মানৱতাবাদ আৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ- চাহিন জাফ্ৰি

“জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম… হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আদি ধৰ্মৰ পৃথক নহয় মৰ্ম…৷ “

সাধাৰণতে, এনে ধৰণৰ বাণীয়েই মানৱতাবাদৰ আদৰ্শক প্ৰতিফলিত কৰে৷

মানৱতাবাদৰ অৰ্থ হৈছে- মানুহৰ সেৱা বা মানৱ কল্যাণ সাধন কৰা৷ ইংৰাজী “Humanity“ শব্দটোৰ সমাৰ্থক অৰ্থ হিচাবে মানৱতাবাদেই বুজায়- মানুহক ’মানুহ’ হিচাবে বা সমান ভাৱেৰে চোৱাৰ দৃষ্টিভংগী৷ সমাজৰ বিভিন্ন ধৰণৰ সমস্যা আৰু সংকটৰ লগত মানৱতাবাদৰ প্ৰশ্ন জড়িত হৈ থাকে৷ সকলো ধৰণৰ সংকীৰ্ণতা আৰু তুচ্ছতাৰ উৰ্ধলৈ গৈ জাতি-বৰ্ণ নিৰ্বিশেষে মানৱৰ কল্যাণ সাধনৰ উদ্দেশ্যেৰে সৃষ্টিকৰ্মত নিজকে আত্মনিয়োগ কৰিব পৰাতেই মানৱতাবাদৰ সাৰ্থকতা৷ আচলতে মানৱতাবাদ হৈছে- এক প্ৰকাৰৰ প্ৰতিবাদ, যি কোনো প্ৰতিকূল অৱস্থাৰ পৰা মানুহক উদ্ধাৰ কৰাৰ কাৰণে প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে গৈয়ো বিপ্লৱ সূচনা কৰিব পাৰে আৰু এক ধৰণৰ নতুন ইতিহাসৰো সূচনা কৰিব পাৰে৷ সেই ধৰণৰ নতুন বিপ্লৱৰ নামেই হৈছে আপাত দৃষ্টিত মানৱতাবাদ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাত প্ৰতিফলিত হোৱা মানৱতাবাদী চিন্তা-চৰ্চাও এক প্ৰকাৰৰ প্ৰতিবাদৰেই মুক্ত প্ৰকাশ৷ তেওঁৰ সমস্ত ৰচনাৰাজীলৈ চালেই দেখা যায় যে- সেই স্বকীয় ধ্যান-ধাৰণাৰ মাজত লুকাই আছিল মানৱতাবাদৰ জয়গান৷ মানৱীয় মূল্যবোধৰ প্ৰতিষ্ঠাৰে তেওঁ সমাজত শান্তি-সম্প্ৰীতি স্থাপনৰ সপোন দেখিছিল৷ এক ধৰণৰ সমাজ-সংস্কাৰৰ আঁচনি বুকুত বান্ধি লৈয়েই তেওঁ অসমীয়া সমাজৰ মাজত মানৱতাবাদৰ বীজ সিঁচি দিছিল৷

শংকৰদেৱৰ ৰচনাৱলীত মানৱতাবাদৰ প্ৰতিফলন: –

মহাপুৰুষ শংকৰদেৱে যি সময়ত এক শৰণ হৰিনাম নামধৰ্ম প্ৰচাৰ কৰিছিল, সেই সময়ত অসমীয়া সমাজত ধৰ্মৰ নামত নানা ধৰণৰ ব্যভিচাৰ আৰু মানৱতাৰ পৰিপন্থী অনেক কু-প্ৰথা বা কু-সংস্কাৰৰ প্ৰচলন আছিল৷ গুৰুজনাই সেই অসূয়া-অপ্ৰীতি সমূহক আঁতৰ কৰি সকলোকে ’এক’ কৰাৰ মানসেৰেহে ’এক শৰণ নামধৰ্ম’ক আদৰ্শ হিচাবে বাচি লৈছিল৷
শংকৰদেৱে বেদান্ত দৰ্শনৰ ওপৰত ভিত্তি কৰি বৈষ্ণৱ ধৰ্মক আধাৰ হিচাবে লৈ ভক্তিবাদৰ সন্ধান কৰিছিল৷ এই ভক্তিমাৰ্গ আছিল- সমম্বয়ৰ সেতুৰে গঢ়া৷ জাতিভেদৰ বাচ-বিচাৰ নিৰ্মূল কৰি অস্পৃশ্যতাহীন, শোষণহীন আৰু বিশ্বভাতৃত্ববোধ স্থাপনৰ উদ্দেশ্যেই তেওঁ এক শৰণ হৰিনাম ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল৷ তেওঁ ধৰ্ম প্ৰচাৰৰ মাধ্যম হিচাবে বাচি লৈছিল- চিত্ৰকলা, সংগীতকলা, স্থাপত্যকলা আৰু ভাস্কৰ্য আদি সুকুমাৰ কলাক৷ তেওঁৰ সাংস্কৃতিক চিন্তাৰ অন্যতম প্ৰকাশ আছিল বৰগীত, সত্ৰীয়া নৃত্য আৰু অংকীয়া নাট৷ নামঘৰ আৰু সত্ৰীয়া ব্যৱস্থাৰ মাজতো তেওঁৰ চিন্তাৰ সৰ্বজনীনতা প্ৰকাশ পাইছিল৷ আচলতে, তেওঁ এই কথা ভালদৰেই জানিছিল যে- ধৰ্ম আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লগত মানৱতাবাদৰ অবিস্মৰণীয় সম্পৰ্ক চিৰকাল আছিল আৰু থাকিব৷ সেয়েহে, শংকৰদেৱৰ সৃষ্টিৰাজী, বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যই সমগ্ৰ অসমখনকেই ঢৌৱাই পেলাইছিল আৰু তাৰ পলসতেই অসমৰ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখন ফুলে-ফলে জাতিষ্কাৰ আৰু শস্য-শ্যামলা হৈ উঠিছিল৷
গুৰুজনাই ধৰ্ম প্ৰচাৰৰ লগতে মানুহৰ মনৰ পৱিত্ৰতাৰ ওপৰতো গুৰুত্ব দিছিল, যিটো আছিল মানৱতাবাদৰ প্ৰথম চৰ্ত৷ মানুহৰ প্ৰতি প্ৰেম আৰু ভক্তিভাৱনাইহে প্ৰকৃততে ঈশ্বৰৰ সন্ধান দিব পাৰে৷ তেওঁৰ – কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম/জানিও সবাকে পৰি কৰিবা প্ৰণাম “― বাক্যাংশই এই সত্যতাকেই প্ৰমাণিত কৰে৷
গুৰুজনাৰ মতে- গোটেই ভগৱানক পূজা-সেৱা কৰি মানুহ কেতিয়াও পৱিত্ৰ হ’ব নোৱাৰে৷ এজন প্ৰকৃত ভক্তই আচলতে মানৱ সেৱাৰ মাজেৰেহে ঈশ্বৰ সন্ধান লাভ কৰিব পাৰে৷ জনসাধাৰণৰ সেৱা-শুশ্ৰূষা আৰু পৰোপকাৰেহে জগতত মানৱতাৰ জয় গান গোৱাব পাৰে৷ তেওঁৰ মতে প্ৰেম মানুহৰ হৃদয়ৰ আটাইতকৈ ডাঙৰ সম্পদ৷ এই সম্পদৰ অধিকাৰী হ’বলৈ হ’লে মানুহে সকলো প্ৰাণীকে সমান দৃষ্টিৰে বিচাৰ কৰিব লাগিব৷ উচ্চ-নীচৰ ভেদাভেদ পৰিহাৰ কৰি গৰ্ব-অহংকাৰৰ উৰ্ধলৈ যাব পাৰিব লাগিব৷ প্ৰেমৰ জৰিয়তে সমগ্ৰ বিশ্বকেই আপোন কৰি ল’ব পাৰিব লাগিব৷ মানৱতাবাদী আদৰ্শ প্ৰচাৰ কৰিবলৈ তেওঁ এনেদৰে কৈছিল―
“য’ত লতা তৰু তৃণ কাহাকো নেদেখি ভিন্ন
হৰি শৰীৰ বুলি মানে৷ “
মুঠতে এইটো কথা নিশ্চিতভাৱে ক’ব পাৰি যে- মানৱতাবোধেই আছিল তেওঁৰ চিন্তা আৰু সৃষ্টিৰ আধাৰ৷
গুৰুজনাই সহজ-সৰল আৰু হিংসাশূন্য আদৰ্শৰে বিশ্বভাতৃত্ব, সাম্যভাৱ আৰু মানৱতাবোধ জগাই তুলিব খুজিছিল৷ কিন্তু বৰ্তমান আমাৰ সমাজখনলৈ চালে দেখা যায় যে নানা ধৰণৰ সমস্যাৰে আমাৰ সমাজখন ভৰি পৰিছে৷ ইয়াৰ মূল কাৰণ হৈছে- মানৱতাহীনতা৷ হত্যা, হিংসা, লুণ্ঠন, ধৰ্ষণ, সন্ত্ৰাস আদি অবৰ্ণনীয় আৰু ঘৃণনীয় কাৰ্যবোৰ মানৱতাৰ পৰিপন্থী৷ মনলৈ এটা প্ৰশ্ন উদয় হয় যে- আচলতে এইবোৰ কিয় হ’বলৈ পাইছে? আজি সমগ্ৰ বিশ্বতেই অসূয়া-অশান্তি আৰু বিশৃংখলতাই আগুৰি ধৰিছে৷ আজিৰ সমাজত যেন ধৰ্মই পুনৰ উচ্ছৃঙ্খল ৰূপ লৈছে৷ ভিন ভিন ধৰ্ম আৰু নিয়ম-নীতিয়ে সমাজৰ সম্প্ৰীতি পুনৰ বিনষ্ট কৰিব ধৰিছে৷ যি আদৰ্শৰে মহাপুৰুষ জনাই সমাজ একত্ৰিত কৰিব খুজিছিল, তাকেই মানুহবোৰে অন্য অৰ্থত ব্যৱহাৰ কৰি সমাজখন ভাগ ভাগহে কৰিব খুজিলে৷ ফলত, সৃষ্টি হ’ল পুনৰ এক নতুন বেমেজালি৷ হিংসা, ঘৃণা আদিবোৰ কমাৰ সলনি যেন বাঢ়িলহে৷ নিজকে সৰ্বোচ্চ বুলি প্ৰতিপন্ন কৰিব খোজাৰ মানসিকতাই হিংসা আৰু ঘৃণা এনেদৰে বঢ়াই তুলিলে যেন শান্তি-সম্প্ৰীতি আমাৰ পৰা বহু যোজন আঁতৰি গ’ল..৷ বৰ্তমান সমাজৰ ইও এক বৃহৎ প্ৰত্যাহ্বান৷ কথা হ’ল, আমি ইয়াৰ পৰা মুক্তি পামনে?
গুৰুজনাই আজিৰ পৰা প্ৰায় ৬০০ বছৰৰ আগতেই কলিযুগত হ’বলগীয়া সংকটৰ কথা শাস্ত্ৰত বৰ্ণনা কৰি গৈছে বুলি কৈছিল৷ লগতে তেওঁ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়ো লিখি থৈ গৈছে৷ প্ৰকৃততে মানৱ ধৰ্মইহে যে আমাক উদ্ধাৰ কৰিব পাৰে, সেই কথা গুৰুজনাই অকপটে স্বীকাৰ কৰি থৈ গৈছে৷ মানৱ প্ৰেম, অস্পৃশ্যতা বৰ্জন, অহিংসা নীতি, সত্য, ক্ষমা, দয়া, ধৈৰ্য আদিৰ জৰিয়তেহে সমাজত শান্তি প্ৰতিষ্ঠা হ’ব৷ সমাজ সংস্কাৰ হ’ব যুগ সাপেক্ষ পৰিৱৰ্তনৰ মাজেৰে, যুক্তিবাদ আৰু আদৰ্শৰ মাজেৰে৷ সাম্যভাৱ আৰু মানৱতাবোধেহে সমাজত ঐক্য আৰু সংহতি ঘূৰাই আনিব পাৰিব৷ কোৱা বাহুল্য যে -শংকৰদেৱৰ আদৰ্শ বৰ্তমান অশান্ত বিশ্বৰ বাবে অতিকৈ প্ৰাসংগিক৷ তেওঁ এনে এজন জাতীয় নায়ক, যি যুগ-যুগান্তৰলৈ অসমীয়া জাতিৰ সম্প্ৰীতিৰ বাৰ্তাবাহক হৈ থাকিব৷ অসমীয়াৰ অন্তৰত চিৰদিন জীয়াই থাকিব অন্ততঃ অসমীয়াক ’অসমীয়াত্ব’ প্ৰদান কৰাৰ বাবে৷ শেষত এষাৰ কথা স্বীকাৰ কৰিবই লাগিব যে- তেওঁ প্ৰকৃতাৰ্থত এজন মানৱতাবাদী দাৰ্শনিক আছিল৷ তেওঁৰ সাম্যবাদী আদৰ্শ আৰু মানৱতাবাদী দৰ্শন সকলোৰে বাবে আদৰ্শ হোৱা উচিত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক