মানুহ হোৱাৰ জয়গান – নিয়ৰ পাৰিজাত

ষ্টেচনটোৰ পৰা বাটটো ঠেক ৷ নতুনকৈ শিল দিয়া ৷ পথাৰ খনৰ মাজেৰে লুঙলুঙীয়া বাটটো ৷ পথাৰ খন পাৰহৈয়েই মূল পথটো পায় ৷ তাৰ পৰা প্ৰায় আধা কিলোমিটাৰ মান গ’লেই মোৰ গাঁওখন ৷

প্ৰায় দুবছৰ মানৰ মুৰত গাঁৱলৈ আহিছোঁ ৷ পথাৰ খনৰ মাজেৰে খোজ কাঢ়ি আহোঁতে প্ৰায় বেলি লহিয়াবলৈ লৈছিল ৷ ঘৰমুখী হৈছিল জন্তুবোৰ। গাই বোৰৰ লগত থকা নতুনকৈ জন্ম লোৱা চেঁউৰী বোৰে জপিয়াইছিল ৷ প্ৰায় পাহৰিব ধৰা এক চিনাকী গোন্ধ মোৰ নাকত আহি লাগিছিল ।

পথাৰ খনৰ মাজেৰে অলপ দূৰ আহিয়েই মই ৰৈ দিছিলোঁ ৷ এই খিনি মাটি মোৰ পিতাইৰ মাটি আছিল ৷ পিতায়ে ইয়াত বছৰৰ বাৰ মাহে খেতি কৰিছিল৷ শালী খেতি,বৰা ধানৰ খেতি ৷ কৰ্মঠ পিতাইৰ ঘৰ্মাক্ত দেহৰ গোন্ধ এটা মোৰ নাকত লাগিলহি যেন! লগতে পিতাইৰ খহটা হাতৰ স্নেহস্পৰ্শ ! এতিয়া এই মাটিখিনি ৰতন মহাজনৰ ! মোক গুৱাহাটীলৈ ইঞ্জিনীয়াৰিং পঢ়িবলৈ পঠিওৱাৰ সময়ত পিতায়ে মাটি খিনি বন্ধকত থৈছিল ৷
তেওঁৰ একান্ত বিশ্বাস আছিল মই পঢ়ি আহি এই মাটি এদিন মোকোলাম ! তেওঁ পুনৰ ইয়াত সোণ গুটি চপাব !

মাঘ মাহৰ হিমচেচাঁ বতাহ এজাকে মোক চুই যায় ৷ মই পুনৰ খোজ দিওঁ ৷ ঘৰ পাওঁ মানে এন্ধাৰ নামিছিল । গাঁওৰ কথা ৷ সন্ধিয়া ছয় বজাতে ঘিটমিটিয়া এন্ধাৰ নামে !
বৌৱে গৰম পানী কৰি থৈছিল, মুখ হাত ধুই দাদাৰ লগত বাৰান্দা খনতে অলপ বহিলোঁ ৷ দেখিলোঁ সাক্ষাত পিতাই যেন ! তাক একেবাৰেই পিতাইৰ দৰে দেখিছিলে আজি ৷ সি গাঁওৰ সিমূৰে সৰুকৈ দোকান এখন দিছে ! পিতাইৰ মৃত্যুৰ পিছত ঘৰত খেতি বাতি নোহোৱা হ’ল । দোকান খনেৰেই সি, বৌ আৰু কনমইনাৰ জীৱন চলে ৷ কনমইনা মোৰ ভতিজা ! অথনি মই সোমাই আহোঁতে পদূলিলৈকে ওলাই মোৰ বেগটো ডাঙি লৈ আহিছিল সি ! এই ঠাণ্ডাতো সি এটা ফেৰফেৰীয়া পাতল উৱলি যোৱা চুৱেটাৰ পিন্ধি আছিল !
চুৱেটাৰটোৰ উৱলি যোৱা ৰংটো আৰু ডিজাইনটো মোৰ মন মগজুত আহি আছিল ৷ ক’ত জানো দেখিছিলোঁ ৷ হঠাৎ মনত পৰিছিল, মোৰ ল’ৰা জানৰ জন্মদিনত বহু বছৰ আগতেই ময়েই আনি দিছিলোঁ ৷ তাৰ মানে নম্ৰতাই পূজাই বিহুৱে কনমইনাক জানটোৰ পুৰণি উৱলি যোৱা কাপোৰ দিয়েই দায়িত্ব সামৰিছিল ! বুকু খন কৰ’বাত মোচৰ খাই উঠিল ৷ অৱশ্যে নম্ৰতাক দোষ দিয়েই বা কি হ’ব ৷ মোৰ জানো সময় আছিল কনমইনা, দাদা আৰু বৌৰ এবাৰ খবৰ লোৱাৰ ! পিতাইৰ মৃত্যুৰ পিছত আজি প্ৰথম গাঁৱলৈ আহিলোঁ ৷
কনমইনাৰ গাত জানৰ উৱলি যোৱা চুৱেটাৰটো দেখি মোৰ মন বাইশ বছৰ আগলৈ গুছি গৈছিল । মই প্ৰথম গুৱাহাটীলৈ যাবৰ দিনা দাদায়ে অঞ্চলটোৰ বিহু ফাংচনবোৰত দোকান দি দি গোটাই থোৱা এহেজাৰ টকা এটা আগবঢ়াই দিছিল ৷ মই ল’ব বিচৰা নাছিলোঁ কাৰণ মই জানিছিলোঁ প্ৰতিটো টকাত তাৰ কষ্ট আৰু হেঁপাহ লুকাই আছিল ৷ সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিব বুলি গোটাই ৰখা টকা খিনি মোৰ হাতত তুলি দি কৈছিল,” তোক এতিয়া বেছি প্ৰয়োজন, লৈ থ’৷” ৷
এতিয়া সেই দাদাৰ ল’ৰাৰ গাত মোৰ পুত্ৰধনৰ উৱলি যোৱা চোলা ! বুকুৰ বিষটো লাহে লাহে বাঢ়ি গৈ থাকিল মোৰ ৷

আচলতে খেতিৰ মাটি বুলিবলৈ থকা একমাত্ৰ মাটি ডৰা ৰতন মহজনৰ বন্ধকীৰ পৰা কেতিয়াও নুলিয়ালোঁ মই । এতিয়া পৈতৃক সম্পত্তি বুলি প্ৰাচীন কোনো প্ৰস্তৰ মূৰ্তিৰ দৰে ঠিয় হৈ আছিল দাদাহঁত থকা এই এক বিঘা মান মাটিত আওপুৰণি আৰু বহুবছৰ চূন- তেলৰ পৰশ নোপোৱা ঘৰটো৷ ঘৰটোৰ পিছফালে এখন সৰু বাঁহৰ বাৰী আছিল ৷ নম্ৰতাই বিয়াৰ পিছত ইয়াত দহ দিন মান আছিল । বৌৱে নিতৌ নম্ৰতাক গা ধুবলৈ নাদৰ পানী তুলি দিছিল । সেই তেতিয়াই হয়তো তেওঁৰ চহৰীয়া মগজুৱে বাহঁৰ বাৰীৰ অংক মিলাইছিল ৷ আমি গুৱাহাটীত থকা ফ্লেটটো ভাৰাৰ ফ্লেট,এক মোটা অংক দিব লাগে ভাৰাৰ নামত ৷ সেয়ে নিজাকৈ ফ্লেট এটা লোৱাৰ যা-যোগাৰত ব্যস্ত থাকোঁতেই নম্ৰতাই উলিয়াইছিল গাওঁৰ এই বাঁহ বাৰী খনৰ কথা । ইয়াৰে আধা বিক্ৰী কৰি নম্ৰতাই মোক পৈতৃক সম্পত্তিৰ ভাগ বটোৱাৰা কৰিবলৈ গাঁওলৈ পঠিয়াইছিল ।

নিশাৰ সাঁজত বৌৱে পাৰ মাংস বনাইছিল ৷ মাংসৰ সোৱাদকণ বৌতিৰ মাংস সাঁজৰ দৰেই হৈছিল । ওচৰতে কনমইনাই ভাত খাই আছিল ! সি দেউতাকক কৈছিল আৰু ব’হাগ বিহুত মাংস খাম দেই দেউতা। মই হিছাপ কৰিছিলোঁ এতিয়া মাঘ, ব’হাগলৈ আৰু তিনি মাহ ! চকুপানীখিনি বৰ কষ্টত সামৰিছিলোঁ । কনমইনাক মোৰ মাংসৰ বাতিটো আগবঢ়াই দিলোঁ । বৌৰ উৱলি যোৱা চাদৰত দাদায়ে হাত খন মছিলে ৷ হয়তো অভ্যাস ! মোৰ উপস্থিতিত বৌ যেন অলপ অপ্ৰস্তুত হ’ল ! মোৰ মনত পৰিল, তিতা গামোচা খন বিচনাত থ’লেও মোক নম্ৰতাই দহ মিনিটৰ এটা লেচন দিয়ে !

ভাত খোৱাৰ অন্তত মই কনমইনাৰ পঢ়া টেবুললৈ গ’লো৷ টেবুল নো কি কাঠৰ তক্টাপোচ এখনহে! তাৰ হাতৰ আখৰ বোৰ যেন একো একোটি মুকুতাহে। গাওঁৰ হাইস্কুল খনৰ সপ্তম মানৰ ছাত্ৰ কনমইনাৰ হেনো ৰোলনং এক ৷ দাদায়ে নিজকে কোৱা দি ক’লে ,” ই তোৰ দৰেই ডাঙৰ মানুহ হওঁক সৰুমইনা”৷

ৰাতিপুৱাই মই ঘৰমুৱা হৈছিলোঁ ৷ নম্ৰতাই কোৱা কথাবোৰৰ এটা শব্দও মই নকলোঁ দাদাক । চকুত ভাঁহি আহিল মোৰ পুত্ৰধনৰ লাখ টকীয়া বিদ্যালয়ৰ মাচুল, নম্ৰতাৰ বিউটী পাৰ্লাৰৰ বিল,মোৰ উইকেন্ডৰ পাৰ্টীৰ মদৰ হিছাপ ৷ ঘৰৰ পৰা বাহিৰে বাহিৰে ৰতন মহাজনৰ ঘৰলৈ গ’লো, মাটিডৰা মোকলাব লাগিব ! মনতেই ক’লো- কনমইনা মোৰ দৰে ডাঙৰ মানুহ কেতিয়াও নহওক দাদা সি মাত্ৰ মানুহ হওক !!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক