেওঁলোক৷ পাছে এইখিনিতে প্ৰশ্ন উঠে প্ৰকৃততে তাৰে মাজৰ কেইজনে ‘মানুহ’ হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয়?

মই এইখিনিতে মোৰ ব্যক্তিগত জীৱনত লগ পোৱা কেইজনমান ব্যক্তিৰ বিষয়ে অৱগত কৰিম যি ‘মানুহ’ হৈ মোৰ দুচকুত ধৰা দিছিল৷ যাৰ পদবী, সমাজত তেওঁলোকৰ স্থান অথবা নামৰ পাছত থকা উপাধি সম্বন্ধে মই প্ৰথমে জ্ঞাত নাছিলো৷ কিন্তু তেওঁলোকৰ ‘মানৱীয়তা’ গুণটোৰ বাবে মই তেওঁলোকক আমৃত্যু বুকুৰ মাজত কঢ়িয়াই ফুৰিম৷ যি প্ৰকৃততেই ‘মানুহ’ নামৰ পৰিচায়ক৷ ‘মানুহ’ হোৱাৰ গৌৰৱেৰে বিভূষিত৷

২০১৩ চনৰ ১১ জুন৷ মোৰ জীৱনৰ এটা ক’লা দিন৷ যিদিনা মোৰ মূৰৰ ওপৰৰ আকাশখন, আমাক বটবৃক্ষ হৈ আৱৰি ৰখা মানুহজন, মোৰ ‘দেউতা’ দুৰ্ঘটনা এটাত পতিত হৈ আকস্মিকভাৱেই নোহোৱা হৈ গৈছিল৷ ৰাতি ১১: ৩০ বজা৷ শিৱসাগৰ ডিচপেঞ্চেৰীত মুহূৰ্ততে ‘ডেডবডী’ হৈ পৰা দেউতাক লৈ দুজনী অকলশৰীয়া মাইকী মানুহ৷ এজনী মই আৰু আনগৰাকী মোৰ পেহী৷ দুয়ো বিমোৰত পৰিছো কিয়নো আমি লৈ যোৱা এম্বুলেঞ্চখনত আমি ‘ডেডবডী’ আনিব নোৱাৰো৷ কান্দিব নোৱাৰা অৱস্থা! কি কৰোঁ মাজৰাতিখন? তেনেতে তাতে উপস্থিত থকা দেৱদূতৰ দৰে এজন লোকে আহি এখন ভান ঠিক কৰি দিয়ে আমাক আৰু আমি এনেদৰেই সম্ভাব্য পৰিস্থিতিৰ পৰা মুক্ত হওঁ৷ সেইটো মুহূৰ্তত যদি সেই দেৱতুল্য মানুহজনে আমাক সিমানকণ সহায় কৰি নিদিলেহেঁতেন, আমি বিপদতে বিপদত নপৰিলোহেঁতেন নে? গতিকে সেই অচিনাকি লোকজন আমাৰ চকুত সেই মুহূৰ্তত প্ৰকৃত ‘মানুহ’, যি নিজৰ কামেৰে মানৱতাৰ পৰিচয় দিলে৷

দ্বিতীয়টো ঘটনা ২০১১ চনৰ৷ তেতিয়া মই গুৱাহাটীৰ প্ৰাইভেট কোম্পানী এটাত কৰ্মৰত৷ হঠাতে খুড়াই ফোন কৰিলে ‘মাৰ গাটো অলপ বেয়া’৷ মই লৰালৰিকৈ অফিচত খবৰটো জনাই ৰাতিয়েই যোৰহাটলৈ বুলি ৰাওনা হ’লো৷ কিন্তু ঘৰ পাই মাক ডাক্তৰৰ ঘৰলৈ নিবলৈ লওঁতেই দেখো মোৰ পাৰ্চটো নাই৷ য’ত মোৰ এ.টি.এম. কাৰ্ডকে ধৰি নগদ পাঁচহাজাৰ টকা আছিল৷ মই আগদিনাই অফিচৰ পৰা ওলায়েই পাছদিনা দৰকাৰ হ’ব বুলি ভাবি হাতত অলপ টকা উলিয়াই ৰাখিছিলো৷ কিন্তু পাৰ্চটো নেদেখি মোৰ মূৰত আকাশী সৰগ ভাগি পৰিল৷ টকাখিনিৰ কথাটো বাদেই দিলো কিন্তু এ.টি.এম. কাৰ্ডখন নতুনকৈ উলিয়াবলৈতো সময় লাগিব৷ ইফালে মাৰ গা বেয়া৷ প্ৰাইভেট চাকৰি৷ ছুটীও কম৷ একেসময়তে কেইবাটাও চিন্তাই জুমুৰি দি ধৰি মোৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷ তেনেতে আমাৰ ঘৰৰ কলিংবেল বজাত ওলাই দেখো অচিনাকি ল’ৰা এটা ৰৈ আছে, হাতত মোৰ চিনাকি পাৰ্চটো! মই প্ৰশ্নবোধক দৃষ্টিৰে তালৈ চোৱাত ক’লে যে মই বাছৰ পৰা নামোতেই পাৰ্চটো বাছতে পৰি আহিছিল৷ সি সেইখন বাছৰে কণ্ডাক্টৰ৷ সি কিবা কোৱাৰ আগতেই বাছখন চলি গৈছিল৷ এতিয়া আই.এচ.বি.টি. ৰ পৰা খোজকাঢ়ি আহি মোক সি পাৰ্চটো দিবলৈ আহিছে যিহেতু মই নমা পদুলিটো দেখিছিল আৰু পাৰ্চৰ ভিতৰত মই লৈ ফুৰা দেউতাৰ ফটোখন আলিমূৰৰ দোকানীজনক দেখুৱাত আমাৰ ঘৰটো দেখুৱাই দিলে৷ নক’লেও হ’ব যে পাৰ্চটো হেৰোৱা ভাঁজেৰেই ঘূৰাই পালো৷ তাক খুড়াই বকচিচ হিচাপে কিবা দিব খুজিছিল কিন্তু নল’লে৷ সেই অচিনাকী সাধাৰণ যেন লগা ল’ৰাটোৰ অসাধাৰণ কাৰ্যই তাক ‘মানুহ’ হোৱাৰ গৌৰৱেৰে গৌৰৱাম্বিত কৰিলে৷

তৃতীয়টো ঘটনা দেউতা ঢুকোৱাৰ পাছৰ সময়ছোৱাৰ কথা৷ মই ল’ৰা নথকা ঘৰখনৰ ডাঙৰ ছোৱালী হিচাপে সৎকাৰ কৰাৰ পৰা শ্ৰাদ্ধ কৰালৈকে সমস্তখিনি দায়িত্ব পালন কৰিবলগীয়া হৈছিল৷ আমাৰ কাজ কামবোৰ বৈদিক প্ৰথামতেই যিহেতু সমাপন কৰা হয় সেয়ে পুৰোহিতৰ পৰা ভকতলৈকে বিভিন্ন দক্ষিণাবোৰত খুচুৰা পইছাৰ দৰকাৰ হয়৷ দেখাত কথাটো তেনেই সাধাৰণ এই “খুচুৰা পইছা যোগাৰ কৰা“ কথাটো৷ কিন্তু যেতিয়া ১১ টকা, ২১ টকাৰ লিষ্টখন দীঘলীয়া হৈ গৈ থাকে তেতিয়াহে বুজা যায় কথাটো যে সিমান সাধাৰণো নহয়৷ সেই সময়ছোৱাত মই বেংকৰ কৰ্মচাৰী আছিলো গতিকে মোৰ বাবে খুচুৰা পইছা যোগাৰ কৰা কথাটো ইমান টান নাছিল কিন্তু আনিবলৈ যোৱাটোৱেই যে দিগদাৰি৷ কিন্তু মোৰ ভাতৃসম বন্ধু ৰৌছন, ক্লিয়েৰিং হাউচৰ সদস্যসমূহে নিজৰ কামৰ ফাঁকে ফাঁকে সময় উলিয়াই মোৰ এই সমস্যাটোৰ সমাধান কৰে৷ তদুপৰি সেই সময়ছোৱাতে সমুখীন হোৱা আৰু হাজাৰটা সমস্যাতো মোক মানসিকভাৱে সাহস যোগোৱা প্ৰত্যেকেই যে মানৱীয়তাৰ প্ৰতিফলক হৈ মোৰ আগত ধৰা দিছিল ৷

প্ৰকৃত “মানুহ“ চিনি পোৱাৰ আৰু এটা ঘটনা ঘটিছিল৷ ২০০৯ বৰ্ষত৷ যেতিয়া মই এয়াৰচেলত কাম কৰোঁ৷ ঠাণ্ডা দিনৰ গধূলি ৬:৩০ বজাতে বহু দেৰী হোৱাৰ দৰে লাগে৷ মই কামৰ পৰা খোজকাঢ়ি উভতিছো৷ মোৰ অফিচ আছিল কে.বি. ৰোডত আৰু মই বৰুৱা চাৰি আলিৰ টেম্প’ষ্টেণ্ড পাবলৈ হ’লে আৰু পোন্ধৰ মিনিটমান পথ খোজকাঢ়িব লাগে৷ টেম্প’ ষ্টেণ্ডলৈ ৰিক্সা লৈয়ো যাব পাৰি৷ কিন্তু মই এইক্ষেত্ৰত অলপ মিতব্যয়ী আছিলো৷ খোজকাঢ়ি গৈ আছো, তেনেতে এখন বাইকত ল’ৰা এটা আহি ‘ভণ্টি চিনি পাইছা নেকি?’ বুলি কৈ আগভেটি ধৰিলে৷ এতিয়া সেইটো পথত ‘বিগ বাজাৰ’ হ’ল৷ ৰাতিও দিন যেনেই হৈ থাকে কিন্তু তেতিয়া প্ৰায় এন্ধাৰ আছিল৷ মোৰ যেন সেই মুহূৰ্তত ষষ্ঠ ইন্দ্ৰিয় জাগ্ৰত আছিল৷ একে দৌৰে গৈ ইটো পাৰে গৈ থকা কাম কৰা বনুৱা যেন লগা মাইকী মানুহজাকৰ মাজত সোমাই পৰিলো আৰু ক’লো যে ‘বদমাছ এটাই দিগদাৰি কৰিছে আৰু বেয়া নাপাই যদি মোক অলপ তেওঁলোকে আগবঢ়াই দিব নেকি’৷ তেওঁলোকো খাটি খোৱা মানুহ৷ দিনটোৰ কামৰ অন্তত ভাগৰে জুগৰে ঘৰলৈ উভতিছে৷ গীতাৰ্থী পইণ্টৰ দিশত পোনে পোনে যাবলগীয়া তেওঁলোক মোৰ বাবেই জে.বি. ৰোডেৰে জে.বি. কলেজৰ ওচৰলৈকে মোক আগবঢ়াই দিলে৷ কিয়নো কলেজৰ ওচৰৰ পৰা টেম্প’ষ্টেণ্ডলৈ বেছি দূৰো নহয় আৰু সেই অঞ্চলত ভয়ো নাই৷ গতিকে সেই অচিনাকি মহিলা কেইগৰাকীয়ে অকল মানৱীয়তাৰ খাটিৰতে মোক কৰা সেই উপকাৰৰ বাবে আজীৱন মোৰ মানসপটত তেওঁলোক ‘প্ৰকৃত মানুহ’ৰ ৰূপত খোদিত হৈ থাকিব৷

এজন মানুহ চিকিৎসক, অভিযন্তা, নামজ্বলা উদ্যোগপতি হ’ব পাৰে৷ কিন্তু তাৰে মাজৰ কেইজনে ‘মানুহ’ হ’ব পাৰিছে বাৰু? সমাজৰ অৱক্ষয় ৰোধত সমাজৰ কেইজন লোকে অৰিহনা যোগাইছে? যিদিনাই প্ৰতিজন লোকে একোজন সফল ব্যক্তি হোৱাৰ উপৰিও ‘মানুহ হোৱাৰ গৌৰৱ’ অৰ্জন কৰিব ঠিক সেইদিনাৰ পৰাই দুৰ্নীতি, অসূয়া, অনীতিবোৰেও চিৰদিনলৈ মেলানি মাগিব৷

★★★

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments