মানৱতাৰ ধৰ্ম্মনিৰপেক্ষতা-(সুৰজিৎ নেওগ)

আজিৰ পৰা প্রায় ২৪ বছৰ মান আগৰ কথা । স্থান তিনিচুকীয়া । এজন ২০ বছৰীয়া ত্জ-বজীয়া চফল যুৱ্ক, ফুটবলেই যাৰ প্রাণ, যেন গোটেই জীৱ্নটো ফুটবল খেলিয়েই পাৰ কৰি দিব । ১২-১৩ বছৰ বয়সৰ পৰাই পেছাদাৰি ফুটবল খেলা ল’ৰাজনে মহাৰাণা ক্লাব, গুৱাহাটী টাউন ক্লাব আদিত খেলাৰ উপৰি জুনিয়ৰ পৰ্যায়ত দেশক প্ৰ্তিনিধিত্ব কৰি বিদেশতো খেলিছিল। সেই সময়ৰ প্রখ্যাত খেলুৱৈ ৰেৱতি ফুকন, বাবুল ফুকন, পৰেশ বৰুৱাহঁতৰ লগত একেখন খেলপথাৰত খেলি ডাঙৰ-দীঘল হৈছিল বুলিব পাৰি । মই যিটো সময়ৰ কথা কৈছো, তেতিয়া তেওঁ তিনিচুকীয়া ৰে’লৱেৰ সাধাৰণ কৰ্মচাৰি হিচাপে এজন নিয়্মীয়া খেলুৱৈ। ঘৰৰ অৱস্থা ভাল নোহোৱাৰ বাবে এটা স্থায়ী সংস্থাপনৰ তাড়নাত অনিচ্ছাস্বত্বেও ৰে’লৱেৰ চাকৰিত যোগদান কৰিবলগীয়া হৈছিল, কাৰণ মাক, দুজনী ভনীয়েকৰ পঢ়াশুনা আৰু হঠাৎ অহা এটা দুৰ্ঘটনাৰ বাবে উপাৰ্জন অনিয়মীয়া হোৱা দেউতাকৰ একমাত্র ভৰসাৰ স্থল । মাহেকীয়া দৰমহা ১৩০০ টকা । সংসাৰৰ দুই মুৰ ধৰিবৰ বাবে মাকে তাত বাই মেখেলা-চাদৰ আৰু গামোচা বৈ বিক্রি কৰিও কিছু উপাৰ্জন কৰিছিল। ওচৰ চুবুৰীয়া সকলোৰে সুপৰিচিত মোৰ কাহিনীৰ নায়্ক ধৰ্ম্মসূত্রে এজন মুছ্লমান যুৱ্ক। পোছাকী নাম ইফতিকাৰ, কিন্তু ৰাজ নামেৰেই সকলোৱে চিনি পায়। তেওঁলোক তিনিচুকীয়াৰ এটা বিভিন্ন ভাষা-ভাষি তথা ভিন্ন ধৰ্ম্মীয় লোকে বসবাস কৰা এটা ক’লনীত আছিল। নিম্ম মধ্যবিত্তিয় লোকৰ বসতিস্থল কলনীটোৰ ইজন-সিজনৰ মাজত সদ্ভাৱ্ৰ পিছে অভাৱ নাছিল । সময়বোৰ ঘাট-প্রতিঘাটৰ মাজেৰে পাৰ হৈ গৈছিল ।

এনেদৰে এদিন মাহেকৰ মুৰত জেপত দৰমহাটো লৈ ৰাজ আহি আছিল মহা ফুৰ্তিৰে, দুই ভনিয়েক আৰু মাক গৈছিল ডিব্রুগড়লৈ মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ । এই আহি পাওঁ পাওঁ । গোটেই মাহটোৰ হিচাব-নিকাচ তাৰ জেপত । ৰেচন দোকানৰ বাকী, কেৰাচিন তেল, নিত্য ব্যৱ্হাৰ্য্ কিছু বস্তু, দুই ভনিয়েকৰ পঢ়াশুনা সম্পৰ্কীয় কিছু খৰছ… সকলোবোৰ এই ১৩০০ টকাৰ ওপৰত নিৰ্ভৰশীল। তথাপিও দৰমহা পোৱাৰ দিনা জেলেপী, চিঙাৰা আৰ ফুচকা খোৱাটো গোটেই ভাই ভ্নী কেইটা আৰু মাক দেউতাকৰ এটা অলিখিত পৰম্পৰা। এইদৰে ভাবি-গুণি ক’লনীৰ গলিটোত ভৰি দিছে, ঘৰলৈ কেইখোজ মান। এইবাৰ ডেৰশ মান টকা যেনে তেনে বচাব পাৰিলে সি চেকেণ্ডহেণ্ড চাইকেল এখন ল’ব পাৰিব আৰু তেতিয়া তাৰ এইদৰে গৰমত খোজ কাঢ়িব লগা নহ’ব ঘৰৰ পৰা অফিচলৈ। যথেষ্ট সময়ো সি বচাব পাৰিব; ফুটবল অনুশীলনৰ সময় অন্ততঃ বঢ়াব পৰা যাব, ৰাজে মনে মনে হিচাপ এটা কৰি ল’লে । এনেতে শুনিলে সন্মুখৰ তিৱাৰীৰ ঘৰৰ পৰা অহৰহ ভাহি অহা সৰু সৰু ল’ৰা-ছোৱালী দুটাৰ কান্দোনৰ ৰোল। এটাৰ বয়স ৮ আৰু আনটোৰ ৩। কিছু সময় তভকমাৰি থাকি ৰাজে কি হৈছে জানিবৰ বাবে তিৱাৰীৰ ঘৰলৈ সোমাই গ’ল। ভিতৰত যি দেখিলে তাৰ বাবে সি অকণমানো প্ৰ্স্তুত নাছিল; তিৱাৰীৰ পত্নীৰ মৃত্যু হৈছে, মৃতদেহ পৰি আছে বিছনাত। সৰু ল’ৰা ছোৱালী দুটাই ভোকত কান্দি আছে আৰু বাপেকে দুয়োকে সাৱতি ধৰি আছে । ওচৰত আৰু কোনো নাই ।

ৰাজৰ হঠাৎ মনত পৰি গ’ল তাৰ মাকে দুদিনমান আগতে কৈছিল মানুহজনীৰ কিবা অসুখৰ কথা। তিৱাৰীয়ে স্থানীয় বিদ্যুৎ বিভাগত এটা সৰু চাকৰী কৰে। প্র্থমা পত্নীৰ অকাল বিয়োগত তিৱাৰীয়ে এই গৰাকীক বিয়া পাতিছিল ঘৰৰ দুৰ্ঘোৰ প্রতিবাদ স্বত্বেও। কাৰণটো এই মহিলা গৰাকী আছিল চাহ জনগোষ্ঠীয় । সেইবাবেই তিৱাৰীৰ পৰিয়ালটোৰ লগত কাৰো আহ যাহ নাছিল । ওচৰতে থকা তিৱাৰীৰ ডাঙৰ ককায়েকেও আনকি তিৱাৰীৰ পৰিয়ালটোৰ লগত সম্পৰ্ক ছেদ কৰিছিল। গতিকে তথাকথিত ‘নিম্ন’ জাতৰ ছোৱালীৰে সংসাৰ কৰাৰ কাৰণে তিৱাৰীৰ এনে দূৰ্যোগৰ সময়তো কোনো আত্মীয় আনকি কোনো ওচৰ চুবুৰিয়াও উপস্থিত নাছিল। ৰাজৰ ভাবিবলৈ সময় নাছিল; সি হাতত থকা জেলেপী, চিঙাৰাৰ ঠোঙাখন ল’ৰা ছোৱালী দুটালৈ আগবঢ়াই দিলে।তিৱাৰীৰ লগত আলোচনা কৰি সি বাঁহ কেইডাল মান আনিবলৈ গ’ল। লগতে আৰু কেইপদমান লাগতীয়াল সামগ্রী যেনে বগা কাপোৰ, ধূপ-ধুনা, ধাৰি, ঘ্ট আদি… আধাঘন্টামানৰ পিছত এইবোৰ লৈ আহি দেখে যে তাৰ মাক আৰু দুই ভনিয়েকো ইতিমধ্যে আহি পাইছে। ল’ৰা ছোৱালী দুটাকো মাকে লৈ গৈছে ঘৰলৈ কিবা আৰু খুৱাবলৈ । তিৱাৰীৰ লগ লাগি চাঙি খন বনোৱা হৈছেই । বাকীবোৰ জা-জোগাৰ কৰি দুয়ো ধৰা-ধৰি কৰি মৃতদেহ চাঙিত ওঠাইছে । এজন মানুহো নাই সহায় কৰিবলৈ ; কাৰণ মানুহজনীযে (বৰ্তমান এটা মৃত্দেহ মাথো) অস্পৃশ্য ! কিন্তু সিযে এটা মুছ্লমান ল’ৰা.. উপায়বিহীন কিংকৰ্তব্যবিমূঢ় ৰাজে চিন্তা কৰি এটা উপায় পালে। তিৱাৰী আৰু ৮ বছৰীয়া পুত্রই আগফালে চাঙীখন আৰু ৰাজে পিছ্ফালে মাজত ধৰি ‘ৰাম নাম সত্য হেই’ বুলি শ্মশানলৈ আগবাঢ়িব ধৰিলে । কিছুদুৰ যোৱাৰ পিছ্ত ৰাজৰ বন্ধু দুজনে যেনিবা দেখা পাই চাঙীৰ দুটা মূৰ চম্ভালি ললে।

শৱদাহৰ পিছত গোটেই কাম খিনি কৰি যেতিয়া ৰাজ ঘৰ পাইহি তেতিয়া নিশা প্রায় ১০ বাজে। তিৱাৰীৰ ৩ বছৰীয়া ছোৱালীজনী মাকক বিচাৰি বিচাৰি ইতিমধ্যে তাহাঁতৰ ঘৰতেই টোপনীত লালকাল। কিবা এটা খাই সিও শুই পৰিবলৈ চেষ্টা কৰিলে। পকেটত হাত ভৰাই বাকী থকা পইছাখিনি হিচাপ কৰি দেখিলে যে ১৩০০ টকাৰ ৯০০ মান টকা ইতিমধ্যে খৰছ হৈ গৈছে। মাকে কথাটো অনুমান কৰি ৰাজক ক’লে, “হ’ব দে, মই এইবাৰ অলপ বেছিকৈয়ে কাপোৰ লগাইছিলো, পূজা আহি আছে নহয়। তাৰে কিবা এটা কৰিম আৰু” সৰু ভনিয়েকেও মাত লগালে, “আমাৰ এইবাৰৰ ফিজটো মাহিটিকে ক’ম, দিব” ।

মাকে কিজানিবা গালিয়েই পাৰে, ৰাজে মনে মনে ভয় খাই আছিল; পৰিয়ালৰ একমাত্র আশা-ভৰষাৰ স্থল তাৰ দৰমহাৰ টকাকিটা ‘অনাহকত নলগা জেঙত লাগি’ খৰছ কৰি পেলোৱাৰ বাবে। সি স্বস্তিৰ নিশ্বাস এটা এৰি দিলে । লগতে তাৰ এইটো ভাবি ভাল লাগিল যে সি তাৰ চকুৰ সন্মুখতে মানৱতাক সম্পূৰ্ণ ৰুপে ধৰ্ষিতা হোৱাৰ পৰা বচাব পাৰিলে … সেইনিশা ৰাজে এটা ভাল সপোন দেখিলে, ‘সি ফ্রান্সৰ মাইকেল প্লাটিনিৰ লগত একেলগে UEFA কাপ খেলিছে …’

[আজিৰ সমাজৰ জটিল পৰিবেশত তথা পাৰস্পৰিক ধৰ্ম্মীয় অবিশ্বাস আৰু সংঘৰ্ষৰ সন্ধিক্ষণত উপৰোক্ত কাহিনীটো প্রাসংগিক বুলি বিবেচনা কৰি অ.ক.ব.ৰ মজিয়াত আপোনালোকলৈ আগবঢ়ালো । হুবহু ৰুপত কাহিনীটো মোক কৈছিল মোৰ শ্রীমতীয়ে আমাৰ বিয়াৰ আগতে এদিন মোৰ ঘৰত হোৱা এটা আড্ডাত কেইবাজনো বন্ধু-বান্ধবীৰ উপস্থতিত ১৫ বছৰ মান আগতে। ৰাজ বৰ্তমান তিনিচুকীয়া ৰে’লৱেত কৰ্মৰত বিষয়া ; যদিও সক্রিয় ফুটবলৰ পৰা বিদায় লৈছে, ফুটবলৰ ভূতটোৱে এতিয়াও এৰা নাই । গুৱাহাটীলৈ আহিলে বাবুল ফুকনদাক লৈ টাউন ক্লাবৰ পৰা এপাক মাৰি আহেগৈ এতিয়াও। আপোনালোকৰ কোনোবাই হয়টো ৰাজক চিনি পাবও পাৰে ]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments